হিন্দু ছেহ্‌ৰীৱালা : সম্প্ৰীতিৰ প্ৰেৰণাদায়ক নিদৰ্শন

Story by  atv | Posted by  [email protected] • 7 d ago
পুৰণি দিল্লীৰ ৰাজপথত ছেহৰীৱালা
পুৰণি দিল্লীৰ ৰাজপথত ছেহৰীৱালা
 
স্বপ্না দাস 

ছেহ্‌ৰী ৰমজান মাহৰ অবিচ্ছেদ্য অংশ। ৰোজা ৰখা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইফতাৰ কৰাৰ বিপৰীতে পুৱতি নিশাতেই ছেহ্‌ৰী কৰে। ছুহুৰ নামেৰেও পৰিচিত ছেহ্‌ৰী হৈছে পবিত্ৰ ৰমজান মাহত ৰোজা ৰখাৰ পূৰ্বে মুছলমানসকলে খোৱা পুৱাৰ আহাৰ, যিয়ে দিনটোৰ বাবে শক্তি আৰু পুষ্টি প্ৰদান কৰাৰ উপৰি ৰোজাৰ সময়ৰ শাৰীৰিক চাহিদাৰ সৈতে মোকাবিলা কৰাত সহায় কৰে বুলি কোৱা হয়। সাধাৰণতে সূৰ্যোদয় হোৱাৰ প্ৰায় এঘণ্টা আগতে খোৱা ছেহ্‌ৰী  খাদ্যাভ্যাস অনুসৰি ভিন্ন হয়, কিন্তু ই সাধাৰণতে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি আদিৰ উপাদান থকা সুষম খাদ্য হোৱা পৰিলক্ষিত হয়।

তদুপৰি ৰোজা ৰখা লোকসকলৰ মাজত আত্ম-অনুশাসন, ধৈৰ্য আৰু নেদেখাজনৰ প্ৰতি কৃতজ্ঞতাবোধ গঢ়ি তোলাত ছেহ্‌ৰীয়ে সহায় কৰে বুলিও কোৱা হয়। ছেহ্‌ৰীৰ বাবে সোনকালে সাৰ পাই ব্যক্তিসকলে আধ্যাত্মিক চিন্তা-চৰ্চাৰে দিনৰ আৰম্ভণি কৰিব পাৰে বুলিও বিভিন্নজনে মতপোষণ কৰে। 
 
ৰমজান মাহৰ এই ছেহ্‌ৰীৰ সৈতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক অনন্য পৰম্পৰা বিৰাজমান। 'ছেহ্‌ৰীৱালা' হিচাপে সেই পৰম্পৰা পৰিচিত। ৰমজানৰ সৈতে জড়িত এক হৃদয়স্পৰ্শী প্ৰথা হিচাপে অভিহিত ছেহ্‌ৰীৱালা পৰম্পৰা বিশেষকৈ দক্ষিণ এছিয়াৰ মুছলমান সংখ্যাগৰিষ্ঠ বহু প্ৰান্তত যুগ যুগ ধৰি ৰমজান মাহৰ অংশ হৈ আহিছে। 
 
বাৰানসীৰ কৈলাশ শৰ্মা
 
ছেহ্‌ৰীৱালা বুলিলে পবিত্ৰ ৰমজান মাহত মুছলমানক ছেহ্‌ৰী গ্ৰহণৰ বাবে জগাই তোলা ব্যক্তিক বুজায়। যিহেতু সূৰ্যোদয়ৰ প্ৰায় এঘণ্টা আগতেই ছেহ্‌ৰী কৰাৰ নিয়ম, সেয়ে ৰোজা ৰাখি নিদ্ৰামগ্ন হৈ থকাসকলক বিভিন্ন উপায়েৰে--- বিশেষকৈ ৰাস্তাই ৰাস্তাই বাদ্য বজাই ছেহ্‌ৰীৱালাই টোপনিৰ পৰা জাগ্ৰত কৰোৱাৰ দৰে দায়িত্ব স্বেচ্ছাই পালন কৰি আহিছে।
 
ছেহ্‌ৰীৱালাসকলে সূৰ্যোদয়ৰ ডেৰঘণ্টামান আগতেই ৰাজপথত উপস্থিত হৈ ৰোজা ৰাখোতাক ছেহ্‌ৰীৰ আগজাননী দিয়াৰ চেষ্টা কৰে। সাধাৰণতে তেওঁলোকে ঢোল বজোৱা, ঘণ্টা বজোৱা আৰু চিঞৰি চিঞৰি ধৰ্মীয় গান গাই মানুহক টোপনিৰ পৰা জগাই তোলাৰ নিচিনা পৰম্পৰাগত পদ্ধতি যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে।

ছেহ্‌ৰীৱালা পৰম্পৰা ভাৰতৰ লগতে বিশ্বৰ বহু ঠাইত এতিয়াও দেখা যায়। দিল্লীত ছেহ্‌ৰীৱালাসকলে পৰম্পৰাগতভাৱে ঢোল বজোৱা ছেহ্‌ৰীৰ বাবে ৰোজা ৰাখোতাক সাৰ পোৱাবৰ চেষ্টা কৰি সমগ্ৰ ৰমজান মাহৰ পুৱতি নিশা দিল্লীৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ বসতিপ্ৰধান অঞ্চলৰ আলি-পদূলি মুখৰিত কৰি তোলে। কলকাতাৰ মুছলমান অধ্যুষিত অঞ্চলসমূহতো ছেহ্‌ৰীৱালা পৰম্পৰা বিৰাজমান। কলকাতাত ঢোল, ঘণ্টা বজোৱাৰ লগতে লাউডস্পীকাৰৰ ব্যৱহাৰ ছেহ্‌ৰীৱালাই কৰা দেখা যায়।
 
আনহাতে, পাকিস্তানৰ লাহোৰত অৱস্থিত ঐতিহাসিক ৱাজিৰ খান মছজিদৰ ওচৰৰ স্থানত ছেহ্‌ৰীৰ বাবে ৰোজা ৰাখোতাক জগাই তুলিবলৈ পৰম্পৰাগত পদ্ধতিৰে ঢোল আৰু ঘণ্টা ব্যৱহাৰ কৰে ছেহ্‌ৰীৱালাসকলে। বাংলাদেশৰ ঢাকাতো ছেহ্‌ৰীৱালা পৰম্পৰা চলি আছে। ঢাকাত ছেহ্‌ৰীৱালাসকলে লাউডস্পীকাৰ সজ্জিত চাইকেল চলাই ৰোজা ৰাখোতাক ছেহ্‌ৰীৰ বাবে জগোৱাৰ প্ৰয়াস কৰে। মধ্য প্ৰাচ্য, তুৰস্ক, ইজিপ্তকে ধৰি বিশ্বৰ অন্যান্য বিভিন্ন প্ৰান্তত এই ছেহ্‌ৰীৱালা পৰম্পৰা বিৰাজমান।
 

ছেহৰীৰ বাবে সাজু কৰা হৈছে সুস্বাদু খাদ্য
 
এই ছেহ্‌ৰীৱালা পৰম্পৰাৰ আৰম্ভণি অতি প্ৰাচীন। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাতেই ছেহ্‌ৰীৱালা পৰম্পৰাৰ আৰম্ভণি হোৱা বুলি জনা যায়। বিলাল ইছলামৰ প্ৰথমগৰাকী মুয়াজ্জিন---- অৰ্থাৎ মজছিদত আজান দিয়া ব্যক্তি হিচাপে পৰিচিত হজৰত বিলাল হাবাচীক ছেহ্‌ৰীৱালা পৰম্পৰাৰ বাটকটীয়া বুলিব পাৰি।
 
কাৰণ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত ৰোজা ৰখাটো বাধ্যতামূলক হিচাপে গণ্য কৰাৰ পিছত বোৱাৰী পুৱাতেই আল্লাহক উপাসনা কৰিবলৈ বুলি ফজৰৰ নামাজৰ বাবে ৰোজা ৰাখোতাক টোপনিৰ পৰা জাগ্ৰত কৰোৱাৰ চিন্তা-চৰ্চা কৰা হৈছিল। সেই সময়তে হজৰত বিলাল হাবাচীয়ে মদিনাৰ ৰাজপথত ফজৰৰ নামাজৰ পূৰ্বে হাতত বন্তি লৈ ঘূৰি ঘূৰি আধ্যাত্মিক গীত গাই মানুহক জগোৱাৰ প্ৰয়াস কৰিছিল।
 
ইয়াৰ অনুপ্ৰেৰণাতে পিছলৈ ছেহ্‌ৰীৱালা পৰম্পৰাৰ আৰম্ভণি হয়। প্ৰাচীন ছুডানৰ ৰাজপথত মাছাহাৰাতিয়ে লগত এটি শিশুক লৈ ৰাজপথত বিচৰণ কৰি একেই প্ৰয়াস কৰাৰ উপৰি উতবাহ ইবনে ইছাক নামৰ প্ৰাচীন ইজিপ্টৰ ৰজাজনে ঊনবিংশ শতাব্দীতে কেয়াৰৰ ৰাজপথলৈ নিজেই ওলাই আহি ফজৰৰ নামাজ আৰু ছেহ্‌ৰীৰ বাবে কবিতাৰ আবৃত্তিৰ নিচিনাকৈ "উঠা, জাগা, আল্লাহৰ নামাজ পঢ়াই" বুলি চিঞৰি চিঞৰি ৰোজা ৰাখোতাক টোপনিৰ পৰা জাগ্ৰত কৰোৱাৰ চেষ্টা কৰিছিল। ছেহ্‌ৰীৱালা ৰমজান মাহৰ এটা অনন্য পৰম্পৰা হিচাপে পৰিচিত।

ভাতৃত্ববোধেৰে একত্ৰিত কৰাৰ এক হৃদয়স্পৰ্শী উপায়ৰ লগতে ঐক্য আৰু সতীৰ্থতাৰ ভাৱনা গঢ়ি তোলাৰ প্ৰয়াস হিচাপে পৰিচিত ছেহ্‌ৰীৱালা পৰম্পৰাৰ সৈতে জড়িত হৈ ভাৰতৰে দুই-এগৰাকী হিন্দু লোকে এই বিশ্বাস প্ৰগ্ৰাঢ় কৰাৰ লগতে সম্প্ৰীতিৰ অনন্য নিদৰ্শন গঢ়িছে। তেনে এগৰাকী লোক কৈলাশ শৰ্মা, যাক 'হিন্দু  ছেহ্‌ৰীৱালা' হিচাপে অভিহিত কৰি অনেকে সম্প্ৰীতিৰ মূৰ্ত প্ৰতীক বুলিব খোজে।
 
বাৰানসীৰ কৈলাশ শৰ্মা নামৰ এজন লোকে প্ৰতিবছৰে ৰমজান মাহত ৰোজা ৰাখোতাক টোপনিৰ পৰা জাগ্ৰত কৰোৱাৰ বাবে ছেহ্‌ৰীৱালাৰ ভূমিকা স্বেচ্ছাই পালন কৰি আহিছে। পৰম্পৰাগতভাৱে ঢোল বজাই 'ছেহ্‌ৰী... ছেহ্‌ৰী...' বুলি চিঞৰি তেওঁ ৰোজা ৰাখোতাৰ নিদ্ৰা ভাঙে। "আমি সকলোৱে একেজন ভগৱানৰ সন্তান" বুলি গৌৰৱেৰে কোৱা কৈলাশ শৰ্মাই স্বেচ্ছাই ছেহ্‌ৰীৱালাৰ ভূমিকা পালন কৰি মানৱতাৰ প্ৰেমৰ সুবাসত সুবাসিত হোৱা বুলি হেনো অনুভৱ কৰে।
 
উত্তৰ প্ৰদেশৰ গুলাব যাদৱ
 
তেওঁৰ দৰেই যোৱা ৫০ বছৰ ধৰি উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ কৌৰিয়াতো নিবাসী গুলাব যাদৱৰ হিন্দু পৰিয়ালে গাঁওখনৰ মুছলমানসকলে ছেহ্‌ৰীৰ সময়মতে সাৰ পোৱাটো নিশ্চিত কৰিবলৈ স্বেচ্ছাই ছেহ্‌ৰীৱালাৰ ভূমিকা পালন কৰি আহিছে। দেউতাকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৪৫ বছৰীয়া গুলাব যাদৱ আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰ অভিষেকে সূৰ্যোদয়ৰ পূৰ্বে ৰোজা ৰাখোতাক টোপনিৰ পৰা জগোৱাৰ প্ৰয়াস কৰি আহিছে।
 
সেইমতে বাটৰ কুকুৰে যাতে আক্ৰমণ নকৰে তাৰ বাবে হাতত লাঠি লৈ পিতৃ-পুত্ৰই বাটে বাটে খোজকাঢ়ি গাঁৱৰ প্ৰতিটো মুছলমান পৰিয়ালৰ পদূলিত ৰৈ  ছেহ্‌ৰীৰ বাবে তেওঁলোকক জগাবলৈ চিঞৰে। ১৯৭৫ চনত পিতৃ চিৰকিত যাদৱে আৰম্ভ কৰা পৰম্পৰাক আগুৱাই লৈ যোৱা গুলাব যাদৱে ভাবে, "এনে মানৱতাৰ বন্ধুত্বক লালন-পালন আমি কৰিব লাগে য'ত ধৰ্ম কেতিয়াও বাধা নহয়। যদি আপুনি তেওঁলোকক খোজ কাঢ়ি মন্দিৰলৈ লৈ যায়, তেন্তে তেওঁলোকে আপোনাক খোজ কাঢ়ি মছজিদলৈ লৈ যাব পাৰিব লাগে।"

ছেহ্‌ৰীৱালা ৰমজান মাহৰ অনন্য পৰম্পৰা। আনহাতে, কৌৰিয়াতোৰ চিৰকিত যাদৱৰ পিছত তেওঁৰ পুত্ৰ গুলাব যাদৱ আৰু নাতিয়েক অভিষেক তথা বাৰানসীৰ কৈলাশ শৰ্মাই স্বেচ্ছাই ছেহ্‌ৰীৱালাৰ ভূমিকা পালন কৰি দেখুৱাই আহিছে সম্প্ৰীতিৰ অনন্য নিদৰ্শন। এওঁলোকৰ এই প্ৰয়াস প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক নহয়নে? 

(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখিকা)