মালিক আছঘৰ হাচমী
আগন্তুক হজ ২০২৫ৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে ছৌদি আৰব ভ্ৰমণ কৰিছে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। ১১-১৪ জানুৱাৰীলৈ কৰা এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল ভাৰতীয় হজযাত্ৰীসকলৰ কোটা চূড়ান্ত কৰা আৰু তেওঁলোকৰ যাত্ৰা মসৃণ আৰু সন্তোষজনক কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা।
এই ভ্ৰমণৰ সময়ত মন্ত্ৰী কিৰেন ৰিজিজুৱে ছৌদি আৰবৰ পবিত্ৰ চহৰ মদিনা পৰিদৰ্শন কৰাৰ লগতে মছজিদ-ই-নবৱীকে ধৰি অন্যান্য ঐতিহাসিক আৰু ধৰ্মীয় স্থানসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে মছজিদ-ই-নবৱী ভ্ৰমণ কৰি ইয়াক তেওঁৰ জীৱনৰ এক অবিস্মৰণীয় আৰু আধ্যাত্মিক অভিজ্ঞতা বুলি অভিহিত কৰিছে।
ছ'চিয়েল মিডিয়াত নিজৰ অনুভৱ প্ৰকাশ কৰি মন্ত্ৰী ৰিজিজুৱে লিখিছে, এইটো সঁচাকৈয়ে এক নম্ৰ আৰু আধ্যাত্মিক অভিজ্ঞতা আছিল। ইছলামৰ দ্বিতীয় পবিত্ৰ স্থান মছজিদ-ই-নবৱী ভ্ৰমণ কৰি তাত শ্ৰদ্ধাঞ্জলি জনোৱাটো তেওঁৰ বাবে এক সৌভাগ্য বুলি অভিহিত কৰিছে।
মছজিদ-ই-নবৱীৰ উপৰিও ইছলামৰ প্ৰথম মছজিদ কুবা মছজিদ আৰু ঐতিহাসিক উহুদ পৰ্বত পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। এই স্থানসমূহৰ ধৰ্মীয় আৰু ঐতিহাসিক তাৎপৰ্য উপলব্ধি কৰি তেওঁ কয় যে, এই স্থানসমূহে বিশ্বাসৰ চহকী ঐতিহ্যক প্ৰতিফলিত কৰি আহিছে।
ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ছৌদি আৰবৰ আল-মদিনা অঞ্চলৰ উপ-ৰাজ্যপাল মহামহিম ছৌদ বিন খালিদ আল ফৈছালক সাক্ষাৎ কৰিছে আৰু তেওঁৰ সৈতে হোৱা বৈঠকত ভাৰতীয় হজযাত্ৰীসকলৰ বাবে হ’ব লগা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিছে।
মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, দুয়োখন দেশৰ মাজত সহযোগিতা শক্তিশালী কৰি ভাৰতীয় হজযাত্ৰীসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু আধ্যাত্মিকভাৱে পৰিপূৰ্ণ অভিজ্ঞতা নিশ্চিত কৰা হ’ব।
মদিনাত ভাৰতীয় হজযাত্ৰীসকলৰ বাবে যি ব্যৱস্থা কৰা হৈছে, সেই বিষয়েও তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে, এই যাত্ৰা ভাৰতীয় হজযাত্ৰীসকলৰ প্ৰস্তুতি নিৰৱচ্ছিন্ন আৰু মসৃণ কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপস্বৰূপ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ অভিজ্ঞতা আৰু ভ্ৰমণৰ ছবি তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, আগন্তুক হজ ২০২৫ৰ বাবে প্ৰস্তুতি চলাবলৈ ছৌদি আৰব ভ্ৰমণ কৰিছিলো। ভাৰতীয় হজযাত্ৰীসকলৰ যাত্ৰা যাতে যিমান পাৰি মসৃণ আৰু সন্তোষজনক হয়, সেয়া নিশ্চিত কৰাটো আমাৰ অগ্ৰাধিকাৰ।
তেওঁৰ পোষ্টসমূহত তেওঁ মদীনাৰ পবিত্ৰতা আৰু তাত লাভ কৰা সন্মানৰ বাবে কৃতজ্ঞতা বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীজনে নিজকে সৌভাগ্যৱান বুলি অভিহিত কৰি কয় যে, তেওঁ আল্লাহ আৰু আল্লাহৰ নবীৰ পবিত্ৰ ভূমিলৈ আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, ভাৰত চৰকাৰে হজযাত্ৰীসকলৰ সুবিধাজনক ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁৰ মতে, এই ভ্ৰমণ ভাৰত আৰু ছৌদি আৰবৰ মাজত উন্নত সমন্বয় আৰু সহযোগিতা স্থাপনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপস্বৰূপ হব। হজ ২০২৫ৰ প্ৰস্তুতি ত্বৰান্বিত কৰাৰ লগতে ভাৰতীয় হজযাত্ৰীসকলক উন্নত সা-সুবিধা প্ৰদানৰ দৃষ্টিকোণৰ পৰা এই ভ্ৰমণ অতি সফল হৈছিল।