জোনবিল মেলাত সম্প্ৰীতিৰ অনুভৱ

Story by  atv | Posted by  Munni Begum • 1 Years ago
জোনবিল মেলাত বিনিময় প্ৰথা
জোনবিল মেলাত বিনিময় প্ৰথা
 
অঞ্জু শাণ্ডিল্য
 
২০১৩ চনৰ ২৪ নৱেম্বৰ, 'লাচিত দিৱস' উপলক্ষে হিন্দু যুৱ-ছাত্ৰ পৰিষদে গুৱাহাটী মহানগৰীৰ গীতানগৰ খেলপথাৰত আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া উপভোগ কৰোতে মৰিগাঁৱৰ শিল্পীসকলে পৰিবেশন কৰা তিৱা নৃত্যই আমাৰ মন আচ্ছন্ন কৰি তুলিছিল। শিল্পীসকলে মাছ মৰা সা-সঁজুলি, গছৰ ডাল, বৰত বা খলচৰাই হাতত লৈ বিলত মাছ ধৰা প্রক্রিয়াটোক গীত-মাত, নাচ-বাগেৰে ফুটাই তুলিছিল। 
 
গীতৰ কথাত গোভা ৰজা, জোনবিল আদি শব্দবোৰ শুনি আমাৰ এনে লাগিছিল, আমি যেন জোনবিলৰ পাৰত বহি মাছ ধৰিবলৈ উৰুলিকৃত হোৱা এজাক ডেকা-গাভৰুৰ গীত-মাত-নাচ উপভোগ কৰি আছো। গীতৰ কলি দুটামান মনত ৰৈ গৈছিল- 'জোনবিল মেলাৰে আদা-হালধি/ তোৰে মোৰে প্ৰেমৰে কথা/ ধনে মোৰে ঐ শৰীল মোৰ ঐ তোকে ঐ যাবকে মনে হেৰা লিটিং টিং...'। 'গোভা ৰজাৰ ডেকা চাঙতে এচুঙা মদেৰে গাতে মোৰ নালাগে/ তোকে ঐ নিবৰে মনে.... গীতবোৰ যদিও যৌনগন্ধী আছিল, নাচত যদিও যৌন উন্মাদনা প্রকাশ পাইছিল, সেয়া যেন জীয়া জীৱনৰ কেঁচা যৌৱনৰ বাস্তৱ ছবি। তথাপি নামতীজনে গীত-মাত পৰিবেশন কৰাৰ আগতে অনুনয়ৰ সুৰত গাইছিল- 'সমাজৰ আগতে বহিছে বুঢ়া-মেথা/ বেয়া নাম ওলালে জগৰ নধৰিবা/ দায়-দোষ কৰিবা ক্ষমা।' 
 
জোনবিল মেলাৰ এক দৃশ্য
 
মঞ্চৰ স্ক্ৰীনখনত মহাবীৰ লাচিত বৰফুকনসহ পাঁচজন যোদ্ধাৰ চিত্র আছিল। আমি নাজানো, তাত বাঘ হাজৰিকা, লাইধন খাঁ, ভেকুলী গৰিয়া আদি আছিল নে নাই; কিন্তু তিৱা নৃত্য-গীতে সকলোকে জোনবিলৰ পাৰলৈ লৈ গৈছিল। এই বছৰো জোনবিল মেলা আৰম্ভ হৈছে। আৰু পাৰ হৈ গ'ল ৪০০ বছৰীয়া লাচিত বৰফুকনৰ জয়ন্তী অথচ লাচিত বৰফুকনৰ সহযোদ্ধা বাঘ হাজৰিকাৰ অস্তিত্বক লৈ বিতৰ্কৰ সূচনা হৈছে 'লাচিত দিৱস' (২৪ নৱেম্বৰ) পৰাই। 
 
আহোম ৰাজত্বকালত অসমৰ সকলো জাতি-জনগোষ্ঠী-সম্প্রদায় শান্তি-সম্প্রীতিৰে বাস কৰিছিল। ধৰ্মৰ ভিত্তিত মানুহৰ মাজত ভেদাভেদ নাছিল। আনকি ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠীয় ৰাজ্যসমূহৰ লগতে সম্প্রীতিৰ ভাব আছিল। তেনে এখন ৰাজ্য গোভা। আহোম ৰজা গদাধৰ সিংহৰ দিনত আহোম ৰাজদৰবাৰত তিনিজন তিৱা দলৈয়ে সম্মান পাইছিল। 
 
এখন বুৰঞ্জীতো উল্লেখ আছে- 'এহিমতে জানিবা আৰু বাকী সমাচাৰ, তিনি দলৈৰ মুখে জ্ঞাত হৈবা...'। আনকি ৰাজধানী গড়গাঁৱত তিনিওজন দলৈয়ে আহোম ৰজাৰ পৰা প্ৰধান উপহাৰ বিজুলী নৌকা পাইছিল। এই ৰাজ্যখন ডোঙা বা গুহাৰ দৰে ঠাইত থকাৰ বাবে ডোঙা বা গুহাৰ পৰা গোভা নাম হয় বুলি বহুতে কয়। 
 
জোনবিল মেলাৰ তোৰণ
 
বর্তমান মৰিগাঁও জিলাত এই গোভা ৰাজ্য বা গোভা মৌজা আছে। গোভা ৰাজ্য তিৱা বা লালুং লোকৰ বসতিপ্রধান অঞ্চল। তিৱাসকলৰ নিজা কৃষ্টি-সংস্কৃতি আছে। আজিও বর্তি আছে গোভা ৰাজবংশ। আজিৰ আধুনিক যুগতো গোভা ৰাজ্যত জীয়াই আছে ৰাজকীয়া পৰম্পৰা আৰু প্রাচীন কৃষ্টি-সংস্কৃতি। বর্তমানেও গোভা ৰজা দীপসিং দেওৰজাই সামাজিকভাৱে ৰাজকীয় মর্যাদা-স্বীকৃতি লাভ কৰি ৰাজত্ব চলাই আছে। 
 
এই ৰাজত্বৰে এক অংশৰূপে গোভা ৰাজ্যত অনুষ্ঠিত হয় মাঘ মাহৰ প্ৰথমটো বৃহস্পতিবাৰৰ পৰা জোনবিল মেলা। এই বছৰো ১৮ জানুৱাৰীৰ পৰা এই মেলা হৈছে। অসমীয়া সংস্কৃতিৰ বৰঘৰত জোনবিল মেলাই ৰহণ সানিছে। জোনবিল মেলা নাম কেনেকৈ হ'ল, সেয়াও এক কাহিনী।
 
এক কিংবদন্তি মতে জাগীৰোডৰ পৰা তিনি কিলোমিটাৰমান উত্তৰ দিশে থকা এখন বিলৰ পাৰত গোভা ৰজা পাঠেশ্বৰ সিংহই ভ্রমণ কৰি জিৰাইছিল। লাহে লাহে সন্ধিয়া নামি আহিছিল আৰু আকাশত জোনবাই ওলাইছিল। বিলৰ পানীত জোনাক উপচি পৰিছিল। আৰু জোনটো বিলৰ পানীত জিলিকি উঠিছিল। ৰজা অভিভূত হৈ পৰে। নাম থ'লে 'জোনবিল'। পাচত ৰাজ বিষয়াসকলৰ সৈতে আলোচনা কৰি মাঘ বিহুৰ উৎসৱ জোনবিলৰ পাৰতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। তেতিয়াৰ পৰাই জোনবিলৰ পাৰত মাঘ বিহু উদ্যাপিত হৈ আহিছে আৰু বিলৰ পাৰত মেলা বহে, এয়াই 'জোনবিল মেলা'। 
 
জোনবিল মেলাৰ এখন বিপণি
 
জোনবিলৰ পাৰলৈ গোভা ৰজাক ৰাইজে আদৰি আনে। ৰজাই বিলৰ পাৰত আসন গ্রহণ কৰাৰ পাচত ৰাইজে বিলৰ পানীত মাছ ধৰিবলৈ নামি পৰে। গোভা ৰাজ্যত মাঘৰ প্ৰথমটো শনিবাৰেহে সমূহীয়াভাৱে মাছ মাৰি ভোজভাত খায়। পূর্বতে 'জোনবিল মেলা' কেনেদৰে অনুষ্ঠিত হৈছিল, তাৰ বিতং তথ্য পোৱা নাযায়; কিন্তু আজিকালি দুই-তিনি দিন ধৰি মেলা অনুষ্ঠিত হয় আৰু অসমৰ ভিন্ন প্রান্তৰ পৰা মানুহ আহে। এই বছৰো ১৮ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ তিনি দিন ধৰি মেলা অনুষ্ঠিত হ'ব। 
 
আধুনিক মুদ্রাৰ যুগত বিনিময় প্রথাৰ বিলোপ ঘটিছে যদিও গোভা ৰাজ্যৰ জোনবিল মেলাত বিনিময়ৰ হাট বহে। পর্বত-ভৈয়ামৰ এই সম্প্রীতিৰ মেলাত পর্যটকৰো সমাগম ঘটে। এইবাৰ ১৮ জানুবাৰীৰ পুৱাভাগত থান দেউশালত পূজা-অর্চনা হয়। ১৯ জানুৱাৰীৰ পুৱা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বিনিময় প্রথাৰে আৰম্ভ হোৱা মেলা মুকলি কৰে মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে। পুৱা ৯ বজাত জোনবিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰম্ভ হয়। 
 
১০ বজাৰ পৰা লাহে লাহে গোভা ৰজাৰ লগতে মধ্য অসমৰ ৰজাসকলো মেলালৈ আহে। দুপৰীয়া ৰাজ্য চৰকাৰে ৰজাসকলক ৰাজ ভাত্তা প্রদান কৰে। এই অনুষ্ঠানত অসম চৰকাৰৰ বহুকেইজন মন্ত্রী-বিধায়ক আদি উপস্থিত থাকে। লগতে তিৱা সমাজৰ অন্যান্য বিশিষ্ট ব্যক্তিও। নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় আৰু ২০ জানুৱাৰী অর্থাৎ আজি মেলাৰ অন্তিম দিনা গোভাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব।  
 
জোনবিলৰ পাৰত সমূহীয়াভাৱে মাছধৰা উৎসৱ
 
পূৰ্বৰ পৰম্পৰা অনুযায়ী আজি প্রতীকী ৰূপত কৰ সংগ্ৰহ কৰা হ'ব। পূৰ্বৰ প্ৰথাৰে হাট বহিব ২০ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা। ভৈয়ামৰ জা-জলপান, লাড্ডু, পিঠা, শুকান মাছ, কেঁচা মাছ আদি পাহাৰীয়া আলু, কচু, আদা, হালধি, লা, ধূনা, বাঁহগাজ আদিৰ লগত সাল-  সলনি কৰা হয়। অন্যান্য বয়-বস্তুৰো মেলা বহে। সৰু সৰু নবা-ধানখেৰেৰে সজা ঘৰবোৰত বয়-বস্তুৰে ভৰি পৰে। ইয়াৰ পাচতে জোনবিলত সমূহীয়াভাৱে মাছ মৰা হ'ব, ৰং-বিৰঙৰ সাজ পিন্ধা জাকৈয়া নাচনী জাকে হাতে হাতে জাকৈ-পল, বাঁহ-জোং, গছৰ ডাল-পাত লৈ নাচি নাচি গোভা ৰজাক বিলৰ পাৰলৈ আদৰি আনিব। 
 
ডেকা-চেমনীয়াসকলেও ঢোল-পেঁপা, তাল বজাব। মধ্য যুগৰ বিনিময় প্রথাৰে জীপাল হৈ পৰিব জোনবিল মেলা। বর্তমান এই মেলা সম্প্রীতিৰ মেলালৈ ৰূপান্তৰ হৈছে। কেইবাবছৰ আগতে মৰিগাঁৱৰ মৰিমুছলমান গাঁৱৰ কোনোবা আলী, আহমেদৰ ম'হৰ গাড়ীত উঠি মানুহ মেলাথলীলৈ অহা-যোৱা কৰিছিল। বর্তমানেও কার্বি আংলং, মেঘালয়ৰ পৰা অনেক লোক আহে। ভিন্ন প্রান্তৰ পৰা অহা লোকৰ মাজত সম্প্রীতিৰ বাৰ্তালাপ হয়। একতাৰ এনাজৰী কটকটীয়া কৰি ৰখাত 'জোনবিল মেলা'ৰ গুৰুত্ব অপৰিসীম।