বেয়া কলেষ্টেৰল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি

আখৰোট: প্ৰতিদিনে ব্ৰেকফাষ্টত কিছু আখৰোট খালে উচ্চ কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক হয় ৷ যাৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায়৷

কাঠবাদাম: পুৱা প্ৰথমে কাঠবাদাম খালে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে৷

অলিভ অইল: অলিভ অইলত ৰন্ধা খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে অতি উত্তম৷ এই তেলে ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে৷

শণৰ গুটি বা ফ্লেক্সচিড: শণৰ গুটিত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে৷ পুৱা ৩ মাহ ধৰি অবিৰতভাৱে ফ্লেক্সচিড পাউদাৰ সেৱন কৰিলে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পাব পাৰে৷

মৰ্নিং ৱাক, ব্যায়াম বা যোগাসন: মৰ্নিং ৱাক বা ব্যায়ামৰ ফলত তেজত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়৷ নিয়মীয়াকৈ এৰোবিক ব্যায়ামে তেজত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

কমলাৰ ৰস: পুৱা ভিটামিন চি সমৃদ্ধ কমলাৰ ৰস এগিলাচ খালে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পাব পাৰে। কমলাত ফ্লেভন’ইড থাকে যিয়ে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে৷

ভাৰতৰ ১০ টা আটাইতকৈ পুৰণি বৃহৎ মছজিদ

click here to new story