হনুমান জয়ন্তী উপলক্ষে জবলপুৰৰ মন্দিৰত আগবঢ়োৱা হৈছে পৰম্পৰাগত ব্যঞ্জন আৰু ৫,০০০ কেজিৰ বিশাল লাড়ু

Story by  atv | Posted by  [email protected] • 3 d ago
হনুমান জয়ন্তী উপলক্ষে জবলপুৰৰ মন্দিৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত ব্যঞ্জনেৰে সাজু কৰা হৈছে মহা থালি
হনুমান জয়ন্তী উপলক্ষে জবলপুৰৰ মন্দিৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত ব্যঞ্জনেৰে সাজু কৰা হৈছে মহা থালি
 
জবলপুৰ

হনুমান জয়ন্তী উপলক্ষে জবলপুৰৰ পাচমাথা মন্দিৰ (Pachmatha Temple)ত সমগ্ৰ ভাৰতৰ ৫৬বিধ পৰম্পৰাগত ব্যঞ্জন আৰু ৫,০০০ কেজিৰ বিশাল লাড়ুৰে এক বিশেষ মহা থালি প্ৰস্তুত কৰা হৈছে। ৰূপালী জয়ন্তী উপলক্ষে হনুমান মন্দিৰ সেৱা সমিতি আৰু মহিলা মণ্ডলে তিনিদিনীয়াকৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে।
 
মহাবীৰ হনুমান হৈছে ভগৱান ৰামৰ প্ৰিয় ভক্ত। সৰ্বশক্তিমান হনুমানে লংকাৰ ৰজা ৰাৱণক পৰাস্ত কৰাত ৰামৰ জয় আৰু সীতা মাক উদ্ধাৰত সহায় কৰিছিল।
 
পাচমাথা মন্দিৰৰ মহা থালিয়ে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ধাৰণাটো প্ৰতিফলিত কৰে। কাশ্মীৰৰ শুকান ফল, গুজৰাটৰ ফাফদা-জালেবি আৰু ঢোকলা, উত্তৰ প্ৰদেশৰ লায়িয়া, বানাৰসী পান আৰু লাছি, বেল শৰবাত আৰু বিহাৰৰ লিট্টি-চোখাওৰে মহা থালি প্ৰস্তুত কৰা হৈছে।
 
১০০০ কেজিৰ লাড়ু
 
এএনআইৰ সৈতে হোৱা কথা-বতৰাত জগদগুৰু ৰাঘৱ দেৱাচাৰ্যই কয় যে হনুমান জীৰ শক্তিয়ে আমাক সোঁৱৰাই দিয়ে যে "আমি প্ৰকৃতাৰ্থত কোন। যেনেকৈ তেওঁ ভগৱান ৰামৰ সৈতে খোজ কাঢ়ি নিজৰ উদ্দেশ্য বিচাৰি পাইছিল, আমিও তেওঁৰ (হনুমান জী) আত্মাৰ সৈতে সংযুক্ত হৈ নিজৰ হিন্দু পৰিচয় উপলব্ধি কৰিব পাৰো আৰু প্ৰকাশ কৰিব পাৰো।"
 
থালি প্ৰস্তুতৰ সৈতে জড়িত অন্যতম ভক্ত শ্ৰদ্ধাই কয় যে এই থালিয়ে দেশৰ চুকে-কোণে প্ৰচলিত বিভিন্ন খাদ্য সম্ভাৰক একত্ৰিত কৰে। "কাশ্মীৰৰ পৰা আমি শুকান ফল, গুজৰাটৰ পৰা ফাফদা, জালেবি, আৰু ঢোকলা আদি অন্তৰ্ভুক্ত কৰিছো। উত্তৰ প্ৰদেশে লায়িয়া পঠিয়াইছে, বেনাৰসত বিখ্যাত পান, লাছি, আৰু বেল শৰবাট আছে, বিহাৰৰ লিট্টি চোখাও থালিৰ অংশ। প্ৰতিটো বস্তু মৰমেৰে প্ৰস্তুত কৰা হৈছে।"-যুৱতীগৰাকীয়ে কয়। 
উল্লেখ্য যে, হনুমান জয়ন্তী হনুমান ভগৱানৰ জন্মৰ দিন আৰু হিন্দু চৈত্ৰ মাহৰ পূৰ্ণিমাৰ দিনা এই অনুষ্ঠান পালন কৰা হয়। চৈত্ৰ পূৰ্ণিমা নামেৰেও এই দিনটোক জনা যায়। এই শুভ অনুষ্ঠানত হিন্দু ভক্তসকলে উপবাসে থাকি বীৰ হনুমানক পূজা আগবঢ়ায়। ভক্তসকলে হনুমান মন্ত্ৰ জপ কৰি ভগৱান হনুমানৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰে। হিন্দু ধৰ্মত হনুমানক মহাবীৰ, সংকটমোচক, বিপদৰ পৰা উদ্ধাৰকাৰী, বিঘিনিনাশক দেৱতা বুলি গণ্য কৰা হয়। 
 
হনুমান জয়ন্তী উপলক্ষে ভক্তসকলে সংকটমোচক হনুমানক সন্তুষ্ট কৰিবলৈ আৰু ভগৱান হনুমানৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ হনুমান চালিচা জাপ কৰে।