কোচিং নোলোৱাকৈ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল মৌলানাৰ কন্যা আবিৰ আছাদে

Story by  atv | Posted by  Munni Begum • 2 Months ago
আবিৰ আছাদ
আবিৰ আছাদ
 
নতুন দিল্লী
 
ইউ পি এছ চিয়ে আয়োজন কৰা ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত কোনো কোচিং নোলোৱাকৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এগৰাকী মুছলমান ধৰ্মগুৰুৰ মেধাৱী কন্যাই। মৌলানাৰ পৰিয়ালত অতি সীমিত সা-সুবিধাৰ মাজত ডাঙৰ-দীঘল হৈ এই সুখ্যাতি অৰ্জন কৰা যুৱতীগৰাকীৰ নাম হৈছে আবিৰ আছাদ। 
 
শেহতীয়াকৈ ইউ পি এছ চিয়ে প্ৰকাশ কৰা ২০২৩ চনৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ পৰিপূৰক তালিকা (supplementary list)ত আবিৰ আছাদৰ নাম আছে। এইধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণতে শিক্ষাৰ্থীসকলে কোচিং লয় যদিও আবিৰে নিজে অধ্যয়ন কৰি পৰীক্ষাত উত্তীৰ্ণ হয়। এইদৰে তেওঁ ভাৰতৰ অজস্ৰ যুৱক-যুৱতীসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে। আবিৰ আছাদৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু অধ্যাৱসায়ক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। 
 
উত্তৰাখণ্ডৰ ডেৰাডুনৰ লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচন 
 
উল্লেখ্য যে, স্কুলীয়া শিক্ষাৰ পৰা স্নাতক হোৱালৈকে আবিৰে সকলো পৰীক্ষাতে অধিক নম্বৰ আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। দশম শ্ৰেণীত তেওঁ ৯২.৮ শতাংশ, দ্বাদশত ৯৭.৫ শতাংশ নম্বৰ লাভ কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ হন্সৰাজ কলেজৰ পৰা অৰ্থনীতি বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। শেহতীয়াকৈ ইউ পি এছ চিয়ে প্ৰকাশ কৰা সংৰক্ষিত শ্ৰেণীৰ বাকী ১২০ জন প্ৰাৰ্থীৰ তালিকাত আবিৰৰ নাম ৩৫ নম্বৰত আছে। ইউ পি এছ চিৰ এক বিবৃতিত অলপতে কোৱা হৈছে যে, ২০১৩ৰ অসামৰিক সেৱা পৰীক্ষাত ১১৪৩টা খালী পদৰ বিপৰীতে মেধা অনুসৰি ১০১৬ গৰাকী পৰীক্ষাৰ্থীক সফল বুলি ঘোষণা কৰা হৈছে।
 
দুদিন পূৰ্বে ইউপিএছচি-এ Consolidated Reserve List প্ৰকাশ কৰি কয়, "কাৰ্যকৰী আৰু প্ৰশিক্ষণ বিভাগে বিচৰা অনুসৰি, আয়োগে এতিয়া অসামৰিক সেৱা পৰীক্ষা, ২০২৩ৰ ভিত্তিত বাকী থকা পদসমূহ পূৰণ কৰিবলৈ ১২০ জন প্ৰাৰ্থীক বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত ৮৮ জন জেনেৰেল, ৫জন ইডব্লিউএছ, ২৩ জন অ'বিচি, ৩ জন এছচি, আৰু ১ এছটি আছে।" অবিৰ আছাদে অতি সোনকালে উত্তৰাখণ্ডৰ ডেৰাডুনৰ লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচনলৈ প্ৰশিক্ষণৰ বাবে ৰাওনা হ’ব। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ক প্ৰথম পছন্দ, ভাৰতীয় ৰাজহ সেৱা (আই আৰ এছ)ক দ্বিতীয় আৰু ভাৰতীয় ৰেলৱে ব্যৱস্থাপনা সেৱাক তৃতীয় পছন্দ হিচাপে বাছনি কৰিছিল। প্ৰশিক্ষণৰ সময়ত তেওঁ কোন বিভাগত চাকৰি লাভ কৰে, সেয়া নিশ্চিত হ'ব। চৰকাৰী বিভাগসমূহত উপলব্ধ খালী পদৰ ওপৰত ভিত্তি কৰি পদসমূহ আবণ্টন দিয়া হয়।
 
উল্লেখ্য যে, আবিৰ আছাদৰ ভাতৃ মহম্মদ বাচিল এজন চফটৱেৰ ইঞ্জিনিয়াৰ, আৰু মাক এগৰাকী গৃহিণী। তেওঁ মায়ো জিলাৰ সুপৰিচিত কীৰ্তি জাফৰ বংশৰ কন্যা। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে আবিৰ আছাদে এবছৰ কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁ স্বাভাৱিক দিনত আঠৰ পৰা ন ঘণ্টা পঢ়া-শুনা কৰিছিল আৰু পৰীক্ষাৰ ওচৰত আৰু অধিক পঢ়িছিল। কঠোৰ পৰিশ্ৰমৰ মূল্য শিকোৱা, পঢ়া-শুনাৰ গুৰুত্ব বুজাই দিয়া আৰু জীৱনৰ প্ৰতিটো খোজতে উৎসাহিত কৰাৰ বাবে আবিৰে পিতৃ-মাতৃক কৃতিত্ব দিয়ে। 
 
আবিৰ আছাদৰ নাম থকা ইউ পি এছ চিৰ তালিকা 
 
আবিৰে কয় যে যদি ছোৱালীক পঢ়া-শুনাৰ স্বাধীনতা দিয়া হয়, উৎসাহিত কৰা হয়, আৰু সমান সুযোগ প্ৰদান কৰা হয় তেন্তে মুছলমান ছোৱালীয়ে জীৱনত ভাল কাম নকৰাৰ কোনো কাৰণ নাই। চুবুৰীত ঘূৰি ফুৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে পঢ়া-শুনা আৰু লিখাৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি তেওঁ মুছলমান যুৱক-যুৱতীসকলক কয়।
 
আবিৰ আছাদৰ পিতৃ মৌলানা মহম্মদ আছাদ আল কাছিমী আল আজমীয়ে কয় যে তেওঁ আবিৰক পঢ়া-শুনা আৰু তেওঁৰ সপোন পূৰণৰ স্বাধীনতা দিছিল। তেওঁ মুছলমানসকলক তেওঁলোকৰ সন্তানক পঢ়া-শুনাৰ স্বাধীনতা প্ৰদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে শিক্ষাইহে এজন মুছলমানৰ ভাগ্য সলনি কৰিব পাৰে।