ইফটাৰৰ বাবে বিভিন্ন ছেৱাইৰ ৰেচিপি

ছেৱাইৰ উপমা-- গোটা সৰিয়হ, নৰহিংস পাত, কেঁচা জলকীয়া, পিয়াজ আৰু কিছু সতেজ পাচলিৰ সৈতে ভাজি লোৱা ছেৱাইত পানী কোমল হোৱালৈ সিজাব লাগে।

ছেৱাইৰ পায়স-- ভাজি লোৱা ছেৱাই, গাখীৰ, চেনী, ইলাচী,আৰু ড্ৰাই ফ্ৰুটছ মিহলি কৰি ক্ৰীমৰ দৰে ডাঠ হোৱালৈ উতলাব লাগে।

ছেৱাইৰ পুলাও-- সকলো প্ৰকাৰৰ মছলা, পাচলি, পিয়াজ আদিৰে ছেৱাই ভালদৰে ভাজি পানী দি সিজাব লাগে।

ছেৱাইৰ খীৰ-- ছেৱাইৰ পায়সৰ দৰে একে যদিও ইয়াত কণ্ডেন্স মিল্ক, কেশৰ আৰু বাদাম ব্যৱহাৰ কৰা হয়।

বিলাহীৰ সৈতে ছেৱাই-- বিলাহী, নহৰু, কেঁচা জলকীয়া আৰু অন্যান্য মছলাৰে প্ৰস্তুত কৰা হয়।

ছেৱাইৰ কাটলেট-- সিজোৱা ছেৱাই, পিটিকি লোৱা সিজোৱা আলু, কিছু মছলা, আৰু ব্ৰেডৰ গুৰিৰে প্ৰস্তুত কৰা হয়।

ছেৱাইৰ চুপ-- কিছু পাচলি, নহৰু আৰু জালুকৰে ছেৱাই সিজোৱাই প্ৰস্তুত কৰা হয়। ইয়াত ইচ্ছানুযায়ী মাংস ব্যৱহাৰ কৰিব পাৰি।

নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত ৭ গৰাকী মহিলা মন্ত্ৰী

click here to new story