আমৰ পাতৰ উপকাৰিতা

ছালৰ স্বাস্থ্য -- আমৰ পাতত ছালৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য সকলো পুষ্টিকৰ উপাদান থাকে। আমৰ পাতৰ ৰসে বলি ৰেখা আৰু ছালৰ শুকানতা হ্ৰাস কৰে। আমৰ পাতৰ ছাই পোৰা ছালত লগালে উপশম পোৱা যায়।

চুলিৰ সমস্যা হ্ৰাস -- চুলি দ্ৰুতগতিত বৃদ্ধি হোৱা এক প্ৰাচীন কৌশল হৈছে আমৰ পাত ব্যৱহাৰ। সতেজ আমৰ পাতৰ পৰা মিহি পেষ্ট বনাওক। চুলিত পেষ্ট লগাই প্ৰায় ১৫ মিনিটমান পিছত পানীৰে চুলি ধুই দিব লাগে।

তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ -- ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত আমৰ পাত উৎকৃষ্ট। ১০-১৫ টা আমৰ পাত একাপ পানীত সিজাই লব। তাৰ পিছত ৰাতিটো পানী ঠাণ্ডা হ’বলৈ থৈ ৰাতিপুৱা খালী পেটত খাব লাগে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ -- আমৰ পাতে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। পাতে ৰক্তবাহী নলীবোৰ মজবুত আৰু সুস্থ কৰি তোলে। আমপাতৰ চাহে উচ্চ ৰক্তচাপৰ চিকিৎসাত সহায় কৰে।

পিত্ত আৰু বৃক্কৰ পাথৰ চিকিৎসা -- পিত্তৰ পাথৰ আৰু বৃক্কৰ পাথৰ চিকিৎসাৰ বাবে আমপাতৰ গুড়ি ব্যৱহাৰ কৰা হয়। ই বৃক্কৰ পাথৰ ভাঙি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ পেলোৱাত সহায় কৰে। কিছু আমৰ পাত লৈ শুকুৱাই লওক। গুড়ি কৰি পানীত মিহলাই লওক। পানীখিনি ৰাতিটো ৰাখি প্ৰতিদিনে পুৱা খালী পেটত খাব লাগে।

পেটৰ আলচাৰ নিৰাময় -- প্ৰাচীন কালৰে পৰা পেটৰ ঘা নিৰাময় বাবে আমৰ পাত ব্যৱহাৰ কৰা হয়। কিছু আমৰ পাত জ্বলাই লওক আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱা উশাহ লওক। ই হিচকি কমোৱাত সহায় কৰিব। আমৰ পাতৰ সৈতে গৰম পানী দৈনিক সেৱন কৰিলে পেটৰ আলচাৰৰ উপশম হয়।

ওজন হ্ৰাস -- আমৰ পাতে শৰীৰত চৰ্বিৰ জমা হোৱাৰ মাত্ৰা হ্ৰাস কৰে। ১৫০মিলিলিটাৰ পানীত এমুঠি পাত উতলাই আমপাতৰ চাহ প্ৰস্তুত কৰক। সতেজ পাত সহজে নাপালে আমৰ পাতৰ গুড়ি বা ৰসও ব্যৱহাৰ কৰিব পাৰে।

প্ৰদাহ নিবাৰণ -- আমৰ পাতত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে। ই মগজুক পাৰ্কিনছন আৰু এলঝেইমাৰৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰিব। আমপাতৰ ৰসৰ পৰা তৈয়াৰী চাহে প্ৰদাহ নিয়ন্ত্ৰণ কৰে।

আপোনাৰ বাৰাণ্ডাখন চৰাই বাবে আকৰ্ষনীয় কেনেকৈ কৰিব

click here to new story