জাফৰ আলীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হিন্দু দেৱ-দেৱীৰ হাজাৰ হাজাৰ মৃন্ময় মূৰ্তি

Story by  atv | Posted by  Munni Begum • 11 Months ago
মূৰ্তি নিৰ্মানত ব্যস্ত জাফৰ আলী
মূৰ্তি নিৰ্মানত ব্যস্ত জাফৰ আলী
 
মনজিৎ কলিতা
 
সৰগৰ ঈশ্বৰে মৰতৰ সন্তানৰ ধৰ্মৰ কথা নাজানে৷ নাজানে পৃথিৱীৰ মনুষ্যৰ উপাসনাৰ পদ্ধতি৷ সন্তানৰ স্তুতিৰ পদ্ধতি যে ভিন্ন সেয়াও নাজানে ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাই৷ পিছে চিৰন্তন নিয়ম অনুসৰিয়েই সকলো সন্তানকে সমান পৰিচৰ্যা কৰে সৰগৰ ঈশ্বৰে৷ 
 
সকলোৰে মংগলৰ অৰ্থে সামৰ্থ দান কৰে সৃষ্টিকৰ্তাই৷ নিজৰ সক্ষমতা অনুসৰি ভিন্নধৰণে কৰে ঈশ্বৰ উপাসনা৷ কৰ্মই ধৰ্ম বুলি গণ্য কৰি তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তেই সৰগৰ দেৱ-দেৱতালৈ ষোড়শোপচাৰ আগবঢ়ায়৷ পিছে পৃথক ধৰ্মীয় পৰিচয় সত্ত্বেও দেৱীবন্দনাত ব্যস্ত দেশৰ এজন পুৰণি শিল্পীয়ে সকলোকে শাৰদীয় বতৰত আকৰ্ষণ কৰিছে৷
 
জাফৰ আলীয়ে প্ৰস্তুত কৰা এটা ৰাৱণৰ মূৰ্তি
 
পৱিত্ৰ নগৰী মথুৰানিৱাসী লোকজনৰ নাম জাফৰ আলী৷ উত্তৰ প্ৰদেশৰ বিস্তৃত এলেকাত মূৰ্তি আৰু প্ৰতিকৃতি নিৰ্মাণৰ শিল্পৰ বাবে তেওঁ বিখ্যাত৷ সচৰাচৰৰ তুলনাত শাৰদীয় বতৰত তেওঁৰ ব্যস্ততা বাঢ়ে৷ দুৰ্গোৎসৱৰ আগে আগে ব্যস্ততাৰ অন্ত নোহোৱা হয় ইছলামধৰ্মী লোকজনৰ ৷ 
 
অৱশ্যে কেবাদশকজুৰি এই প্ৰক্ৰিয়া চলি আহিছে৷ মন্দিৰ নগৰীতে জন্মলাভ কৰা জাফৰ আলীৰ পৰিয়ালে পূৰ্বে ৰাৱণ দহনৰ বাবে পুত্তলিকা নিৰ্মাণ কৰিছিল৷ ভাৰতৰ বিভিন্ন অংশত জ্বলিছিল ইছলামধৰ্মী জাফৰ আলীয়ে তৈয়াৰ কৰা পুত্তলিকা৷ খেৰেৰে দশমুণ্ডৰ সাইলাখ ৰাৱণৰ পুত্তলিকা তৈয়াৰ কৰিব পৰা আলীয়ে বিগত ৪০ বছৰে বাহাল ৰাখিছে এই প্ৰক্ৰিয়া৷ 
 
অৱশ্যে কেৱল খেৰেৰেই পুত্তলিকা তৈয়াৰতে তেওঁৰ কাম সীমাবদ্ধ নহয়৷ জাফৰ আলীৰ সুদক্ষ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মৃন্ময় মূৰ্তিয়েও৷ নিজৰ ধৰ্মীয় পৰিচয় অক্ষুণ্ণ ৰাখিও জাফৰ আলীয়ে মাটিৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিছে৷ তেওঁৰ হাতৰ পৰশত চৈতন্য ৰূপ লাভ কৰিছে দেৱ-দেৱতাৰ হাজাৰ-বিজাৰ মূৰ্তিয়ে৷
 
উত্তৰ ভাৰতৰ বৃহৎ অংশত পূজা আয়োজনৰ অভিন্ন অংগ জাফৰ আলীৰ পূৰ্বপুৰুষো একেটা বৃত্তিৰেই জড়িত আছিল৷ তেওঁৰ তিনিটা পুৰুষে মথুৰাত বসবাস কৰিয়েই নিৰ্মাণ কৰিছিল হিন্দু দেৱ-দেৱতাৰ মূৰ্তি৷ অৱশ্যে বিগত সময়ত জাফৰ আলী মৃন্ময় মূৰ্তি নিৰ্মাণত পাৰ্গত নাছিল৷ তেওঁ কেৱল পূৰ্বপুৰুষৰ দীক্ষা অনুসৰি বিজয়া দশমীত দহনৰ বাবে ৰাৱণৰ মূৰ্তিয়েই তৈয়াৰ কৰিছিল৷ 
 
জাফৰ আলীয়ে নিৰ্মাণ কৰা ৰাৱণৰ মূৰ্তিত তেওঁ এগৰাকী সহযোগীৰ হাতৰ পৰশ
 
বৰ্তমানো এই পাৰিবাৰিক ব্যৱসায় তেওঁ পৰিত্যাগ কৰা নাই৷ বিগত বৰ্ষত দিল্লীৰ ৰামলীলা ময়দানত দাহ কৰা ১০০ ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তিও নিজ হাতেৰে প্ৰস্তুত কৰিছিল অখ্যাত শিল্পী জাফৰ আলীয়ে৷ কিন্তু এই শিল্পক কেৱল ব্যৱসায় হিচাপেই অভিহিত কৰিবলৈ অসন্মত জাফৰ আলী৷ তেওঁ কেৱল ধন উপাৰ্জন আৰু পেট প্ৰৱৰ্তনৰ বাবে মূৰ্তি নিৰ্মাণ নকৰে বুলিও বাৰম্বাৰ ব্যাখ্যা কৰিছে৷ জাফৰ আলীৰ মতে সমান পৰিমাণৰ ধন উপাৰ্জনৰ অৰ্থে তেওঁৰ সন্মুখত আন কেবাটাও পথ খোলা আছে৷ কিন্তু অদৃষ্টৰ প্ৰতি থকা অগাধ ভক্তিৰ বাবে তেওঁ বাছি লৈছে কৰ্মৰ জৰিয়তে ঈশ্বৰ উপাসনাৰ পথ৷ তদুপৰি মূৰ্তি নিৰ্মাণৰ বাবে তেওঁৰ পন্থা হৈছে পৰিৱেশ-মিত্ৰ, প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈ তেওঁ সাজি উলিয়াই বিশাল মূৰ্তি৷
 
ইছলাম পৰিয়ালৰ সন্তান জাফৰ আলীৰ পিতৃ আৰু পিতামহও আছিল সুদক্ষ শিল্পী৷ মন্দিৰ নগৰীতে তাহানিৰে পৰা বাস কৰাৰ হেতুকে হিন্দু ধৰ্মৰ প্ৰতিও তেওঁলোক শ্ৰদ্ধাশীল৷ স্ব-ধৰ্মীয় পৰিচয় অক্ষুণ্ণ ৰাখিও আলি আৰু তেওঁলোকৰ প্ৰতিৱেশীয়ে মথুৰাত অনুষ্ঠিত প্ৰতিটো হিন্দুধৰ্মীয় উৎসৱতে আগবঢ়াই সহায়ৰ হাত৷ দশেৰাৰ বাবে মূৰ্তি নিৰ্মাণৰ উপৰি মথুৰাৰ প্ৰতিটো উৎসৱতে তেওঁলোক হৈছে অন্যতম কৰ্মকৰ্তা৷ মন্দিৰ নগৰীতে বছৰৰ প্ৰতিটো ঋতুতে সমৱেত হোৱা লোকসকলকো তেওঁলোকে যথাসাধ্যে আপ্যায়ন কৰে৷
 
কেবাদশকজুৰি অব্যাহত ৰখা শিল্পকৰ্মৰ বাবে পৰিচিত জাফৰ আলীয়ে ভিন্ন সময়ত নানা দেৱ-দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰে৷ স্বাভাৱিকতে ৰমজানৰ ৰোজাৰ সময়তো কোনো বৰ্ষত অনুষ্ঠিত হয় পূজা৷ গতিকে ৰোজা ৰাখিও তেওঁ ব্ৰতী হৈ পৰে শিল্পকৰ্মত৷ উপবাসে থাকি জাফৰ আলীয়ে হিন্দুধৰ্মীৰ উপাসনাৰ বাবে নানাতৰহৰ মূৰ্তি তৈয়াৰ কৰে৷ এই পৰিক্ৰমা তেওঁ কেবাবছৰো বাহাল ৰাখিছে৷ জীৱনৰ বিয়লিলৈ নিজৰ দক্ষতাৰে ধৰ্ম নিৰপেক্ষতাৰ বাণী বিলাব বুলিও কৃতসংকল্প হৈছে এইজন লোক৷
 
ভিন্ন সময়ত অসূয়া-অপ্ৰীতিৰ বাতৰিয়ে সমাজখন ছানি ধৰাৰ সময়ত জাফৰ আলীৰ দৰে লোক যেন হৈ পৰিছে ঘন অৰণ্যত একুৰা জোৰৰ দৰে৷ সৰ্বত্ৰ সম্প্ৰীতিৰ বাণী বিলাই তেওঁ দশেৰাত দাহ কৰা ৰাৱণৰ দৰেই ছাৰখাৰ কৰিব বিচাৰিছে সামাজিক অশান্তি৷ তদুপৰি কেৱল মূৰ্তি নিৰ্মাণতে নিজৰ দায়িত্ব শেষ হোৱা বুলিও কোনোকালে বিবেচনা কৰা নাই এইজন মুছলমান লোকে৷ তেওঁ নিজৰ ক্ষুদ্ৰ উদ্যোগত সহকাৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে বহুকেইজন হিন্দু শিল্পীক৷ সকলোৱে মিলি উৎসৱৰ বাবে নিৰ্মাণ কৰিছে সুন্দৰ মূৰ্তি৷
 
দূৰ্গা পূজাৰ বাবে জাফৰ আলীয়ে নিৰ্মাণ কৰা মূৰ্তি
 
দেশৰ হিন্দী বলয়ৰ পৰিচিত নাম জাফৰ আলীয়ে বিগত দুই দশকজুৰি দেৱ-দেৱতাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰি ভিন্নপ্ৰান্তলৈ শিল্পকৰ্মৰ যোগান ধৰিছে৷ পিতৃ-পিতামহৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ দেৱভূমি মথুৰাৰ পৰা বিলাইছে সম্প্ৰীতিৰ বতৰা৷ তেওঁৰ কৰ্মই উত্তৰ প্ৰদেশত বিয়পাই তুলিছে সম্প্ৰিতিৰ সুগন্ধি৷
 
আনহাতে শাৰদীয় উৎসৱৰ প্ৰাকক্ষণত এতিয়া আজৰি নাই এইজন শিল্পীৰ৷ মৃন্ময় মূৰ্তিৰ লগতে নানা কাৰুকাৰ্যৰে সকলো ধৰণৰ শিল্প তেওঁ প্ৰস্তুত কৰিছে৷ হিন্দুধৰ্মীয় উৎসৱৰ সময়ত দলদোপ-হেন্দোলদোপ হৈ পৰিছে জাফৰ আলীৰ ঘৰ৷ বিভিন্ন ধৰণৰ মূৰ্তি বিচাৰি তেওঁৰ ঘৰত ভিৰ কৰিছে পূজা আয়োজকে৷৷ দশেৰাৰ বাবে তেওঁ আৰম্ভ কৰিছে দশমুণ্ডধাৰী ৰাৱণৰ প্ৰতিকৃতি নিৰ্মাণৰ প্ৰস্তুতি৷ লগতে সাজিছে ধনুৰ্ধৰ ৰামচন্দ্ৰকো৷ 
 
(লেখক এগৰাকী নিবন্ধকাৰ আৰু ব্ল’গাৰ)