বিশ্বৰ বিভিন্ন দেশ আৰু ধৰ্মৰ মাজত কেনেকৈ পালন কৰা হয় পোহৰৰ উৎসৱ দিপাৱলী

Story by  atv | Posted by  Munni Begum • 22 d ago
শ্রীলংকা আৰু মৰিছাছত দিপাৱলী উদযাপনৰ এক দৃশ্য
শ্রীলংকা আৰু মৰিছাছত দিপাৱলী উদযাপনৰ এক দৃশ্য
 
স্বপ্না দাস
 
পোহৰৰ উৎসৱ দেৱালী। এই উৎসৱত বন্তি, মমবাতিৰ পোহৰত দশোদিশ আলোকময় হৈ উঠে। দীপাৱলী, দীপান্বিতা, দেৱালী আদি বিভিন্ন নামেৰে পৰিচিত পোহৰৰ উৎসৱবিধ সম্পৰ্কত কেইটামান জনা-অজানা তথ্য চমুকৈ উল্লেখ কৰা হ'ল।
 
দেৱালী যদিও প্রধানতঃ ভাৰতৰ উৎসৱ, কিন্তু পোহৰৰ উৎসৱটি বিশ্বৰ সৰ্বমুঠ ১১খনকৈ দেশৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন। দেৱালীক আনুষ্ঠানিক ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালন কৰা দেশকেইখন ক্রমে ফিজি, গায়ানা, মালয়েছিয়া, মৰিছাছ, ম্যানমাৰ, নেপাল, ছিংগাপুৰ, শ্রীলংকা, ট্রিনিদাদ আৰু ট’বাগো।
 
গায়ানাত দিপাৱলী উদযাপনৰ এক দৃশ্য
 
পৰম্পৰা অনুসৰি দৰাচলতে পোহৰৰ উৎসৱ দীপান্বিতা পাঁচ দিন ধৰি পালন কৰা হয়। পৰম্পৰাগতভাৱে পালিত এই পাঁচদিনীয়া উছৱবিধৰ প্ৰতিটো দিনৰেই সুকীয়া নাম, পৰম্পৰা আৰু উদযাপনৰ শৈলী আছে। প্রথম দিনা ধনতেৰাছ বা ধন ত্রয়োদশী, দ্বিতীয় দিনটোত নাৰক চতুর্দশী, তাৰ পিছদিনা পোহৰৰ উৎসৱ দীপান্বিতা, চতুর্থ দিনা অন্নকূট (অন্নকূটক ঠায়ে ঠায়ে বালি পদযামী, পদ্মা, বীৰপ্ৰতিপদ, দ্যুত প্রতিপদ আদি বুলিও জনা যায়) আৰু অন্তিম দিনা ভাইদুজ পালন কৰাৰ পৰম্পৰা প্ৰচলিত।
 
দেৱালী কেৱল হিন্দু ধৰ্মাৱলম্বী লোকে পালন কৰা উৎসৱ নহয়, পৰম্পৰাগত পৃথক বিশ্বাসেৰে জৈন আৰু শিখসকলেও পোহৰৰ উৎসৱবিধ পালন কৰে। জৈনসকলে ভগৱান মহাবীৰৰ নিৰ্বাণ লাভৰ দিন হিচাপে পালন কৰাৰ বিপৰীতে শিখসকলে গুৰু হৰগোবিন্দ কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ আনন্দোৎসৱ হিচাপে দীপাৱলী পালন কৰাৰ পৰম্পৰা প্ৰচলিত। হিন্দুসকলৰ মাজতো দেৱালীক লৈ একাধিক লোকগাথা প্রচলিত আছে। 
 
মালয়েছিয়াত দিপাৱলী উদযাপনৰ এক দৃশ্য
 
তেনে লোকগাথা মতে কাতি মাহৰ অমাৱস্যাত ৰজা বালিৰ কাৰাগাৰৰ পৰা লক্ষ্মী উদ্ধাৰ হোৱা বুলি খেনোৱে বিশ্বাস কৰাৰ উপৰি আন খেনোৰ মতে, লক্ষ্মী উপজিছিল সেই দিনটোত। 
 
হিন্দু নৱবৰ্ষৰ প্ৰাৰম্ভ বুলিও একাংশই ক'ব বিচৰাৰ বিপৰীতে দেৱালীৰে জড়িত আন দুটা লোক গাথা ৰামৰ সৈতে জড়িত। খেনোৰ মতে, ৰাৱণৰ দ্বাৰা অপহৃতা সীতাক উদ্ধাৰ কৰি অনাৰ বিজয়োৎসৱ হিচাপে আৰু আন এক বিশ্বাস মতে ১৪ বছৰৰ বনবাসৰ অন্তত পত্নী সীতা, ভাতৃ লক্ষ্মণ সহিতে ৰামৰ গৃহাভিমুখী যাত্ৰাক আদৰাৰ সৈতে পোহৰৰ উৎসৱবিধ পালনৰ পৰম্পৰা জড়িত। 
 
ট’বাগোত দিপাৱলী উদযাপনৰ এক দৃশ্য
 
ভাৰতৰ বাহিৰত সৰ্বাধিক দীপান্বিতা উদযাপিত ঠাই কোনখন? আমেৰিকা যুক্তৰাজ্যৰ লেইষ্টাৰ চহৰত বিশ্বৰ ভিতৰতেই সর্বাধিকসংখ্যক দীপাৱলী উদ্যাপিত হয়। প্ৰতিবছৰে দহ সহস্ৰাধিক লোক ৰাজপথত গোট খাই পোহৰ, সংগীত আৰু নৃত্যৰে সজীৱ কৰি তোলে লেইষ্টাৰৰ পোহৰৰ উৎসৱ। প্রজ্বলিত তৈলবন্তিৰ সৰ্ববৃহৎ প্ৰদৰ্শনেৰে দেৱালীকেন্দ্ৰিক এক অভিলেখ গঢ়ি থৈছে উত্তৰ প্ৰদেশে৷ 
 
দীপাৱলীৰ প্ৰাকক্ষণত মুঠতে ১,৫৭৬,৯৫৫টা তৈলচাকি প্রজ্বলন তথা প্রদর্শন কৰি উত্তৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগ, অযোধ্যাৰ জিলা প্ৰশাসন আৰু ড° ৰামমনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়ে একত্রিতভাৱে সৰ্ববৃহৎ তৈলবন্তি প্ৰদৰ্শনৰ অভিলেখ গঢ়ে ২০২২ চনৰ ২৩ অক্টোবৰত। অযোধ্যাৰ ‘ৰাম কী পেইডি’ত এই প্ৰদৰ্শন কৰা হৈছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আছিল ৯,৪১,৫৫১ টা চাকি প্ৰজ্বলনৰ।
 
ম্যানমাৰত দিপাৱলী উদযাপনৰ এক দৃশ্য
 
দেৱালী যদিও পোহৰৰ উৎসৱ, কিন্তু এই উছৱবিধ কার্তিক অমাৱস্যা তিথিতহে উদ্‌যাপন কৰা হয়। লোকবিশ্বাস যে এন্ধাৰ নিশাত পোহৰৰ জয়গান গোৱাৰ উৎসৱ হৈছে দীপান্বিতা। একেদৰে, এই উৎসৱৰ পৰা এনেদৰেও প্ৰেৰণা ল'ব পাৰি যে দেৱালীত অমাৱস্যাৰ নিশা আলোকময় হৈ উঠাৰ দৰেই জীৱনতো বেয়া সময়ৰ পিছত আনিব পাৰি সুসময়। ৰংগোলী অঁকাৰ দৰেই মন কৰিলেই জীৱনত নানা ৰঙৰ সমাহাৰ ঘটাব পাৰি বুলিও পোহৰৰ উৎসৱটিৰ পৰা আমি প্ৰেৰণা ল'ব পাৰোঁ।
 
(লেখিকা এগৰাকী সমাজ সচেতন তৰুণ লেখক)