সুভাষ চন্দ্ৰ বসুক কিদৰে পলায়নৰ সুবিধা কৰি দিছিল মিঞা আকবৰ শ্বাহে

Story by  atv | Posted by  Munni Begum • 1 Months ago
সুভাষ চন্দ্ৰ বসুক পলায়নত সহায় কৰিছিল মিঞা আকবৰ শ্বাহে
সুভাষ চন্দ্ৰ বসুক পলায়নত সহায় কৰিছিল মিঞা আকবৰ শ্বাহে
 
ছাকিব ছেলিম
 
১৯৪১ চনত চোৰাংচোৱা সংস্থাই গৃহবন্দী কৰি ৰখা সুভাষ চন্দ্ৰ বসুৰ পলায়নৰ কাহিনী ভাৰতীয় লোককথাৰ এক জনপ্ৰিয় অংশ। কলকাতাৰ পৰা ৰাঁচী, পেছাৱৰ, আফগানিস্তান, ৰাছিয়া হৈ বাৰ্লিনলৈ বসুৰ পলায়নৰ যাত্ৰা আছিল সাহস আৰু বীৰত্বৰে ভৰা। আমোদজনক কথাটো হ'ল যে সুভাষ চন্দ্ৰ বসুৰ পলায়নৰ আঁৰৰ মূল ব্যক্তিগৰাকী আছিল মিঞা আকবৰ শ্বাহ। তেওঁ কিছুমান অজ্ঞাত কাৰণত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ঐতিহাসিক বীৰগাঁথাত অখ্যাত হৈ আছে।
 

স্বাধীনতা সংগ্ৰামৰ অখ্যাত নায়ক

 

১৮৯৯ চনত নৌশ্বেৰাত (বৰ্তমান পাকিস্তানত) জন্মগ্ৰহণ কৰা মিঞা আকবৰ শ্বাহো সমসাময়িক বহু লোকৰ দৰে সেই সময়ৰ ৰাজনৈতিক পৰিঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ১৯১৯ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ৰাওলাট আইনৰ প্ৰতিবাদ, জালিয়ানৱালা বাগ হত্যাকাণ্ড আৰু আমিৰ আমানুল্লাহ খানৰ ব্ৰিটিছৰ বিৰোধিতাই আকবৰ শ্বাহক পতিয়ন নিয়াইছিল যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজিবলৈ সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন।
 
পেছাৱৰত পঢ়ি থকা সময়ত আকবৰে খানে আব্দুল গফ্ফৰ খানক লগ পাইছিল। গফ্ফৰ খানে তেতিয়া আকবৰক কৈছিল যে তেওঁ আফগানিস্তানত ভাৰতীয় বিপ্লৱী দলটোত যোগদান কৰিব বিচাৰে। আফগানিস্তানত ভাৰতীয় বিপ্লৱীসকলৰ নেতা তুৰাংজাইৰ হাজীৰ বাবে আকবৰক এখন পৰিচয় পত্ৰ দিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
তেতিয়াৰ আফগান শাসনৰ সমৰ্থিত ভাৰতীয় বিপ্লৱীসকলৰ লগত তেওঁ যোগদান কৰে। অৱশ্যে কিছু দিনৰ পিছতে কথাবোৰ সলনি হৈ যায়। বিপ্লৱীসকলে এন ডব্লিউ এফ পি (NWFP)ৰ পৰা ভাৰতক আক্ৰমণ কৰাৰ পৰিকল্পনা ব্যৰ্থ হয় আৰু জাৰ্মানী আৰু তুৰস্কৰ পতনৰ লগে লগে বিশ্বযুদ্ধৰ অন্ত পৰে। আফগানিস্তানত বসবাস কৰা হাজাৰ হাজাৰ ভাৰতীয় বিপ্লৱী ভাৰতলৈ উভতি যাব লগীয়া হয়।
 
আকবৰকে ধৰি ইয়াৰে মাত্ৰ কেইশমানেহে ইউ এছ এছ আৰ (ছোভিয়েট ইউনিয়ন) পাৰ হৈ যায় আৰু তাত তেওঁলোকে এম এন ৰয়, আব্দুল ৰাবৰ দৰে ব্যক্তিৰ নেতৃত্বত ভাৰতীয় বিপ্লৱীসকলৰ সৈতে যোগদান কৰে। ইয়াৰ পিছত তেওঁলোকে ভাৰতীয় বিপ্লৱীসকলৰ বাবে তাছকেন্দত এখন সামৰিক প্ৰশিক্ষণ বিদ্যালয় খোলাৰ পৰিকল্পনা কৰিছিল। ছোভিয়েট ইউনিয়নৰ ৰঙা সেনাই ভাৰতীয়সকলক এই ক্ষেত্ৰত সহায় কৰিছিল।
 
ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ইতিহাসত মিলিটাৰী স্কুলৰ ২১জন পাছ আউটৰ তালিকা দিয়া হৈছে। তেওঁলোক আছিলঃ ফিদা আলী, আব্দুল কাদৰ চেহৰাই, চুলতান মহম্মদ, মিৰ আব্দুল মজিদ, হাবিব আহমেদ, ফিৰোজুদ্দিন মনছুৰ, ৰফিক আহমেদ, মিঞা আকবৰ শ্বাহ, ঘাউছ ৰহমান, আজিজ আহমেদ, ফাজি ল্লাহ কুৰবান, আব্দুল্লা, মহম্মদ চফিক, শৌকত উছমানী, মাছুদ আলী শ্বাহ, মাষ্টাৰ আব্দুৰ হামিদ, আব্দুল ৰহিম, গুলাম মহম্মদ, মহম্মদ আকবৰ, নিছাৰ ৰাজ আৰু হাফিজ আব্দুল মজিদ।
 
সুভাষ চন্দ্ৰ বসু
 
মিলিটাৰী স্কুলত মিঞা আকবৰ শ্বাহে যুদ্ধ বিমান উৰুৱাই অস্ত্ৰ চম্ভালিব পৰা, আৰু টেংক চলোৱাৰ প্ৰশিক্ষণ লাভ কৰিছিল। সামৰিক প্ৰশিক্ষণ সমাপ্ত কৰি আকবৰে উচ্চ শিক্ষাৰ বাবে মস্কো বিশ্ববিদ্যালয়ত যোগদান কৰে। ১৯২৩ চনত তেওঁ ভাৰতলৈ উভতি আহে যদিও চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জেলৰ পৰা মুক্তি পোৱাৰ পিছত আকবৰে আইনৰ প্ৰশিক্ষণৰ বাবে আলিগড়ৰ মুছলিম বিশ্ববিদ্যালয়ত যোগদান কৰে। আকবৰে পেছাৱৰলৈ উভতি যায় আৰু তাৰ পৰাই তেওঁ আইনী প্ৰেকটিছ আৰম্ভ কৰে। খান আব্দুল গফ্ফৰ খানে প্ৰতিষ্ঠা কৰা খুদৈ খুদমতগৰৰ নেতৃত্ব দি আকবৰে কংগ্ৰেছ আৰু পিছলৈ সুভাস চন্দ্ৰ বসুৰ ফৰৱাৰ্ড ব্লকত যোগদান কৰে।
 
অধ্যাপক ড০ ছায়েদ উইকাৰ আলী শ্বাহে সুভাষ চন্দ্ৰ বসুৰ পলায়নৰ ওপৰত লিখা এক লেখাত লিখিছে, “সুভাস চন্দ্ৰ বসুৱে ফ্ৰন্টিয়াৰ প্ৰভিন্সৰ ফৰৱাৰ্ড ব্লকৰ সাধাৰণ সম্পাদক মিঞা আকবৰ শ্বাহলৈ তেওঁক চাবলৈ আহিবলৈ এটা বাৰ্তা পঠিয়াইছিল। তেতিয়া আকবৰ শ্বাহে কোনো সময় ব্যয় নকৰাকৈ কলিকতা পাইছিল। বসুৱে আকবৰ শ্বাহৰ আগত নিজৰ পৰিকল্পনা প্ৰকাশ কৰিলে যে তেওঁ ছোভিয়েট ইউনিয়ন ভ্ৰমণ কৰিব যাব বিচাৰে। তেতিয়া আকবৰ শ্বাহে নিজেই তেওঁক কাবুল আৰু ইয়াৰ বাহিৰত ছোভিয়েট ইউনিয়নলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল। বসুৱে তেওঁৰ ভতিজা শিশিৰ কুমাৰ বসুক ফোন কৰি আকবৰ শ্বাহৰ লগত চিনাকি কৰাই দিলে আৰু আকবৰ শ্বাহৰ সৈতে তেওঁ থকা হোটেলখনলৈ যাবলৈ আৰু তাৰ পিছত ৰেল ষ্টেচনলৈ লৈ যাবলৈ নিৰ্দেশ দিলে।
 
"ছদ্মবেশ ধাৰণ কৰিবলৈ বসুক কিছু কাপোৰৰ প্ৰয়োজন হৈছিল আৰু তেওঁলোকে কাপোৰ কিনিবলৈ ধৰমতলা ষ্ট্ৰীটৰ ৱাচেল মোল্লাৰ মহম্মদ ডিপাৰ্টমেণ্টেল ষ্ট'ৰলৈ গৈছিল। আকবৰ শ্বাহে পাষ্টুন টাইপৰ পায়জামাৰ দুটা চেট আৰু ক’লা টুপী এটা বাছি লৈছিল; একেদৰে শিশিৰ কুমাৰে পবিত্ৰ কোৰানৰ দুটা কপি, কেইটামান ঔষধ আৰু অন্যান্য ব্যক্তিগত সামগ্ৰীৰ ব্যৱস্থাও কৰিলে। কলিকতাৰ পৰা উভতি অহাৰ পিছত আকবৰ শ্বাহে তেওঁৰ আটাইতকৈ বিশ্বাসযোগ্য সতীৰ্থ মিঞা মহম্মদ শ্বাহ আৰু ভগত ৰামৰ সৈতে যোগাযোগ কৰে। তেওঁ সিঁহতক গোটেই বিষয়টোৰ বিষয়ে অৱগত কৰিছিল।”-অধ্যাপক ড০ ছায়েদ উইকাৰ আলী শ্বাহে কয়। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
এইদৰে তেওঁলোকে সুভাষ চন্দ্ৰ বসুক বাৰ্লিনলৈ সফলতাৰে লৈ যায়। ইয়াৰ উমান লাভ কৰি ইংৰাজে আকবৰ শ্বাহক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈছিল। এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ সাহস আৰু ত্যাগৰ বাবেই সুভাষ চন্দ্ৰ বসুৱে জাৰ্মানীৰ বাৰ্লিনলৈ নিৰাপদে পলাই গৈ আজাদ হিন্দ ফৌজ গঠন কৰিব পাৰে।