নীলিম আকাশ কাশ্যপ
নলবাৰী জিলাৰ পশ্চিম প্রান্তত কৈহাটী। কৈহাটীৰ কথা ক'লেই মনত পৰে ঢুলীয়া কৃষ্টিৰ কথা। মনত পৰে মোহন ভাইৰাৰ কথা। এইজনেই সেই মোহন ভাইৰা (মোহন চন্দ্র বর্মন), যিয়ে ঢুলীয়া নামৰ আমাৰ লোককৃষ্টি বিধক বিশ্ব দৰবাৰ প্রেক্ষাপটত প্রোজ্জ্বল কৰাৰ আমৃত্যু প্ৰয়াস কৰিছিল।
মোহন ভাইৰা আমাৰ মাজৰ পৰা কাহানিবাই আঁতৰি গ'ল। একাধিক দশক পাৰ হ'ল তেওঁৰ পৰলোকৰ। আজি তেওঁৰ মৃত্যু বার্ষিকীত পুনৰ মেলিছোঁ পুৰণি পৃষ্ঠাবোৰ; আশা-হতাশাবোৰক পুনৰ জুখিছোঁ। তেনে পৰতে নিজেই নিজক বাৰম্বাৰ প্ৰশ্ন কৰিছোঁ--- যি সাধনাৰে মোহন ভাইৰাই আমাৰ ঢুলীয়া লোককৃষ্টিক নতুন প্রাণ দিছিল, সেই সাধনাক আমি যথার্থ মর্যাদা দিবলৈ সক্ষম হৈছোঁনে? নিজে নিজক সুধি নিজেই পোৱা এই প্ৰশ্নৰ উত্তৰ আশাপ্রদ নহয়।
কৈহাটীৰ ঢুলীয়া বিষয়ক চং প্ৰদৰ্শন অসম নাট্য সন্মিলনৰ মধ্যকালীন বেলশৰ অধিবেশনত। ফটো : ৰাজেন বৈশ্য।
মোহন ভাইৰাক আমি যেন প্রাপ্য সন্মান দিব পৰা নাই। ঢুলীয়া কৃষ্টি জীয়াই থকাৰ বাবে অনুকূল পৰিৱেশ নাই! ঢুলীয়াৰ বাবে অনুশীলনৰ কোনো সুচল কিম্বা অত্যাধুনিক স্থান নাই। আনকি বর্তমান জীয়াই থকা একাধিক ঢুলীয়া শিল্পীৰ শাৰীৰিক-আর্থিক অথস্থা ভাল নহয়--- তেওঁলোকৰ প্রতি ৰাজ্য চৰকাৰৰ কোনো আগ্রহ নাই, অনুকম্পা নাই...। এনে বহু নঞার্থক উত্তৰে আমাক বিধ্বস্ত কৰি পেলাইছে, বিমর্ষ কৰি পেলাইছে।
জীৱন মানেই যে, যুঁজ সেয়া মোহন ভাইৰাই ভালদৰে জানিছিল! জীয়াই থকাৰ যুঁজখনৰ লগতে আৰু এখন যুঁজত স্বেচ্ছাই অৱতীৰ্ণ হৈছিল তেওঁ। সেইখন যুঁজ আছিল সংস্কৃতিৰ যুঁজ। ঢুলীয়া লোককৃষ্টিক আগুৱাই লৈ যোৱাৰ যুঁজ।
নলবাৰী জিলাৰ কৈহাটী এখন ঐতিহাসিক ঠাই। কৈহাটীৰ আর্থিক দৈন্যই কোঙা কৰা শ্রমজীৱী একাংশ লোকে মৃৎ শিল্পৰ মাধ্যমেৰে জীৱিকা নির্বাহ কৰে। পাৰ্শ্বৱৰ্তী কিছুসংখ্যক মৎস্যজীৱীও আছে। অসম্ভৱ কষ্টৰ মাজেৰে তেওঁলোক জীয়াই থাকে। ইয়াৰ মাজত শিল্পৰ সাধনা একপ্রকাৰ অসম্ভৱেই। কিন্তু কৈহাটীয়ে শিল্পহীনতাৰ গ্লানি নতশিৰে মূক হৈ গ্রহণ কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে সগৌৰৱে তেওঁলোকে ঘোষণা কৰে--- কৈহাটী অঞ্চল ঢুলীয়া লোককৃষ্টিৰ প্রাণকেন্দ্র। সেয়েই চৰম দাৰিদ্র্যকো কর্ণপাট নকৰি উপৰিউক্তৰ নিচিনা একাংশয়েই জীয়াই ৰাখিছে এই কৃষ্টি।
কৈহাটীৰ ঢুলীয়া শিল্পীয়ে চং ৰূপায়ণৰ এটা মুহূৰ্ত। ফটো : হিৰণ্ময় গোস্বামী।
কৈহাটীৰ ঢুলীয়া কৃষ্টিক যিসকলে জীয়াই ৰখাত অৰিহণা যোগাইছিল অথবা যোগাইছে তেওঁলোকৰ ভিতৰত উল্লেখনীয় মোহন ভাইৰা, ধেঙাৰী ভাইৰা, নিততি ভাইৰা, বৰ ঢোলবাদক দীপৰা দাস, সন্নাথা বাইন, দলে দাস, মহেশ্বৰ দাস, সহযোগী ঢোলবাদক অতুল দাস, নীলকান্ত দাস আৰু তেওঁলোকৰ দৰেই স্বপ্নিল প্ৰত্যাশা কঢ়িওৱা অনেক উত্তৰসুৰী। জীৱনৰ চৰম বিপর্যয়ৰ মাজতো তেওঁলোকে কৃষ্টিৰ অনুশীলনৰ পৰা কোনোকালে আঁতৰি অহা নাছিল। আজীৱন ঢুলীয়া কৃষ্টিৰ হকে কাম কৰি যোৱা মোহন ভাইৰাই জীৱনৰ শেষ সময়ত লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।
কৈহাটীৰ ঢুলীয়া লোককৃষ্টিৰ প্ৰতি অসমৰ ৰাইজে নিৰ্বাচন কৰা কোনো এখন চৰকাৰৰেই ৰাইজক আশ্বস্ত কৰিব পৰাকৈ সুদৃষ্টি নপৰিল। আনকি এতিয়াও। কৈহাটীৰ ঢুলীয়া শিল্পীয়ে জীৱনৰ শিল পি পি আজিও কঠোৰ কুস্তি বিদ্যাৰ (চাৰ্কাছ) অনুশীলনৰে শিল্পৰ সাধনা কৰে আনৰ চোতালত বা গাঁৱৰ গোঁসাই ঘৰত অথবা...।
২০০১ চনৰ পহিলা ফেব্ৰুৱাৰীত মোহন ভাইৰাৰ মৃত্যুৰ পিছত বিজ্ঞানসম্মতভাৱে শিল্পবিধৰ অনুশীলন কৰিব পৰাকৈ এটি আখৰাগৃহ নির্মাণৰ প্রতিশ্রুতি দিছিল চৰকাৰে, যি আখৰা গৃহৰ ঘোষণই এই লোককৃষ্টিৰ সৈতে জড়িতসকলৰ মনত আশাৰ সঞ্চাৰ কৰিলে। এটা সময়ত আখৰা গৃহৰ কাম আৰম্ভ হ'ল। কিন্তু নির্মাণ সম্পূৰ্ণ?
কৈহাটীৰ ঢুলীয়া দলৰ কুস্তি প্ৰদৰ্শনৰ কিছু মুহূৰ্ত। ফটো : হিৰণ্ময় গোস্বামী।
কৈহাটীৰ ঢুলীয়া এতিয়াও বাচি আছে কেইজনমান অত্যুৎসাহী ব্যক্তিৰ অহোপুৰুষার্থত। কৈহাটীত অনুশীলনৰ অত্যাধুনিক ঠাইৰ অভাৱ, তৎস্বত্বেও তেওঁলোক ব্যস্ত কৃষ্টি ৰক্ষাৰ্থে ঢুলীয়া শিল্পৰ অনুশীলনত--- চাৰ্কাছ, কুস্তি, ঢোলবাদন, চং...। বিভিন্ন বাদ্য আৰু আহিলা-পাতি সংৰক্ষণৰ বাবে তেওঁলোকৰ উপযুক্ত ঠাইৰ অভাৱ, তেওঁলোকৰ অনেকে নিজৰ ঘৰৰ উঁৱলি যোৱা চালৰ তলতে ৰাখিছে সকলোবোৰ। কিন্তু বাস্তৱিকতে এইদৰে কিমান দিন? এনেদৰে ঢুলীয়া কৃষ্টিক জীয়াই ৰাখিবলৈ নতুন পুৰুষক আকৃষ্ট কৰিব পৰা যাবনে?
শেহতীয়াকৈ কেইটামান অনুষ্ঠান-প্ৰতিষ্ঠানে দাবী কৰিছে মোহন ভাইৰাৰ মৃত্যুদিন এক ফেব্রুৱাৰীক 'ভাইৰা দিৱস' (ভাৱৰীয়া দিৱস) হিচাপে ঘোষণা কৰিবলৈ। এই ঘোষণা হয়তো মোহন ভাইৰাৰ প্রতি কাংক্ষিত সন্মান হ'ব পাৰে, কিন্তু কেৱল আৰু কেৱল দিৱসৰ ঘোষণাই জীয়াই ৰাখিব পাৰিবনে গৌৰৱময় এই সংস্কৃতিক। যদি ৰাখে, ভাল কথা। যদি নাথাকে, কি কৰাৰ প্ৰয়োজন--- ভাবো আঁহক আজিয়েই, এতিয়াই।
(লেখক ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক। আজি কামৰূপীয়া ঢুলীয়াৰ কিংবদন্তিস্বৰূপ মোহন ভাইৰাৰ মৃত্যু তিথি উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)