শীতকালত ওঁঠৰ যত্ন

ওঁঠযুৰি অনবৰতে আৰ্দ্ৰ কৰি ৰাখিবলৈ দিনটোত কেইবাবাৰো লিপ বাম বা পেট্ৰ'লিয়াম জেলী ব্যৱহাৰ কৰিব লাগে৷

ওঁঠযুৰি চেলেকি থকাৰ অভ্যাস এৰি দিয়ক, ই ওঁঠযুৰি অধিক শুকান কৰি তোলে৷

প্ৰচুৰ পৰিমাণে পানী খাওঁক, কাৰণ শৰীৰক হাইড্ৰেট কৰি ৰাখিলে ওঁঠো কোমল হৈ থাকে৷

ছানস্ক্ৰীণ লিপ বাম ব্যৱহাৰ কৰিব লাগে কাৰণ শীতকালতো সূৰ্যৰ ৰশ্মিৰ পৰা ৰক্ষা পোৱাটো গুৰুত্বপূৰ্ণ৷

নিয়মীয়াকৈ ওঁঠত প্ৰাকৃতিক স্ক্ৰাব লগাওঁক৷ ইয়াৰ বাবে মৌ আৰু চেনি মিহলাই ওঁঠত লাহে ঘঁহক৷ ই মৃত ছাল আঁতৰোৱাত সহায় কৰে৷

নিশা শুবলৈ যোৱাৰ আগতে ওঁঠত নাৰিকল তেল, ঘিউ বা এলোভেৰা জেল লগাওঁক৷

সুষম খাদ্য গ্ৰহণ কৰক য’ত বিশেষকৈ ভিটামিন ই আৰু চি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰা হয়৷ ই ওঁঠৰ আৰ্দ্ৰতা আৰু ৰং বজাই ৰখাত সহায় কৰে৷

প্ৰচুৰ গৰমত স্বাস্থ্যৰ বাবে চৰৱতৰ গুৰুত্ব

click here to new story