১৩ বছৰীয়া বিহাৰৰ ল'ৰা বৈভৱ সূৰ্যবংশী IPLৰ নিলামত ১.১ ₹কোটিত বিক্ৰী

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
বৈভৱ সূৰ্যবংশী
বৈভৱ সূৰ্যবংশী
মুম্বাই

সোমবাৰে চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হোৱা আই পি এলৰ (IPL) নিলামৰ ইতিহাসত বিক্ৰী হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বিহাৰৰ বেটছমেন বৈভৱ সূৰ্যবংশী। দিল্লী কেপিটেলছ (DC)ৰ সৈতে তীব্ৰ নিবিদা যুদ্ধৰ অন্তত ৰাজস্থান ৰয়েলছক ₹১.১০ কোটিত বিক্ৰী হয় সূৰ্যবংশী।

সূৰ্যবংশীয়ে শেহতীয়াকৈ অনুৰ্ধ-১৯ টেষ্টত এজন ভাৰতীয় হিচাপে দ্ৰুততম শতক অৰ্জন কৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ অনুৰ্ধ-১৯ দলৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ হৈ প্ৰথমখন ৰেডবল মেচত ১৩ বছৰীয়া সূৰ্যবংশীয়ে মাত্ৰ ৫৮টা বলত শতক অৰ্জন কৰে।

তেওঁৰ ৫৮ বলত শতক ২০০৫ চনত ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ হৈ ৫৬ বলৰ শতক অৰ্জন কৰা ইংলেণ্ডৰ প্ৰাক্তন অল ৰাউণ্ডাৰ ম’ইন আলীৰ পিছতেই। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ ছামছ মুলানীৰ মুম্বাইৰ বিৰুদ্ধে ২০২৩-২৪ চনৰ ৰঞ্জী ট্ৰফীত ১২ বছৰ ২৮৪ দিন বয়সত অভিলেখ সৃষ্টি কৰা প্ৰথম শ্ৰেণীৰ মেচত অভিষেক ঘটোৱা চতুৰ্থজন কনিষ্ঠ ভাৰতীয় হিচাপে পৰিগণিত হয়।

সূৰ্যবংশীয়ে ২০২৩ চনৰ কুচবিহাৰ ট্ৰফীত বিহাৰৰ হৈ খেলিছিল আৰু ঝাৰখণ্ডৰ বিৰুদ্ধে এখন খেলত ২২টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১২৮টা বলত ১৫১ ৰান সংগ্ৰহ কৰিছিল। একেখন খেলৰ দ্বিতীয় ইনিংছত তেওঁ আৰু ৭৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও সূৰ্যবংশীয়ে চতুৰ্ভুজ শৃংখলাত খেলিছিল য’ত ভাৰত অনূৰ্ধ্ব ১৯ এ, ভাৰত অনূৰ্ধ্ব ১৯ বি, ইংলেণ্ড অনূৰ্ধ্ব ১৯ আৰু বাংলাদেশ ১৯ বছৰ অনুৰ্ধৰ সৈতে খেলিছিল। প্ৰতিযোগিতাখনত তেওঁ ৫৩, ৭৪, ০, ৪১ আৰু ০ স্ক’ৰ  কৰিছিল।

বৈভৱ সূৰ্যবংশীৰ ৰঞ্জিত অভিষেক ঘটাৰ পিছত সংবাদ মাধ্যমৰ মত বিনিময়ত তেওঁৰ পিতৃ সঞ্জীৱে প্ৰকাশ কৰিছিল যে কিশোৰজনে ২০২৩ চনত ছখন ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ লগতে কৈছিল যে আজিংক্য ৰাহানে, শিৱম দুবে আৰু ধৱল কুলকাৰ্ণীৰ দৰে খেলুৱৈৰ বিৰুদ্ধে খেলাটো তেওঁৰ পুত্ৰৰ বাবে গৌৰৱৰ বিষয়। তেওঁ নিজৰ পুত্ৰক বিস্ফোৰক বেটছমেন বুলি অভিহিত কৰি বৈভৱে এই প্ৰতিযোগিতাত বহু ৰান সংগ্ৰহ কৰিব আৰু ভৱিষ্যতেও ভাৰতৰ হৈ নিজৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰি যাব বুলি তেওঁ আত্মবিশ্বাসী বুলি কৈছিল।

সঞ্জীৱে ক্ৰিকেটৰ প্ৰতি নিজৰ প্ৰেমৰ কথা উল্লেখ কৰি কয় যে তেওঁ আগতে গাঁৱত ক্ৰিকেট খেলিছিল আৰু ৫ বছৰ বয়সতে বৈভৱৰ এই খেলবিধৰ প্ৰতি আগ্ৰহ লক্ষ্য কৰিছিল। তেতিয়াৰ পৰাই তেওঁ বৈভৱক ক্ৰিকেট খেলিবলৈ ধাৰাবাহিকভাৱে পথ প্ৰদৰ্শন কৰিছিল। ১০ বছৰ বয়সত বৈভৱে ছিনিয়ৰ খেলুৱৈৰ সৈতে খেলিছিল আৰু ভাল প্ৰদৰ্শন কৰিছিল। সঞ্জীৱে বৈভৱৰ ক্ৰিকেট প্ৰশিক্ষণ সমস্তীপুৰত আৰু পিছলৈ পাটনাত আৰম্ভ কৰিছিল, য’ত বৈভৱে নিষ্ঠাবানভাৱে কঠোৰ পৰিশ্ৰম কৰিছিল, যাৰ ফলত তেওঁ বিহাৰৰ হৈ ৰঞ্জী ক্ৰিকেট খেলত আগতীয়াকৈ প্ৰৱেশ কৰিছিল।

ইফালে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ইয়ইন মৰ্গানে সূৰ্য্যবংশীৰ বিক্ৰীত আনন্দিত হৈ ইয়াক আই পি এলৰ ‘আচৰিত কাহিনী’ বুলি অভিহিত কৰে। আনহাতে, আৰচিবিৰ প্ৰাক্তন প্ৰশিক্ষকজনে তেওঁৰ বেটিং কৌশলৰ বাবে প্ৰশংসা কৰে।

“স্পিন আৰু পেচ দুয়োটাৰে বিৰুদ্ধে তেওঁৰ প্ৰকৃত শক্তি আছে। বেক ফূট আৰু ফ্ৰণ্ট ফূট দুয়োটাতে তেওঁৰ আৰাম চাওক।" - চেন্নাইত ইণ্ডিয়া এ টেষ্ট মেচৰ শতক কৰা ফুটেজ দেখাৰ পিছত এইদৰে কয় আৰচিবিৰ প্ৰাক্তন প্ৰশিক্ষক মাইক হেছনে। “সঁচা কথা ক’বলৈ গ’লে তেওঁ এজন প্ৰতিভা। চাৰিদিনীয়া খেল এখন খেলিবলৈ তেওঁৰ ইমান শক্তি আছে।" --ৰবিন উথাপ্পাই কয়।