আৱাজ দ্য ভইচ অসম ব্যুৰ'
আজি মহাশিৱৰাত্ৰি। হিন্দু ধৰ্মৰ ই অন্যতম বৃহৎ আধ্যাত্মিক অনুষ্ঠান। সমগ্ৰ ভাৰততে ব্যাপক উলহ-মালহেৰে দেৱাদিদেৱ মহাদেৱক প্ৰাৰ্থনাৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ অৰ্থ হৈছে "শিৱৰ বাবে এনিশা।" এই পবিত্ৰ উৎসৱটো প্ৰতি বছৰে হিন্দু মাহ ফাগুন (ফেব্ৰুৱাৰী–মাৰ্চ)ত কৃষ্ণ পক্ষৰ চতুৰ্দশী নিশাত অতি ভক্তি আৰু শ্ৰদ্ধাৰে পালন কৰা হয়।
মহাশিৱৰাত্ৰিৰ তাৎপৰ্য্যঃ
হিন্দু ধৰ্মৰ প্ৰধান উৎসৱ মহাশিৱৰাত্ৰিত ভগৱান শিৱক আৰাধনা কৰা হয়। এই উৎসৱে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ মিলনক প্ৰতিনিধিত্ব কৰে, যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ পুৰুষ আৰু নাৰী শক্তিৰ সমন্বয়ক সূচায়। আধ্যাত্মিকতা অনুসৰি, এই উৎসৱ হৈছে অজ্ঞানতাৰ বিৰুদ্ধে পোহৰ আৰু জ্ঞানৰ জয়ৰ প্ৰতীক।
ই অনুগামীসকলক জ্ঞান আৰু আভ্যন্তৰীণ প্ৰশান্তিৰ সন্ধানত প্ৰেৰণা যোগায়। এই বিশেষ নিশাটোতে ভগৱান শিৱই সৃষ্টি, ৰক্ষণাবেক্ষণ আৰু ধ্বংসৰ মহাজাগতিক নৃত্য 'তাণ্ডৱ নৃত্য' কৰা বুলি বিশ্বাস কৰা হয়।
প্ৰতিনিধিত্বমূলক ছবি
এই দিনটোতে সাগৰৰ মহাজাগতিক মন্থন (সমুদ্ৰ মন্থন)ৰ সময়ত ওলোৱা মাৰাত্মক বিষ (হলাহল) ভগৱান শিৱই পাণ কৰি সমগ্ৰ বিশ্বক বিষমুক্ত কৰিছিল। সেইবাবে তেওঁক নীলকণ্ঠ নামেৰেও জনা যায়।
মহা শিৱৰাত্ৰি ২০২৫: তাৰিখ আৰু সময়
চতুৰ্দশী তিথি আৰম্ভঃ ২৬ ফেব্ৰুৱাৰী, ২০২৫ - পুৱা ১১:০৮ বজা
চতুৰ্দশী তিথি শেষঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫ - পুৱা ০৮:৫৪ বজা
নিশিতা কাল পূজাৰ সময়ঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫ - পুৱা ১২:০৮ বজাৰ পৰা ১২:৫৮ বজালৈ
শিৱৰাত্ৰি পৰণা সময়ঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫ - পুৱা ০৬:৪৭ বজাৰ পৰা পুৱা ০৮:৫৪ বজালৈ
ৰাত্ৰি প্ৰথম প্ৰহৰ পূজাৰ সময়ঃ ২৬ ফেব্ৰুৱাৰী, ২০২৫ - সন্ধিয়া ০৬:১৮ বজাৰ পৰা নিশা ০৯:২৫ বজালৈ
ৰাত্ৰি দ্বিতীয় প্ৰহৰ পূজাৰ সময়ঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫ - সন্ধিয়া ০৯:২৫ বজাৰ পৰা মাজনিশা ১২:৩৩ বজালৈ
ৰাত্ৰি তৃতীয় প্ৰহৰ পূজাৰ সময়ঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫ - মাজনিশা ১২:৩৩ বজাৰ পৰা পুৱা ০৩:৪০ বজালৈ
ৰাত্ৰি চতুৰ্থ প্ৰহৰ পূজাৰ সময়ঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫ - পুৱা ০৩:৪০ বজাৰ পৰা পুৱা ০৬:৪৭ বজালৈ
মহাকালেশ্বৰ জ্যোতিৰ্লিংগ
মহাশিৱৰাত্ৰি উদযাপনঃ
মহাশিৱৰাত্ৰি সমগ্ৰ দেশৰ অন্যতম পূজনীয় উৎসৱ যদিও ইয়াক প্ৰধানকৈ মধ্যপ্ৰদেশৰ উজ্জয়িনত অৱস্থিত মহাকালেশ্বৰ জ্যোতিৰ্লিংগত ব্যাপক ৰূপত পালন কৰা হয়। বাৰাণসী, কেদাৰনাথ, আৰু কাশী বিশ্বনাথ মন্দিৰতো মহাশিৱৰাত্ৰী উৎসৱ আৰু মেলা অনুষ্ঠিত হয়।
মহাশিৱৰাত্ৰি পূজাৰ বিধি-বিধানঃ
উপবাসঃ ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ আৰু তেওঁলোকৰ আশীৰ্বাদ বিচাৰি ভক্তসকলে আত্মসংযম প্ৰদৰ্শন কৰি নিজৰ শ্ৰদ্ধা-ভক্তি প্ৰদৰ্শন কৰে আৰু কঠোৰ উপবাস পালন কৰে।
জপঃ মন্ত্ৰ জপ এই বিশেষ দিনটোত ভগৱান শিৱৰ আশীৰ্বাদ বিচৰাৰ অন্যতম সহজ উপায়। গতিকে ভক্তসকলে বেছিভাগ সময় "ওমঃ নমঃ শিৱায়ঃ" আৰু "মহা মৃত্যুঞ্জয় মন্ত্ৰ" জপ কৰি কটায়। একেদৰে, শিৱৰ গীত আৰু প্ৰাৰ্থনা গাই গোটেই নিশাটো উজাগৰে থাকে।
অভিষেকঃ অভিষেক হৈছে ভগৱান শিৱক সন্তুষ্ট কৰাৰ আন এক গুৰুত্বপূৰ্ণ উপায়। এই প্ৰক্ৰিয়াত ভক্তসকলে শিৱ লিংগক পঞ্চমৃত কৰি প্ৰাৰ্থনা কৰে আৰু ৫টা পবিত্ৰ ইটমে অৰ্থাৎ পানী, গাখীৰ, মৌ, চেনিৰ গুড়ি আৰু ঘিউৰে শিৱ লিংগক স্নান কৰায়। ভক্তসকলে শিৱৰাত্ৰীৰ দিনটোত অন্যান্য প্ৰসাদ যেনে ফুল, বেলপাত, ধতুৰা, ভাং আদি আগবঢ়ায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱৰাত্রীত পূজা কৰা দৃশ্য
ধ্যান আৰু প্ৰাৰ্থনাঃ এই পবিত্ৰ নিশা ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বাবে উৎসৰ্গিত। গতিকে মানুহে এই সময়খিনি ব্যৱহাৰ কৰি শিৱৰ ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ পায়, বহুতে ধ্যান কৰে আৰু বিভিন্ন আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজ কৰি ভগৱানৰ ওচৰত বিশেষ প্ৰাৰ্থনা কৰে।
শিৱ মন্ত্ৰঃ
ওমঃ নমঃ শিৱায়
মহা মৃত্যুঞ্জয় মন্ত্ৰঃ ওঁম ত্র্যম্বকং যজামহে সুগন্ধিং পুষ্টিবর্ধনম্। উর্বারুকমিব বন্ধনান্ মৃত্যোর্মুক্ষীয় মাঽমৃতাৎ।।
ইয়াৰ অৰ্থ হ’ল হে ত্ৰিনয়ন, আমাৰ জীৱনটো সুগন্ধিৰে ভৰাই তোলক। আমাক সকলো বন্ধনৰ পৰা মুক্ত কৰি মৃত্যুৰ পৰা অমৰত্বলৈ লৈ যাওক।