ঐতিহাসিক ক্ষণঃ অসমৰ চৰাইদেউ মৈদামে লাভ কৰিলে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি

Story by  atv | Posted by  [email protected] • 1 Months ago
অসমৰ চৰাইদেউ মৈদাম
অসমৰ চৰাইদেউ মৈদাম
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

আজিৰ দিনটো অসমৰ ইতিহাসত এক ঐতিহাসিক দিন হিচাপে লিপিবদ্ধ হৈ ৰ'ব। কিয়নো, অসমৰ চৰাইদেউ মৈদামে আজি আনুষ্ঠানিকভাৱে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি। বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ইউনেস্ক’ই অসমৰ চহকী ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰিলে।
 
ইয়াৰ লগে লগে, ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদাম পৰিগণিত হোৱাৰ লগতে ৬০০ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ মৈদামে এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। অসমৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ প্ৰাপ্তি হিচাপে চিহ্নিত হৈছে। ইয়াৰ পূৰ্বে অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানে এই বিৰল স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। চৰাইদেউ মৈদাম হৈছে অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ছ'চিয়েল মিডিয়াযোগে অসমবাসীক জানিবলৈ দিছিল যে চৰাইদেউ মৈদামলৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি অসমৰ জনসাধাৰণৰ বাবে এক মাইলৰ খুটি হ’ব। আমি আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিছো। এই স্মৰণীয় মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ আমি একত্ৰিত হওঁ আহক, একেলগে উদযাপন কৰো আহক আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱ।
শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত ৱৰ্ল্ড হেৰিটেজ কমিটীৰ বৈঠকত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। ইউনেস্ক’ৰ বিষয়ববীয়াসকলে অসমৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ খবৰে প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰিছে।
 
ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত অসম চহকী সাংস্কৃতিক ঐতিহ্য, মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু জীপাল পৰম্পৰাৰ বাবে পৰিচিত। এই বৈচিত্ৰ্যৰ মাজতে এটা উল্লেখযোগ্য আৰু ঐতিহাসিক সম্পদ হৈছে আহোম বংশৰ ৰাজকীয় সমাধিস্থল আহোম মৈদাম। এই প্ৰাচীন আন্তঃগাথনিসমূহে অসমৰ চহকী ইতিহাসক সামৰি লৈছে। 
উল্লেখ্য যে, ২১-৩১ জুলাইলৈ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চৰাইদেউ মৈদামক ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ভাৰতৰ পৰা মনোনয়ন কৰিছিল। 
 
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত বৰ্তমান ১,১৯৯টা অঞ্চল (তাৰে ৯৩৩ টা সাংস্কৃতিক, ২২৭টা প্ৰাকৃতিক আৰু ৩৯টা মিশ্ৰিত) অন্তৰ্ভুক্ত হৈ আছে। ইউনেস্কোৰ সংজ্ঞা অনুসৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গণ্য কৰিবলৈ হ'লে সেই স্থানটো নিৰ্ধাৰিত কৰি দিয়া ১০ টা বৈশিষ্ট্যৰ যিকোনো এটাত হ'লেও অন্তৰ্ভুক্ত হ'ব লাগিব।
 
সেই অনুসৰিয়েই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম। সমগ্ৰ দেশৰ ৫২ টা সাম্ভাব্য স্থানৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ চৰাইদেউ মৈদাম বাছনি কৰাতো অসমৰ বাবে এক গৌৰৱৰ কথা। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পিছত অসমৰ পৰ্যটন ক্ষেত্ৰখনে ব্যাপক উদগণি লাভ কৰিব। ইয়াৰ ফলত অসমলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধ পোৱাৰ সম্ভাৱনা আছে।