শীতকালত চুলিৰ যত্ন আৰু ধোৱাৰ পদ্ধতি
আজিকালি বেছিভাগ মানুহেই অনিয়মিত জীৱনশৈলীৰ বাবে চুলি সৰা আৰু উফিৰ দৰে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়৷
শৰীৰত ভিটামিনৰ মাত্ৰা কম হোৱা, জেনেটিক্স বা যিকোনো চিকিৎসাজনিত কাৰণত চুলি সৰে৷ শীতকালত চুলিক অধিক যত্নৰ প্ৰয়োজন হয়৷
শীতকালত চুলিৰ উন্নত স্বাস্থ্যৰ বাবে চুলি ধোৱাৰ পদ্ধতি অলপ বেলেগ৷ ঠাণ্ডা বতৰত চুলিত প্ৰাকৃতিক তেল আৰু আৰ্দ্ৰতা থাকে, যাৰ বাবে চুলি কম শুকান হৈ পৰে৷
এই বতৰত চুলি বেছিকৈ ধোৱাৰ প্ৰয়োজন নাই৷ শীতকালত সপ্তাহত ২-৩ বাৰ চুলি ধুলে ভাল৷ বেছি ধুলে চুলি দুৰ্বল হয়৷
শীতকালত চুলি ধোৱাৰ আগতে কুহুমীয়া তেলেৰে মালিচ কৰিব লাগে৷ যদি আপোনাৰ চুলি তেলতেলীয়া হয় তেন্তে সপ্তাহত তিনিবাৰলৈকে চুলি ধুব পাৰে৷ যদি আপোনাৰ চুলি শুকান তেন্তে সপ্তাহত দুবাৰকৈ চুলি ধুলে ভাল৷
শীতকালত চুলি ধুবলৈ কোমল আৰু মইশ্ব’ৰাইজিং শ্বেম্পু ব্যৱহাৰ কৰিব লাগে৷ শ্বেম্পুত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে, ছালফেট আদি থাকিব নালাগে কাৰণ এইবোৰে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতাৰ ক্ষতি কৰে৷
মৌ, নাৰিকল তেল বা আমলখি-মেথি আদি প্ৰাকৃতিক উপাদান থকা শ্বেম্পু চুলিৰ বাবে ভাল৷ এইবোৰৰ পৰা চুলিত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে৷
শ্বেম্পুৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰাটোও অতি প্ৰয়োজনীয়৷ ই চুলি কোমল আৰু মসৃণ কৰে৷ চুলি ধোৱাৰ পিছত টাৱেল বা গামোচাৰে শুকুৱাই ল’ব লাগে ৷ চুলিত হেয়াৰ ড্ৰায়াৰ কম ব্যৱহাৰ কৰক কাৰণ ইয়াৰ ফলত চুলি আৰু শুকান হ’ব পাৰে৷
জলবায়ু পৰিৱৰ্তনে দিনবোৰ দীঘল কৰিছে নেকি?