গুৱাহাটী
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্বদৰবাৰত জনপ্ৰিয়কৰণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ'ব 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠান। আজি সৰুসজাই ক্রীড়া প্রকল্পত উপস্থিত হৈ মুখ্যমন্ত্রী শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে শিল্পীসকলে পৰিৱেশন কৰা ঝুমইৰ নৃত্যৰ আখৰাও প্রত্যক্ষ কৰে।
পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি প্ৰায় ৮,৮০০ পুৰুষ-মহিলাই ঢোল, মাদল, ধমছা আৰু বাঁহী বজাই পৰিৱেশন কৰা সংগীত-নৃত্যৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হোৱা আখৰাই আজি সমগ্ৰ পৰিৱেশ মুখৰিত কৰি তোলে। অনুষ্ঠান প্রত্যক্ষ কৰি মুখ্যমন্ত্রী শর্মাই অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত প্রদর্শন সম্পর্কে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ প্রদান কৰাৰ লগতে মাষ্টাৰ ট্রেইনাৰ্ছকে ধৰি অনুষ্ঠান পৰিৱেশন কৰা পুৰুষ-মহিলা নির্বিশেষে সকলো শিল্পীলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
নৃত্য শিল্পীসকলক তেওঁলোকৰ অনুষ্ঠান পৰিৱেশনত সহায় কৰা বিশেষজ্ঞ দলৰ প্ৰতিজন সদস্যক ৩০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তদুপৰি সাংস্কৃতিক সংঘ স্থাপনৰ বাবে প্ৰতিখন চাহ বাগিচালৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব বুলিও তেওঁ সদৰী কৰে।
মুখ্যমন্ত্রীয়ে লগতে কয় যে, এই ধন ৰাশিয়ে সংঘসমূহক চাহ বাগিচা এলেকাৰ চহকী সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত সহায় কৰিব। ঝুমইৰৰ জৰিয়তে অসমে ৰাজ্যৰ চাহ জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতিক উদ্যাপন কৰিব। অহা ২৩ ফেব্ৰুৱাৰীত পৰিৱেশন হ'ববলগীয়া চূড়ান্ত আখৰা উপভোগ কৰাৰ বাবে আগ্রহী লোকসকলে সৰুসজাই ক্রীড়া প্রকল্পলৈ আহি সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠান উপভোগ কৰিব পাৰিব। তেওঁ ঝুমইৰ বিনন্দিনী অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰা প্ৰতিগৰাকী শিল্পী, কলা-কুশলীক ধন্যবাদ জ্ঞাপন কৰে।