বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা কেইবিধমান অস্বাস্থ্যকৰ খাদ্য

উচ্চ ছ'ডিয়ামযুক্ত খাদ্য- টেমাৰ খাদ্য, সংসাধিত মাংস, তাৎক্ষণিক নুডলচ, পিজ্জা, নিমখীয়া লঘু আহাৰ ইত্যাদি। উচ্চ ছ'ডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে, যিয়ে হৃদযন্ত্ৰ আৰু বৃক্কত বেয়া প্ৰভাৱ পেলায়৷

বগা নিমখ- শৰীৰত আয়'ডিনৰ বাবে নিমখ খাব লাগে, কিন্তু অত্যধিক গ্ৰহণ কৰিলে স্বাস্থ্য যথেষ্ট ক্ষতি হয় ৷ প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক গ্ৰহণ কৰাটো ক্ষতিকাৰক।

চেনিযুক্ত পানীয়- চ’ডা, এনাৰ্জি ড্ৰিংক, মিঠা ৰস আদি চেনিযুক্ত পানীয়ত অন্তৰ্ভুক্ত হয়৷ এই পানীয়বোৰত কেলৰি বহুত বেছি যিয়ে ওজন বৃদ্ধিৰ লগতে প্ৰকাৰ ২ ডায়বেটিচ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে৷

পৰিশোধিত কাৰ্বোহাইড্ৰেট- বগা ব্ৰেড, বগা চাউল, পাস্তা, বেকাৰী সামগ্ৰী৷ ইয়াত নগণ্য আঁহ থাকে চেনি আৰু কেলৰি যথেষ্ট বেছি পৰিমাণে থাকে, যিয়ে মেদবহুলতা, ইনচুলিন প্ৰতিৰোধ আৰু টাইপ-২ ডায়েবেটিচৰ সম্ভাৱনা বৃদ্ধি কৰে৷

সংসোধিত মাংস- চচেজ, হেম, বেকন আৰু অন্যান্য সংসাধিত মাংস৷ এই খাদ্যবোৰত নাইট্ৰেট আৰু নাইট্ৰাইটৰ উপাদান থাকে, যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷ যিয়ে মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে৷

অত্যধিক সুৰা- অত্যধিক সুৰা পান কৰিলে যকৃত, মগজু আৰু হৃদযন্ত্ৰ প্ৰভাৱিত হয় ৷ ই কৰ্কট ৰোগ আৰু মানসিক সমস্যাও সৃষ্টি কৰিব পাৰে৷

কৃত্ৰিম মিঠা- এস্পাৰ্টেম, চুক্ৰালোজৰ আদি অতি বিপদজনক৷ এই কৃত্ৰিম মিঠাই অত্যধিক গ্ৰহণ কৰিলে বিপাকীয় সমস্যা, ওজন বৃদ্ধি আৰু হৰমনৰ ভাৰসাম্যহীনতা হ'ব পাৰে৷

ট্ৰান্স চৰ্বি- বেক কৰা খাদ্য, ফুলা লঘু আহাৰ, ভজা ফাষ্ট ফুড আৰু পেকেট যুক্ত খাদ্যত এই চৰ্বি থাকে৷ এই চৰ্বিয়ে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰে আৰু ভাল কলেষ্টেৰল হ্ৰাস কৰে৷

ইয়াৰ পৰিৱৰ্তে আহাৰত সতেজ ফল, সেউজীয়া শাক-পাচলি, সম্পূৰ্ণ শস্য, বাদাম, গাখীৰ-দৈ, চীজ আৰু প্ৰ'টিনৰ এক ভাল উৎস অন্তৰ্ভুক্ত কৰা উচিত৷

গ্ৰীষ্মকালত স্বাস্থ্যসন্মত আইচক্ৰীম বনোৱাৰ প্ৰক্ৰিয়া

click here to new story