প্ৰয়াগৰাজ
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ'বলগীয়া মহা কুম্ভমেলাত চাবি ৱালে বাবা নামেৰে পৰিচিত হৰিশচন্দ্ৰ বিশ্বকৰ্মা কবিৰাই নিজৰ লগত এডাল ২০ কেজি ওজনৰ চাবি কঢ়িয়াই লৈ ফুৰি চৰ্চা লাভ কৰিছে। এই চাবিডালক তেওঁ ‘ৰাম নাম কি চাবি’ আখ্যা দিছে। উত্তৰ প্ৰদেশৰ ৰাই বৰেলীৰ পৰা অহা হৰিশচন্দ্ৰ বিশ্বকৰ্মা মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ প্ৰয়াগৰাজলৈ আহিছে।
"সমাজত বিয়পি পৰা বেয়া আৰু ঘৃণাৰ বিৰুদ্ধে যুঁজিবলৈ ১৬ বছৰ বয়সতে ঘৰৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছিলো। বহুত পদযাত্ৰা কৰিছো আৰু জীৱনত বহুত অসুবিধাৰ সন্মুখীন হ'লোঁ যদিও আগবাঢ়ি গৈ আছো। ভগৱান ৰামৰ আশীৰ্বাদত মই ইয়াত প্ৰয়াগৰাজত উপস্থিত হৈছো। এইটোৱেই হৈছে 'ৰাম নাম কি চাবি'। ৰাম হৈছে মুক্তি দাতা। মই ইয়ালৈ এই চাবিটো লৈ আহিছো।"-হৰিশচন্দ্ৰ বিশ্বকৰ্মা বাবাই কয়। তেওঁ প্ৰকাশ কৰে যে তেওঁৰ হাতত থকা এই চাবিৰ জৰিয়তে তেওঁ মানুহৰ আত্ম-অহংকাৰ নাশ কৰি আধ্যাত্মিকতাৰ পথ দেখুৱায়।
"যেতিয়া মই তাত অযোধ্যাত আছিলো তেতিয়া মই লতা মংগেশকাৰ চ'কত চাবিটো বনাইছিলো। চাবিটোৱেই সকলো সমস্যাৰ সমাধান। এই চাবিৰ জৰিয়তে আপোনাৰ জীৱন সলনি হ'ব।"-তেওঁ কয়। ইয়াৰ পূৰ্বে ৩২ বছৰ স্নান নকৰা গংগাপুৰী মহাৰাজ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভ মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। গংগাপুৰী মহাৰাজক চোটু বাবা বুলিও জনা যায়। তেওঁ অসমৰ কামাখ্যা শক্তিপীঠৰ পৰা আহিছে।
মহাকুম্ভৰ সময়ত গংগা, যমুনা, পৌৰাণিক সৰস্বতী নদীৰ সংগমস্থলীত স্নান কৰিবলৈ প্ৰয়াগৰাজত কোটি কোটি ভক্তৰ সমাগম ঘটিব। ইফালে, নিৰঞ্জনী আখৰাৰ বিভিন্ন দ্ৰষ্টা আৰু ঋষিয়ে হাতী আৰু ঘোঁৰাত উঠি প্ৰয়াগৰাজৰ বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ আজি সংগম ঘাটত উপস্থিত হয়। ঘাটৰ পাৰত ঋষিসকলক মালাৰে আদৰণি জনায় প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই।
উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে সংগম ঘাট পৰিদৰ্শন কৰি সকলো প্ৰস্তুতিৰ বুজ লয় আৰু কৰা বিভিন্ন নিৰাপত্তা ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে। "সন্নাসীসকলে একেটা পথতে স্নান কৰি শিবিৰলৈ উভতি যাব পাৰিব। ইয়াত সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰা হৈছে। ইয়াত সকলো ব্যৱস্থা আৰু সা-সুবিধা আছে। সকলো অঞ্চল চিচিটিভিৰ নিৰীক্ষণত আছে আৰু ইয়াৰ বাহিৰেও আমাৰ পদাতিক জোৱানসকল গ্ৰাউণ্ডত উপস্থিত থাকিব যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়।"-ডিজিপিয়ে কয়।
উল্লেখ্য যে, ১২ বছৰৰ পাছত প্ৰয়াগৰাজত মহাকুম্ভ মেলা আয়োজন কৰা হৈছে। ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া বিশ্বৰ সবাতোকৈ ডাঙৰ ধৰ্মীয় সমাৱেশ মহাকুম্ভ মেলাত কোটি কোটি ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে।