৬ দশক পুৰণি ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱে প্রাণোচ্ছল কৰি তুলিছে মুছলমান অধ্যুষিত বিলাসীপাৰাক

Story by  Mukut Sarma | Posted by  Munni Begum • 3 h ago
বিলাসীপাৰা ৰাসথলীত সমন্বয় যাত্ৰা প্ৰৱেশৰ মুহূৰ্ত
বিলাসীপাৰা ৰাসথলীত সমন্বয় যাত্ৰা প্ৰৱেশৰ মুহূৰ্ত
 
মুকুট শৰ্মা / বিলাসীপাৰা
 
বহু ইতিহাসৰ সাক্ষী গৌৰাং নৈৰ পাৰত অৱস্থিত বিলাসীপাৰা পশ্চিম অসমৰ এখন অতি পুৰণি চহৰ। চহকী ঐতিহ্য-সংস্কৃতিৰে ভৰা বিলাসীপাৰা যুগে যুগে ঐক্য-সংহতি আৰু ধৰ্মীয় সমন্বয়ৰ পীঠস্থান হিচাপে পৰিচিত হৈ আহিছে। ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ অন্যতম অংশ হিচাপে বিলাসীপাৰা বিভিন্ন জাতি-ধৰ্ম আৰু ভাষা-ভাষী লোকৰ বাসস্থান। 
 
অসমীয়া, বড়ো, ৰাভা, কছাৰী, নাথ-যোগী, বঙালী, ভাটিয়া (বংগমূলীয়) মুছলমান, অসমীয়া মুছলমান-সকলো একেলগে সম্প্ৰীতেৰে বাস কৰি বিলাসীপাৰাক সমন্বয়মুখী ভাৰতৰ এক অনন্য উদাহৰণ হিচাপে গঢ়ি তুলিছে। অঞ্চলটোৰ বিভিন্ন জাতি-ধৰ্ম আৰু ভাষা-ভাষী লোকৰ সক্ৰিয় অংশগ্ৰহণে প্ৰতিটো উৎসৱ-পাৰ্ৱণক প্ৰাণোচ্ছল আৰু বৈচিত্ৰময় কৰি তোলে। প্ৰায় ৫০ হাজাৰ জনবসতিপূৰ্ণ বিলাসীপাৰাত সম্প্ৰতি চলি থকা ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱে সমগ্ৰ অঞ্চলটোৰ সমন্বয়মুখী ভাৱধাৰাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে। চহৰখনৰ ঐতিহ্যমণ্ডিত গান্ধী চ'কৰ নিকটৱৰ্তী ইন্দ্ৰ নাৰায়ণ একাডেমী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৬৫ সংখ্যক ৰাস মহোৎসৱ মহা মিলনৰ তীৰ্থভূমিত পৰিণত হৈছে। 
 
 
মুঠ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশ মুছলমান সম্প্ৰদায়ৰ লোকেৰে গঠিত বিলাসীপাৰা অঞ্চলটো বিগত ছয় দশকৰো অধিক কাল ৰাসৰ সময়ত কৃষ্ণ ৰসেৰে মুখৰিত হৈ পৰাটো ধৰ্মীয় সমন্বয় আৰু একতা-সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন হিচাপে চিহ্নিত হৈছে। প্ৰতিদিনে কৃষ্ণ বন্দনা আৰু কৃষ্ণ নামৰ ৰসত বুৰ গৈছে হাজাৰ হাজাৰ ভক্ত, দর্শনার্থী। ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে অংশ লৈছে বিলাসীপাৰাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সহস্ৰাধিক লোকে। শ্ৰীকৃষ্ণৰ জন্ম,মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, বৰাহ অৱতাৰ, অৰ্জুনৰ ৰথ, পুতনা বধ,কংস বধ আদিৰ মৃন্ময় মূৰ্তি আৰু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা শিল্পকলা আৰু প্ৰদৰ্শনীয়ে সকলো ধৰ্মৰ লোকক আকৰ্ষিত কৰিছে। ৰাসচক্ৰকে ধৰি মূল তোৰণৰ সৌন্দৰ্যইও ৰাইজৰ মন জয় কৰিছে। 
 
"বিলাসীপাৰা ৰাস মহোৎসৱে এইবাৰ ৬৫ বছৰত ভৰি দিছে। প্ৰতি বছৰৰ দৰে এইবাৰো আমি সকলো জাতি-ধৰ্মৰ লোকে সমিলমিলেৰে এই উৎসৱৰ আয়োজন কৰিছো। আমাৰ ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল সমন্বয় যাত্ৰা। এই সমন্বয় যাত্ৰাত বিলাসীপাৰাৰ বিভিন্ন জাতি-ধৰ্ম আৰু ভাষা-ভাষী লোকে নিজৰ নিজৰ কলা-সংস্কৃতিসমূহ প্ৰদৰ্শন কৰে।"-বিলাসীপাৰা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক অশোক দাসে 'আৱাজ দ্য ভইচ'ক এইদৰে কয়।
 
বিলাসীপাৰা ৰাস মহোৎসৱত প্ৰস্তুত কৰা মৃণ্ময় মূৰ্তি
 
তেওঁ লগতে কয় যে বিলাসীপাৰা ৰাস মহোৎসৱৰ সফল উদযাপনত হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে সমানে আগভাগ লয়। সকলোৱে নিজৰ উৎসৱ বুলি ইয়াক গ্ৰহণ কৰে। বিগত প্ৰায় ৬ দশক ধৰি চলি থকা ৰাস মহোৎসৱে সমগ্ৰ বিলাসীপাৰা অঞ্চলৰ ৰাইজক একতাৰ ডোলেৰে বান্ধি ৰাখে। লগতে, এই মহোৎসৱে বৃহত্তৰ বিলাসীপাৰা অঞ্চলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দিশতো ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে বুলি উদযাপন সমিতিৰ সম্পাদক অশোক দাসে জানিবলৈ দিয়ে। 
 
ইফালে, বিলাসীপাৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা বৰ্ষীয়ান সাংবাদিক দয়াল পলে 'আৱাজ দ্য ভইচ'ক জানিবলৈ দিয়ে যে ৭০ শতাংশ মুছলমান আৰু ৩০ শতাংশ হিন্দু ধৰ্মৰ লোকেৰে গঠিত বিলাসীপাৰা অঞ্চলৰ বাসিন্দাসকল যুগ যুগ ধৰি একতা-সমন্বয়ৰ সাক্ষী হৈ আহিছে। "১৯৯২ৰ বাবৰি মজছিদ ধ্বংসৰ সময়ত বিলাসীপাৰা অঞ্চলত আমি কিছু উত্তেজনা দেখিবলৈ পাইছিলো। কিন্তু, স্থানীয় লোক আৰু প্ৰশাসনৰ তৎপৰতাত ইয়াত কোনো সংঘাতৰ সৃষ্টি হোৱা নাছিল। তাৰ পিছত আৰু কেতিয়াও আমি ইয়াত কোনো ধৰ্মীয় উত্তেজনা দেখিবলৈ পোৱা নাই। বিভিন্ন জাতি-ধৰ্মৰ লোকে সমিলমিলেৰে ইয়াত বাস কৰি আছে। প্ৰতিটো উৎসৱতে ইজনে-সিজনক সহযোগ আগবঢ়াই আহিছে। মুছলমান লোকসকলে আমাৰ সৈতে বিহু, পূজা, ৰাস সকলো উৎসৱত অংশ লয়। আমিও তেওঁলোকক ঈদ উদযাপনত সহায় কৰো। এতিয়াও ৰাস উৎসৱত আমাৰ স্থানীয় মুছলমান সমাজে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে।"-দয়াল পলে কয়। 
 
ৰাসথলীত প্ৰদৰ্শিত হৈছে শিক্ষাৰ্থীয়ে প্ৰস্তুত কৰা বিভিন্ন শিল্পকলা
 
উল্লেখ্য যে, যোৱা শুকুৰবাৰে ১৬ দিনীয়া বিলাসীপাৰা ৰাস মহোৎসৱৰ মূল দ্বাৰ আৰু মন্দিৰৰ দ্বাৰ উদ্বোধন কৰে বিলাসীপাৰা সম-জিলাৰ আয়ুক্ত সৃষ্টি সিঙে। ইয়াৰ পাছতে অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ড° অশোক কুমাৰ সিংহী,মহকুমা আৰক্ষী বিষয়া ৰজা প'ল ,স্থানীয় পৌৰনিগমৰ সভানেত্ৰী বিনীতা দাস সাহা, সমাজ কৰ্মী ক্ৰমে প্ৰফুল্ল কলিতা, দেবজিৎ বৰকলিতাকে ধৰি আমন্ত্ৰিত অতিথি সকলে পৰ্যায়ক্ৰমে বিভিন্ন অনুষ্ঠানৰ দ্বাৰ উদ্বোধন কৰে।  
 
বহু বছৰ ধৰি বিলাসীপাৰা ৰাস মহোৎসৱৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ থকা অঞ্চলটোৰ জেষ্ঠ শিক্ষক তথা সমাজকৰ্মী আলতাফ হুছেইনে কয়, "বিলাসীপাৰা ৰাস মহোৎসৱ সঁচা অৰ্থত এক সমন্বয়ৰ ক্ষেত্ৰ। ইয়াত সকলো জাতি-ধৰ্মৰ লোকৰ প্ৰত্যক্ষ অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। মই নিজেও ৰাস মহোৎসৱৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ আছো। উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থৰ সম্পাদকৰ দায়িত্বও মই পালন কৰিছো। উদযাপন কমিটিৰ সক্ৰিয় সদস্য হিচাপে নজিৰ হুছেইন, সৰোজ হুছেইন, ৰবিউল হুছেইনে ৰাস মহোৎসৱ আয়োজনত সহায়-সহযোগিতা আগবঢ়াই আহিছে।"
 
বিলাসীপাৰা ৰাস মহোৎসৱ উপলক্ষে উলিওৱা 'সমন্বয় যাত্ৰা'ত বিহু নৃত্য আৰু ৰাভা নৃত্য প্ৰদৰ্শন
 
বিলাসীপাৰাত যুগ যুগ ধৰি চলি অহা সমন্বয়মুখী ভাৱধাৰাৰ বিষয়ে উল্লেখ কৰি আলতাফ হুছেইনে পুনৰ কয় যে কেৱল ৰাসৰ সময়তে নহয়, বিলাসীপাৰাৰ ৰাইজে সকলো সময়তে ধৰ্মীয় ভেদা-ভেদক সমাজ জীৱনৰ পৰা আতৰাই ৰাখিছে। "বিলাসীপাৰা এনে এক অঞ্চল, য'ত একে সময়তে মন্দিৰৰ শংখধ্বনি আৰু মছজিদৰ আজান বাজি উঠে আৰু সকলোৱে ইজনে-সিজনৰ ধৰ্মীয় বিশ্বাসক সন্মান জনাই আহিছে। উত্তৰ বিলাসীপাৰাত অৱস্থিত কবৰস্থান আৰু দৰগাহত হিন্দু ধৰ্মাৱলম্বী লোকসকলে সময়ে সময়ে চাফাই অভিযানত অংশ লৈ আমাৰ ইছলাম ধৰ্মী ৰাইজক সহযোগিতা আগবঢ়ায়। তেওঁলোকে আনকি দৰগাহত অৱস্থিত ফুলৰ বাগিচাখনৰো তত্ত্বাৱধান কৰে। ঈদৰ সময়তো হিন্দু ভাই-বন্ধুসকলে আমাক বিভিন্ন ধৰণে সহায় কৰে।"-আলতাফ হুছেইনে আৱাজ দ্য ভইচক জানিবলৈ দিয়ে।
 
উল্লেখ্য যে, ৰাস মহোৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা হিন্দু ধৰ্মৰ এক মুখ্য উৎসৱ।