আৱাজ-দ্য ভইচ অসম ব্যুৰো
দীপাৱলীত ফটকা ফুটুৱাৰ ফলত পৰিবেশৰ ক্ষতি সন্দৰ্ভত ব্যাপক বিতৰ্ক অব্যাহত আছে। দীপাৱলীত ফটকা নিষেধাজ্ঞা হিন্দু বিৰোধী বুলি একাংশ ফটকা সমৰ্থকে দাবী কৰিছে। গতিকে, এই কথা জানি কিছুমান মানুহ আচৰিত হ’ব যে প্ৰকৃততে এই পৰম্পৰা আৰম্ভ হৈছিল মোগল সম্ৰাটসকলে উদযাপন কৰা দীপাৱলী অনুষ্ঠানৰ পৰা।
১৩২৪ চনৰ পৰা ১৩৫১ চনলৈ দিল্লী শাসন কৰা মহম্মদ বিন তুগলকে নিজৰ দৰবাৰৰ ভিতৰতে হিন্দু উৎসৱ পালন কৰা প্ৰথমজন সম্ৰাট হিচাপে পৰিগণিত হৈছিল। তুগলকৰ হিন্দু পত্নীসকলে প্ৰস্তুত কৰা সুস্বাদু খাদ্যৰে ইয়াক সামান্যভাৱে উদযাপন কৰা হৈছিল।
এই পৰম্পৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি থাকিল যেতিয়ালৈকে আকবৰে মোগলৰ সিংহাসন গ্ৰহণ কৰি দেৱালীক মোগল দৰবাৰত এক বৃহৎ উৎসৱ হিচাপে গঢ়ি তুলিবলৈ জোৰ দিছিল। তেতিয়া দীপাৱলী বুলি কোৱা যছন-ই-চিৰাঘন (পোহৰৰ উৎসৱ)ৰ ৰাজকীয় উদযাপনৰ বাবে লালকিল্লাৰ ৰং মহল নিৰ্দিষ্ট কেন্দ্ৰ আছিল আৰু এই উৎসৱ মোগল ৰজাই নিজৰ তত্ত্বাৱধানত নিজেই আয়োজন কৰিছিল।
আগ্ৰা ফৰ্টত দীপাৱলী উদযাপন (ফটো: চিৰাজ কুৰেশ্বি / ইণ্ডিয়া টুডেৰ পৰা সংগ্ৰহ)
আকবৰে দীপাৱলীৰ শুভেচ্ছা হিচাপে মিঠাই দিয়াৰ পৰম্পৰাও আৰম্ভ কৰিছিল। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চেফসকলে মোগল দৰবাৰত সুস্বাদু খাদ্য ৰান্ধিছিল। দীপাৱলী উদযাপনৰ বাবে ৰাজপ্ৰসাদলৈ অতিথিসকলক আদৰণি জনোৱা উদযাপনমূলক থালিৰ অংশ হৈ পৰিল ঘেভাৰ, পিঠা, খিৰ, পেড়া, জিলেপি, ফিৰনি আৰু শ্বাহিতুকড়া। আকবৰৰ দৰবাৰত দীপাৱলীৰ দিনা ৰামায়ণ পাঠ কৰা হৈছিল। তাৰ পিছত ভগৱান ৰামৰ অযোধ্যালৈ উভতি অহাৰ চিত্ৰ অংকন কৰা এখন নাটক প্ৰদৰ্শন কৰা হৈছিল। এই পৰম্পৰাই আকবৰৰ সাম্ৰাজ্যক শক্তিশালী কৰি তুলিছিল, (তেওঁৰ জীৱনী লেখক আবু’ল ফজলে আইন-ই-আকবাৰীত এই কথা উল্লেখ কৰিছে), কিয়নো ই ৰজাক হিন্দু প্ৰজাৰ সৈতে ভালদৰে বন্ধন গঢ়ি তোলাত সহায় কৰিছিল, আৰু বহুতো মুছলমান ব্যৱসায়ীক উৎসৱত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল।
শ্বাহজাহানে মুছলমান নৱবৰ্ষৰ উৎসৱ “নৱৰোজ”ক দীপাৱলীত অন্তৰ্ভুক্ত কৰি উদযাপনক আৰু এখোজ আগুৱাই লৈ যায়, যাৰ ফলত ই সাম্ৰাজ্যৰ এক যৌথ বৃহৎ উৎসৱ হিচাপে পৰিগণিত হয়। তেওঁ সমগ্ৰ ভাৰতৰ পৰা চেফক নিমন্ত্ৰণ কৰিছিল আৰু পাৰস্যৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী আমদানি কৰিছিল। ঔৰংজেবে দীপাৱলীত সম্ভ্ৰান্ত লোকলৈ মিঠাই পঠোৱাৰ পৰম্পৰাও মানি চলিছিল।
প্ৰতিনিধিত্বমূলক ছবি
মোগল সাম্ৰাজ্যৰ সময়ত দীপাৱলী উপলক্ষে আন এটা অনুষ্ঠান আছিল সাম্ৰাজ্যৰ স্থায়ী জুই আৰু পোহৰৰ উৎস সুৰজক্ৰান্তৰ পৰম্পৰাগত প্ৰজ্বলন। ইতিহাসবিদ আৰ নাথৰ মতে এই প্ৰক্ৰিয়াটো দুপৰীয়াৰ পৰা আৰম্ভ হৈছিল। যেতিয়া সূৰ্য্য মেষ ৰাশিৰ ১৯ ডিগ্ৰীত প্ৰৱেশ কৰে, তেতিয়া ৰাজসেৱকসকলে সুৰজকান্ত নামৰ এটা ঘূৰণীয়া জিলিকি থকা শিল সূৰ্য্যৰ ৰশ্মিৰ সন্মুখীন হয়। শিলটোৰ ওচৰত কপাহৰ টুকুৰা এটা ধৰি ৰখা হৈছিল, যিটোৱে তেতিয়া গৰমৰ পৰা জুই জ্বলাইছিল। এই আকাশী জুই অগিংগীৰ (জুই-পাত্ৰ) নামৰ পাত্ৰ এটাত সংৰক্ষিত হৈ পিছলৈ “আকাশ দিয়া” (আকাশ বন্তি) জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আকাশ বন্তি আছিল ৪০ গজ উচ্চতাৰ খুঁটা এটাৰ ওপৰত এটা বিশাল চাকি।
শ্বাহজাহানে আপাত দৃষ্টিত আকাশ বন্তিৰ পৰম্পৰাক ধৰ্মীয় সম্প্ৰীতিৰ চিন হিচাপে আৰম্ভ কৰিছিল যেতিয়া তেওঁ শ্বাহজাহানাবাদ চহৰখন স্থাপন কৰিছিল। দিপাৱলীৰ সময়ত আতচবাজীৰ পৰম্পৰা আৰম্ভ কৰি শ্বাহজাহানে যমুনাৰ পাৰত শাৰী শাৰীকৈ আতচবাজী প্ৰদৰ্শন কৰিছিল।
আনকি মোগল সম্ৰাটৰ শেষৰজন বাহাদুৰ শ্বাহ জাফৰেও লালকিল্লাত দীপাৱলীৰ বিষয়বস্তুক কেন্দ্ৰ কৰি নাটকৰ আয়োজন কৰিছিল, লগতে ৰাজহুৱা লক্ষ্মী পূজাৰো আয়োজন কৰিছিল। এই উপলক্ষে দিল্লীৰ জামা মছজিদৰ সমীপতো আতচবাজী জ্বলোৱা হৈছিল। উইলিয়াম ডালৰিম্পলৰ ‘দ্য লাষ্ট মোগল: দ্য ফ’ল অৱ দিল্লী, ১৮৫৭’ নামৰ গ্ৰন্থখনত কোৱা হৈছে, “জাফৰে নিজকে সাতবিধ শস্য, সোণ, প্ৰবাল আদিৰ ওজন কৰি দুখীয়াৰ মাজত বিতৰণৰ নিৰ্দেশ দিছিল।” এই বিশেষ অনুষ্ঠানত হিন্দু বিষয়াসকলক উপহাৰ প্ৰদান কৰা হৈছিল।
দিপাৱলীৰ সময়ত তাজমহলৰ চৌহদ
সমসাময়িক ভাৰতত আমি এই পৰম্পৰাসমূহ মুছলমানসকলে দীপাৱলীৰ সংহত উদযাপনৰ ৰূপত জীয়াই ৰখা দেখিবলৈ পাওঁ। মুম্বাইত হাজী আলী দৰগাহ পোহৰাই তোলাৰ পৰা আৰম্ভ কৰি দিল্লীৰ হজৰতনিজাম্মুদিন দৰগাহৰ সাজ-সজ্জা তৈয়াৰ কৰা আৰু চাকি জ্বলোৱালৈকে মুছলমানসকল এই দেশৰ দীপাৱলী উদযাপনৰ গুৰুত্বপূৰ্ণ অংশ। পুনেৰ শনিৱৰ ৱাডাৰ সমীপৰ বাবা হজৰতমকবুল হুছেইন মাদানীৰ দৰগাহ বিশ বছৰৰ পৰা প্ৰতি দীপাৱলীত চাকিৰে সজাই পৰাই তোলা হৈছে। সেই সময়ত অঞ্চলটোৰ এটা হিন্দু পৰিয়ালে দৰগাহত চাকি জ্বলাবলৈ অনুৰোধ কৰিছিল। লাহে লাহে আন মানুহেও এই প্ৰথা অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া প্ৰতি বছৰে শনিৱৰ ৱাডাৰ বাসিন্দাসকলে ত্ৰয়োদশ শতিকাত নিৰ্মিত এই দৰগাহখন চাকি আৰু দিয়াৰে পোহৰাই তুলে।
ৰাজস্থানৰ ঝুনঝুনুৰ কাম্মৰুদ্দিন শ্বাহৰ দৰগাহৰ কাহিনীও একেধৰণৰ। এই দৰগাহত হিন্দু আৰু মুছলমানসকলে একেলগে দীপাৱলী উদযাপন কৰি চুফী সন্ত কাম্ৰউদ্দিন শ্বাহ আৰু হিন্দু সন্ত চাঞ্চলনাথজীৰ মাজত ২৫০ বছৰীয়া বন্ধুত্বৰ কাহিনীক সন্মান জনাইছিল। তেওঁলোকে দৰগাহ আৰু চাঞ্চলনাথজীৰ আশ্ৰমক সংযোগ কৰা গুহাত লগ হৈছিল। দৰগাহত একেলগে চাকি আৰু আতচবাজী জ্বলাই হিন্দু-মুছলমান ঐক্যৰ পৰম্পৰা অব্যাহত ৰখাটো তেওঁলোকৰ নৈতিক কৰ্তব্য বুলি ৰাইজে বিশ্বাস কৰে।
আতচবাজীৰ বিতৰ্ক চলি থকাৰ সময়তে মানুহে মনত ৰখা প্ৰয়োজন যে এইটো কোনো সাম্প্ৰদায়িক বিষয় নহয়, বৰঞ্চ এয়া পৰিৱেশজনিত বিষয়। ভাৰতৰ হিন্দু আৰু মুছলমানসকলে কোনো যুক্তিৰ শিপা নথকা আন এটা বিভাজনকাৰী বিষয়ত মগ্ন হোৱাৰ কোনো প্ৰয়োজন নাই। আমি যুগ যুগ ধৰি একেলগে দীপাৱলী উদযাপন কৰি আহিছো আৰু ইয়াক সন্মান জনাই আহিছো। এনে গুৰুত্বপূৰ্ণ কামৰ বাবে একত্ৰিত হ’বলৈ বন্ধুত্ব আৰু সম্প্ৰীতিৰ আদৰ্শ অনুসৰণ কৰাটো প্ৰয়োজন। আমি সকলোৱে এতিয়া আমাৰ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যত গঢ়ি তুলি আছো, আমি নিবিচাৰোনে যে তেওঁলোকে এটা সুস্থ পৰিৱেশত ডাঙৰ-দীঘল হওক?
দিল্লীৰ ৰামলীলা মৈদানত দীপাৱলী উদযাপন
এই দীপাৱলীত যদি আপুনি আনন্দ উদযাপন কৰিব বিচাৰে, তেন্তে পৰিৱেশ সচেতনতা, বায়ু আৰু শব্দ প্ৰদূষণৰ বিষয়ে পঢ়ক; আৰু জাতি-ধৰ্ম নিৰ্বিশেষে বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াৰ সৈতে দীপাৱলী উদযাপন কৰক। চাকিৰ পোহৰে আমাৰ গোটেই জীৱন উজলাই তোলক। দীপাৱলীৰ শুভেচ্ছা থাকিল !