বিশ্বৰ আটাইতকৈ দামী আম

সিন্ধ্ৰি আম -- পাকিস্তানৰ সিন্ধ অঞ্চলত ব্যাপকভাৱে খেতি কৰা এই আমবোৰ স্বকীয়ভাৱে মিঠা আৰু সুগন্ধি সোৱাদৰ বাবে জনাজাত। ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে অতি প্ৰিয় এই বিধ আম ডাঙৰ আকাৰৰ মসৃণ, উজ্জ্বল হালধীয়া ৰঙৰ।

কোহিতুৰ আম -- স্বকীয় ৰং আৰু টেক্সচাৰৰ বাবে পৰিচিত কোহিতুৰ আমবোৰ খুব কঠিন। এই আমটো ১৮ শতিকাত হাকিম আদা মহম্মদী নামৰ এজন উদ্যান শস্যবিদে নবাব ছিৰাজ-উদ-দৌলাৰ বাবে উৎপন্ন কৰা বুলি ধাৰণা কৰা হৈছে। যাৰ একমাত্ৰ কাম আছিল নবাবসকলৰ বাবে নতুন জাতৰ আমৰ সৃষ্টি কৰা। ইয়াৰ মূল্য ₹৩ -১২ হাজাৰ পৰ্যন্ত হ’ব পাৰে।

আলফনছ আম -- আমৰ ৰজা” হিচাপে বিখ্যাত প্ৰিয় আলফনছ আম সাধাৰণতে পশ্চিম ভাৰতৰ উপকূলীয় অঞ্চল ৰত্নাগিৰি, দেৱগাড় আৰু কংকন অঞ্চলত খেতি কৰা হয়। ৰসাল, আঁহবিহীন, মঙহেৰে ভৰ্পূৰ সুস্বাদু এইবিধ আমৰ প্ৰতি কিলোগ্ৰামত ₹১৫০০ পৰ্যন্ত হ’ব পাৰে।

নূৰজাহান আম -- নূৰজাহান নামটোৰ দৰেই আমৰ সোৱাদও বিশুদ্ধ ৰজাঘৰীয়া। এই প্ৰজাতিৰ আম আফগানিস্তানৰ পৰা গুজৰাট হৈ ভাৰতলৈ অহা বুলি কোৱা হয়। আকাৰ আৰু ঋতুৰ ওপৰত নিৰ্ভৰ কৰি একোটা আমৰ দাম ₹১০০০ পৰ্যন্ত হ’ব পাৰে।

মিয়াজাকি আম -- বিশ্বৰ আটাইতকৈ দামী আম বুলি স্বীকৃতি লাভ কৰা এইবিধ আম সাধাৰণতে জাপানত খেতি কৰা হয়। এই আমৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি কিলোগ্ৰামত ₹৩ লাখ পৰ্যন্ত হব পাৰে। এই আমবোৰ মিঠা সোৱাদযুক্ত। ভাৰতত পশ্চিম বংগৰ কিছু অংশৰ পৰা সমগ্ৰ দেশৰ কেইজনমান কৃষকেহে এই জাতৰ খেতি কৰিবলৈ সক্ষম হৈছে।

চুলি বৃদ্ধিৰ বাবে নেমুৰ ৰস কেনেকৈ ব্যৱহাৰ কৰিব

click here to new story