অসমৰ আগৰেৰে বৈধ ভাবে বিশ্বৰ বজাৰ দখল কৰাৰ প্ৰয়াস MJI গ্ৰুপৰ

Story by  Ariful Islam | Posted by  [email protected] • 4 Months ago
MJI গ্ৰুপৰ স্বত্বাধিকাৰী ডঃ জেহিৰুল ইছলাম
MJI গ্ৰুপৰ স্বত্বাধিকাৰী ডঃ জেহিৰুল ইছলাম
 
আৰিফুল ইছলাম / গুৱাহাটী
 
অসমত আগৰৰ খেতি তথা ব্যৱসায় কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। চাহপাতৰ দৰে বিশ্বৰ বজাৰ দখল কৰিব অসমৰ আগৰে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে আটাইতকৈ বেছি উপলব্ধ মূল্যবান আগৰ গছ। আগৰ কাঠৰ পৰা প্ৰস্তুত কৰা হয় মূল্যবান সুগন্ধি তেল। বহিঃৰাষ্ট্ৰৰ চৌদি আৰৱকে ধৰি বিভিন্ন দেশত আগৰৰ সুগন্ধি তেলৰ যথেষ্ট সমাদৰ আছে। শনিবাৰে অসমত মুকলি কৰা হয় আগৰ তেলৰ পৰা উৎপাদিত সুগন্ধিৰ প্ৰথমটো উদ্যোগ। এতিয়াৰে পৰা MJI perfumes নামেৰে উপলব্ধ হ'ব আগৰৰ সুগন্ধি তেল।

শনিবাৰে MJI গ্ৰুপৰ স্বত্বাধিকাৰী ডঃ জেহিৰুল ইছলামৰ নেতৃত্বত হাটীগাঁও চাৰিআলিত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় MJI perfumes ৰ প্ৰথমখন বিপনি। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই উদ্বোধন কৰে বিপনিখন। বহু বছৰ ধৰি অসমত আগৰ গছক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিষ্ঠা কৰা আৰু বিশ্বৰ বজাৰ দখল কৰাৰ হেঁপাহ পুহি ৰাখিছিল MJI গ্ৰুপৰ স্বত্বাধিকাৰী ডঃ জেহিৰুল ইছলামে।
 
MJI Perfumes ৰ বিপনি মুকলি অনুষ্ঠান
 
MJI গ্ৰুপৰ স্বত্বাধিকাৰী জেহিৰুল ইছলামে কয়; "৭৫ বছৰৰ পিছত অসমৰ আগৰ কাঠৰ পাৰফিউম আজি অসমত মুকলি কৰিছোঁ। যিটো আমাৰ কাৰণে বহু ডাঙৰ কথা। আজি make in Assam বুলি লিখিব পাৰিছোঁ। অসমৰ নাম লিখি সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰাৰ প্ৰথম পদক্ষেপ আজি আমি লৈছোঁ। বিগত ৭৫ বছৰে অসমৰ আগৰে বিশ্বৰ বজাৰত দপদপাই আছিলে। কিন্তু অবৈধ বা অন্য ধৰণে ৰপ্তানি হোৱাৰ বাবে অসমৰ নাম স্বীকৃতি পোৱা নাছিল। আজি আমি 'মেক ইন আছাম' টেগ লগাই অসমৰ আগৰৰ নাম বিশ্বলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ।"
 
"আগৰৰ তেলৰ ইণ্ডাষ্ট্ৰীটো গোলাঘাটত আছে আৰু পাৰফিউম প্ৰস্তুত কৰাটো আমি গুৱাহাটীতে কৰোঁ। পৃথিৱীৰ আটাইতকৈ উন্নত আগৰ হৈছে গোলাঘাট, শিৱসাগৰ আৰু যোৰহাটৰ আগৰ। অসমৰ কেঁচামাল গৈ বিদেশত পাৰফিউম প্ৰস্তুত কৰি বিদেশৰ নামেৰে বিক্ৰী হৈছিল। কিন্তু আমাৰ MJI গ্ৰুপ অসমৰ প্ৰথম মেক ইন আছাম উদ্যোগ। আমি গোটেই পৃথিৱীৰ বজাৰ দখল কৰিম। বৰ্তমান আমি ১০ হাজাৰ বটল প্ৰস্তুত কৰি আছোঁ। কিন্তু মাহেকত ২০ লাখ বটল পাৰফিউম প্ৰস্তুত কৰাৰ লক্ষ্য লৈছোঁ", জেহিৰুল ইছলামে কয়।
 
MJI Perfumes ৰ বিপনি
 
ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই কয়; "চাহ আৰু তেলৰ পিছত অসমখন বিশ্বব্যাপী বহুমূলীয়া আগৰ কাঠৰ বাবে পৰিচিত হ'ব লাগে। আগৰ খেতিৰ বাবে অসমৰ জলবায়ু আৰু ভূ-প্ৰকৃতি সৰ্বোত্তম। বিশ্বৰ বজাৰত বিশেষকৈ মধ্যপ্ৰাচ্যত অসমৰ পৰা আগৰ কাঠৰ উন্নত মানৰ সুগন্ধিৰ বাবে অধিক চাহিদা আছে। ইয়াৰ উপৰিও সোৱাদ আৰু সুগন্ধিৰ এক বিশাল ঘৰুৱা বজাৰেও দুৱাৰত টোকৰ মাৰিছে।"
 
লগতে মুখ্য সচিবগৰাকীয়ে যুৱক-যুৱতীসকলক, বিশেষকৈ সম্ভাৱ্য ষ্টাৰ্ট-আপসকলক আগৰেৰে অৰ্থনৈতিক মাইলৰ খুঁটি অৰ্জন কৰাৰ ক্ষেত্ৰত এক সামূহিক প্ৰচেষ্টাৰ বাবে আহ্বান জনায় আৰু আশা প্ৰকাশ কৰে যে এটা সময় আহিব, য’ত অসমলৈ অহা পৰ্যটকসকলে অসমীয়া খিলঞ্জীয়া আগৰ ঘৰলৈ লৈ যাব পাৰিব। "পৰম্পৰাগত গামোচা, জাপি, জ'ৰাই, বা গঁড়ৰ মডেলৰ সৈতে তেল বা সুগন্ধিও কিনি লৈ যাব", এম জে আই গ্ৰুপৰ পাৰফিউম বিপনি মুকলি অনুষ্ঠানত ডঃ ৰবি কোটাই কয়।
 
উল্লেখযোগ্য যে, অসমৰ চাহৰ দৰে আগৰকো অসমৰ সম্পদ হিচাপে গঢ় দিয়াৰ মন জেহিৰুল ইছলামৰ। MJI perfumes ৰ প্ৰথমখন বিপনি মুকলি কৰি সপোন পূৰণ কৰিলে জেহিৰুল ইছলামে। থলুৱা ভাৱে প্ৰস্তুত কৰা অসমৰ আগৰ কাঠৰ সুগন্ধি স্থানীয় ৰাইজে  অতি কম দামত কিনিব পাৰিব। কেৱল ৩০০ ৰ পৰা ৩০০০ টকা মূল্যৰ ভিতৰত কিনিব পাৰিব আগৰ কাঠৰ সুগন্ধি।
 
ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই মুকলি কৰা মুহূৰ্তত
 
স্বত্বাধিকাৰী ডঃ জেহিৰুল ইছলামে কয় হে MJI perfumes ৰ পৰা লাভম্বিত হ'ব ৰাজ্যৰ আগৰ গছৰ কৃষকসকলো। পূৰ্বতে অসমৰ আগৰেৰে বাহিৰত সুগন্ধি প্ৰস্তুত কৰিছিল আৰু সেই ঠাইৰ টেগ লগাই দিয়া হৈছিল। কিন্তু এতিয়াৰে পৰা এম জে আই পাৰফিউমত  'মেক ইন আছাম' টেগ থকা পাৰফিউম উপলব্ধ হ'ব। এম জে আই উদ্যোগত প্ৰায় ৩০০ ত কৈয়ো অধিক পৰিয়াল প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত হৈ আছে।
 
MJI perfumes মুকলি অনুষ্ঠানটোত উপস্থিত আছিল মুখ্য সচিব ডঃ ৰবি কোটা, অসম চৰকাৰৰ আয়ুক্ত সচিব ডঃ লক্ষ্মণন, অভিনেতা প্ৰাঞ্জল শইকীয়া, যুটীয়া সচিব ছাজ্জাদ আলম আৰু বহু গণ্যমান্য লোক।
 
উল্লেখযোগ্য যে, ডঃ জেহিৰুল ইছলামে ২০০৮ চনত চৌদি আৰৱৰ পৰা অসমলৈ উভতি আহে আৰু অগৰু খেতিৰ ওপৰত গৱেষণা আৰু বিকাশৰ বাবে তেওঁৰ সময় বিনিয়োগ কৰে। তেওঁ অগৰু কাঠত ভেঁকুৰৰ দ্ৰুত সংক্ৰমণৰ সুবিধাজনক আৱিষ্কাৰক, অগৰু কাঠ ব্যৱস্থাপনা বিশেষজ্ঞ, সদৌ অসম আগৰউড প্লাণ্টাৰ এণ্ড ট্ৰেডাৰ্ছ এছ'চিয়েচন (আপট্টা) আদিৰ অধ্যক্ষ। অগৰু কাঠৰ ব্যৱসায় আইনীকৰণ কৰাৰ ক্ষেত্ৰত জেহিৰুল ইছলামৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ২০০৮ চনৰ পৰা অগৰু ব্যৱসায়ৰ লগত জড়িত হোৱা ব্যক্তিজনে আজিলৈকে পিছলৈ ঘূৰি চোৱা নাই। এই সময়ছোৱাত জেহিৰুল ইছলামে আই আই টি গুৱাহাটীৰ সৈতে সংক্ৰমিত নোহোৱা অগৰু গছৰ টিকাকৰণৰ বাবে সফলতাৰে ফলাফলমুখী অগৰু ভেঁকুৰ উদ্ভাৱন কৰিছে। অগৰু হৈছে ধূপ, আতৰ আৰু বিভিন্ন উদ্দেশ্যত ব্যৱহৃত এক সুগন্ধি ডাঠ আঠা থকা কাঠ। ২০১০ চনত জেহিৰুল ইছলামে এম জে আই আগৰউড গৱেষণা আৰু উন্নয়ন এল এল পি (এম জে আই গ্ৰুপ) প্ৰতিষ্ঠা কৰিছিল।