নিৰ্বাচন শেষ আৰু গুজৰাটৰ আমুলে প্ৰতি লিটাৰত গাখীৰৰ মূল্য ₹২ বৃদ্ধি কৰিলে

Story by  atv | Posted by   Imtiaz Ahmed • 3 Months ago
নিৰ্বাচন শেষ আৰু গুজৰাটৰ আমুলে প্ৰতি লিটাৰত গাখীৰৰ মূল্য ₹২ বৃদ্ধি কৰিলে
নিৰ্বাচন শেষ আৰু গুজৰাটৰ আমুলে প্ৰতি লিটাৰত গাখীৰৰ মূল্য ₹২ বৃদ্ধি কৰিলে
নতুন দিল্লী

শনিবাৰে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে আমুলে ইয়াৰ সকলো গাখীৰৰ ভিন্নতাতে মূল্য প্ৰতি লিটাৰত ₹২ বৃদ্ধি কৰিলে। সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব এই মূল্যবৃদ্ধি।

গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেশ্যনে আমুল গাখীৰৰ পৰিচাছনা আৰু উৎপাদনৰ সামগ্ৰিক ব্যয় বৃদ্ধিৰ বাবে মূল্য বৃদ্ধি হোৱা বুলি জানিবলৈ দিছে।

ইয়াৰ লগে লগে সমগ্ৰ দেশৰ সকলো বজাৰতে প্ৰতি লিটাৰ আমুল গাখীৰৰ পাউচৰ মূল্য ₹২ বাঢ়িব। ইয়াৰ আগতে জিচিএমএমএফে শেষবাৰ বাবে গাখীৰৰ মূল্য বৃদ্ধি কৰিছিল ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত।

‘আমুল’ ব্ৰেণ্ডৰ অধীনত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ বিপণন কৰা জিচিএমএমএফৰ এমডি জয়েন মেহতাই কয় যে কৃষকসকলক উৎপাদন ব্যয় বৃদ্ধিৰ ক্ষতিপূৰণ দিয়াৰ বাবে এই বৃদ্ধিৰ প্ৰয়োজন।

শেহতীয়া বৃদ্ধিৰ লগে লগে ৫০০ মিলিলিটাৰ আমুল ম’হৰ গাখীৰ, ৫০০ মিলিলিটাৰ আমুল গোল্ড গাখীৰ, আৰু ৫০০ মিলিলিটাৰ অমূল শক্তি গাখীৰৰ দৰে ভিন্নতাৰ সংশোধিত গাখীৰৰ মূল্য ক্ৰমে ₹৩৬, ₹৩৩, আৰু ₹৩০ হ'ব।

"প্ৰতি লিটাৰত ₹২ বৃদ্ধিৰ ফলত এম আৰ পি ৩-৪ শতাংশ বৃদ্ধিৰ পৰিসৰলৈ বৃদ্ধি হয়, যিটো গড় খাদ্যৰ মুদ্ৰাস্ফীতিতকৈ বহু কম। মন কৰিবলগীয়া যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমুলে সতেজ পাউচ গাখীৰৰ কোনো ধৰণৰ মূল্য বৃদ্ধি কৰা নাই।" - জিচিএমএমএফে এক বিবৃতিত এইদৰে কয়।

ইয়াত লগতে কোৱা হৈছে যে গাখীৰৰ পৰিচালনা আৰু উৎপাদনৰ সামগ্ৰিক ব্যয় বৃদ্ধিৰ বাবেই এই মূল্যবৃদ্ধি কাৰ্যকৰী কৰা হৈছে।

নীতি হিচাপে আমুলে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ বাবে গ্ৰাহকে দিয়া প্ৰতিটো টকাৰ প্ৰায় ৮০ পইচা গাখীৰ উৎপাদকক প্ৰদান কৰে বুলি জিচিএমএমএফে প্ৰকাশ কৰিছে। ইয়াত লগতে কোৱা হৈছে যে "মূল্য পুনৰীক্ষণে আমাৰ গাখীৰ উৎপাদকসকলৰ বাবে পাৰিতোষিক গাখীৰৰ মূল্য বজাই ৰখাত সহায় কৰিব আৰু তেওঁলোকক অধিক গাখীৰ উৎপাদনৰ বাবে উৎসাহিত কৰিব।"