ইতিহাস আৰু মোগল: কিছু চিন্তা

Story by  Mukut Sarma | Posted by  Munni Begum • 1 Years ago
মোগল সাম্ৰাজ্যৰ প্ৰতিনিধিত্বমুলক ছবি
মোগল সাম্ৰাজ্যৰ প্ৰতিনিধিত্বমুলক ছবি
 
  মুকুট শৰ্মা
 
মোগল বিতর্কই সমগ্ৰ ৰাজ্যখনৰ চিন্তাশীল আৰু জাতীয়তাবাদী শিবিৰত মৃদু ভূমিকম্পৰ সৃষ্টি কৰিছে। এনে সময়তে অসমত পাঠ্যপুথিকেন্দ্ৰিক বিতৰ্কৰ অন্তৰালত থকা কেতবোৰ অতি গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰিব বিচাৰিছো। আমাৰ নেতা-পালিনেতাসকলে অথবা জাতীয়তাবাদৰ ৰামনামী কাপোৰ গাত মেৰিয়াই আস্ফালন কৰি ফুৰাসকলে কথাবোৰ পাগুলিয়াই থাকোতেই সময় অতিবাহিত হয়। এইখিনিতে ৰাইজে ভাবিব পাৰে সৰ্বভাৰতীয় প্ৰেক্ষাপটত পাঠ্যপুথিত মোগল বিষয়ক কেতবোৰ কথা বাদ দিলে আমাৰ অসমীয়াৰ জাতীয়তাবাদ আৰু জাতি ধ্বংস কেনেকৈ হ'ব? আৰু ভাবিব পাৰে পাঠ্যপুথি বিতৰ্ক কেনেকৈনো হ'ব আমাৰ বুকুত চুৰিকাঘাত? তেনেহ'লে আহক অলপ ফঁহিয়াই চাওঁ -
 
আমি জানো, অতীতৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমানৰ ভেটি প্রস্তুত হয় আৰু বৰ্তমানৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যৎ তৈয়াৰ হয়। সেইবাবেই অতীত সম্পৰ্কত আমাৰ অজ্ঞানতা অতি ভয়ংকৰ আৰু ভৱিষ্যতৰ বাবে বিপজ্জনক বুলি আমি মানি ল'ব লাগিব।এইখিনিতে এগৰাকী বিশিষ্ট ভাৰতীয় ভি পি মেননৰ এটা বাক্য তুলি দিব বিচাৰিছো, “যে জাতি তার ইতিহাস ও ভূগোল ভুলে যায় তাৰ বিনাশ আসন্ন” (মুসলিম শাসন ও ভাৰতবর্ষ / নিত্যৰঞ্জন দাশ)। এইবাৰ বিশিষ্ট ইতিহাসবিদ Dianysius এ তেওঁৰ ইতিহাসৰ সংজ্ঞাত কৈছে - History is philosophy teachings by examples। মই ভাবো ইতিহাসৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব এই সৰু বাক্যটোৰে যথার্থভাৱে প্ৰকাশ কৰা হৈছে। এইখিনিতে ১৯১৫ চনত অনুষ্ঠিত ইতিহাস কংগ্ৰেছৰ সভাপতি হিচাপে ছাৰ যদুনাথ সৰকাৰৰ যি বক্তব্য আছিল সেয়া আছিল অত্যন্ত গুৰুত্বপূৰ্ণ।
 
ভাৰত বুৰঞ্জীত মোগল সম্ৰাটসকলৰ বিষয়ে লিখা কিছু কথা
 
যদুনাথ সৰকাৰে দিয়া বক্তব্যৰ এটা বাক্য আমি পঢ়ি চাওঁ - I would not care whether truth is pleasant or unpleasant and in consonance with or opposed to current views ... But I still shall seek truth, understand truth and accept truth. This should be the firm resolve of a historian. (Muslim sashan o Bharatbarsha/by Nitya Ranjan Das)| অর্থাৎ যদুনাথ সৰকাৰৰ মন্তব্যৰ সাৰাংশ হ'ল আমি সকলোৱে ইতিহাস বিষয়ত সত্যৰ অনুসন্ধানকাৰী হ'ব লাগিব আৰু সত্যক গ্ৰহণ কৰিব পাৰিব লাগিব। লগতে ঘটনাৰ যুক্তিপূর্ণ বিশ্লেষণেৰে সত্যৰ অৱতাৰণা কৰিব পাৰিব লাগিব।
 
সেই একে মতকেই প্রকাশ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে। তেওঁ উদ্দেশ্যপ্রণোদিতভাৱে অতীতৰ বিকৃতকৰণ কৰা অথবা ভুল ধাৰণা কিছুমানৰ প্ৰচাৰ কৰা কাৰ্য দেশৰ কাৰণে কেতিয়াও কল্যাণকামী হ’ব নোৱাৰে বুলি মত প্ৰকাশ কৰিছিল। কিন্তু এতিয়া আমি দেখিছো এডেও-দুডেও লোটা নিয়াৰ ছেও কৰি ক্ৰমে ক্ৰমে ইতিহাসৰ পাতৰ পৰা সত্যক বিসর্জন দিয়াৰ যি প্ৰস্তুতি চলিছে সেয়া আমাৰ বাবে, আমাৰ দেশৰ বাবে, আমাৰ ৰাজ্য আৰু ৰাজ্যবাসীৰ বাবে ভয়ানক দিনৰ আগলি বতৰা। অৱশ্যে ইতিহাস জোৰ কৰি সলনি কৰিব পাৰে, কিন্তু ইয়াক চিৰদিনৰ কাৰণে নোহোৱা কৰিব নোৱাৰে। ক্ষমতাত থকাসকলে সময়ে সময়ে নিজৰ স্বাৰ্থ বৰ্তাই ৰখাৰ বাবে ষড়যন্ত্রমূলকভাৱে বহু সত্যক অস্বীকাৰ কৰা দেখা গ'লেও এই সত্য আৰু বাস্তৱ জনতাৰ হৃদয়ৰ পৰা মচি দিয়া সম্ভৱপৰ নহয়। 
 
ভাৰত বুৰঞ্জী সম্বন্ধীয় কিছু কিতাপ
 
আমি কিয় ইতিহাস জানিব লাগে, ইয়াৰ আৱশ্যকতা কি, আমাৰ পৰিচয়, আমাৰ পূর্বজসকলৰ ইতিহাস এই কথাবোৰ আমি যদি নাজানো আমি আমাৰ সভ্যতা আৰু সংস্কৃতি চিনিব নোৱাৰিম। স্বদেশ আৰু স্বজাতি সম্পর্কে আমি অধ্যয়ন কৰিবলৈ হ'লে বুৰঞ্জী জনাটো আৱশ্যকীয়ই নহয় অত্যন্ত গুৰুত্বপূৰ্ণ। এইখিনিতে আমি জার্মান দার্শনিক মেক্সমুলাৰৰ বক্তব্য এটা চাওঁ আহক, যিটো বক্তব্য পঢ়িলে আৰু বুজিলে বুৰঞ্জীৰ প্রয়োজনীয়তা সম্পর্কে আমাৰ মনত এক বোধশক্তিৰ জন্ম হ’ব - Why do we want to know history? Why does history form a recognised part of our liberal education? Simply because all of us, and every one of us ought to know how we have come to be what we are...but what history has to teach us before all and everything, is our own ancestors, or own descent (F. Max muller- India-what can it teach us ? P - 15) এতিয়া এনেধৰণে বুৰঞ্জী আৰু ইতিহাসৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উদ্দেশ্যপ্রণোদিত নস্যাৎকৰণে এখন দেশ আৰু এটা জাতিৰ কিমান ক্ষতি কৰিব পাৰে তাক উদাহৰণ আৰু বিশিষ্ট ব্যক্তিৰ মতামতেৰে বুজাব গ’লে একোখন ৰামায়ণ হ'ব।
 
কিন্তু আজিৰ তাৰিখত এই ৰামায়ণ শুনিবলৈ কাৰো ধৈর্য নাই আৰু ৰামায়ণৰ কাহিনী শুনাবলৈও কথক নাই, যি এই কথা আওঁৰাব। স্বার্থ আৰু সুবিধাবাদৰ নজৰবন্দী আজিৰ সময়। ৰাজনৈতিক নেতাৰ স্বার্থসিদ্ধিৰ হাতোৰাত বন্দী হৈ আছে সেইসকল, যাৰ মুখৰফালে সাধাৰণ ৰাইজে চাই থাকে। এইসকল লোকে নিজে অমৃত পান কৰি ৰাইজৰ মাজত গড়ল ভাগ কৰি দি নীলকণ্ঠৰ ভাও জুৰি আহিছে। এইবাৰ আমি আলোচনাৰ গৰ্ভলৈ গৈ কিছু কথা মুক্ত মনেৰে আলোচনা কৰিব বিচাৰিছো।
 
গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰ নৈৰ মাজত থকা বীৰ লাচিতৰ সৈতে থকা সৈন্যৰ দলৰ প্ৰতিমূৰ্তি
 
১৫২৬ চনত পাণিপথৰ প্ৰথম যুদ্ধত বাবৰে ইব্রাহীম লোডীক পৰাস্ত কৰি ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ কৃতিত্ব অর্জন কৰিছিল। বাবৰৰ পিচত তেওঁৰ পুত্ৰ হুমায়ুন ৰজা হৈছিল। হুমায়ুনে ৰাজত্ব কৰিছিল প্রায় ২৬ বছৰ। হুমায়ুনৰ পিচত আকবৰ দিল্লীৰ সিংহাসনত বহিছিল আৰু পঢ়া-শুনা নথকা আকবৰে ৪৯ বছৰ শাসন চলাইছিল। এনেদৰে মোগলে প্রায় ২৩৫ বছৰ ভাৰতবৰ্ষত শাসন চলাইছিল।
 
মোগলৰ আগত মূল ভাৰতীয়সকল প্রায় ৩২০ বছৰ তুৰ্কী, পাঠান আদি মুছলমানৰ অধীনত আছিল। এই মোগলসকলৰ শাসনৰ এটা অংশ পলাচিৰ যুদ্ধৰ পৰা ব্ৰিটিছৰ হাতলৈ গৈছিল যদিও সম্পূর্ণ মোগল সাম্ৰাজ্যৰ অন্ত পৰিছিল প্রায় ১৮৫৭ চনত। এতিয়া মোগল সাম্ৰাজ্যৰ প্রতিষ্ঠাতা বাবৰৰ পূৰ্বপূৰুষ সম্পর্কে খুঁচৰি চালে দেখা যায় বাবৰৰ পূৰ্বপুৰুষসকল মংগোলীয়ান আছিল আৰু তেওঁলোক আছিল মুছলমান হত্যাকাৰী। অর্থাৎ মংগোলীয়ানসকলে বহু মুছলমানক হত্যা কৰাৰ অন্তত এটা ফৈদে ইছলাম গ্ৰহণ কৰে আৰু এই ফৈদৰে তৈমুৰৰ বংশধৰ মোগল। মোগল শাসনৰ অন্তত সমগ্ৰ ভাৰতবৰ্ষ ২০০ বছৰ ধৰি ব্ৰিটিছৰ অধীন হৈ আছিল।
 
মোগল সাম্ৰাজ্যৰ প্ৰতিনিধিত্বমুলক ছবি
 
এতিয়া এই মোগলসকলৰ বিষয়ে আমি যদি চাওঁ দেখিবলৈ পাম তেওঁলোকে অকল অস্ত্র-শস্ত্র বা সৈন্য-সামন্ত লৈয়ে ভাৰতভূমিত প্ৰৱেশ কৰা নাছিল। তাৰ লগে লগে তেওঁলোকে লৈ আহিছিল গ্ৰন্থ, স্থাপত্য আদিকে ধৰি অনেক সম্ভাৰ। ৰাজনৈতিকভাৱে ক্ষমতা বৰ্তাই ৰখাৰ স্বাৰ্থত মোগলে হত্যা-হিংসা আদি কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল যদিও তেওঁলোকে ভাৰতীয় সমাজ আৰু সভ্যতাৰ বাবে দি যোৱা যি অৱদান তাক কোনো কাৰণতে কেতিয়াও পাহৰিব নোৱাৰি।
 
আমাৰ ভাৰতবৰ্ষৰ শিখসকলৰ ইতিহাস, জাঠ আৰু ৰাজপুত্ৰসকলৰ ইতিহাস, বীৰ শিৱাজীৰ ইতিহাস পোনপটীয়াভাৱে মোগলৰ লগত সংযুক্ত। আমি মোগলক নস্যাৎ কৰা মানেই এই ইতিহাসসমূহক উপেক্ষা কৰা হ'ব। আমি শিৱাজীৰ কথা আলোচনা কৰিবলৈ হ'লে মোগলৰ কথা আলোচনা কৰিবই লাগিব। তেনেক্ষেত্ৰত মোগলক বাদ দি ভাৰতবৰ্ষৰ মোগল শাসনৰ সময়ৰ ২৩৫ বছৰৰ যি ইতিহাস, সেয়া আধৰুৱা হৈ ৰ'ব। যদি মোগলক পাঠ্যপুথিৰ পৰা আঁতৰাই ৰখা হয় তেনেহ’লৈ ভাৰতবৰ্ষৰ দুই শতাধিক বছৰৰ ইতিহাস আমাৰ বাবে মূল্যহীন হৈ পৰিব। 
 
আকৌ চাওঁ, মোগলসকলে আমাৰ স্থাপত্য কলাৰ প্ৰতি যি অৱদান আগবঢ়াই গৈছে, সেয়া সূৰ্যৰ পোহৰৰ দৰে সত্য। তাজমহল, লালকিল্লা, কুতুবমিনাৰ এই স্থাপত্যসমূহৰ জ্বলন্ত নিদৰ্শন। চিকেন-বিৰিয়ানি, কোর্মাকে ধৰি ভাৰতীয়সকলৰ প্ৰিয় খাদ্যসমূহৰ অধিকাংশই মোগলৰ অৱদান। এনেক্ষেত্ৰত মোগলক পাঠ্যপুথিৰ পৰা নোহোৱা কৰিব খোজাসকলে কোটি কোটি ভাৰতীয়ৰ এই খাদ্যাভ্যাস সলনি কৰিব পাৰিবনে? কি কৰিব এই স্থাপত্যসমূহৰ? ভাঙি পেলাব?
 
ভাৰত বুৰঞ্জী সম্বন্ধীয় কিছু কিতাপ
 
এইবাৰ আহক আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰত যদি চাওঁ অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক হ’ল ‘শৰাইঘাটৰ ৰণ'। জাতীয় আৱেগ আৰু অনুভূতিৰে সমুজ্জ্বল হৈ থকা শৰাইঘাট আমাৰ জাতীয় জীৱনৰ ৰণভূমি, প্ৰাণতকৈও আপোন। আমি শৰাইঘাটৰ ৰণক লৈ গৌৰৱ অনুভৱ কৰো আৰু জাতীয় জীৱনৰ সন্ধিক্ষণ অথবা সংকটৰ সময়ত শৰাইঘাটৰ ৰণৰ স্মৃতি সুঁৱৰি নিজকে উদ্বেলিত কৰো আৰু সকলো সময়তে অসমী আইৰ বুকু নিজৰ ৰক্তৰে পখালিবলৈ সাজু হৈ থাকো।
 
এই শৰাইঘাটৰ মূল নায়ক হ'ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ হাতত মোগল সম্রাটৰ বৃহৎ বাহিনী পৰাভূত হৈছিল। অম্বৰাধিপতি ৰামসিংহই যুদ্ধত হাৰ মানি অসমীয়া সৈন্যৰ গুণ বখানি উভতি যাবলৈ বাধ্য হৈছিল। কিন্তু মোগলক নস্যাৎ কৰা মানে লাচিত বৰফুকনক নস্যাৎ কৰা। লাচিত বৰফুকনক নস্যাৎ কৰা মানে আমাৰ স্বদেশ স্বজাতিৰ শৌর্য-বীৰ্য আৰু গৰিমাক ভূলুণ্ঠিত কৰা। 
 
এতিয়া যিসকলে মোগলক নস্যাৎ কৰিব বিচাৰিছে সেই সকলে নস্যাৎ কৰিব বিচাৰিছে আঞ্চলিক জাতীয়তাবাদক। লাচিত্ৰ নামত অসমীয়া লোকৰ যি জাতীয় চেতনা, শিৱাজীৰ নামত মাৰাঠীৰ যি জাতীয় চেতনা, ৰাণাপ্রতাপ সিংহৰ নামত হিন্দীভাষীৰ যি জাতীয় চেতনা সেই চেতনাক সমূলঞ্চে ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ অন্য নামেই হ'ল মোগল বিতর্ক। আঞ্চলিক জাতীয়তাবাদক কবৰ দিবলৈ ভাৰতীয় ৰাষ্ট্ৰবাদী চেতনাৰে সমৃদ্ধ একাংশ লোকে জোৰ কৰি যি অপকৰ্ম কৰিবলৈ মন কৰিছে, সেয়া ইতিবাচক চিন্তাৰে কেতিয়াও সমৃদ্ধ নহয়, হ'ব নোৱাৰে। সেয়ে সময় থাকোতেই আমি এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা উচিত।