পূৰ্বতে বৃহৎ হিন্দু মন্দিৰ আছিল: জ্ঞানবাপী পুৰাতাত্ত্বিক জৰীপৰ প্ৰতিবেদন

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
জ্ঞানবাপী মছজিদ
জ্ঞানবাপী মছজিদ
লক্ষ্ণৌ

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ শেহতীয়া এক প্ৰতিবেদনত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ জ্ঞানবাপী মছজিদ চৌহদত বৃহৎ হিন্দু মন্দিৰৰ গঠনৰ অস্তিত্বৰ কথা কোৱা হৈছে বুলি বৃহস্পতিবাৰে জৰীপৰ প্ৰতিবেদন পাঠ কৰি হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা অধিবক্তা বিষ্ণু শংকৰ জৈনে কয়।

সংবাদমেল সম্বোধন কৰি জৈনে কয় যে এ এছ আইৰ সমীক্ষাত বৰ্তমানৰ গঠনৰ পূৰ্বৰ এটা বৃহৎ হিন্দু মন্দিৰৰ উপস্থিতিৰ দিশটো আঙুলিয়াই দিয়া হৈছে।

গ্ৰাউণ্ড পেনেট্ৰেটিং ৰাডাৰ (জিপিআৰ) জৰীপ অন্তৰ্ভুক্ত কৰা এএছআইৰ প্ৰতিবেদনত স্থানটোৰ ঐতিহাসিক স্তৰসমূহৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছে। বৰ্তমানৰ গাঁথনিটো জৈনৰ মতে পূৰ্বৰ গঠন এটাৰ ওপৰত নিৰ্মাণ কৰা যেন লাগে।

"এএছআইৰ তথ্যৰ পৰা অনুমান কৰিব পাৰি যে মছজিদত সালসলনি কৰা হৈছিল, খুঁটা আৰু প্লাষ্টাৰ পুনৰ ব্যৱহাৰ কৰা হৈছিল আৰু সৰু সৰু পৰিৱৰ্তন কৰা হৈছিল। হিন্দু মন্দিৰৰ কিছুমান খুঁটা নতুন গঠনত ব্যৱহাৰৰ বাবে সামান্য পৰিৱৰ্তন কৰা হৈছিল। খুঁটাবোৰৰ ওপৰত থকা খোদিত শিল্পকলাবোৰ আঁতৰোৱাৰ প্ৰয়াস কৰা হৈছিল।" - এএছআইৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয়।

জৈনে দাবী কৰা প্ৰতিবেদনত দেৱনাগৰী, তেলেগু, কানাড়া আৰু অন্যান্য লিপিত লিখা প্ৰাচীন হিন্দু মন্দিৰৰ অন্তৰ্গত শিলালিপি আৱিষ্কাৰ হোৱা বুলিও প্ৰকাশ পাইছে।

প্ৰতিবেদনখন পঢ়ি জৈনে কয় যে, "এএছআইয়ে কৈছে যে সমীক্ষাৰ সময়ত বৰ্তমান আৰু পূৰ্বতে থকা গঠনটোৰ ওপৰত কেইবাটাও শিলালিপি লক্ষ্য কৰা হৈছিল। বৰ্তমানৰ জৰীপৰ সময়ত মুঠ ৩৪টা শিলালিপি ৰেকৰ্ড কৰা হৈছিল আৰু ৩২টা ষ্টাম্পযুক্ত পৃষ্ঠা লোৱা হৈছিল।"

তেওঁ লগতে কয় যে এইবোৰ আচলতে পূৰ্বৰ হিন্দু মন্দিৰৰ শিলত লিখা শিলালিপি যিবোৰ বৰ্তমানৰ গঠনটো নিৰ্মাণ আৰু মেৰামতিৰ সময়ত পুনৰ ব্যৱহাৰ কৰা হৈছে।

"গাঁথনিটোত পূৰ্বৰ শিলালিপিসমূহৰ পুনৰ ব্যৱহাৰৰ পৰা অনুমান কৰিব পাৰি যে পূৰ্বৰ গঠনসমূহ ধ্বংস হৈ ইয়াৰ অংশসমূহ বৰ্তমানৰ গঠনটোৰ নিৰ্মাণ মেৰামতিৰ কামত পুনৰ ব্যৱহাৰ কৰা হৈছিল। এই শিলালিপিসমূহত জনাৰ্দন, ৰুদ্ৰ আৰু উমেশ্বৰ আদি দেৱতাৰ তিনিটা নাম পোৱা গৈছে।" - অধিবক্তাই লগতে কয়।

বাৰাণসী আদালতে কাশী বিশ্বনাথ মন্দিৰৰ সংলগ্ন জ্ঞানবাপী মছজিদ চৌহদৰ ওপৰত এএছআইৰ জৰীপৰ প্ৰতিবেদন হিন্দু আৰু মুছলমান উভয় পক্ষক দিব লাগিব বুলি ৰায় দিয়াৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে।

যোৱা বছৰ এএছআইয়ে জ্ঞানবাপী চৌহদত বৈজ্ঞানিক জৰীপ কৰি মছজিদটো হিন্দু মন্দিৰৰ পূৰ্বৰ গঠনৰ ওপৰত নিৰ্মাণ কৰা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিছিল।

হিন্দু আবেদনকাৰীয়ে ১৭ শতিকাৰ মছজিদটো পূৰ্বতে থকা মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা বুলি দাবী কৰাৰ পিছতে আদালতে এই সমীক্ষাৰ নিৰ্দেশ দিছিল।