গুৱাহাটী
অহা ২৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ত পৰম্পৰাগতভাৱে চলি অহা শাৰদীয় দুর্গা পূজাৰ নৱমাদি কল্পাৰম্ভ পূজা। এই উপলক্ষে অহা ২৫ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ কামাখ্যা দেৱালয়ৰ নিত্য-পূজাৰ লগত সংগতি ৰাখি দেৱালয়ৰ দুৱাৰ খোলা আৰু বন্ধ ৰখাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে দেৱালয় কর্তৃপক্ষই। তদুপৰি এই সময়ছোৱাত দিন বিশেষে সাধাৰণ যাত্ৰীৰ দৰ্শনৰ লগতে ভি আই পি আৰু ভি ভি আই পিৰ বাবে থকা বিশেষ দর্শনো সীমিত ৰখাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে।
শনিবাৰে মা কামাখ্যা দেৱালয়ৰ মুখ্য দলৈ কবীন্দ্র প্রসাদ শর্মাই সদৰী কৰামতে, কামাখ্যা দেৱালয়ত অহা ২৫ ছেপ্টেম্বৰত আৰম্ভ হ'ব কৃষ্ণ নৱমী পূজা। এই উপলক্ষে সিদিনা দুপৰীয়া দুই বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ'ব। সিদিনা পুৱা নিত্য-পূজাৰ পিচত দেৱালয়ৰ দুৱাৰ যাত্ৰীৰ বাবে খোলা হ'ব যদিও কেৱল ২ হেজাৰ যাত্ৰীৰহে গর্ভগৃহত দর্শনৰ ব্যৱস্থা ৰখা হ'ব। মূর্তি দর্শনৰ বাবে পুৱা ৭ বজাৰ পৰা দিনৰ ৪ বজালৈ ব্যৱস্থা থাকিব। সিদিনা ভি আই পি. ভি ভি আই পিৰ বাবে বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব।
তেওঁ লগতে কয় যে, ২৬ ছেপ্টেম্বৰৰ পৰা ৯ অক্টোবৰলৈ পুৱা ৮.৩০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। দুপৰীয়া দেৱীলৈ ভোগ নিবেদন কৰি আবেলি আৰতি সমাপন কৰা হ'ব। এই দিনকেইটাত এই বিশেষ দর্শনৰ ব্যবস্থা সীমিত ৰখা হৈছে। অহা ১০ অক্টোবৰত হ'ব সপ্তমী পূজা। সিদিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব আৰু আবেলি দুৱাৰ বন্ধ কৰি দেৱীৰ ভোগ- আৰতি সমাপন কৰা হ'ব। সিদিনা বিশেষ দর্শন (ভি আই পি, ভি ভি আই পি)ৰ ব্যৱস্থা বন্ধ থাকিব।
তেওঁ লগতে কয় যে, অহা ১১ অক্টোবৰত হ'ব অষ্টমী-নৱমী পূজা। সিদিনা দিনৰ ১.৩০ বজাত দেৱালয়ৰ দুৱাৰ খোলা হ'ব আৰু সিদিনা ১,২০০ যাত্ৰীৰহে গর্ভগৃহত দর্শনৰ ব্যৱস্থা থাকিব। পুৱা দেৱীৰ স্নানপৰ্বৰ পিচত যাত্রীসকলে ১ নং গে'টেৰে দেৱীৰ প্ৰতিমূৰ্টি দৰ্শন কৰিব পাৰিব। কিন্তু পুৱা ১০ বজাৰ পিচত ২ নং গে'টেৰেহে দেৱীৰ প্ৰতিমূর্তি দর্শন কৰিব পাৰিব যাত্রীসকলে। সিদিনাও বিশেষ দর্শন (ভি আই পি-ভি ভি আই পি)ৰ ব্যৱস্থা বন্ধ থাকিব।
তাৰ পিচত অহা ১২ অক্টোবৰত হ'ব দশমী পূজা আৰু সিদিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। দুপৰীয়া এক বজাত ভোগ নিবেদন কৰা হ'ব আৰু আবেলি মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ'ব। এই ব্যৱস্থাসমূহ এইবেলি দুর্গা পূজাৰ তিথিৰ লগত সংগতি ৰাখি আৰু সময় সাপেক্ষে গ্রহণ কৰা হৈছে বুলিও উল্লেখ কৰি এই ব্যৱস্থাসমূহত দর্শনার্থী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে মা কামাখ্যা দেৱালয়ৰ মুখ্য দলৈ কবীন্দ্র প্রসাদ শর্মাই।