মা দুৰ্গাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ৰেড লাইট অঞ্চলৰ পৰা মাটি অনাৰ প্ৰাচীন পৰম্পৰা ক্ৰমাৎ পাহৰণিৰ গৰ্ভত

Story by  atv | Posted by  Munni Begum • 5 d ago
এছিয়াৰ আটাইতকৈ ডাঙৰ ৰেড লাইট অঞ্চল কলকাতাৰ সোণাগাচীত আয়োজিত এখন দুৰ্গা পূজা
এছিয়াৰ আটাইতকৈ ডাঙৰ ৰেড লাইট অঞ্চল কলকাতাৰ সোণাগাচীত আয়োজিত এখন দুৰ্গা পূজা
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
শ্বাহৰুখ খান অভিনীত দেৱদাস ছবিখনত ঐশ্বৰ্য ৰায়ে অভিনয় কৰা চৰিত্ৰটোৱে দুৰ্গা মূৰ্তিৰ ভাস্কৰ্য্য শিল্পৰ বাবে মাটি আনিবলৈ এটা ৰেড-লাইন এলেকালৈ গৈছিল। মা দুৰ্গাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ‘নিষিদ্ধ পাল্লী’ বা ৰেড লাইট অঞ্চলৰ পৰা মাটি অনাটো এটা প্ৰাচীন পৰম্পৰা আছে।
 
২০০২ চনৰ সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত ছবিখনৰ এই গুৰুত্বপূৰ্ণ দৃশ্যই বংগ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত প্ৰচলিত এক শতিকা পুৰণি পৰম্পৰাক উজ্জ্বল কৰি তুলিছিল। পৰম্পৰাগতভাৱে পশ্চিম বংগৰ মূৰ্তি নিৰ্মাণৰ কেন্দ্ৰবিন্দু কলকাতাৰ কুমাৰতুলিত দুৰ্গা মূৰ্তিৰ ভাস্কৰ্য্য শিল্পৰ বাবে এগৰাকী যৌনকৰ্মীৰ ঘৰৰ দুৱাৰমুখৰ পৰা ‘পূণ্য মাটি’ (পবিত্ৰ মাটি) সংগ্ৰহ কৰাটো অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়।
 
কলকাতাৰ এখন পূজা মণ্ডপত দূৰ্গা মাৰ বৃহত্‍ মূৰ্তি
 
কিন্তু এই মাটি সংগ্ৰহ কৰিবলৈ কাৰিকৰসকলে ৰেড-লাইট অঞ্চললৈ যোৱাৰ পৰম্পৰা ক্ৰমান্বয়ে নোহোৱা হৈ পৰিছে। এতিয়া বেছিভাগেই জমিদাৰৰ বংশধৰসকলে আয়োজন কৰা পাৰিবাৰিক পূজা পালন কৰি আহিছে। এছিয়াৰ সৰ্ববৃহৎ ৰেড লাইট অঞ্চল সোণাগাচীৰ যৌনকৰ্মীসকলে এইবাৰ দুৰ্গা মূৰ্তিৰ বাবে মাটি নিদিয়াৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশিত এক খবৰৰ পিছত এইবাৰ এই প্ৰাচীন পৰম্পৰাৰ কথা পুনৰ চৰ্চালৈ আহিছে। এই কথা জানিব পৰা গৈছে যে কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত যৌনকৰ্মীসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
পশ্চিম বংগৰ ৪০ হাজাৰ যৌনকৰ্মীক প্ৰতিনিধিত্ব কৰা দৰবাৰ মহিলা সমন্বয় কমিটিৰ সম্পাদিকা বিশাখা লস্কৰে এই খবৰ নাকচ কৰি কয় যে তেওঁলোকে দুৰ্গা মূৰ্তিৰ বাবে মাটি যোগান ধৰা বন্ধ কৰাৰ পাঁচ বছৰ হ’ল। চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰাৰ সৈতেহে এই সিদ্ধান্ত জড়িত হৈ আছে। বিশাখা লস্কৰে স্বীকাৰ কৰে যে যৌনকৰ্মীৰ পৰা মাটি বিচৰাৰ পৰম্পৰা এসময়ত খুৱ জনপ্ৰিয় আছিল যদিও এতিয়া এয়া প্ৰায় নোহোৱা হৈ গৈছে আৰু অতি সোনকালেই এই পৰম্পৰা অতীতৰ গৰ্ভত সোমাই যাব। 
 
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লস্কৰে কয়, "পূৰ্বতে কুমাৰতুলিৰ পৰা শিল্পী আৰু মূৰ্তি নিৰ্মাতাসকলে মাটিৰ বাবে সোণাগাচীলৈ আহিছিল। এতিয়া, ইয়াত তেওঁলোকক সাধাৰণতে দেখা পোৱা নাযায়। আজিকালি পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানে এনে মাটি বিক্ৰী কৰা বুলি কোৱা হয়।" দৰবাৰ মহিলা সমন্বয় কমিটিৰ সম্পাদিকা বিশাখা লস্কৰে অৱশ্যে কয় যে দোকানত বিক্ৰী হোৱা ৰেড-লাইন অঞ্চলৰ মাটিৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সোণাগাচী ভ্ৰমণৰ সামাজিক কলংকৰ পৰা হাত সাৰিবলৈ আজিকালি মানুহে ইয়াক দোকানৰ পৰা কিনিবলৈ পছন্দ কৰে। 
দুৰ্গা মূৰ্তি নিৰ্মাণ কৰাৰ সময়ত কেইজনমান মৃত্‍ শিল্পী, কলকাতাৰ কুমাৰতুলিত
 
এতিয়া আনকি সোণাগাচীৰ সমীপৰ স্থানীয় পাণৰ দোকানসমূহেও এইধৰণৰ মাটি বিক্ৰী কৰে বুলি সংবাদ মাধ্যমক জনাইছে কুমাৰতুলিৰ মূৰ্তি ৰপ্তানীকাৰী ৰাজু পলে। তেওঁ মা দূৰ্গাৰ মূৰ্তি ডুবাই আৰু বিদেশৰ অন্য স্থানলৈও ৰপ্তানি কৰে। "দোকানত এই মাটিৰ মূল্য প্ৰতিটো পেকেটত ৩০ টকাৰ পৰা ১০০ টকালৈকে হোৱা দেখা যায়।"-তেওঁ কয়। সোণাগাচীৰ দৰবাৰ মহিলা সমন্বয় কমিটিৰ সম্পাদিকা বিশাখা লস্কৰে কয়, "পৰম্পৰাগতভাৱে মূৰ্তি নিৰ্মাতাসকলে ভদ্ৰভাৱে ভিক্ষা খুজি যৌনকৰ্মীৰ হাতৰ পৰা মাটি গ্ৰহণ কৰে। কিন্তু এতিয়া সমগ্ৰ পৰম্পৰাটোৱে নিজৰ অৰ্থ হেৰুৱাই পেলাইছে।"
 
কিন্তু যৌনকৰ্মীৰ দুৱাৰমুখৰ মাটিক কিয় ‘পুণ্য মাটি’ (বিশুদ্ধ মাটি) বুলি গণ্য কৰা হয়? বুৰঞ্জী গৱেষক পণ্ডিত কৌশিক নন্দীয়ে কৈছে যে মানুহে যেতিয়া বেশ্যাৰ ঘৰত ভৰি দিয়ে, তেতিয়া তেওঁ নিজৰ গুণ আৰু বিশুদ্ধতাক বাহিৰত এৰি দিয়ে আৰু দুৱাৰমুখৰ মাটিক নিৰ্মল তথা পবিত্ৰ কৰি তোলে। দুৰ্গাৰ মূৰ্তি তৈয়াৰ কৰিবলৈ যৌনকৰ্মীৰ দুৱাৰমুখৰ মাটি নিয়াৰ পৰম্পৰা যদিও শতিকা পুৰণি বুলি কোৱা হয়, কিন্তু কেতিয়া আৰু কেনেকৈ ইয়াৰ আৰম্ভ হৈছিল, তাক লৈ বহুতো পৌৰাণিক কাহিনী আছে। 'অকালবোধন' (Akalbodhan)ৰ সময়ত ভগৱান ৰামে এই প্ৰথা আৰম্ভ কৰিছিল বুলি কেইবাটাও তত্ত্ব আছে। 
 
উল্লেখ্য যে, প্ৰাচীন নিয়ম অনুসৰি দুৰ্গা পূজা বসন্ত কালত পালন কৰা হয়। ইয়াক বসন্তী পূজা বুলি কোৱা হয়। শৰৎকালত এই উৎসৱ পালন কৰাৰ প্ৰথা ৰাৱণৰ সৈতে যুদ্ধৰ পূৰ্বে দেৱী দুৰ্গাৰ আশীৰ্বাদ বিচাৰি ভগৱান ৰামে আৰম্ভ কৰিছিল। কিংবদন্তি অনুসৰি ভগৱান ৰামে বেশ্যা অম্বালিকাৰ ঘৰৰ মাটিখিনি নিজৰ দুৰ্গা মূৰ্তিৰ বাবে ব্যৱহাৰ কৰিছিল। "সেয়েহে ৰেড লাইট এলেকাৰ পৰা মাটি নিয়াটো মূৰ্তি নিৰ্মাণৰ বাবে অপৰিহাৰ্য। হিন্দু শাস্ত্ৰতো ইয়াৰ উল্লেখ আছে। কোৱা হয় যে অকালবোধৰ সময়ত এগৰাকী বেশ্যাৰ ঘৰৰ মাটি ব্যৱহাৰ কৰি অসুৰ মহিষাসুৰৰ মূৰ্তি নিৰ্মাণ কৰিব লাগে।"-ৰায়গঞ্জ বিশ্ববিদ্যালয়ৰ কৌশিক নন্দীয়ে এইদৰে কয়।
 
১৮৩১ চনৰ পৰাই কলকাতাৰ গিৰীশ ভৱন পূজাত ৰেড লাইট অঞ্চলৰ পূণ্য মাটি ব্যৱহাৰৰ পৰম্পৰা অব্যাহত আছে
 
নন্দীয়ে কয় যে পুৰাণ অনুসৰি যেতিয়া বিশ্বমিত্ৰ ঋষিয়ে আধ্যাত্মিক শক্তিৰ বাবে কঠোৰ তপস্যা কৰিছিল তেতিয়া দেৱৰজা ইন্দ্ৰই তেওঁৰ ধ্যানত ব্যাঘাত জন্মাবলৈ সংকল্প লৈছিল। তেওঁ ধ্যানত মগ্ন ঋষিজনক অন্যমনস্ক কৰিবলৈ অপ্সৰা (আকাশী অপেশ্বৰী) মেনকাক পঠিয়াইছিল। মেনকাই বিশ্বমিত্ৰক তেওঁৰ প্ৰতি যৌন আকৰ্ষণ কৰাত সফল হৈছিল, যাৰ ফলত তেওঁৰ ধ্যানত ব্যাঘাত জন্মিছিল। কিন্তু যেতিয়া বিশ্বমিত্ৰই মেনকাৰ প্ৰকৃত উদ্দেশ্যৰ কথা গম পালে, তেতিয়া তেওঁ মেনকাক অভিশাপ দিয়ে।
 
সেই অভিশাপ যৌনকৰ্মীসকলৰ পূজা আৰু তেওঁলোকৰ দুৱাৰদলিৰ পৰা মাটি সংগ্ৰহৰ পৰম্পৰাৰ সৈতে জড়িত হৈ আছে। "মহামায়া (দুৰ্গা)ক নটা ৰূপত পূজা কৰা হয়। এই নৱম ৰূপটো হৈছে অভিশপ্ত মেনকা, যিয়ে যৌনকৰ্মীক প্ৰতিনিধিত্ব কৰে আৰু অষ্টকন্যাৰ পিছত একেবাৰে শেষত নৱম ৰূপৰ পূজা কৰা হয়। এইদৰে, গোটেই বছৰজুৰি সমাজত অৱনমিত হৈ থকাসকলক পূজা কৰা হয়।"-ৰায়গঞ্জ বিশ্ববিদ্যালয়ৰ কৌশিক নন্দীয়ে কয়। তেওঁ জানিবলৈ দিয়া অনুসৰি, এতিয়াও সোণাগাচীৰ পৰা মাটি সংগ্ৰহ কৰিবলৈ বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা কিছুমান শিল্পীয়ে ৰেড-লাইট অঞ্চলটোলৈ যাত্ৰা কৰে। 
 
পূৰ্ণিয়াৰ ভট্ট দুৰ্গা বাৰী পূজা সমিতিৰ সম্পাদক প্ৰদীপ্ত ভট্টাচাৰ্যই কয় যে প্ৰতি বছৰে এই শিল্পীসকলে পূৰ্ণিয়ালৈ অহাৰ আগত যৌনকৰ্মীৰ ঘৰৰ পৰা প্ৰথাগত মাটি লৈ আহে। পশ্চিম বংগৰ সামূহিক পূজাত এই পৰম্পৰা এতিয়া মানি চলা নহ’লেও সমগ্ৰ উত্তৰ কলকাতাৰ পূৰ্বৰ মুষ্টিমেয় ৰাজবাৰী আৰু জমিদাৰ পৰিয়ালেহে যুগ যুগ ধৰি চলি অহা এই প্ৰথাক ধৰি ৰাখিছে। ১৮৩১ চনৰ পৰা দুৰ্গা পূজা কৰি অহা বসু মল্লিক পৰিয়ালৰ সদস্য গৌতম বসু মালিকে স্বীকাৰ কৰে যে সময়ৰ লগে লগে কিছুমান পৰম্পৰা পৰিত্যাগ কৰা হৈছে। "কলকাতাত প্ৰায় এশখন পাৰিবাৰিক পূজা চলি আছে আৰু প্ৰায়বোৰ মূৰ্তি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এটা শিল্পীৰ পৰিয়ালে নিৰ্মাণ কৰে। শিল্পীগৰাকীয়ে বেশ্যাৰ ঘৰলৈ যোৱাৰ পৰম্পৰা এতিয়া পালন কৰা নাই। মৃৎশিল্পীৰ এটা দল আছে, যিয়ে সাধাৰণতে ৰাজবাৰীক মাটি বিতৰণ কৰে।"-মল্লিকে কয়।
 
বৰ্তমান ১৯৩ বছৰত ভৰি দিয়া কলকাতাৰ গিৰিশ ভৱন পূজা
 
সকলো পাৰিবাৰিক পূজাই ‘এক চালা’ (ek chala) পৰম্পৰা অনুসৰণ কৰে য’ত দেৱী দুৰ্গা আৰু তেওঁৰ পৰিয়াল সকলোকে এটা ফ্ৰেমত জটিলভাৱে চিত্ৰিত কৰা হয়, যাক ‘চল চিত্ৰ’ (chal chitra) বুলি কোৱা হয়। কুমাৰতুলিৰ মূৰ্তি ৰপ্তানিকাৰী ৰাজু পলে কয় যে এই প্ৰথা এতিয়া অচল হৈ পৰিছে আৰু বৰ্তমানৰ প্ৰজন্মৰ কোনো শিল্পীয়ে ৰেড লাইটযুক্ত অঞ্চললৈ গৈ ‘পূণ্য মাটি’ সংগ্ৰহ নকৰে। যোৱা ৩০ বছৰে পূজা সমিতিৰ পৰা এনে কোনো অনুৰোধ তেওঁ লাভ কৰা নাই।
 
কিন্তু, ১০০ বছৰতকৈও অধিক সময় ধৰি অনুষ্ঠিত হৈ অহা কিছুমান বোনেডি (জমিদাৰ) পৰিয়ালৰ পূজাত মূৰ্তিটো ভাস্কৰ্য্য নিৰ্মাণৰ আৰম্ভণিতে প্ৰথমটো মাটিৰ গোটত ৰঙা পোহৰৰ অঞ্চলৰ পৰা অনা মাটি মিহলাই লয়।’-পলে কয়। পাৰিবাৰিক পূজাত আজিও এই পৰম্পৰা মানি চলাৰ কাৰণ ব্যাখ্যা কৰি প্ৰখ্যাত গিৰীশ মুখাৰ্জী পৰিয়ালৰ এজন সদস্যই উল্লেখ কৰে যে ‘বাড়োৱাৰী’ (সম্প্ৰদায়) পূজাত মা দূৰ্গাৰ প্ৰতিনিধি হিচাপে ‘ঘট’ (পাত্ৰ)ক পূজা কৰা হয়, মূৰ্তিক নহয়।
 
বৰ্তমান ১৯৩ বছৰত ভৰি দিয়া গিৰীশ ভৱন পূজা কলকাতাত আৰম্ভ কৰিছিল পণ্ডিত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ঘনিষ্ঠ অধিবক্তা গিৰীশ মুখাৰ্জীয়ে। "দুৰ্গা মূৰ্তিৰ বাবে ব্যৱহাৰ কৰা প্ৰথম মাটিখিনি বেশ্যাৰ ঘৰৰ পৰা অনা মাটিৰ লগত মিহলি কৰা হয়। ইয়াত গংগাৰ পাৰৰ বোকা, গৰুৰ গোবৰ আৰু গোমূত্ৰও মিহলি কৰা হয়। এই পৰম্পৰা আমি ১৮৩১ চনৰ পৰাই পালন কৰি আহিছো।"-এইদৰে কয় গিৰিশ মুখাৰ্জীৰ অন্যতম বংশধৰ কৃষ্ণ দ্বৈপায়ণ মুখাৰ্জীয়ে।
 
শাৰদীয় দূৰ্গোৎসৱৰ সময়ছোৱাত মূৰ্তি প্ৰস্তুত কৰা মৃৎশিল্পীসকলে বছৰত এবাৰ ৰেড-লাইট এলেকালৈ গৈ যৌনকৰ্মীসকলক মাটিৰ বাবে ভিক্ষা কৰাৰ পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আছিল যদিও নতুন প্ৰজন্মৰ মৃৎশিল্পীসকলৰ অজ্ঞানতা আৰু যৌনকৰ্মীসকলে মাটি যোগান ধৰিবলৈ অস্বীকাৰ কৰাৰ লগে লগে এই প্ৰথা কেৱল 'দেৱদাস'ৰ দৰে বলীউদৰ ছবিতহে জীয়াই থাকিব।