কাশ্মীৰৰ বিখ্যাত শ্বল উদ্যোগ ধ্বংসৰ গৰাহত: লেখক আব্দুল আহাদ

Story by  atv | Posted by  [email protected] • 6 d ago
কাশ্মীৰি চাদৰ নিৰ্মাতাসকলৰ এক কলাত্মক উপস্থাপন (১৯৬৭
কাশ্মীৰি চাদৰ নিৰ্মাতাসকলৰ এক কলাত্মক উপস্থাপন (১৯৬৭
 
এহছান ফাজিলি/শ্ৰীনগৰ/গুৱাহাটী
 
সূৰ্যৰ তীব্ৰতা মৃদু হোৱাৰ লগে লগে, কাশ্মীৰি শ্বল ৱালাবোৰে প্ৰতিবছৰে গুৱাহাটীৰ ৰাজপথত খোজ কাঢ়ি থকাটো এক সাধাৰণ দৃশ্য হৈ পৰে। এইয়া হৈছে শীতৰ আগমনৰ বতৰা।
 
কাশ্মীৰি শ্বল..., কাশ্মীৰি ছ্যুট..., এই শব্দ দুটা আপুনি হয়তো কেতিয়াবা শুনিছে। চাইকেলত উঠি হিন্দী ভাষাত এনেকৈ চিঞৰি চিঞৰি আপোনাৰ বাটেদি সূদূৰ কাশ্মীৰত উৎপাদিত পোচাক বিক্ৰী কৰিব আহে বহু কাশ্মীৰি পোচাক বিক্ৰেতাই। বহু দশক ধৰি এই কাশ্মীৰি পোচাক বিক্ৰেতাসকলে অসমত ব্যৱসায় কৰি আহিছে।
 
কাশ্মীৰি শ্বল, ছ্যুট, কুৰ্টী সকলোৰে প্রিয়। কাৰণ কাশ্মীৰি পোছাকত থাকে ব্যতিক্ৰমী ডিজাইন, ভিন্ন ৰঙী কাশ্মীৰি ফুলৰ এমব্ৰ'ইডাৰী আৰু থলুৱা পদ্ধতিৰ উৎপাদন শৈলী। অসমত কাশ্মীৰি লোকসকলে দীঘলীয়া সময় ধৰি ব্যৱসায় কৰি আহিছে। অসমৰ বিভিন্ন ঠাইত তেওঁলোকে কাশ্মীৰি পোছাক বিক্ৰী কৰি আহিছে। গুৱাহাটী, নলবাৰী, নগাওঁ, গোলাঘাট, ডিব্ৰুগড়, বঙাইগাঁও, তিনিচুকীয়া, শিলচৰ আদিকে ধৰি অসমৰ মুখ্য জিলাসমূহত থাকি তেওঁলোকে ব্যৱসায় কৰি আহিছে। চহৰৰ এঠাইত তেওঁলোকে ভাড়াঘৰ লৈ তাৰ পৰা চাইকেলেৰে গ্ৰাম্যাঞ্চলত ওলাই যায়।
 
কিতাপখনৰ সৈতে লেখক আব্দুল আহাদ
 
কিন্তু দুৰ্ভাগ্যজনকভাৱে কাশ্মীৰৰ বিখ্যাত শ্বল আৰু কাপোৰৰ উদ্যোগ সম্প্ৰতি ধ্বংসৰ গৰাহত উপনীত হৈছে। এই সন্দৰ্ভত লেখক তথা প্ৰাক্তন আমোলা ড° আব্দুল আহাদে কাশ্মীৰৰ শ্বল উদ্যোগক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে, মধ্যভোগীয়ে শোষণ কৰি থকা শ্বল নিৰ্মাতাসকলৰ দুৰ্দশাৰ সমাধানৰ বাবে চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰিলে, কুটিৰ উদ্যোগটো ধ্বংসৰ মুখলৈ যাব। মধ্যভোগীৰ শোষণৰ ফলত এই উদ্যোগৰ সৈতে জড়িত লোকসকলে কম পাৰিশ্ৰমিক লাভ কৰে, যাৰ ফলত নৱ প্ৰজন্মই ইয়াৰ পৰম্পৰা আৰু ঐতিহ্য আগবঢ়াই নিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। এনে পৰিস্থিতিত কুটিৰ উদ্যোগটোৱে পূৰ্বৰ গৰিমা হেৰুওৱাৰ উপক্ৰম হৈছে।
 
আব্দুল আহাদে তেওঁৰ শেহতীয়া গ্ৰন্থ Shawls & Shawbafs of Kashmir-Legends of Unsung Heroesৰ উন্মোচনী অনুষ্ঠানত আৱাজ-দ্য ভইচ'ক কয়, “বিখ্যাত কাশ্মীৰী শ্বল উদ্যোগ ধ্বংসৰ দিশে আগবাঢ়িছে। যদিহে ইয়াৰ সৈতে জড়িত শিল্পী আৰু শিপিনীসকলৰ দুৰ্দশাৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ নকৰে, তেন্তে এই উদ্যোগটো নোহোৱা হ'বলৈ বেছি দিন নালাগিব।”
 
আব্দুল আহাদে অনুভৱ কৰে যে, শ্বল প্ৰস্তুত কৰা শিপিনীসকলৰ মজুৰি বৃদ্ধি পাবলৈ, অথবা তেওঁলোকৰ সামাজিক মৰ্যাদা বৃদ্ধিৰ বাবে শোষণৰ পৰা মুক্তিৰ প্ৰয়োজন হৈ পৰিছে। উল্লেখ্য যে, Shawls and Shawlbaf of Kashmir হৈছে কাশ্মীৰৰ শ্বল উদ্যোগৰ সৈতে জড়িত লোকসকলৰ জীৱনৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা প্ৰথমখন গ্ৰন্থ। যোৱা সপ্তাহত তেওঁৰ কিতাপখন উন্মোচনৰ পিছত ড০ আব্দুল আহাদে কয়, “শিপিনীসকলৰ দুৰ্দশাৰ কাহিনীয়ে মোক এই বিষয়টোৰ ওপৰত গৱেষণা কৰিবলৈ আৰু এখন গ্ৰন্থ লিখিবলৈ প্ৰেৰণা দিছিল।”
 
গুৱাহাটীত আহি কাশ্মীৰি শ্বল বিক্ৰী কৰা কাশ্মীৰিসকল
 
আব্দুল আহাদে কয় যে, তেওঁ এই শিল্পৰ নিৰ্মাতাসকলক এইবাবেই ইমান গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে, কাৰণ শ্বল আৰু কাপোৰৰ ওপৰত শ শ গ্ৰন্থ আছে। কিন্তু, পশ্মিনা আৰু অন্যান্য শ্বল বোৱা ব্যৱসায়ীসকলক মধ্যভোগীয়ে শোষণ কৰি থকা ঘটনাৰ বিষয়ে কোনো গ্ৰন্থ এতিয়ালৈকে নাই।
 
“এজন চিত্ৰশিল্পী বা ভাস্কৰ্য্যশিল্পীসকল সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। নকল কাশ্মীৰী শ্বলৰ বিক্ৰী বন্ধ কৰাটো জৰুৰী হৈ পৰিছে। পঞ্জাৱত নিৰ্মিত কাশ্মীৰী শ্বল কাশ্মীৰী শ্বল হিচাপে বিক্ৰীয়ে ব্যৱসায়টোৰ ক্ষতি কৰিছে আৰু শিপিনীসকল ইয়াৰদ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। কাশ্মীৰৰ শ্বলৰ বিষয়ে ভূমিপুত্ৰই লিখা এইখন প্ৰথম গ্ৰন্থ, কিয়নো এই বিষয়ৰ আগৰ সকলো গ্ৰন্থ বিদেশীয়ে লিখিছে”।-আব্দুল আহাদে কয়।
 
কাশ্মীৰৰ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমৰ সঞ্চালক মাহমুদ এ শ্বাহে আৱাজ দ্য ভইচ'ক জনোৱা মতে, কাশ্মীৰৰ পৰা বছৰি প্ৰায় ৪০০ৰ পৰা ৫০০ কোটি টকাৰ শ্বল ৰপ্তানি কৰা হয়। কাশ্মীৰৰ এক লাখৰো অধিক লোক এই উদ্যোগৰ সৈতে জড়িত।
 
তেওঁ কয় যে, শ্বল (shawl)ৰ উদ্যোগৰ সৈতে জড়িতসকলৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে, য’ত তেওঁলোকৰ সন্তানক আৰ্থিক সাহায্য, বঁটা, শিক্ষা আদি অন্তৰ্ভুক্ত হৈছে। পূৰ্বপুৰুষৰ পৰম্পৰা ধৰি ৰাখি পশ্মিনা কাপোৰ আৰু ৰাফেল শ্বল বোৱা শ্ববিৰ আহমদ ডাৰে কয় যে, পূৰ্বপুৰুষৰ সময়ৰ তুলনাত শিপিনীসকলৰ অৱস্থা উন্নত হৈছিল, যদিও নৱ-প্ৰজন্মই এই কুটিৰ শিল্পৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে।
 
কাশ্মীৰি শ্বল
 
২০১৮ চনত চৰকাৰে শ্ববিৰ আহমদ ডাৰক এক বঁটা প্ৰদান কৰিছিল। একেদৰে, তেওঁৰ মাতৃৰ ফালৰ ককাকক ১৯৬৫ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বঁটা প্ৰদান কৰিছিল। শ্ববিৰ আহমদৰ মনত আছে শ্বল বোৱাসকলে পাৰিশ্ৰমিক নোপোৱাৰ বাবে খঙ আৰু হতাশাত হাত কাটি পেলোৱাৰ কাহিনী। “ইয়াৰ মাজতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আৰ্থিক সাহায্য আৰু অন্যান্য ইনচেণ্টিভ আগবঢ়োৱাৰ লগে লগে পৰিস্থিতি কিছু উন্নতি হৈছিল।”-তেওঁ কয়।
 
তেওঁ শ্বল উদ্যোগৰ সৈতে জড়িত যুৱক-যুৱতীসকলক আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক আমাৰ দুৱাৰমুখলৈ অহাৰ লগে লগে সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
 
গ্ৰন্থখনত তেওঁ লিখিছে যে, পূৰ্বতে বহু শাসকে শ্বল নিৰ্মাতাসকলৰ প্ৰতি অমানৱীয় ব্যৱহাৰ কৰিছিল আৰু শিপিনীসকলে প্ৰায় স্বাধীনতাৰ যুদ্ধৰ দৰেই প্ৰতিৰোধ কৰিছিল। ড° আহাদৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত অন্যতম হৈছে-Kashmir to Frankfurt: A Study of Arts & Crafts। তেওঁ জম্মু-কাশ্মীৰ চৰকাৰৰ বিভিন্ন উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল আৰু উপায়ুক্ত তথা সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছে।