চুফী সন্ত বাবা বুডান নামেৰে জনপ্ৰিয় শ্বাহ জনাব আল্লাহ মগাটাবীৰ চিত্ৰিত কৰা এখন ছবি
ছাকুইব ছেলিম
"আহা একেলগে একাপ কফি খাও আৰু কথা পাতো", ভাৰতত কিমান যে প্ৰেম কাহিনী এইদৰে আৰম্ভ হয়। যুৱত বা যুৱতীয়ে প্ৰায়ে নিজৰ প্ৰেমাস্পদক এইদৰে কফিৰ বাবে আমন্ত্ৰণ জনায়। দিল্লী, মুম্বাই, কলকাতাৰ দৰে মেট্ৰ’ চহৰত দুই অচিনাকি ব্যক্তিৰ মাজত কথা বতৰা আৰম্ভ কৰিবলৈ বেছিভাগ মানুহে একাপ কফিৰ সৈতে একেলগে বহাৰ পৰিকল্পনা কৰে।
কফিয়ে ৰোমান্টিক, আকস্মিক বা পেছাদাৰী আলোচনাৰ অজুহাত হিচাপে কাম কৰে। দিল্লী, বেংগালুৰু আদি ডাঙৰ চহৰৰ চুক-কোণে থকা বেছিভাগ কেফে যুৱক-যুৱতীৰে ভৰি থকা দেখা যায়। ভাৰতীয়সকলে কফি ভাল পায়; ধনীসকলে ষ্টাৰবাকছলৈ যায় আৰু আন কিছুমানে পথৰ দাঁতিত কফিৰ চুমুক দিয়ে। কিন্তু অতি কম সংখ্যক কফি প্ৰেমীয়েহে জানে যে এই পানীয়বিধ খাই তেওঁলোকে কৰ্ণাটকৰ ১৭ শতিকাৰ চুফী সন্ত বাবা বুডান নামেৰে জনপ্ৰিয় শ্বাহ জনাব আল্লাহ মগাটাবীক মৌন শ্ৰদ্ধাঞ্জলি জনাইছে।
মোচা কফিৰ নামাকৰণ য়েমেনৰ এখন বন্দৰ চহৰ 'মোচা'ৰ নামেৰে কৰা হৈছে
পণ্ডিতসকলৰ মতে কফি আৰব ভূমিৰ থলুৱা পানীয়। আৰবসকলে ষষ্ঠ শতিকাৰ আশে-পাশে কফিৰ খেতি আৰম্ভ কৰিছিল যদিও ইয়াক য়েমেনৰ পৰা ৰপ্তানি কৰা পানীয়ৰ দৰে জনপ্ৰিয় কৰিবলৈ সহস্ৰাব্দৰ সময় লাগিছিল। পঞ্চদশ শতিকাৰ পৰাই কফিক দেহ-মন সতেজ কৰা দামী পানীয় হিচাপে গণ্য কৰা হয়। আমোদজনকভাৱে মোচা কফিৰ নামকৰণ কৰা হৈছে য়েমেনৰ এখন বন্দৰ চহৰৰ নামেৰে।
পেট্ৰলিয়ামৰ চাহিদা আৰম্ভ হোৱাৰ পূৰ্বৰ সেই দিনবোৰত আৰবৰ অন্যতম মূল্যৱান সম্পত্তি আছিল কফি। চাহ আৰু কফিৰ ইতিহাসবিদ উইলিয়াম এইচ উকাৰছে লিখিছে, "আৰবসকলে নতুনকৈ লাভ কৰা কফিৰ লাভজনক উদ্যোগটোক লৈ ঈৰ্ষা কৰিছিল আৰু আন দেশলৈ ইয়াৰ বিস্তাৰ ৰোধ কৰিছিল। কফিৰ খেতি যাতে আন দেশলৈ বিয়পি নাযায়, তাৰ বাবে তেওঁলোকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল।"
আৰবীয়ান কফি
কফিৰ সেই নিষেধাজ্ঞাৰ সময়ত কৰ্ণাটকৰ চিকমাগালুৰত বাস কৰা এজন ভাৰতীয় চুফীয়ে ১৬৭০-১৬৯৫ চনৰ ভিতৰত হজযাত্ৰাৰ বাবে আৰবলৈ গৈছিল। তেওঁ কফিৰ কাহিনী শুনিছিল আৰু য়েমেনত কফি খোৱাৰ পিছত বাবা বুডান নামৰ চুফীজনে ইয়াৰ বীজ ভাৰতলৈ অনাৰ সিদ্ধান্ত লৈছিল। ধৰ্মপৰায়ণ মানুহ হ’লেও বাবাই বীজটো চোৰাংভাৱে লৈ যোৱাৰ সিদ্ধান্ত ল’লে।
মাইকেল চাইয়ে তেওঁৰ 'কফি ক্ৰাফ্ট: এ ফ্লেভাৰফুল কফি এডভেঞ্চাৰ ফ্ৰম বিন টু কাপ' (Coffee Craft: A Flavorful Coffee Adventure from Bean to Cup) নামৰ কিতাপখনত লিখিছে, “এই নতুনকৈ পোৱা সম্পত্তিখিনি নিজৰ গৃহভূমিলৈ ঘূৰাই আনিবলৈ সংকল্পবদ্ধ হৈ বাবা বুডানে এক চতুৰ পৰিকল্পনা ৰচনা কৰিলে। অতি সংগোপনে তেওঁ সাতটা উৰ্বৰ কফিৰ বীজ চোলাৰ ভিতৰত আৰু দীঘল দাড়িৰ মাজত লুকুৱাই ভাৰতলৈ লৈ আহিছিল।
কৰ্ণাটকৰ চিকমানগ্লুৰৰ বাবা বুডানৰ দৰগাহ
বাবা বুদনে ভাৰতলৈ উভতি অহাৰ যাত্ৰাত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও কফিৰ যাদুকৰী সোৱাদ আৰু উপকাৰসমূহ নিজৰ মানুহৰ মাজত বিলাই দিয়াৰ ইচ্ছাই তেওঁক অনুপ্ৰাণিত কৰিছিল। অৱশেষত বাবা বুদন ভাৰতৰ নিজৰ গাঁৱলৈ উভতি আহিল, যিখন ঠাই আছিল মনোমোহা পাহাৰ আৰু উপত্যকাৰে আগুৰি থকা ঠাই। অতি আগ্ৰহেৰে তেওঁ কফিৰ বীজবোৰ নিজৰ জন্মভূমিৰ উৰ্বৰ মাটিত ৰোপণ কৰিলে আৰু মৰম আৰু চেনেহেৰে ইয়াক লালন-পালন কৰিলে। কিছু দিনৰ পিছত সেই অঞ্চলত কফি খেতি আৰম্ভ হ’ল আৰু আজি চিকমাগালুৰৰ সেই বিশেষ পাহাৰখন বাবা বুডাংগিৰি (বাবা বুডানৰ পাহাৰ) নামেৰে জনাজাত।
নন্দিনী বিজয়ৰাঘৱনে লিখিছে, "বাবা বুডানে প্ৰথম কফিৰ বীজ ৰোপণ কৰাৰ কিছু সময়ৰ পিছতে ১৬৭০ খ্ৰীষ্টাব্দত কফিৰ পদ্ধতিগত খেতি আৰম্ভ হৈছিল। চন্দ্ৰগিৰিৰ নাম বাবা বুদন গিৰি (গিৰি মানে কানাড়া ভাষাত ‘পাহাৰ’) ৰখা হয়। অতি সোনকালেই কফি খেতি ৱায়ানাড (বৰ্তমান কেৰালাত), শ্বেভাৰয়ছ, আৰু নীলগিৰি (বৰ্তমানৰ তামিলনাডুত) আদি অঞ্চলৰ কাষৰীয়া অঞ্চললৈ বিয়পি পৰে। এইদৰে ভাৰত এতিয়া বিশ্বৰ সপ্তম বৃহত্তম কফি উৎপাদনকাৰী দেশ। এইক্ষেত্ৰত ব্ৰাজিল শীৰ্ষত আছে।"
কফিৰ খেতি
কফিৰ এই আমোদজনক ইতিহাস জনাৰ পিছত আপুনি এতিয়া আপোনাৰ অফিচৰ কেফেত বা আপোনাৰ ব্ৰেকফাষ্ট টেবুলত বহি যেতিয়াই কফিত চুমুক দিয়ে, তেতিয়াই ভাৰতবাসীক কফি উপহাৰ দিয়া বাবা বুডানক ধন্যবাদ জনাবলৈ নাপাহৰিব।