মৰাপাটৰ পৰা দেৱী দূৰ্গাৰ কেশটাৰী প্ৰস্তুত কৰা এখন মুছলমান গাঁও

Story by  atv | Posted by  Munni Begum • 14 h ago
দূৰ্গতিনাশিনী মা দূৰ্গাৰ প্ৰতিমাত শেষ পৰশ কুমাৰতুলিৰ মুছলমান শিল্পীৰ
দূৰ্গতিনাশিনী মা দূৰ্গাৰ প্ৰতিমাত শেষ পৰশ কুমাৰতুলিৰ মুছলমান শিল্পীৰ
 
মনজিৎ কলিতা
 
দেৱীৰ কৃপাদৃষ্টিয়ে নাশ কৰে মনৰ মলিনতা৷ নৈবেদ্য আগবঢ়াই জ্বলোৱা বন্তিগছিয়ে দাহ কৰে সমাজৰ অসূয়া-অপ্ৰীতি৷ জ্বলা জুইত জাহ যোৱা ছগাৰ দৰেই নিৰ্মূল হয় সমাজৰ অসুৰ৷ দুৰ্গতিনাশিনী দেৱীৰ কথা এনেকৈয়ে ভাবে পশ্চিমবংগৰ শ্বেখ নায়েবুদ্দিনে৷
 
জন্মসূত্ৰে শ্বেখ নায়েবুদ্দিন ইছলাম ধৰ্মাৱলম্বী৷ তেওঁৰ আৰাধনাৰ পন্থাও একেশ্বৰবাদী৷ কিন্তু উপাসনাৰ শৈলী সনাতনী নহ’লেও সংস্কৃতি সলনি কৰা নাই শ্বেখ নায়েবুদ্দিনে৷ তেওঁৰ লগতে পশ্চিমবংগৰ কুমাৰতুলিৰ কেবাহাজাৰ লোকেও প্ৰতিনিয়ত দেশৰ প্ৰোজ্জ্বল সংহতিৰে প্ৰতিফলন ঘটাইছে৷ বংগৰ এটা ভিতৰুৱা এলেকাৰ বাসিন্দাসকল হৈ আহিছে বাৰ্ষিক দুৰ্গোৎসৱৰ অবিচ্ছেদ্য অংগ৷ তেওঁলোকৰ অবিহনে দুৰ্গতিনাশিনীৰ আৰাধনাৰ কথা সপোনতো ভাবিব নোৱাৰে বংগৰ দেৱীভক্তই৷
 
পশ্চিম বংগৰ কুমাৰতুলিত দেৱীৰ কৃত্ৰিম কেশ তৈয়াৰত ব্যস্ত এজন মৃৎশিল্পী
 
শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ অংশীদাৰ ঠাইখনৰ নাম হৈছে পাৰ্বতিপুৰ৷ হাওৰাৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ পাৰ্বতীপুৰৰ অধিকাংশ বাসিন্দাই মুছলমান৷ প্ৰজন্মৰ পিছত প্ৰজন্মধৰি থলুৱা বংগীয় মুছলমানেই পাৰ্বতীপুৰত বাস কৰি আহিছে৷ সংখ্যাগৰিষ্ঠ মুছলমানৰ মাজত আছে মাত্ৰ কেইঘৰমান হিন্দু৷ সেই এলেকাটোতে আছে কুমাৰতুলি নামৰ এখন বজাৰ৷ অঞ্চলটোৰ ৰাইঝে স্থানীয় বজাৰতে সামগ্ৰী বিক্ৰী কৰে৷ অন্যাৰ্থত পাৰ্বতীপুৰৰ অৰ্থনীতিত কুমাৰতুলি বজাৰৰ আছে অনন্য অৱদান৷
 
পাৰ্বতীপুৰৰ গৰিষ্ঠসংখ্যক লোকেই খেতিয়ক৷ পৰম্পৰাগতভাৱে তেওঁলোকে কৰি আহিছে মৰাপাটৰ খেতি৷ স্থানীয় সাৰুৱা ভূমিত লহপহকৈ বাঢ়ি অহা মৰাপাট চপায়েই তেওঁলোকে বিক্ৰী কৰে৷ ক’বলৈ গ’লে পাৰ্বতীপুৰৰ অৰ্থনীতি হৈছে মৰাপাট নিৰ্ভৰ৷ দেশৰ স্বাধীনতাৰ পূৰ্বেও পাৰ্বতীপুৰৰ মৰাপাটেই বিস্তীৰ্ণ এলেকাৰ চাহিদা পূৰণ কৰিছিল৷ কিন্তু বিভাজনৰ পিছত মৰহি গৈছিল বজাৰ৷ পিছে অধ্যৱসায় কৰি কুমাৰতুলিৰ মুছলমানে আকৌ জীয়াই তুলিলে মৰাপাটৰ বজাৰখন৷
 
কিন্তু শাৰদীয় উৎসৱত পাৰ্বতীপুৰৰ মুছলমান কেৱল মৰাপাটৰে খেতিয়ক হৈ নাথাকে৷ তেওঁলোকৰ সহায় অবিহনে অসম্ভৱ হৈ পৰিল বাঙালী ভক্তৰ দুৰ্গাস্তুতি৷ পাৰ্বতিপুৰৰ মুছলমানে নিৰ্মাণত সহায় নকৰিলে মৃৎ শিল্পীয়ে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰা হ’ল দেৱী মূৰ্তি৷ দুৰ্গতিনাশিনীৰ কেশৰ যোগান মুছলমানে নধৰিলে পুৰোহিতে প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ হৈ পৰিল অক্ষম৷
 
মা দূৰ্গাৰ কেশবিন্যাসত ব্যস্ত কুমাৰতুলিৰ শিল্পী
 
কেবাটাও প্ৰজন্মই কৰি অহা এই বিশেষ কামৰ বাবে এইবাৰো সাজু হৈছে পাৰ্বতিপুৰৰ মুছলমান৷ তেওঁলোকে খেতিৰ মৰাপাটৰ পৰা তৈয়াৰ কৰিছে দেৱীমূৰ্তিৰ বাবে প্ৰয়োজনীয় চুলি৷ দৰাচলতে বিশাল মণ্ডত সজ্জ্বিত মূৰ্তিত যি কেশ সংস্থাপন কৰা হয় সেয়া তৈয়াৰ কৰে পাৰ্বতিপুৰৰ মুছলমানে৷
 
পূৰ্বাপৰ নিয়ম অনুসৰি তেওঁলোকে উৎকৃষ্ট মানৰ পাতল মৰাপাট সুকীয়াকৈ বহুদিনৰ পৰা শুকুৱাই ৰাখে৷ সেই মৰাপাটৰ জুলীয়া ভাৱ দূৰ কৰি পেলোৱা হয়৷ তাৰ পিছত আকৌ জুইৰ উত্তাপেৰে শুষ্ক কৰি তোলা হয় বিশেষ মৰাপাটখিনি৷ শাৰদীয় বতৰ আৰম্ভ হোৱাৰ পিছতহে দেৱীৰ কেশটাৰী তৈয়াৰৰ আচল পৰ্ব আৰম্ভ হয়৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে প্ৰথমে এঙাৰ মিহলি ক’লা পানীত ডুবাই ৰাখে মৰাপাট৷ কেবাদিনো ডুবাই ৰখাৰ ফলত মৰাপাটখিনিৰ বৰণ চুলিৰ দৰেই কেচকেচিয়া হৈ পৰে৷ তাৰ পিছত কেবাদিনো শুকুৱাই দুৰ্গা প্ৰতিমাৰ বাবে চুলি প্ৰস্তুত কৰা হয়৷ পশ্চিমবংগত নিৰ্মিত ৮০ শতাংশ প্ৰতিমাৰ বাবে তেওঁলোকেই কেশ যোগান ধৰে৷
 
অৱশ্যে কেৱল ভাৰতৰ পূজামণ্ডপেই বংগীয় মুছলমানৰ জৰিয়তে সজ্জ্বিত হোৱা নাই৷ পূৰ্বৰে পৰা তেওঁলোকে দেশৰ বাহিৰলৈয়ো প্ৰেৰণ কৰি আহিছে মৰাপাটৰ পৰা নিৰ্মিত চুলি৷ আমেৰিকাত প্ৰৱাসী ভাৰতীয়ই আয়োজন কৰা পূজাত ব্যৱহৃত মূৰ্তিৰ বাবেও পাৰ্বতিপুৰৰ কুমাৰতুলি বজাৰৰ পৰাই কেশ তৈয়াৰ কৰা হৈছিল৷ একেদৰে ইংলেণ্ডত বছৰি আয়োজিত পূজাৰ প্ৰতিমাৰ চুলিও সেই স্থানৰ পৰাই যায়৷ বাংলাদেশত হিন্দুসকলে অনুষ্ঠিত কৰা পূজাতো প্ৰতিমাৰ কেশসজ্জ্বা কৰে কুমাৰতুলিৰ মুছলমানে৷
 
মৰাপাটত ৰং সানি মা দূৰ্গাৰ বাবে চুলি তৈয়াৰ কৰিছে এজন মুছলমান শিল্পীয়ে 
 
দেৱীৰ কেশবিন্যাস কৰা মুছলমানসকলে কেবাটাও প্ৰজন্মৰ পৰাই কৰি আহিছে একেটা কাম৷ বৰ্তমানৰ প্ৰজন্মই পূৰ্বাপৰ নিয়ম ধৰি ৰাখিয়েই এই বৃত্তিত আত্মনিয়োগ কৰিছে৷ স্থানীয় মৰাপাট ব্যৱসায়ীৰ মতে তেওঁলোকৰ সৰ্বাধিক উপাৰ্জনো হয় শাৰদ উৎসৱৰ সময়তে৷ দেৱীৰ কেশসজ্জ্বাৰ জৰিয়তে উপাৰ্জিত ধনেৰেই তেওঁলোকে পৰিয়াল পোহপাল দিয়ে৷
 
বিগত সময়ত ঘৰুৱাভাৱে প্ৰতিমাৰ কেশটাৰী প্ৰস্তুত কৰিছিল পাৰ্বতিপুৰৰ মুছলমানে৷ কিন্তু বজাৰৰ পৰিসৰ বৃদ্ধিৰ পিছত তেওঁলোকে বাণিজ্যিকভাৱে লাভ অ্জন কৰিব পৰাকৈ সমিতি গঠন কৰিলে৷ সেই অনুসৰি তেতিয়াৰে পৰা সমূহীয়াভাৱে দেৱী প্ৰতিমাৰ চুলি তেওঁলোকে প্ৰস্তুত কৰি আহিছে৷ আনহাতে দুৰ্গা পূজাৰ পিছতো তেওঁলোকৰ ব্যস্ততা অব্যাহত থাকে৷ লক্ষ্মী আৰু কালীপূজাৰ বাবেও অনুৰূপ উপকৰণ যোগান ধৰে কুমাৰতুলিৰ মুছলমানে৷ শাৰদ উৎসৱৰ সময়ত সকলো দেৱ-দেৱতাৰ মূৰ্তিৰ বাবেই পাৰ্বতিপুৰৰ পৰা যায় একোছা কৃত্ৰিম কেঁচা চুলি৷
 
পাৰ্বতিপুৰৰ এই পৰম্পৰাই প্ৰতিফলন ঘটাই দেশৰ সম্প্ৰীতিৰ অনন্য ৰূপ৷ অঞ্চলটোৰ জনতাই বি্শ্বাস কৰে- ধৰ্মীয় উপাসনাৰ পদ্ধতি সকলোৰে ভিন্ন, কিন্তু সাংস্কৃতিক উদযাপনৰ শৈলী সদায়েই অভিন্ন৷ সেয়ে তেওঁলোকেও দেৱীৰূপী সত্ত্বাক স্বীকাৰ কৰে৷ পাৰ্বতিপুৰৰ পৰম্পৰাই যথাৰ্থতে দাঙি ধৰে ভাৰতীয়ত্বৰ অভিনৱ সংজ্ঞা৷ ভিন্নতাৰ মাজত অভিন্ন সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা পাৰ্বতিপুৰৰ মৰাপাট ব্যৱসায়ী মুছলমান সম্প্ৰতি ব্যস্ত৷ তেওঁলোকে শুকুৱাবলৈ আৰম্ভ কৰিছে উৎকৃষ্ট মৰাপাট৷ কিছুদিন পিছত পূজা মণ্ডপৰ প্ৰতিমাক শুৱনি কৰিব তেওঁলোকে প্ৰস্তুত কৰা চুলিটাৰীয়ে৷ 
 
(লেখক এজন ব্ল’গাৰ)