কাৱালী আৰু নামাজেৰে সামৰণি পৰে হজৰত নিজামুদ্দিন আউলিয়াৰ উৰুছ

Story by  atv | Posted by  Munni Begum • 1 Years ago
হজৰত নিজামুদ্দিন আউলিয়া চিষ্টিৰ মৃত্যু বাৰ্ষিকী উপলক্ষে উৰুছ উদযাপন
হজৰত নিজামুদ্দিন আউলিয়া চিষ্টিৰ মৃত্যু বাৰ্ষিকী উপলক্ষে উৰুছ উদযাপন
 
মহম্মদ আক্ৰাম / নতুন দিল্লী
 
আধ্যাত্মিক সন্ত হজৰত নিজামুদ্দিন আউলিয়া চিষ্টিৰ মৃত্যু বাৰ্ষিকী উপলক্ষে  পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৭২০ তম উৰুছৰ সমৰণি পৰে। উৰুছৰ বাবে হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহ প্ৰশাসনৰ উদ্যোগত বিশেষ পেণ্ডেল সাজি দৰগাহটো আটকধূনীয়াকৈ সজাই তোলা হৈছিল। ইয়াৰোপৰি দৰগাহৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল ৰঙীন বৈদ্যুতিক লাইটবোৰে।   
 
উৰুছৰ সমৰণি অনুষ্ঠান উপলক্ষে দৰগাহৰ ইমাম ইছলাম নিজামীয়ে দেশৰ উজ্জ্বল ভৱিষ্যত, শান্তি আৰু পেলেষ্টাইনত শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰাৰ্থনা কৰে। এই প্ৰাৰ্থনাত শ শ লোকে অংশগ্ৰহণ কৰিছিল। উৰুছৰ সমৰণিৰ দিনা দিল্লী চৰকাৰৰ খাদ্য আৰু যোগান মন্ত্ৰী ইমৰাণ হুছেইনে অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ হৈ দৰগাহলৈ পৰম্পৰাগত চাদৰ আগবঢ়াইছিল। এই সময়ত মুখ্যমন্ত্ৰীৰ হৈ হুছেইনে দিল্লী আৰু দেশবাসীৰ বাবে সুখ, সমৃদ্ধি আৰু শান্তিৰ লগতে ভাৰতক বিশ্বৰ ১ নম্বৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবেও প্ৰাৰ্থনা কৰে।   
 
হজৰত নিজামুদ্দিন আউলিয়াৰ উৰুছ
 
উৰুছলৈ পাকিস্তানকে ধৰি বহিঃৰাজ্যৰ পৰাও বহু তীৰ্থযাত্ৰীৰ আগমন ঘটিছিল। দৰগাহত নিৰন্তৰ কাৱালী পৰিৱেশনৰ জৰিয়তে আউলিয়া হিন্দ হজৰত নিজামুদ্দিনলৈ এক সুন্দৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শেষত লাংগাৰ বিতৰণ কৰি প্ৰাৰ্থনা কৰা হয়। জানিব পৰা মতে, এইবাৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী আৰু ভক্তসকলে উৰুছত অংশগ্ৰহণ কৰিছে। য’ত পাকিস্তান, বাংলাদেশকে ধৰি বহু দেশৰ তীৰ্থযাত্ৰীৰ সমাগম ঘটিছিল।       
 
দৰগাহ হজৰত নিজামুদ্দিনৰ সংৰক্ষক কাচিফ আলী নিজামীয়ে কয় যে এইবাৰো পাকিস্তানৰ পৰা বহু তীৰ্থযাত্ৰী আহিছে। পাকিস্তানৰ পৰা অহা তীৰ্থযাত্ৰীৰ সংখ্যা আছিল প্ৰায় ১৩০ জন। ইয়াৰে অধিকাংশই পাহাৰগঞ্জৰ হোটেলত সময় কটাইছিল। হজৰত নিজামুদ্দিন আউলিয়াৰ বাৰ্ষিক উৰুছ ৰবি-উল-ছানী মাহৰ ১৬ তাৰিখৰ পৰা আৰম্ভ হৈ আৰু পাঁচ দিন ধৰি চলে।  
 
এই উৰুছৰ জৰিয়তে তেওঁলোকে এখন সুস্থ সমাজ গঢ়াৰ লগতে মানৱতাৰ পথ প্ৰসস্থ কৰাৰ বাবে বৰ্তা বিলাই আহিছে। উৰুছ উপলক্ষে খাদ্য আৰু যোগান মন্ত্ৰী ইমৰাণ হুছেইনে কয় যে চুফী সন্তসকলৰ অৱদানে কেৱল আমাৰ সামাজিক তন্ত্ৰক শক্তিশালী কৰাই নহয় তেওঁলোকৰ চিন্তাধাৰাও আদৰ্শগত হয়। নিজামুদ্দিন আউলিয়াই এতিয়াও মানুহৰ হৃদয় আৰু মনত এক বিশেষ স্থান দখল কৰি আছে। 
 
হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহত উৰুছ উৎসৱ
 
সম্প্ৰতিও নিজামুদ্দিন আউলিয়াৰ চিন্তা আৰু আদৰ্শ বহুসংখ্যক লোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। উৰুছ হৈছে হজৰত নিজামুদ্দিন আউলিয়াৰ জীৱন আৰু চিন্তাৰ উৎসৱ। তেওঁৰ বাৰ্তাসমূহে সমাজৰ লগতে মানৱতাৰ পথ প্ৰশস্ত কৰে।
 
১ নৱেম্বৰৰ পৰা হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহত উৰুছ উৎসৱ আৰম্ভ হৈছিল। জানিব পৰামতে ১ নৱেম্বৰত নাট, কোৰআন পাঠ আৰু উৰুছ সমাৰোহৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল। বৃহস্পতিবাৰৰ নিশাৰ ভাগত প্ৰায় ৮ বজাত কোৰআন পাঠৰ অন্তত ৰুজা শ্বৰীফত বিশেষ নমাজ পঢ়া হৈছিল, তাৰ পিছত লেংগাৰ আৰু তবৰুকৰ আয়োজন কৰা হৈছিল। আনহাতে ৩ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা কোৰআন পাঠ আৰম্ভ কৰা হৈছিল। একেদৰে শনিবাৰে পুৱা কোৰআন পাঠ কৰি সমগ্ৰ বিশ্বতে শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা হয় আৰু ওৰেনিশা কাৱালী পৰিৱেশন কৰা হৈছিল।  
 
উৰুছত বিভিন্ন ধৰ্মৰ লোকে সেৱা জনাইছিল। আলতামাছ নিজামীয়ে লগতে কয় যে এইবাৰো উৰুছত অংশগ্ৰহণ কৰিবলৈ  পাকিস্তানৰ পৰা সৰহ সংখ্যক তীৰ্থযাত্ৰী আহিছে। দৰগাহৰ আন এজন সেৱক চৈয়দ ওমান নিজামীয়ে কয় যে উৰুছ উপলক্ষে বিভিন্ন ধৰ্মৰ লোক দৰগাহলৈ মূৰ দোৱাই সেৱা কৰিবলৈ আহিছে।  
 
হজৰত নিজামুদ্দিন আউলিয়া দৰগাহৰ ভিতৰৰ এক দৃশ্য
 
হজৰত নিজামুদ্দিন আউলিয়া এগৰাকী আধ্যাত্মিক সন্ত আছিল। ১২৩৮ চনত উত্তৰ প্ৰদেশৰ বদৌন নামৰ এখন সৰু ঠাইত হজৰত নিজামুদ্দিন আউলিয়াৰ জন্ম হৈছিল। তেওঁ চিষ্টী সম্প্ৰদায়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দিল্লীলৈ যাত্ৰা কৰিছিল। ইয়াত তেওঁ গ্যাৰসপুৰত বসতি স্থাপন কৰি মানুহক প্ৰেম, শান্তি আৰু মানৱতাৰ পাঠ শিকাইছিল।  
 
নিজামুদ্দিন আউলিয়াই সদায় প্ৰচাৰ কৰিছিল যে সকলো ধৰ্মৰ মানুহে জাতি-ধৰ্ম-নিৰ্বিশেষে বাস কৰিব লাগে। তেওঁৰ জীৱনকালত হজৰত নাছিৰুদ্দিন মাহমুদ চিৰাগ দেহলৱী আৰু আমিৰ খুছৰোকে ধৰি বহু লোক তেওঁৰ অনুগামী হৈ পৰিছিল। 
 
১৩২৫ চনৰ ৩ এপ্ৰিলত নিজামুদ্দিন আউলিয়াৰ মৃত্যু হয় আৰু তাৰ পিছত তুগলাক বংশৰ বিখ্যাত শাসক মহম্মদ বিন তুগলাকে হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহ নিৰ্মাণ কৰে। তেওঁ হজৰত নিজামুদ্দিনৰ এগৰাকী অনুগামী আছিল। কেইবাশ বছৰৰ পাছতো হজৰত নিজামুদ্দিনৰ বংশধৰসকলেহে এই দৰগাহৰ চোৱাচিতা কৰি আহিছে।