বিভিন্ন প্ৰকাৰৰ সুস্বাদু চিঙৰা

আলুৰ চিঙৰা -- সিজোৱা আলুৰ সৈতে কিছু মচলা, মটৰ আৰু ধনীয়াৰে এইবিধ চিঙৰা বনোৱা হয়।

কীমাৰ চিঙৰা -- এই চিঙৰা ৰমজান মাহৰ এবিধ বিশেষ নাচটা। ছাগলী মাংসৰ কীমা আৰু দৈৰ মিশ্ৰণেৰে বনোৱা হয়।

মটৰৰ চিঙৰা -- এইবিধ চিঙৰা আকাৰত সৰু হয়। সিজোৱা গ্ৰীণ মটৰ আৰু কিছু মচলাৰে বনোৱা হয়।

মাংসৰ চিঙৰা -- এইবিধ চিঙৰা খাদ্য ৰসিকৰ বাবে অতি প্ৰিয়। ছাগলী, কুকুৰা আদিৰ মাংসৰ লগতে সিজোৱা আলু আৰু কিছু মচলাৰে বনোৱা হয়।

পনিৰৰ চিঙৰা -- এইবিধ চিঙৰা খাবলৈ অতি সোৱাদ লগা। পনিৰ, পিয়াজ, আদা আৰু কিছু মচলাৰে বনোৱা হয়।

চিকেনৰ চিঙৰা -- এইবিধ চিঙৰাও ৰমজান মাহত বনোৱা হয়। বনোৱা কুকুৰাৰ মাংস আৰু কিছু মচলাৰে বনোৱা হয়।

মিঠা চিঙৰা -- এইবিধ চিঙৰা গাখীৰৰ সৰ, বাদাম, ইলাচি আদিৰে প্ৰস্তুত কৰা হয়।

কণীৰ চিঙৰা -- কণী, পিয়াজ, ধনীয়া আৰু নিজৰ পচন্দ অনুযায়ী কিছু পাচলি দি এবিধ চিঙৰা বনোৱা হয়।

চকলেট চিঙৰা -- সৰু সৰুকৈ কটা চকলেট ভৰাই তেলত ডুবাই ভাজিব লাগে।

মাছৰ চিঙৰা -- সিজোৱা মাছৰ লগত কিছু মচলা মিহলাই বনোৱা হয়।

বিশ্বৰ ১০ খন ব্যয়বহুল চহৰ

click here to new story