What a start to the #ChampionsTrophy 2025 for Mohammad Shami 👏#BANvIND ✍️: https://t.co/zafQJUBu9o pic.twitter.com/VOVZtEMjWn
— ICC (@ICC) February 20, 2025
"আইচিচি ইভেণ্টত মই বেটছমেনৰ মাৰ খাবলৈ ভয় নকৰো। মই মাত্ৰ উইকেট দখলৰ বাবে বলিং কৰো। ইক'নমী ৰেটৰ ওপৰত মই গুৰুত্ব নিদিও। আজিৰ প্ৰদৰ্শন মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো, আইচিচি ইভেণ্টত দেশৰ হৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ মই সদায় আগ্ৰহী। ইয়াৰ বাবে মই এনচিএত দৈনিক প্ৰায় ৮ ঘণ্টাকৈ সময় পাৰ কৰিছিলো। মোৰ মাজত এতিয়াও সেই ভোক আছে, যাৰ বলত মই খেলপথাৰত উন্নত প্ৰদৰ্শন দাঙি ধৰিব পাৰো।"-মেচৰ অন্তত ছামীয়ে কয়।
চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে মহম্মদ ছামীয়ে ইংলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ আৰু দুখন এদিনীয়া মেচ খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাইছিল। তেওঁ লগতে কয়, "১৪ মাহৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰাটো কঠিন আছিল। ইয়াৰ বাবে বহুত ঘাম মাটিত পেলাবলগীয়া হৈছে, বহুত যন্ত্ৰণা সহিবলগীয়া হৈছে। ঘৰুৱা ক্ৰিকেটত অনুশীলন কৰাৰ সুযোগ পাইছিলোঁ যাৰ ফলত মই আজি এইধৰণে বলিং কৰিব পাৰিছো।"A day to cherish! Reaching 200 ODI wickets, becoming India's highest wicket-taker, and taking a five-for today – feeling blessed! Thanks to God and everyone for the support#shami #wicket #mdshami #championstrophy pic.twitter.com/Xbd5NQidNZ
— 𝕸𝖔𝖍𝖆𝖒𝖒𝖆𝖉 𝖘𝖍𝖆𝖒𝖎 (@MdShami11) February 20, 2025
উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে খেলখনৰ সময়ত ছামীয়ে ৫০ অভাৰৰ আই চি চি প্ৰতিযোগিতাত ভাৰতৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈ আন এক মাইলৰ খুঁটি অৰ্জন কৰে। ৩৪ বছৰীয়া পেচাৰগৰাকীয়ে জাহীৰ খানৰ অভিলেখ অতিক্ৰম কৰি ৬০ উইকেটৰ অধিকাৰী হয়। জাহিৰ খানে আইচিচি এদিনীয়া ইভেণ্টৰ ৩২ ইনিংছত ৫৯টা উইকেট দখল কৰাৰ বিপৰীতে ছামীয়ে মাত্ৰ ১৯টা ইনিংছতে প্ৰাক্তন বাঁওহতীয়া বেগী বলাৰগৰাকীক অতিক্ৰম কৰিবলৈ সক্ষম হয়।Mohammad Shami in 50 overs ICC events:
— Mufaddal Vohra (@mufaddal_vohra) February 20, 2025
Innings - 19.
Wickets - 60.
Average - 13.20.
THE GOAT PERFORMER - SHAMI. 🇮🇳 pic.twitter.com/cs5iFZXdcf