ইতিহাস প্ৰসিদ্ধ কুকুৰ মাৰা ছয়গাঁও অঞ্চলৰ ৰাইজে কলহি নদীত গৰুবিহুৰ দিনা কাহিলী পুৱাতে গৰুক গা ধুওৱাৰ দৃশ্য (ছবি: চামচুল হুদা পাটগীৰি)
পুলিন ডেকা
মানৱ জাতিৰ সৃষ্টিৰ লগে লগে সংস্কৃতিৰ বীজ অংকুৰণ হয়। প্রকৃতি, মানুহৰ বিশ্বাস, কর্মপদ্ধতিৰ আলমত বিকশি উঠা চিন্তাৰ ফচলে সমাজ আৰু জীৱনক গতি প্ৰদানৰ বাবে যিসমূহ সুকুমাৰ প্ৰবৃত্তিৰ সূচনা কৰিছিল, তাৰ আলমতে উৎসৱৰ পাতনি হয়। প্ৰকৃতিৰ প্ৰতি প্ৰগাঢ় বিশ্বাস, অদৃশ্য শক্তিৰ প্ৰভাৱৰ প্ৰতি ভয়-শংকা আৰু তাৰ পৰা মুক্তিৰ প্ৰয়াস, কৃষি-কাৰ্য শুভাৰম্ভৰ বাবে ইষ্ট দেৱতাক সন্তুষ্ট কৰাৰ প্ৰয়াস, জীৱনৰ অৱসৰৰ মুহূৰ্ত্তক উদযাপন কৰাৰ অত্যুগ্র আগ্রহে কৃষ্টিৰ পথাৰখনত ভিন্নমুখী উপাদানৰ সূচনা কৰে।
বিশেষকৈ আদিম মানুহে চিকাৰ কাৰ্যত সফলতা লাভ কৰাৰ পিছত লাভ কৰা আনন্দৰ সামাজিক প্রকাশে উৎসৱ মুখৰ পৰিৱেশৰ সূচনা কৰিছিল। সেইবাবেই সংস্কৃতিত প্ৰকৃতি আৰু জীৱ-জন্তুৱে বিশেষ ৰূপত আত্মপ্রকাশ কৰা দেখা যায়। তেনে দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিলে বিহুৰ যি অন্তনীল প্রকাশ তাৰ মাজত এই দুয়োটা উপাদানেই জীৱন্ত ৰূপত প্রত্যক্ষ হয়।
বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ বিহুৱে সুকীয়া ৰূপত উদ্ভাষিত হৈ উঠিলেও এক সামূহিক প্রতিচ্ছবিয়ে ইয়াৰ স্বকীয়তাক অনন্য মাত্ৰা প্ৰদান কৰিছে। সময়ৰ লগে লগে বিহুৱে অসমীয়া জাতি সত্ত্বাৰ মিলনৰ ঐক্যতানলৈ ৰূপান্তৰিত হয়। ব'হাগ বা ৰঙালী বিহু, কাতি বিহু আৰু ভোগালী বিহুৰ মাজত উৎসৱ পালনৰ পদ্ধতি সুকীয়াৰূপে বিকশি উঠে। কিন্তু ৰঙালী বিহুৰ ৰং-ৰইচৰ মাজত যেন অসমীয়া মানুহৰ প্ৰাণৰ স্পন্দন আৰু জাতীয় সৌন্দর্য অধিক বৰ্ণিল হৈ পৰে।
গৰু বিহুৰ দিনা,গৰুক নৈ লৈ নিয়াৰ এক হেৰাই যাবলৈ ধৰা দৃশ্য (ছবি: চামচুল হুদা পাটগীৰি)
জাতীয় জীৱনৰ উচ্ছাহ, আৱেগ অনুভূতি এই বিহুৰ সৈতে সংপৃক্ত হৈ পৰে। আহোমৰ দিনত বিহুৱে ৰাজকীয় স্বৰূপ লাভ কৰি আমাৰ সাংস্কৃতিক জীৱনৰ এক শক্তিশালী সোঁতলৈ ৰূপান্তৰিত কৰে। সাত বিহুৰ নামেৰে নামাংকিত ব'হাগ বিহুত গৰু বিহুৱে অসমীয়া জাতিৰ প্ৰাণীৰ প্ৰতি থকা সহৃদয়তাক, প্ৰকৃতিৰ প্ৰতি থকা গভীৰ অনুৰাগকে সূচায়। আদিম মানুহে নিজৰ কৃষি কাৰ্য সুচাৰুৰূপে পালন কৰিবলৈ গৰুক অতি শ্ৰদ্ধা আৰু ভক্তি সহকাৰে আত্মিকতা প্রকাশ কৰিছিল। সেইবাবেই ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত গৰুৰ এক সুকীয়া স্থান আছে।
ব'হাগ বিহুৰ মূল তাৎপৰ্য হৈছে প্ৰকৃতিৰ পৰিৱৰ্তনমুখী যাত্ৰা পথত কৃষিয়ে যাতে চহা জীৱন যাত্ৰাক সূচল কৰি তুলিব পাৰে তাৰ বাবে ভৱিষ্যমুখী আশাক সজীৱ কৰি তোলা। কৃষিৰ স'তে গৰুৰ সম্পর্ক ওতঃপ্রোত। এই উৎসৱৰ মূল উদ্দেশ্যক প্ৰতিফলিত কৰিব পৰাকৈ ব'হাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপিত কৰা হয়। আহোম ৰাজকীয় শাসন ব্যৱস্থাৰ মাজত গৰুক প্ৰধান গুৰুত্ব দি প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপিত কৰাৰ পৰম্পৰাৰ সূচনা হয়।
গৰু বিহু পালনৰ জৰিয়তে প্ৰকৃতি আৰু প্ৰাণীৰ সম্পৰ্কক ভক্তিভাৱেৰে উদ্ভাষিত কৰা হয়। বড়ো জনগোষ্ঠীৰ ৰঙালী বিহু উদযাপনত গৰু বিহুৰ এক বিশেষ তাৎপর্য আছে। বড়োসকলে দুই ধৰণে ৰঙালী বিহু অৰ্থাৎ ৰংজালী বৈছাগু পালন কৰে। মীচৌ ছান (গৰু বিহু) আৰু মানছি ছান(মানুহ বিহু) নামেৰে ৰঙালী বিহু পালিত হয়। গৰু বিহুৰ জৰিয়তে কৃষিজীৱী ৰাইজৰ প্ৰকৃত বন্ধু গৰুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। চ'তৰ সংক্ৰান্তিত পালিত গৰু বিহুক দেৱতা জ্ঞান কৰি ভক্তিভাৱৰ প্ৰকাশ দেখিবলৈ পোৱা যায়।
শদিয়াৰ মিচিং সম্প্ৰদায়ৰ গৰুক লৈ বিহু উদযাপন কৰাৰ এক দৃশ্য (ছবি: চামচুল হুদা পাটগীৰি)
‘অসমৰ জনজাতি আৰু সংস্কৃতি গ্ৰন্থ'ত উল্লেখ কৰিছে যে এই দিনাখন বড়োসকলে দোকমোকালিতে ঘৰৰ সকলোৱে উঠি নিজৰ নিজৰ কামত লাগি যায়। আগদিনাখনে গোটাই থোৱা মাহ, হালধি, লাউ, বেঙেনা ইত্যাদিবোৰ ডোখৰ ডোখৰকৈ কাটি বাঁহৰ শলাৰে ভালেকেইডাল মালা গাঁথে আৰু গৰু ম'হক সৰিয়হ তেল আৰু লাউপাতৰ লগত ভাত ৰন্ধা হান্দিৰ (চৰুৰ) তলত থকা এঙাৰখিনি চাঁচি একেলগ কৰি পিহি লয় আৰু তিনিডাল তৰা গছ একেলগে বান্ধি লৈ তাৰ তলৰ সমান অংশটো পিহি লোৱা বস্তুত ঘঁহি লৈ গৰু-ম'হৰ গাত পতকা-পতকি চাব মাৰি দিয়ে আৰু মাহ হালধি, সৰিয়হ সনা তেল গৰু-ম'হৰ শিং আৰু খুড়াত ঘঁহি দিয়ে।
ডেকাচামে আৰু গৰখীয়াবিলাকে গোহালিৰ পৰা গৰু, ম'হ উলিয়াই বিল, জান,জুৰি নৈৰ ঘাটলৈ দীঘলতি, মাখীয়তিৰে কোবাই লৈ যায়। তাৰ পিছতে গা ধুওৱাৰ পৰ্ব আৰম্ভ হয়। ঘৰৰ পৰা লগত কঢ়িয়াই নিয়া লাউ, বেঙেনা, হালধীৰ টুকুৰাবোৰ গৰু মহ'ৰ গালৈ ছটিয়াই দিয়ে। গধূলি সময়ত গৰু-ম'হবোৰক দীঘলতী, মাখীয়তি, তৰাবোৰেৰে কোৱাই ঘৰলৈ খেদি আনে আৰু নতুন পঘাৰে বান্ধে ৷ এই নতুন পঘাৰে গৰুবোৰ বন্ধাৰ আগতে চোতালৰ উত্তৰ-পূব দিশত থকা বাথৌ বেদীৰ ওচৰত পৱিত্ৰ পানীৰে ঠাইডোখৰ মচি-কাচি এখিলা আগলি কলাপাত মাটিত পাৰি তাৰ ওচৰত এযোৰ তামোল-পাণ, মাটিৰ চাকি জ্বলাই পাতৰ ওপৰত পঘাবোৰ ৰাখি সৃষ্টিকৰ্তা বীৰাই বাথৌ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, যাতে গৰু-ম'হবোৰক মাৰি মৰকে লম্ভিৱ নোৱাৰে।
অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীয়ে উদযাপন কৰা ৰঙালী বিহুত গৰুক বিশেষ গুৰুত্ব প্রদান কৰে। প্ৰকৃততে কৃষি কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে সম্পর্কিত বাবেই গৰুক ভক্তিভাবেৰে সৰ্বাধিক গুৰুত্ব দিয়াটো, এই বিহুৰ অন্যতম বৈশিষ্ট্য। গৰু বিহু জনজাতীয় সংস্কৃতিৰ প্ৰতিফলন বুলি কোৱাৰ অৱকাশ আছে। গৰুক গা ধুৱাই পৱিত্ৰ কৰা আৰু নিৰোগী কৰি ৰখাৰ বাবেই মাহ-হালধি সনা হয়।
গৰুবোৰক গা ধুওৱা পৰ্ব শেষ হোৱাৰ পিছত গৰুবোৰক অলপ বিচি গাত মাখিয়তীৰ সৰু সৰু ডালেৰে মাৰি গোৱা হয়.... " মাখিয়তীৰ মাখি পাত মাখি মা জাত জাত" (ছবি: চামচুল হুদা পাটগীৰি)
“দীঘলতী দীঘল পাত
মাখি মাৰো জাত জাত
লাউ খা, বেঙনা খা,
বছৰে বছৰে বাঢ়ি যা।
মাৰে সৰু, বাপেৰ সৰু
তই হবি বৰ গৰু।”
এনে ধৰণৰ প্ৰবচন বড়ো জনগোষ্ঠীৰ পৰা অদ্ভুত বুলি ক'ব পাৰি। কৃষকে বিচাৰে নিজৰ খেতি পথাৰ শস্য শ্যমলা হওঁক। নদন-বদন হওঁক ভঁড়াল। ইয়াকে কৰিবলৈ হ'লে নিজৰ শ্ৰমৰ লগতে গৰুৰ প্রয়োজনীয়তাক মানি লোৱা হৈছিল। গৰুৱে যাতে নতুন বছৰত শৰীৰত শক্তি বৃদ্ধি কৰি কৃষকক কৃষি কার্যত সহায় কৰিব পাৰে, সেই উদ্দেশ্যৰে গোমাতাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে।
ভাৰতীয় দৰ্শনত গৰুক দিয়া গুৰুত্ব গৰু বিহুৰ মাজেৰে উদ্ভাষিত হৈ উঠে। অসমীয়া সমাজৰ সভ্যতা আৰু সংস্কৃতিত গৰুৰ স্থান গৰু বিহুৰ জৰিয়তে সহজে নির্ণয় কৰিব পাৰি। ভাৰতীয় দৰ্শনত গৰুক মাতৃ হিচাপে পূজা কৰি অহা হৈছে। ৰঙালী বিহুৰ উদ্দীপনা, ৰং-ৰইচৰ মাজত গৰু বিহুৱে ভাৰতীয় কৃষি ভিত্তিক সংস্কৃতিৰ এক বর্ণময় দিশ প্ৰকট কৰে।