আমলখিৰ ৰস সেৱনৰ উপকাৰিতা আৰু অপকাৰিতা
আমলখিত পোৱা ভিটামিন চি-য়ে শৰীৰৰ থাইৰয়ডৰ কাৰ্য পৰিচালনাত সহায় কৰে৷ দৈনিক আমলখিৰ ৰস খালে শৰীৰৰ হৰম’নৰ ভাৰসাম্য উন্নত হয়, যাৰ ফলত থাইৰয়ডৰ সমস্যাৰ পৰা সকাহ পোৱা যায়৷
আমলখিৰ ৰসত অধিক পৰিমাণৰ আঁহ থাকে। যিয়ে পেটৰ এচিডিটি, পেট ফুলা সমস্যা কমোৱাতো সহায় কৰে৷ পাচনতন্ত্ৰৰ কোনো সমস্যা নহয়৷
আমলখিয়ে চুলিক গুৰিৰ পৰা মজবুত কৰে, যাৰ ফলত চুলি সৰা কমে৷ আমলখিৰ ৰসে চুলিৰ ধূসৰ বা বগা হোৱাৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰিব পাৰে আৰু লগতে উফিৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে৷
আমলখিত পোৱা ভিটামিন চি এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা অক্সিডেটিভ চাপৰ পৰা ছালখনক ৰক্ষা কৰাত সহায় কৰে৷ দৈনিক আমলখিৰ ৰস সেৱনে তেজ বিশুদ্ধ কৰে৷
যিসকল লোকে অত্যধিক দৃষ্টিশক্তিৰ সমস্যা, চকুৰ বিষ আৰু চকুৰ টান অনুভৱ কৰে তেওঁলোকৰ বাবে আমলখিৰ ৰস অতি উপকাৰী৷ ইয়াত থকা কেৰটিন, ভিটামিন এ আৰু চি-য়ে চকুৰ পেশী শক্তিশালী কৰে।
আমলখিৰ ৰসৰ সৈতে ১ চামুচ মৌ মিহলাই খালে আমাৰ স্বাস্থ্যই বহু গুণাগুণ লাভ কৰে৷
আমলখিৰ ৰস প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰিব লাগে৷
খাদ্য খোৱাৰ পিচত আমলখিৰ ৰস সেৱন কৰিলে স্বাস্থ্যই বাবে বিশেষ উপকাৰিতা লাভ নকৰে৷
আমলখিৰ সোৱাদ টেঙা, সেয়েহে গাঁঠিৰ বিষত ভুগি থকা লোকে ইয়াক খোৱাটো পৰিহাৰ কৰাটো উচিত৷
কাহ আৰু চৰ্দিত আক্ৰান্ত লোকে সদায় মৌৰ লগত ইয়াৰ লগত খোৱাটো উচিত৷
বিশ্বৰ কেইটামান শক্তিশালী কমাণ্ডো বাহিনী