মুখৰ দাগ আঁতৰাৰ বাবে স্নানৰ পূৰ্বে কৰক এই উপায়

এলোভেৰা জেল -- স্নান কৰাৰ পূৰ্বে সতেজ এলোভেৰা জেল উলিয়াই মুখত লগাওক আৰু ১০-১৫ মিনিট থাকিবলৈ দিব, ইয়াৰ পিছত স্নান কৰক৷ এলোভেৰা নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ব্ৰণ আৰু দাগ ক্ৰমান্বয়ে নাইকিয়া হৈ।

কেঁচা হালধি আৰু দৈ -- স্নান কৰাৰ পূৰ্বে এচামুচ দৈত এচিকুট হালধি মিহলাই মুখত লগাব লাগে৷ ১৫ মিনিটৰ পিছত গা ধুব৷ এই পেকে ছালৰ ৰং পৰিষ্কাৰ কৰাত সহায় কৰিব আৰু দাগবোৰ পাতল কৰিব৷

নেমুৰ ৰস -- স্নান কৰাৰ পূৰ্বে নেমুৰ ৰস মুখত লগাই ১০ মিনিট থাকিব দিব৷ ইয়াৰ পিছত গা ধুব৷ সপ্তাহত ২-৩ বাৰহে ব্যৱহাৰ কৰক৷ নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালৰ ৰং উন্নত হ’ব আৰু দাগ কমিব৷

মৌ আৰু ডালচেনিৰ গুড়ি -- স্নান কৰাৰ পূৰ্বে এচামুচ মৌত এচিকুট ডালচেনিৰ গুৰি মিহলাই মুখত লগাব লাগে৷ ১৫ মিনিটৰ পিছত গা ধুব৷ এই পেকে ছালত থকা দাগ কমোৱাত সহায় কৰিব আৰু ইয়াক গ্ল’য়িং কৰি তুলিব৷

বেচন আৰু গোলাপ জল -- স্নান কৰাৰ পূৰ্বে বেচন আৰু গোলাপ জল মিহলাই পেষ্ট বনাই মুখত লগাব লাগে৷ ১০-১৫ মিনিটৰ পিছত গা ধুব৷ এই পেকে দাগ কমোৱাত আৰু ছাল উজ্জ্বল কৰাত সহায় কৰিব৷

বিশ্বৰ ১০ খন ব্যয়বহুল চহৰ

click here to new story