আৱাজ দ্য ভইচ ব্যুৰ'
তামিলনাডুৰ ত্ৰিচিৰাপল্লী জিলাৰ ৭০ বছৰীয়া কৃষক ৰাজগোপালে যেতিয়া নিজৰ ১.২ একৰ ভূমি নিজৰ কন্যাৰ বিয়াৰ বাবে বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিছিল। উপ-পঞ্জীয়কৰ কাৰ্যালয়ত তেওঁ ২০ পৃষ্ঠাৰ এখন নথি লাভ কৰিছিল, য’ত লিখা আছিল যে তেওঁৰ মাটি আচলতে তামিলনাডু ৱাকফ ব’ৰ্ডৰ নামত পঞ্জীভুক্ত হৈ আছে।
কেৱল ৰাজগোপালৰ মাটিয়ে নহয়, তেওঁৰ সমগ্ৰ গাঁওখন (থিৰুচেনথুৰাই) আপাত দৃষ্টিত ৱাকফ ভূমি আছিল। ১৫০০ বছৰীয়া সুন্দৰেশ্বৰ মন্দিৰ থকা এই গাঁওৰ সকলো লোক তেওঁলোকৰ ভূমিৰ বিষয়ে জানিব পাৰি প্ৰায় মূৰ্চা যোৱাৰ দৰে হৈ পৰিছিল। ২০২২ চনৰ থিৰুচেনথুৰাই গাঁওৰ এই ঘটনাটোৱে একমাত্ৰ এনে ঘটনা নাছিল, ওচৰৰ আন ১৮খন গাঁৱো ৱাকফৰ সম্পত্তি বুলি দাবী কৰা হৈছিল।
উল্লেখ্য যে, ভাৰতৰ মুঠ ৱাকফ ভূমি ৯.৪ লাখ একৰ, যিটো প্ৰায় ৩,৮০৪ বৰ্গ কিলোমিটাৰ। বৰ্তমান ৱাকফৰ সম্পত্তি বুলি গণ্য কৰা এই বিশাল পৰিমাণৰ মাটিয়ে এনে বিশাল ৰূপ ধাৰণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল মাত্ৰ দুখন গাঁৱক উপহাৰ আগবঢ়োৱাৰ পৰা।
বহু বিশেষজ্ঞৰ মতে, ভাৰতীয় ৰে’লৱে আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পিছত, ৱাকফ ব’ৰ্ডসমূহ সামূহিকভাৱে ভাৰতৰ তৃতীয় বৃহত্তম সম্পত্তিৰ গৰাকী। এই সকলোবোৰ দ্বাদশ শতিকাৰ একেবাৰে শেষৰ ফালে অবিভক্ত ভাৰতৰ অংশ পঞ্জাৱৰ মুলতানত আৰম্ভ হৈছিল আৰু দিল্লীত সিংহাসনত বহি চুলতানসকলে হিন্দুস্তানত শাসন কৰাৰ লগে লগে ই ব্যাপক হৈ উঠিছিল।
প্ৰতিনিধিত্বমূলক ছবি (ৱাকফ ব'ৰ্ড)
ৱাকফ কি আৰু ৱাকফ বিলক লৈ শেহতীয়া বিতৰ্ক কি?
ৱাকফ অৰ্থাৎ ধৰি ৰখা বা বান্ধি ৰখা। ইয়াৰ শিপা ইছলামিক দান-বৰঙণিৰ নীতিৰ পৰাই গঢ় লৈ উঠিছে। ৱাকফে স্থায়ী এনডাউমেণ্টক বুজায় য'ত সম্পত্তি ধৰ্মীয়, দানশীল বা সাম্প্ৰদায়িক উদ্দেশ্যৰ বাবে সযতনে ৰখা হয় আৰু ইয়াৰ মালিকীস্বত্ব আল্লাহৰ ওপৰত ন্যস্ত কৰা হয়। ইয়াৰ ফলত ৱাকফৰ সম্পত্তিসমূহ অপ্ৰত্যাহাৰযোগ্য আৰু বিক্ৰী বা হস্তান্তৰৰ পৰা মুক্ত হৈ পৰে। অৰ্থাৎ, এবাৰ সম্পত্তি আল্লাহৰ ওপৰত ন্যস্ত কৰিলে, ইয়াক পুনৰ উদ্ধাৰ কৰিব নোৱাৰি।
চলি থকা সংসদৰ শীতকালীন অধিৱেশনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা ৱাকফ সংশোধনী বিধেয়কক লৈ বিশৃংখলতা আৰু উত্তপ্ত বাক-বিতণ্ডাৰ সৃষ্টি হৈছে। সমগ্ৰ ভাৰতবৰ্ষত ৱাকফৰ সম্পত্তিৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ সংস্কাৰৰ লক্ষ্যৰে এই বিধেয়কখন বৰ্তমান যুটীয়া সংসদীয় সমিতিৰ সৈতে আলোচনাৰ মেজত আছে। এতিয়া ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বাজেট অধিবেশনৰ সময়ত ৱাকফ বিল উত্থাপন হ’ব পাৰে বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে। ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত এই আলোচনা আৰু বিতৰ্কৰ সময়ত আমি আলোচনা কৰিব বিচাৰিছো আফগান আক্ৰমণকাৰী
মহম্মদ ঘোৰীৰ সৈতে ভাৰতলৈ ৱাকফৰ ধাৰণা কেনেকৈ আহিল।
মহম্মদ ঘোৰীৰ আক্ৰমণঃ দুখন গাঁৱৰ উপহাৰ আৰু ভাৰতত ৱাকফৰ জন্ম
১১৭৫ চনত মহম্মদ ঘোৰীয়ে ইছমাইলী শাসকক পৰাস্ত কৰি মুলতান জয় কৰে। পিছলৈ ১১৯২ চনত ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰে। এই বিজয়ৰ পিছত দিল্লী আৰু উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতৰ বহু অংশ মহম্মদ ঘোৰীৰ শাসনৰ অধীনলৈ আহে।
জামে মছজিদ, দিল্লী
ঘুৰিদ বংশৰ আক্ৰমণকাৰী মহম্মদ ঘোৰীয়ে পঞ্জাৱত শাসন প্ৰতিষ্ঠা কৰাৰ পিছত ১১৮৫ চনত প্ৰথম লিপিবদ্ধ ৱাকফ দান আগবঢ়ায়। কেৱল সেয়াই নহয়, ১১৯২ চনত তাৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানৰ বিৰুদ্ধে ঘোৰীয়ে জয়লাভ কৰি ভাৰতত ইছলামিক শাসন আৰম্ভ কৰে। ১২০৬ চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দাসসকলে ৰাজ্যখনৰ দায়িত্ব লয় আৰু দাস বংশ (Slave Dynasty) আৰম্ভ কৰে।
সেই মুছলমান শাসক আৰু তেওঁলোকৰ পিছত দিল্লীৰ সিংহাসন দখল কৰা চুলতানসকলে ব্যৱস্থাটোক প্ৰতিষ্ঠানিক কৰি তুলিলে। চুলতান মুইজুদ্দিন ছামে (যাক মহম্মদ ঘোৰী বুলিও জনা যায়) দুখন গাঁও মুলতানৰ জামা মছজিদক উপহাৰ দিছিল আৰু সেইবোৰৰ পৰিচালনা শ্বেইখ-আল-ইছলামৰ ওপৰত অৰ্পণ কৰিছিল, যিটো উপাধি এজন বিশিষ্ট ধৰ্মীয় নেতাক দিয়া হৈছিল বুলি পাৰ্চী ইনছা-ই-মাহৰু (Insha-i-Mahru) নামৰ এখন গ্ৰন্থত উল্লেখ আছে। এই গ্ৰন্থৰ লেখক আছিল আয়নুল মুল্ক মুলতানী।
সেই সময়ছোৱাত চৰকাৰী কাগজ-পত্ৰৰ বাবে চিঠি হিচাপে ব্যৱহাৰ কৰা শ শ চিঠি আৰু ইয়াৰ নমুনাৰ সংকলন মুলতানীৰ এই গ্ৰন্থখন। ১৬ নং পত্ৰত কোৱা হৈছিল যে আদিম যুগত ৱাকফে মূলতঃ ধৰ্মীয় আৰু দাতব্য কামত কাম কৰিছিল। তেওঁলোকে মছজিদ, মাদ্ৰাছা, দৰগাহ, আৰু অন্যান্য কল্যাণমূলক প্ৰতিষ্ঠানক সমৰ্থন কৰিছিল বুলি ইতিহাসবিদ বিপুল সিঙৰ ইন্টাৰপ্ৰিটিং মেডিভেল ইণ্ডিয়া (Interpreting Medieval India)ত প্ৰকাশ পাইছে।
দিল্লী চুলতানেটৰ অধীনত ৱাকফৰ বৃদ্ধিঃ
এই ধাৰণাটো লাহে লাহে বাঢ়ি আহিল আৰু দিল্লী চুলতানেটৰ অধীনত মাটিসমূহ ৱাকফৰ সম্পত্তি হিচাপে ৰূপান্তৰিত হ'ল। পণ্ডিত আমিৰ আফাক আহমেদ ফাইজিৰ মতে, বদৌনত মিৰাণ মুলহিমৰ কবৰ, বিলগ্ৰামৰ খোৱাজা মাজদ আল-দিনৰ সমাধি, গোপামানত আজমত তোলাৰ লাল পীৰৰ দৰগাহ, বদাউনৰ বিলছি ৰোডৰ কাব্ৰিস্তান, উনাওৰ আছিয়ানৰ গঞ্জ-ই-ছাহিদান আদি ভাৰতৰ কিছুমান প্ৰাচীন ৱাকফ সম্পত্তিৰ উদাহৰণ।
ৱাকফ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিৰ বৈঠক
ছেপ্টেম্বৰ মাহত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ ওপৰত এজন ব্যাখ্যাকাৰীয়ে কয় যে, “ভাৰতত দিল্লী চুলতানী আৰু পিছলৈ ইছলামিক বংশৰ উন্নতিৰ লগে লগে ভাৰতত ৱাকফৰ সম্পত্তিৰ সংখ্যা বৃদ্ধি পাই থাকিল।”
দিল্লী চুলতানী যুগত এই প্ৰথাই গতি লাভ কৰিছিল কাৰণ ইলতুতমিছ আৰু মহম্মদ বিন তোগলকৰ দৰে চুলতানে কেৱল বৰ্তমানৰ ৱাকফসমূহ সংৰক্ষণ কৰাই নহয়, নতুন ৱাকফসমূহো প্ৰতিষ্ঠা কৰিছিল।
ৱাকফৰ পৰিচালনা তাৎপৰ্যপূৰ্ণ আছিল আৰু দিল্লী চুলতানেটৰ ৰাজনৈতিক আৰু বিত্তীয় বিষয়ত ই মূল ভূমিকা পালন কৰিছিল, যাৰ প্ৰমাণ এইটোৱেই যে দিৱান-ই-উইজাৰত বা প্ৰধানমন্ত্ৰীসকলক তেওঁলোকৰ তদাৰকীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।
ভাৰত চৰকাৰৰ সামৰ্থ্য বিকাশ আয়োগৰ এক প্ৰতিবেদন অনুসৰি ন্যায়িক আৰু ধৰ্মীয় প্ৰশাসনৰ দায়িত্বত থকা দিৱান-ই-ৰছালাটৰ কাৰ্যালয়ক ৱাকফৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছিল। ৱাকফৰ পৰা পোৱা ধনেৰে হাউজ (জলাশয়), মাদ্ৰাছা, পথ, আৰু শৰাই (ভাৰতীয় আৰু বিদেশী যাত্ৰী, তীৰ্থযাত্ৰী, ব্যৱসায়ী আদিক অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰা এক স্থান) আদিৰ দৰে ৰাজহুৱা আন্তঃগাথনিসমূহ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ বাবে সহায় কৰা হৈছিল। ইয়াৰ অন্যতম উদাহৰণ হৈছে ইলটুটমিছৰ ৰাজত্বকালত নিৰ্মিত বদায়ুনৰ ছামছি মছজিদ আৰু লাহোৰত চুলতান কুতুবুদ্দিনৰ সমাধিৰ ৰক্ষণাবেক্ষণৰ বাবে ৱাকফ।
চতুৰ্দশ শতিকাৰ পণ্ডিত জিয়াউদ্দিন বাৰাণীয়ে ফিৰোজ শ্বাহ তুহগলাকৰ জীৱনী তাৰিক-ই-ফিৰুজ শ্বাহীত লিখিছে, “ৰজাসকলে সিংহাসনত বহি থকাৰ সময়ত তেওঁলোকৰ সমাধিৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে উপায়ৰ ব্যৱস্থা কৰিবলৈ ধৰ্মীয় লোকসকলৰ বাবে গাঁও আৰু মাটি নিজৰ কৰি লোৱাটো এটা প্ৰথা।” যদিও মধ্যযুগত ৱাকফৰ প্ৰশাসন বিকেন্দ্ৰীকৃত আছিল, কিন্তু ই আছিল অতি সংগঠিত।
প্ৰতিনিধিত্বমূলক ছবি (মহম্মদ ঘোৰী)
মুতাৱালি নামেৰে জনাজাত স্থানীয় ট্ৰাষ্টীসকলে দৈনন্দিন কাম-কাজ পৰিচালনা কৰিছিল, আনহাতে চদৰ আছ চুদুৰ (Sadr us Sudur) আৰু কাদিছ (Kadis)ৰ দৰে বিষয়াই ইছলামিক আইন মানি চলাটো নিশ্চিত কৰিছিল। পণ্ডিত আমিৰ আফাক আহমদ ফাইজীৰ মতে, শাসকসকলে ৱাকফসকলৰ স্বায়ত্তশাসনক সন্মান জনাইছিল যদিও মাজে মাজে হস্তক্ষেপ কৰিছিল ভুল পৰিচালিত সম্পত্তি পুনৰুদ্ধাৰ কৰিবলৈ বা দুৰ্নীতিগ্ৰস্ত ট্ৰাষ্টীৰ ঠাইত। উদাহৰণস্বৰূপে চুলতান আলাউদ্দিন খিলজীয়ে নতুনসকলে ৱাকফসকলক অৱহেলা কৰাৰ পিছত মূল ট্ৰাষ্টীসকলক পুনৰ নিযুক্তি দিছিল, আৰু তেওঁলোকৰ কাৰ্য্যকলাপ পুনৰুজ্জীৱিত কৰিবলৈ সংস্কাৰৰ সূচনা কৰিছিল। উল্লেখ্য যে, খিলজীয়ে ত্ৰয়োদশ শতিকাত শাসন কৰিছিল।
ৱাকফ সম্পত্তিঃ মোগল ভাৰতৰ পৰা ব্ৰিটিছ ৰাজলৈ..
পানীপাটৰ যুদ্ধত দিল্লীৰ লোধি শাসকৰ পতনৰ পিছত ক্ষমতাৰ বাঘজৰী বাবৰৰ হাতলৈ স্থানান্তৰিত হয়। তেওঁ উজবেকিস্তানৰ ফেৰ্গানা উপত্যকাৰ পৰা আহি ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। মোগলৰ অধীনত ৱাকফৰ প্ৰতিষ্ঠানটো আৰু অধিক প্ৰসাৰিত হয় আৰু আকবৰ আৰু শ্বাহজাহানৰ দৰে সম্ৰাটে উল্লেখযোগ্য সম্পত্তিৰে ইয়াক সমৃদ্ধ কৰিছিল। লক্ষ্ণৌৰ আকবৰৰ ফৰংগী মহল আৰু শ্বাহজাহানৰ তাজমহল ইয়াৰ উল্লেখযোগ্য উদাহৰণ।
মধ্যযুগীয় যুগত ৱাকফৰ পৰিসৰ আৰু গুৰুত্ব উন্মোচন কৰি পণ্ডিত আমিৰ আফাক আহমদ ফাইজীয়ে লিখিছে যে ১৭ শতিকাত শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰাত প্ৰায় ৩০খন গাঁও আৰু এখন পৰগানা (প্ৰদেশ) দান কৰি সহায় কৰা হৈছিল। সময়ৰ লগে লগে মুছলমান সম্প্ৰদায়ে গ্ৰাম্য অঞ্চলত বসতি স্থাপন কৰাৰ লগে লগে ৱাকফৰ ধাৰণা ভাৰতৰ গ্ৰাম্য অঞ্চললৈও বিস্তৃত হৈ পৰিল।
সৰু-বৰ বিভিন্ন মুছলমান বংশৰ অধীনত ৱাকফ ব্যৱস্থাই বিকশিত হোৱাৰ পিছত ১৯২৩ চনৰ মুছলমান ৱাকফ আইন প্ৰৱৰ্তনৰ লগে লগে ব্ৰিটিছ শাসনৰ সময়ত অধিক আনুষ্ঠানিক গাঁথনি লাভ কৰে। স্বাধীনতাৰ পিছত ইয়াৰ স্থানত ১৯৫৪ চনৰ ৱাকফ আইন প্ৰণয়ন কৰা হয়, যিটো পিছলৈ ১৯৯৫ আৰু ২০১৩ চনত নবীকৰণ কৰি ৱাকফ ব’ৰ্ডৰ ক্ষমতা শক্তিশালী কৰা হয়।
আক্ৰমণকাৰী মহম্মদ ঘোৰীয়ে ৱাকফৰ ৰূপত দুখন গাঁও দান কৰাৰ পৰা আৰম্ভ কৰি দিল্লী চুলতানৰ চুলতানসকলৰ অধীনত ইয়াৰ সংগঠিত সম্প্ৰসাৰণলৈকে আজি ৱাকফ ব’ৰ্ডে প্ৰায় ৯,৪ লাখ একৰ মাটি সামৰি ৮,৭ লাখতকৈ অধিক সম্পত্তিৰ তদাৰক কৰে। ৱাকফ ব’ৰ্ডৰ এই বিশাল ক্ষমতা আৰু ইয়াৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংশোধনী বিধেয়কখনৰ জৰিয়তে সমাধান কৰিব বিচাৰিছে।