আৰিফুল ইছলাম/গুৱাহাটী
কামৰূপ জিলাৰ আজ্ঞাঠুৰী পাহাৰ হিন্দু-মুছলমানৰ গভীৰ আস্থাৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে। হিন্দু-মুছলমান উভয়ে মনোকামনা পূৰণৰ উদ্দেশ্যে এই পাহাৰত থকা উপাসনাস্থলীলৈ যায়। আজ্ঞাঠুৰী পাহাৰৰ তলতে আছে এটা গণেশ মন্দিৰ আৰু ওপৰৰ টিলাত আছে এটা বিশেষ দৰগাহ। গুৱাহাটীৰ পৰা হাজো হৈ নলবাৰী গ'লে আপোনালোকে আজ্ঞাঠুৰী পাহাৰৰ তলতে থকা গণেশ মন্দিৰটো নিশ্চয় দেখে। কিন্তু পাহাৰৰ টিলাত থকা হজৰত শ্বেইখ খাজা কুতুবুদ্দিন অলি (ৰ:) দৰগাহ শ্বৰীফটো হয়তো আপোনালোকৰ চকুত নপৰে। এই প্ৰতিবেদনত আজি আমি শ্বেইখ খাজা কুতুবুদ্দিন অলি (ৰ:) ৰ দৰগাহৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম।
এই পবিত্র দৰগাহত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে অদৃশ্যজনৰ কৃপা বিচাৰি সেৱা কৰি আহিছে। উপাসনা পদ্ধতি পৃথক হলেও সকলোৰে স্থান একেটাই। ২০০৩ চনত এই দৰগাহ শ্বৰীফটো চিনাক্ত কৰি প্ৰতিষ্ঠা কৰা হৈছিল। আজ্ঞাঠুৰী পাহাৰত এগৰাকী অলি (পীৰ বা ঐশ্বৰিক শক্তি সম্বৃদ্ধ ব্যক্তি) ৰ কবৰস্থান (সমাধিস্থল) আছে বুলি এগৰাকী স্থানীয় লোকক সপোনত দেখুৱাইছিল। সপোন অনুসৰি স্থানীয় ৰাইজে তেওঁৰ কবৰটোৰ সন্ধান কৰিছিল। বহুদিন অনুসন্ধান কৰাৰ পিছত গাঁৱৰ ৰাইজে কবৰটোৰ প্ৰকৃত স্থান বিচাৰি পাইছিল। স্থান বিচাৰি পোৱাৰ পিছত দুগৰাকী পীৰ আহি দোৱা-প্ৰাৰ্থনা কৰি তেওঁৰ নামটো উলিয়াইছিল আৰু দৰগাহ শ্বৰীফটোৰ নামাকৰণ কৰা হৈছিল। তাৰপিছত গাঁৱৰ ৰাইজে মিলি ২০০৩ চনত সেই স্থানটোত দৰগাহটো স্থাপন কৰিছিল।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শনাৰ্থী এই শ্বেইখ খাজা কুতুবুদ্দিন অলিৰ দৰগাহলৈ মনোকামনা পূৰণৰ উদ্দেশ্যেৰে আহে। প্ৰতি বছৰে চ'ত মাহৰ ১ আৰু ২ তাৰিখে দৰগাহ কমিটিয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই উৰুছ আয়োজন কৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই বাৰ্ষিক উৰুছ উৎসৱত প্ৰায় ১ লাখ দৰ্শনাৰ্থীৰ সমাগম ঘটে। বৃহৎ পৰিমাণৰ দৰ্শনাৰ্থীৰ সমাগম নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা আৰক্ষী আৰু সেনাজোৱান মোটায়েন কৰা হয়।
দৰগাহৰ ভিতৰখণ্ড
শ্বেইখ খাজা কুতুটুবুদ্দিন অলি (ৰ:) দৰগাহ শ্বৰীফৰ সভাপতি মোস্তান আমজেদ আলীয়ে কয়; "এই দৰগাহ শ্বৰীফ প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এতিয়ালৈ আন্তঃগাঁথনিৰ যি কাম হৈছে, সকলোবোৰ ৰাইজৰ দান-বৰঙণিৰে কৰা হৈছে। আমাৰ এই দৰগাহত বৰ্তমানলৈ কোনো চৰকাৰী সা-সুবিধা পাবলৈ সক্ষম হোৱা নাই। আমি পানী আৰু বিজুলী যোগানৰ বাবে বাৰে বাৰে চৰকাৰী পক্ষক আবেদন জনাই আহিছোঁ। কিন্তু তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ সুবিধা পোৱা নাই।"
"দৰগাহটোত বাবাৰ (কুতুবুদ্দিন) কবৰৰ ওচৰতে এটা প্ৰকাণ্ড শিল আছিল আৰু বাবা তাত বহিছিল। যেতিয়া আমি দৰগাহটো প্ৰতিষ্ঠা হোৱাৰ পিছত ৰাতি-ৰাতি ৰখিব আহিছিলোঁ। তেতিয়া সেই শিলটোৰ ওপৰত এটা প্ৰকাণ্ড বাঘ আহি বহা দেখিছিলোঁ। আমাক বাঘটোৱে কোনো ধৰণৰ ক্ষতি কৰিব চেষ্টা কৰা নাছিল। বাঘটো প্ৰায় আহি আছিল, মানুহৰ সমাগম পালে জঁপিয়াই সেই স্থান ত্যাগ কৰিছিল। আমাৰ বিশ্বাস হয় যে, বাবাই বাঘৰ ৰূপ লৈ তেওঁৰ নিজৰ আসনত বহিবৰ বাবে আহি আছিল। এতিয়া আমি তেওঁৰ কবৰটো যেতিয়া কংক্ৰীতেৰে বনাইছিলোঁ। তেতিয়া আমি তেওঁৰ আখনখন অৰ্থাৎ শিলটোৰ উপৰি ভাগটো মুকলি কৰি ৰাখিলোঁ। সেই প্রকাণ্ড শিলটোত বহি বাবাই সাধনা কৰিছিল। এতিয়াও তেওঁৰ আত্মাই ইয়াত আহে বুলি আমি বিশ্বাস কৰোঁ।" দৰগাহৰ সভাপতি মোস্তান আমজেদ আলীয়ে আৱাজ দ্য ভইচক কয়।
সভাপতিগৰাকীয়ে পুনৰ কয়; "আমাৰ ইয়াত কোনো জাতি-ধৰ্মকলৈ কথা নাই। সকলো ধৰ্মৰে মানুহ আহি ইয়াত বাবাৰ আশীৰ্বাদ লয়। ইয়াত যাতে সকলো শ্ৰেণীৰ দৰ্শনাৰ্থী আহি ভাল পায়, সেইবিষয়ে আমি ভালকৈ ধ্যান ৰাখোঁ। এই দৰগাহৰ প্ৰভাৱ ইতিমধ্যে সমগ্ৰ অসমতে পৰিছে। বহু লোকে সপোনত দেখা পাই ইয়ালৈ আহে আৰু মনোকামনা পূৰণৰ বাবে বাবাৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে।"
আজ্ঞাঠুৰী পাহাৰৰ তলত থকা গণেশ মন্দিৰ
এই দৰগাহ শ্বৰীফত গৈ দোৱা কৰিলে সন্তানহীন দম্পত্তিৰ সন্তান হয় বুলিও বিশ্বাস কৰা হয়। "বাবাক সপোনত দেখি শ্বিলঙৰ এহাল দম্পত্তিয়ে আমাক যোগাযোগ কৰিছিল আৰু ইয়াৰ দৰগাহ শ্বৰীফটো আছে নে নাই আমাক সুধিছিল, আমি কৈছিলো যে, হয় ইয়াতেই আছে। তেতিয়া তেওঁলোকে শ্বিলঙৰ পৰা ইয়ালৈ আহিছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোকে বাবাৰ দৰবাৰত কান্দি-কান্দি দোৱা কৰিছিল আৰু পিছলৈ তেওঁলোকৰ সন্তান জন্ম হৈছিল। এনেকুৱা আৰু বহুত উদাহৰণ আছে।" সভাপতিগৰাকীয়ে হজৰত শ্বেইখ খাজা কুতুবুদ্দিন অলি দৰগাহ শ্বৰীফৰ অলৌকিকতাৰ বিষয়ে এইদৰে কয়।
লক্ষ্যণীয় যে, আজ্ঞাঠুৰী পাহাৰৰ সেউজীয়া পৰিৱেশ আৰু সৌন্দৰ্য্যৰ মাজত শ্বেইখ খাজা কুতুবুদ্দিন অলিৰ দৰগাহটো দেখিবলৈ বৰ মনোমোহা। পাহাৰৰ টিলাত অৱস্থিত দৰগাৰ বাকৰিৰ পৰা দৃশ্যমান হয় গুৱাহাটীৰ বুকুয়েদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ। এই প্ৰাকৃতিক পৰিবেশৰ সুন্দৰ দৃশ্যৰ বাবে দৰগাহলৈ অহা ভক্তসকলে এক সুকীয়া তৃপ্তি লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, একেখন পাহাৰতে অৱস্থিত গণেশ মন্দিৰ আৰু দৰগাহ শ্বৰীফে হিন্দু-মুছলমানৰ ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছে।