ভাৰতৰ ১০ টা আটাইতকৈ পুৰণি বৃহৎ মছজিদ

দিল্লীৰ জামা মছজিদ -- ভাৰতৰ অন্যতম বৃহৎ এই মছজিদক মছজিদ-ই-জেহান-নুমা বুলি জনা যায়। ১৬৪৪ চনৰ পৰা ১৬৫৬ চনৰ ভিতৰত মোগল সম্ৰাট শ্বাহজাহানে প্ৰতিষ্ঠা কৰিছিল। মছজিদৰ প্ৰথমগৰাকী ইমামহৈছে চৈয়দ আব্দুল গাফুৰ শ্বাহ বুখাৰী।

হায়দৰাবাদৰ চাৰ্মিনাৰ -- ৪২৫ বছৰতকৈও অধিক সময় ধৰি চাৰ্মিনাৰৰ ওপৰৰ মহলাৰ এটা মছজিদ অৱস্থিত। মহম্মদ কুলী কুতুব শ্বাহে ১৫৯১ চনত নিজৰ ৰাজধানী হায়দৰাবাদত চাৰ্মিনাৰ নিৰ্মাণ কৰিছিল।

দিল্লীৰ ফতেহপুৰী মছজিদ -- ভাৰতৰ পুৰণি দিল্লীৰ চুবুৰীত অৱস্থিত চান্দনী চকৰ পশ্চিম মূৰত অৱস্থিত। ১৬৫০ চনত শ্বাহজাহানৰ এগৰাকী পত্নী ফতেহপুৰী বেগমে নিৰ্মান কৰিছিল।

জম্মু-কাশ্মীৰৰ হাজৰতবাল দৰগাহ -- হজৰতবাল দৰগাহত নবী হজৰত মহম্মদৰ চুলি থকা বুলি বিশ্বাস কৰা হয়।

দিল্লীৰ হজৰত নিজামুদ্দিন দৰগাহ -- চুফী সন্ত খোৱাজা নিজামুদ্দিন আউলিয়াৰ দৰগাহ। ১৩২৫ চনত মহম্মদ বিন তুগলুকে নিৰ্মাণ কৰিছিল।

হায়দৰাবাদৰ মক্কা মছজিদ -- মক্কা মছজিদ এটা জামাতৰ মছজিদ। এই মছজিদত ১০ হাজাৰ লোকৰ বসতি স্থাপন কৰা হৈছে। ১৭ শতিকাৰ সময়ছোৱাত নিৰ্মাণ কৰাহৈছিল।

ভোপালৰ তাজ-উল-মছজিদ -- তাজ-উল-মছাজিদ ভাৰতৰ মধ্যপ্ৰদেশৰ ভোপালত অৱস্থিত। ই ভাৰতৰ সৰ্ববৃহৎ মছজিদ আৰু বিশ্বৰ অন্যতম বৃহৎ মছজিদ।

আজমেৰৰ আধৈ দিন কা ঝোনপ্ৰা -- ৰাজস্থানৰ অধৈ দিন কা ঝোনপ্ৰা হৈছে ভাৰতৰ অন্যতম পুৰণি মছজিদ। ১১৯২ খ্ৰীষ্টাব্দত কুতুব-উদ-দিন-আইবাকে নিৰ্দেশত হেৰাটৰ আবু বকৰে নিৰ্মান কৰিছিল।

মুম্বাইৰ হাজী আলী দৰগাহ -- হাজী আলী দৰগাহ হৈছে পীৰ হাজী আলী শ্বাহ বুখাৰীৰ স্মৃতিসৌধ। বণিক ছাইয়দ পীৰ হাজী আলী শ্বাহ বুখাৰীৰ স্মৃতিত ১৪৩১ চনত নিৰ্মাণ কৰা হৈছিল।

আহমেদাবাদৰ জামা মছজিদ -- জুমাহ মছজিদ বা জামি' মছজিদ বুলি জনাজাত এই মছজিদ ১৪২৪ চনত প্ৰথম আহমদ শ্বাহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল।

বিভিন্ন প্ৰকাৰৰ মৌ

click here to new story