ভাৰতৰ কেইখনমান ঠাণ্ডা ঠাই
ড্ৰাছ -- লাডাখৰ কাৰ্গিল চহৰত অৱস্থিত বিশ্বৰ দ্বিতীয় ঠাণ্ডা বসতিপ্ৰধান স্থান। ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাইৰ ভিতৰত গণ্য কৰা হয়। শীতকালত উষ্ণতা মাইনাছ ৪৫ ডিগ্ৰী চেণ্টিগ্ৰেড হয়।
ছিয়াচেন হিমবাহ -- ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাইৰ ভিতৰত অন্যতম। ইয়াৰ উষ্ণতা জানুৱাৰী মাহত মাইনাছ ৫০ ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে তললৈ নামিব পাৰে। গৰমৰ দিনতো তাপমাত্ৰা মাইনাছ ১০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওচৰত থাকে।
টাৱাঙৰ চেলা পাছ -- প্ৰাকৃতিক সৌন্দৰ্য্যৰে সমৃদ্ধ ইয়াক ভাৰতৰ বৰফৰ বাকচ বুলি জনা যায়। অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ মাজত অৱস্থিত। শীতকালত তাপমাত্ৰা মাইনাছ ১৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত থাকে।
উত্তৰ ছিকিমৰ লাচেন আৰু থাংগু উপত্যকা -- ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাই। এই অঞ্চলত শীতকালত উষ্ণতা মাইনাছ ১০ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওচৰত থাকে।
লেহ লাডাখ -- ভাৰতৰ অন্যতম ঠাণ্ডা ঠাই য'ত শীতকালত মাইনাছ ১২ ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা মাইনাছ ২ ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে তাপমাত্ৰা নিম্নগামী হয়।
উত্তৰাখণ্ডৰ মুনিছিয়াৰী -- ভাৰতৰ অন্যতম ঠাণ্ডা পৰ্যটনস্থলী। উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত অৱস্থিত। গোটেই বছৰটো শুকান আৰু ঠাণ্ডা হৈ থাকে। শীতকালত ইয়াৰ উষ্ণতা মাইনাছ ১০ ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত হ্ৰাস পায়।
হিমাচল প্ৰদেশৰ স্পিটি উপত্যকা -- হিমাচল প্ৰদেশত অৱস্থিত এটি ঠাণ্ডা মৰুভূমি পাৰ্বত্য অঞ্চল। শীতকালত উষ্ণতা মাইনাছ ৩০ ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে হ্ৰাস পায়।
জম্মু আৰু কাশ্মীৰৰ সোনমাৰ্গ -- জম্মু-কাশ্মীৰৰ গণ্ডাৰবল জিলাত অৱস্থিত ই এক বিখ্যাত পাহাৰীয়া গন্তব্যস্থান। ইয়াৰ তাপমাত্ৰা মাইনাছ ৬ ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্তলৈ হ্ৰাস পায় বাবে ই ভাৰতৰ ঠাণ্ডা ঠাই।
জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ -- কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত অৱস্থিত। শীতকালত উষ্ণতা প্ৰায় মাইনাছ ৩ ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত হয়। ই ভাৰতৰ লগতে বিশ্বৰ বিখ্যাত পৰ্যটনস্থলী।
মানালীৰ ৰোহটাং পাছ -- মনালীৰ পৰা ৫১ কিলোমিটাৰ দূৰত্বত পীৰ পাঞ্জল হিমালয় ৰেঞ্জৰ পূব প্ৰান্তত অৱস্থিত এক ওখ পাৰ্বত্য পাছ। প্ৰচণ্ড বৰফ পৰাৰ বাবে শীতকালত এই পাছটো পাৰ হোৱাটো কঠিন হৈ পৰে।
নামাজৰ উপকাৰিতা