গ্ৰীষ্মকালীন আপোনাৰ ছালৰ যত্ন

ফেচ ৱাছ ব্যৱহাৰ কৰক - গৰমৰ ফলত আপোনাৰ ছালত অতিৰিক্ত প্ৰাকৃতিক তেল উৎপন্ন হয়। ছালৰ অতিৰিক্ত তেল (মলি আৰু লেতেৰা) আঁতৰাবলৈ পি এইচ বেলেন্সড ফেচ ৱাছ ব্যৱহাৰ কৰক।

হেভি মেকআপ কৰাৰ পৰা বিৰত থাকক - হেভি মেকআপ কৰিলে আপোনাৰ ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যায়। সেয়েহে গ্ৰীষ্মকালীন মেকআপ কৰিব বিচাৰিলে পাতলীয়া টোনাৰ ব্যৱহাৰ কৰিব পাৰে।

ছালখন মইশ্ব’ৰাইজ কৰি ৰাখক - আপোনাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ ন'ন-গ্ৰীজ মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। ছালৰ সুৰক্ষাৰ বাবে এছ পি এফ ৰেটিং থকা মইশ্ব’ৰাইজাৰো লাগাব পাৰে। মইশ্ব’ৰাইজাৰো লগোৱাৰ আটাইতকৈ উত্তম সময় হ’ল গা ধোৱাৰ ঠিক পিছতেই।

ছানস্ক্ৰীণ ব্যৱহাৰ কৰক - গ্ৰীষ্মকালত ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। অনুসৰণ কৰিবলগীয়া গ্ৰীষ্মকালীন ছালৰ যত্নৰ অন্যতম শীৰ্ষ টিপছে হৈছে ছানস্ক্ৰীণ ব্যৱহাৰ কৰা। আপুনি ব্যৱহাৰ কৰা ছানস্ক্ৰীণৰ অন্ততঃ SPF 30+ ৰেটিং থকাটো নিশ্চিত কৰক।

ওঁঠ আৰু চকুৰ যত্ন লওক - কেৱল আপোনাৰ মুখখন বা হাতখনতে UV ৰশ্মিৰ প্ৰভাৱ নপৰে, গোটেই শৰীৰতে পৰে। গতিকে গ্ৰীষ্মকালীন ওঁঠ আৰু চকুৰ যত্ন ল’বলৈ নাপাহৰিব। ওঁঠৰ বাবে SPF লিপ বাম ব্যৱহাৰ কৰিব পাৰে। চকুৰ বাবে মইশ্ব’ৰাইজিং গুণ থকা জেল ব্যৱহাৰ কৰিব পাৰে।

নিয়মিতভাৱে এক্সফোলিয়েটিং কৰক - সপ্তাহত কমেও দুবাৰকৈ ছালখন এক্সফোলিয়েট কৰাটো গুৰুত্বপূৰ্ণ যাতে আপোনাৰ ছিদ্ৰবোৰ বন্ধ হৈ থকা অতিৰিক্ত তেল আৰু মলিৰ পৰা মুক্তি পায়। মৃদু ৰাসায়নিক মুক্ত স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে বা ঘৰতে বনাব পাৰে। লগতে ডিঙি আৰু ওঁঠো এক্সফোলিয়েট কৰিব লাগে।

ছালখন হাইড্ৰেট কৰক - গ্ৰীষ্মকালীন উষ্ণতাৰ বাবে আপোনাৰ ছালখন শুকাই যাব পাৰে। গতিকে, আপোনাৰ ছালখনক পুনৰ হাইড্ৰেট কৰি ৰখাটো অন্যতম শ্ৰেষ্ঠ ছালৰ যত্নৰ টিপছ। আপুনি ছালখনক পুনৰ সজীৱ কৰি ৰাখিবলৈ অধিক পানী, ফলৰ ৰস সেৱন কৰিব পাৰে।

গ্ৰীষ্মকালীন ছালৰ যত্নৰ নিয়ম অনুসৰণ কৰক - ছালৰ যত্নৰ ভাল নিয়মে ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে আৰু লগতে ব্ৰণ, ফোহা, ৰ’দত পোৰাৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। এই ছালৰ যত্নৰ ৰুটিনত গ্ল’য়িং ছালৰ বাবে প্ৰাকৃতিক সামগ্ৰী যেনে লঘু ক্লিনজাৰ, টোনাৰ, আৰু মইশ্ব’ৰাইজাৰ অন্তৰ্ভুক্ত হ’ব লাগে।

ঘিউৰ লাভালাভ

click here to new story