দামাছী আৰু পুষণা: সুকীয়া পৰম্পৰাৰে গোৱালপাৰাৰ মাঘ বিহু

Story by  atv | Posted by  Munni Begum • 4 h ago
সুকীয়া পৰম্পৰাৰে উদযাপিত গোৱালপাৰাৰ মাঘ বিহু
সুকীয়া পৰম্পৰাৰে উদযাপিত গোৱালপাৰাৰ মাঘ বিহু
 
  নীলিম আকাশ কাশ্যপ
 
'মাঘ যে আমাৰ ভোগালী মাহ...।' শ্যামলিমা সপোন সোণবৰণীয়া দিঠক হৈ আমাৰ ভঁৰাল পোৱাৰ উপৰি শস্য-মৎস্যৰে ঘৰ-বাৰী ভৰি থাকে বাবেই মাঘ ভোগৰ মাহ। ভোগৰ মাহত উদযাপিত বিহু বাবেই মাঘ বিহু আমাৰ কাৰণে ভোগালী বিহু। বিহু অসমীয়াৰ সাহ। বিহু অসমীয়াৰ ৰাজহাড়। বিহু অসমীয়াৰ বাপতি সাহোন। সংস্কৃত ভাষাৰ 'বিষুবণ' অথবা চুতীয়া ভাষাৰ 'বিচু' কিম্বা টাই ভাষাৰ 'পয়হু' নতুবা অন্য যি শব্দৰ পৰাই নাহক কিয় 'বিহু' শব্দটো বিহু অসমীয়াৰ প্ৰাণ।
 
উদ্দেশ্য বৈসাদৃশ্যহীন যদিও অসমৰ জাতীয় উৎসৱ তিনি বিহু পালনৰ ক্ষেত্ৰত ৰাজ্যখনৰ ঠাইভেদে তথা জাতি- জনগোষ্ঠীভেদে কিছু কিছু পাৰ্থক্য পৰিলক্ষিত নোহোৱা নহয়। এয়া অস্বাভাৱিকো নহয় বুলিবই পাৰি। কিয়নো বিহু যিদৰে অসমীয়াৰ বুকুৰ আপোন, একেদৰে বিহু পালনৰ ক্ষেত্ৰত জাতি-জনজাতি আৰু ঠাইভেদে পৰিলক্ষিত উদযাপনাংগিকৰ সামান্য পার্থক্যতে বিৰাজমান সেই বিশেষ অঞ্চল নতুবা জাতি-জনজাতিৰ আপোন পৰম্পৰা তথা বৈশিষ্ট্য।
 
গোৱালপৰীয়া নৃত্য
 
অসমত বাস কৰি অহা বিভিন্ন জনগোষ্ঠীৰ লোকৰ মাজত ভোগালী বিহু পালনৰ ক্ষেত্ৰতো কিছু নিজস্ব বৈশিষ্ট্য বিৰাজমান হোৱা পৰিলক্ষিত হয়। একেদৰে ঠাইভেদে দৃশ্যমান ভিন্নতা প্রসংগ উত্থাপন হ'লে মনলৈ আহে বৰপেটা, গোৱালপাৰা আদি প্ৰসংগ। বৰপেটাত 'মাঘ'ৰ দম্‌হী' হিচাপে উদযাপিত ভোগালী বিহু উদযাপনৰ স্বকীয়তা যিদৰে এককপ্রায় বুলিব পাৰি, সেইদৰে গোৱালপাৰা অঞ্চলত মাঘ বিহু পালনৰ ক্ষেত্ৰত দৃশ্যমান পৰম্পৰাকো সুকীয়া পৰম্পৰা বুলিব হয়তোবা নোৱৰা নহয়। এই লেখাত গোৱালপাৰাত মাঘ বিহু পালনৰ স্বকীয় বৈশিষ্ট্য সম্পৰ্কত হাতী মাৰি ভুৰুকাত ভৰাই অলপ আলচৰ বিনম্র প্রয়াস কৰা হ'ল।
 
গোৱালপাৰা অঞ্চলত তিনি বিহু অন্য ভিন্ন নামেৰেও জনা যোৱাৰ উপৰি বিহু পালনৰ ক্ষেত্ৰতো কিছু পৰিমাণে তফাৎ পৰিলক্ষিত হয়। গোৱালপাৰাৰ অঞ্চলভেদে মাঘ বিহুৰ নাম হেনো ভিন্ন। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনটোক অবিভক্ত গোৱালপাৰা জিলাৰ পূব অংশত 'মাঘৰ দোমাহী' হিচাপে জনা যোৱাৰ উপৰি স্থানীয়ভাৱে মধ্য অংশত 'দামাছী' আৰু পশ্চিম প্রান্তত 'পুষণা' হিচাপে কথিত বুলি জনা যায়। জিলাখনৰ অবিভক্ত মধ্য আৰু পশ্চিম অঞ্চলত 'দামাছী' আৰু 'পুষণা' উদযাপনৰ স্থানীয় পৰম্পৰাৰ সৈতে অসমৰ অন্য প্রান্তত সাধাৰণতে মাঘ বিহু পালন কৰাৰ নিয়মৰ ক্ষেত্ৰতো কিছু পৰিমাণে তফাৎ পৰিলক্ষিত হয়। বিহু যিহেতু কৃষিভিত্তিক উৎসৱ, গতিকে নাম অথবা পালনৰ ৰীতি-নীতিত কিছু পার্থক্য থাকিলেও স্বাভাবিকভাৱে এইবোৰ কৃষিৰে সম্পৃক্ত।
 
মাঘ বিহু উপলক্ষে সজা মেজি আৰু ভেলাঘৰ
 
অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চিম আৰু মধ্য অংশত উদযাপিত ক্রমে 'পুষণা' আৰু 'দামাহী'ত গো-কেন্দ্ৰিক পৰম্পৰা হিচাপে 'গৰুক চিতিওৱা' পৰ্ব পালন কৰা হয়। এই পৰ্বত গৰুৰ গাত নানাধৰণৰ চাব আৰু ফোঁট দিয়াৰ নিয়ম স্থানীয়ভাৱে প্রচলিত। চাব বা ফোঁট দিবলৈ মেজিৰ ছাই, পানীলাওৰ কোমল পাতৰ ৰস, ইকৰাৰ 'ঘেঁসুলী' আদি তেলৰ সৈতে মিহলাই অথবা সৰিয়হৰ ফুল আৰু পিঠাগুড়িৰ মিশ্রণেৰে বিশেষভাৱে একধৰণৰ দ্রব্য প্রস্তুত কৰা হয়। সেই দ্রব্যবিশেষক বাঁহৰ চুঙাৰে গৰুৰ গাত চাব বা ফোঁট দিয়া হয়। কেৱল গো-ধনৰ গাতেই নহয়, বৰঘৰতো ফোঁট দিয়ে। মানুহেও লয়। ইয়াৰোপৰি গো-স্নান, গৰুৰ শিং আৰু খুৰাত তেল দিয়াৰ উপৰি মালা পিন্ধোৱা আদি কার্যও কৰা হয় হেনো। অসমৰ অন্য প্রান্তত গো-কেন্দ্ৰিক এনেধৰণৰ যিসমূহ পৰম্পৰা আছে সেইবোৰ সাধাৰণতে ৰঙালী বিহুৰ অংগ যদিও অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চিম আৰু মধ্য অংশত মাঘ বিহুৰ পৰম্পৰা হিচাপে হেনো এইবোৰ পালন কৰা হৈ আহিছে পৰম্পৰাগতভাৱে। 
 
'ধুনি।' মেজি, পিঠা-পনা, মাহ-কড়াই, লগ-ভাত আদিৰ দৰে পৰম্পৰা দৃশ্যমান হোৱাৰ উপৰি অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চিম অংশত 'পুষণা' আৰু মধ্য অংশত 'দামাছী' হিচাপে কথিত মাঘ বিহুৰ আন এক স্বকীয় বৈশিষ্ট্য 'ধুনি'ৰে জড়িত। 'পুষণা' কিম্বা 'দামাহী'ত ধুনি প্রজ্বলনৰ নিয়ম অঞ্চলখিনিত প্রচলিত। পৰম্পৰাগতভাৱে প্ৰতিখন গাঁৱতে ধুনি জ্বলোৱা হয়। প্রচলিত ৰীতি অনুসৰি সংক্ৰান্তিৰ আগদিনা গাঁৱৰ মুৰব্বীয়ে স্নান কৰি হৰিনাম লৈ ধুনি জ্বলায়। সমগ্ৰ নিশা ৰাইজে ধুনিৰ ওচৰত বহি নাম- কীৰ্তন গোৱাৰ পিছত পুনৰ পুৱাৰ ভাগত গা-পা ধুই চুবুৰীয়ে চুবুৰীয়ে কীৰ্তন কৰে। ধুনিৰ ওচৰতে 'গাঁও পঞ্চায়ত' বহাৰো নিয়ম অতীজৰে পৰা প্ৰচলিত। তিনিৰ পৰা চাৰিদিনপর্যন্ত চলা এই ধুনি প্রজ্বলন পৰ্বৰ অন্তিম দিনা প্ৰতিঘৰ মানুহে নিজৰ চোতালত 'মাহ- কড়াই', চিৰা আদিৰে 'ঠগী' দিয়ে। গাঁৱৰ লোকে গৈ 'ঠগী ভঙা'ৰ নিয়মো প্রচলিত। 'গাঁও পঞ্চায়ত' বহাৰ পিছদিনা এই পর্ব সম্পন্ন কৰা হয়। যিয়ে 'গাঁও পঞ্চায়ত'ক অমান্য কৰে তেওঁলোকৰ 'ঠগী' ৰাইজে হেনো গ্রহণ নকৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
পৰিলক্ষিত হয় যে অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চিম আৰু মধ্য অংশত উদ্যাপিত ক্রমে 'পুষণা' আৰু 'দামাছী'ত কিছু পৰিমাণে ৰঙালী বিহুৰ পৰম্পৰাও সম্পৃক্ত। সেয়ে ই কেৱল ভোগৰ ভোগালী নহৈ ৰঙৰ ৰঙালীসমলৈও পর্যবসিত হয়। ৰঙে ভৰা ভোগালী! সময়ৰ পৰিৱৰ্তনৰ লগে লগে অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চিম আৰু মধ্য অংশত উদযাপিত ক্রমে 'পুষণা' আৰু 'দামাছী'ৰ পৰম্পৰাতো হয়তোবা কিছু পৰিৱৰ্তনৰ ছাঁ নপৰা নহয়, কিন্তু স্বকীয়তাৰে মহীয়ান এই স্থানীয় বৈশিষ্ট্য অটুত ৰাখিবৰ নিমিত্তে প্ৰতিগৰাকী লোকেই যত্নপৰ হোৱাৰ প্ৰয়োজনীয়তাকো নুই কৰিব নোৱাৰি। সি যি কি নহওঁক, বৰপেটাত উদযাপিত 'মাঘ'ৰ দম্‌হী'ত যিদৰে স্বকীয়তাৰ অনন্য পয়োভৰ ঘটে, একেদৰেই অবিভক্ত গোৱালপাৰা জিলাৰ পশ্চিম আৰু মধ্য অংশত উদযাপিত ক্রমে 'পুষণা' আৰু 'দামাছী'তো সুকীয়া তথা স্বকীয় বৈশিষ্ট্যৰ অনন্য সমাহাৰ প্ৰত্যক্ষ হয়- যিয়ে সেই অঞ্চলৰ লোক পৰম্পৰাৰ ভেটিটোক সুদৃঢ় কৰি ৰখাত যথেষ্ট পৰিমাণে সহায়ক বিবেচিত বুলি ভাবিবৰ থল নথকা নহয়। 
 
(কাশ্যপ ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ এগৰাকী তৰুণ ঔপন্যাসিক)