ৰহস্যজনভাৱে অন্তৰ্ধান হোৱা বিশ্বৰ কেইটামান প্ৰাচীন সভ্যতা

মায়া সভ্যতা-- মেছ’আমেৰিকাৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী গোট আছিল। অষ্টম শতিকাৰ মাজভাগলৈ ৰহস্যজনকভাৱে মায়া নগৰবোৰ জৰাজীৰ্ণ হৈ শেষত অন্তৰ্ধান হয়।

অলমেক সভ্যতা-- মায়া আৰু এজটেক সভ্যতাৰ উন্নতি আৰু সমৃদ্ধিৰ ভিত্তি স্থাপন কৰিছিল। প্ৰায়বোৰ মেছ'আমেৰিকান সাম্ৰাজ্য আৰু ৰাজ্যৰ "মাতৃ সংস্কৃতি" হৈছে অলমেক। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ সময়ছোৱাত অলমেক নগৰীয়া বসতিসমূহ নিৰ্জন হৈ ধ্বংসস্তূপত পৰিণত হয়।

ইষ্টাৰ দ্বীপ-- ইষ্টাৰ দ্বীপ নামেৰে জনাজাত দুৰ্গম দ্বীপটো এসময়ত বাণিজ্যৰ এক সমৃদ্ধিশালী কেন্দ্ৰ আছিল। কিন্তু শস্যৰ সংকট আৰু বংশ যুদ্ধৰ বাবে দ্বীপটোৰ থলুৱা জনসংখ্যা হ্ৰাস পাইছিল আৰু পিছলৈ দ্বীপটো ধ্বংস হৈ গৈছিল।

খ্মেৰ সাম্ৰাজ্য-- দক্ষিণ-পূব এছিয়াৰ ঘন জংঘলৰ গভীৰত অৱস্থিত এখন শক্তিশালী সাম্ৰাজ্য। বৰ্তমানৰ কম্বোডিয়া, লাওছ, থাইলেণ্ড আৰু ভিয়েটনামৰ কিছু অংশত শাসন কৰিছিল। ১৫ শতিকাৰ মাজভাগলৈকে এই সাম্ৰাজ্যৰ কাৰ্যকৰীভাৱে পতন ঘটিছিল।

হৰপ্পা সভ্যতা-- পাকিস্তান আৰু ভাৰতক সামৰি লোৱা হৰপ্পা সভ্যতা হৈছে, এনে এটা শব্দ যি ৪২০০ বছৰতকৈও অধিক পূৰ্বে এই অঞ্চলত বাস কৰা লোকসকলক শিথিলভাৱে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। বৃহৎ খৰাঙৰ বাবে হৰপ্পা সভ্যতাৰ পতন হোৱা বুলি কোৱা হয় যদিও আজিও ই এক ৰহস্য।

মিচিচিপি সভ্যতা-- আজিৰ ইলিনয়ৰ কলিন্সভিলত অৱস্থিত এই এসময়ৰ মহান প্ৰাক-কলম্বিয়ান চহৰ কাহোকিয়া পৰ্যটকৰ ভ্ৰমণ কেন্দ্ৰস্থল। সৰু সৰু গাঁৱেৰে গঠন হৈছিল, যদিও ১০৫০ খ্ৰীষ্টাব্দত দ্ৰুতগতিত ই এখন বৃহৎ চহৰলৈ পৰিণত হয়। ১২৫০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্পূৰ্ণৰূপে ধ্বংস হয়। এই হঠাৎ ধ্বংস হোৱাৰ কাৰণ কি হ’ব পাৰে তাৰ কোনো লিখিত তথ্য আৰু প্ৰত্নতাত্ত্বিক প্ৰমাণ নাই।

আনাছাজী জনগোষ্ঠী-- প্ৰাক-কলম্বিয়ান উত্তৰ আমেৰিকাত লাভৱান হোৱা আন এখন সমাজ আছিল ৰহস্যময় আনাছাজী জনগোষ্ঠী। খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ কোনোবা এটা সময়ত আনাছাজীসকলে প্ৰথমে উটাহৰ আশে-পাশে নিজকে প্ৰতিষ্ঠা কৰিছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ মাজভাগৰ আনাছাজী অন্তৰ্ধান হৈ পৰিল আৰু ইয়াৰ প্ৰকৃত কাৰণ কোনেও নাজানে।

চাটালহোয়ুক-- তুৰস্কত অৱস্থিত আটাইতকৈ পুৰণি স্থায়ী মানৱ বসতি ঠাই চাটালহোয়ুক। জুপুৰিৰে আৰম্ভ হোৱা এই চহৰক আদিম চহৰ বুলি ক’ব পাৰি। খ্ৰীষ্টপূৰ্ব ৫৬৫০ চনৰ আশে-পাশে চাটালহয়ুক হয় সম্পূৰ্ণৰূপে পৰিত্যক্ত হৈ পৰিছিল। ইয়াৰ কোনো লিখিত তথ্য উপলব্ধ নাই।

থনিছ-হেৰাক্লিয়েন-- ইজিপ্তৰ প্ৰাচীন চহৰ থনিছ-হেৰাক্লিয়েন, প্ৰায় ১২০০ বছৰ আগতে এক আশ্বৰ্যকৰ পৰিস্থিতিত ভূমধ্য সাগৰত ডুব গৈছিল। ২০০০ চনতহে ডুবাৰুৰ এটা দলে চহৰখনৰ স্থান নিৰ্ণয় কৰিছিল। ১০০০ বছৰতকৈও অধিক সময় পানীৰ তলত থকা চহৰখন কিয় ডুব গৈছিল প্ৰকৃত কাৰণ কোনেও নাজানে।

ভাৰতীয় গায়কৰ প্ৰকৃত নাম

click here to new story