নতুন প্ৰজন্মৰ মাজত গোৱালপৰীয়া লোকগীতক জীয়াই ৰখাৰ নিৰন্তৰ প্ৰয়াস শিল্পী মিনি ভট্টাচাৰ্য্যৰ

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 20 h ago
গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞীৰূপে খ্যাত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে আৰু শিল্পী মিনি ভট্টাচাৰ্য্য
গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞীৰূপে খ্যাত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে আৰু শিল্পী মিনি ভট্টাচাৰ্য্য
 
  পল্লব ভট্টাচাৰ্য্য
 
নতুন প্ৰজন্মৰ মাজত গোৱালপৰীয়া লোকগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰন্তৰভাৱে কাম কৰি থকা এগৰাকী শিল্পী হৈছে মিনি ভট্টাচাৰ্য্য। সংগীতৰ বাণিজ্যিকীকৰণৰ সময়তে মিনি ভট্টাচাৰ্য্যই গোৱালপাৰীয়া লোকগীতক থলুৱা আৰু বিশুদ্ধ ৰূপত সম্পূৰ্ণ ৰাজবংশী লোকবাদ্যৰ সৈতে পৰিবেশন কৰি ইয়াক সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি একনিষ্ঠভাৱে সংগ্ৰাম চলাই আহিছে। 
 
গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাবে তেওঁৰ মৃত্যু দিৱসৰ দিনা বা যিকোনো এটা দিনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন বা অন্য স্থানত সম্পূৰ্ণ একক প্ৰচেষ্টাৰে মিনি ভট্টাচাৰ্য্যই বহু-বছৰ ধৰি এটি সংগীতানুষ্ঠানৰ আয়োজন কৰি আহিছে। কালক্ৰমত বিলুপ্তপ্ৰায় বহু গোৱালপাৰীয়া গীত পুনৰুদ্ধাৰ কৰি তেওঁ ইয়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কামত ব্ৰতী হৈ আহিছে। নতুন প্ৰজন্মৰ মাজত গোৱালপাৰীয়া লোকগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ বহুতো কৰ্মশালাও আয়োজন কৰি আহিছে। 
 
 
উত্তৰ লখিমপুৰৰ বিহপুৰীয়াৰ আধাৰ সত্ৰত ১৯৬৯ চনত জন্ম গ্ৰহণ কৰা মিনি ভট্টাচাৰ্য্যই বিহপুৰীয়াতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত মাধৱদেৱ মহাবিদ্যালয়ৰ পৰা অসমীয়াত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষাতত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৰ গোৱালপাৰীয়া লোকগীতৰ শ্ৰাৱ্য সংকলনসমূহ হৈছেঃ মিনিৰ নীলমন (২০০৩), বন্ধুধন ৰসিয়া (২০০৮), ওপাৰে বান্ধিয়া বাড়ী (২০০৯), গোলাপীৰে শাংখা সেন্দুৰ (কোচ ৰাজবংশী বিয়াৰ গান, ২০১০), মইশাল বন্ধুৰে (মইশালৰ গান, ২০১১), বৈঠা মাৰো ৰে (২০১২) আৰু  হায় হস্তীৰ কন্যাৰে (হাতী মাহুতৰ গান, ২০১৬)। 
 
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰদ্বাৰা গোৱালপাৰীয়া লোকগীতৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত মিনি ভট্টাচাৰ্য্যই ভাৰত চৰকাৰৰ Indian Council for Cultural Relationsৰ দ্বাৰাও অসমীয়া লোকগীতৰ Empanelled Artist হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। লোকগীত সাধনাৰ বাবে তেওঁক মুন লাইট মেডিয়া গ্ৰুপে ২০০৯-১০ চনৰ স্পেচিয়েল জুৰী এৱাৰ্ড আগবঢ়াইছিল। মিনি ভট্টাচাৰ্য্যই লাভ কৰা আন কিছু সন্মান আৰু বঁটা হৈছেঃ “মইশাল বন্ধুৰে” এলবামৰ বাবে “মুন লাইট মেডিয়া গ্ৰুপ”ৰ দ্বাৰা ২০১০-১১ চনৰ শ্ৰেষ্ঠ লোকগীতৰ গায়িকাৰ সন্মান; গুৱাহাটীৰ পাৰফেক্ট গ্ৰুপৰদ্বাৰা ২০০৯-২০১০ৰ “গোৱালপাৰীয়া লোকগীতৰ শ্ৰেষ্ঠ সাধক” সন্মান; গোৱালপৰীয়া লোকগীতৰ বাবে “বিশেষ বঁটা”, ৰ’দালি বঁটা, ২০১১; দেৰগাঁওৰ নৃত্যাঞ্জলী কলা কেন্দ্ৰৰ সুৰ সম্ৰাজ্ঞী বঁটা; প্ৰাগ প্ৰেৰণা বঁটা, ২০১৭; লোকশিল্পী শিৰোমণি বঁটা, ২০২২; ৰেঙনি মিউজিক এৱাৰ্ডৰ শ্ৰেষ্ঠ লোকগীতৰ বঁটা, ২০২২।   
 
'আৱাজ দ্য ভইচ অসম'ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাত্‍কাৰত মিনি ভট্টাচাৰ্যই তেওঁৰ সংগীতৰ যাত্ৰাক লৈ বহুতো কথা প্ৰকাশ কৰে। এই কথোপকথনৰ সম্পূৰ্ণ পাঠ তলত আগবঢ়োৱা হ'লঃ
 
প্ৰশ্ন: গোৱালপাৰীয়া লোকগীত কি?
 
উত্তৰঃ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলৰ মাজত চৰ্চিত আৰু অসমৰ পশ্চিম অঞ্চলৰ  অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত এক প্ৰকাৰৰ লোকসংগীতৰ ধাৰা।

প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতৰ উৎপত্তি ক'ত?
 
উত্তৰঃ মূলত, অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ পৰা উত্তৰ বংগৰ কোচবিহাৰ, জলপাইগুৰি, শিলিগুৰিলৈকে ব্যপ্ত হৈ পূৰ্ব বংগ অৰ্থাৎ বাংলাদেশলৈকে এক বিস্তৃত এলাকাৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন পৰিবেশত বিভিন্ন লোকৰ মুখেমুখে গোৱালপাৰীয়া লোকগীত সমূহ উৎপত্তি হৈ প্ৰচলিত হৈ আহিছে। কিছুমান গানত নিৰ্দিষ্ট কিছুমান ঠাই আৰু ঘটনাৰ উল্লেখে নিৰ্দিষ্ট কিছুমান গানৰ উৎপত্তিস্থল আৰু সময়ৰ এক আভাস পোৱা যায়।
 
প্ৰশ্ন: অসমীয়া সংস্কৃতিত কিহৰ বাবে গোৱালপাৰীয়া লোকগীত অনন্য?
 
উত্তৰঃ গোৱালপাৰীয়া লোকগীতৰ বিষয়বস্তু অনন্য। দৈনন্দিন জীৱন যাত্ৰাৰ লগত জড়িত সকলোবোৰ বিষয়, জীৱন নিৰ্বাহৰ সৈতে সংপৃক্ত সকলো ধৰনৰ পেচা, প্ৰকৃতি, পূজা পাতল, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, দেহতত্ব ইত্যাদি বিভিন্ন বিষয়ৰ উল্লেখ, ৰচয়িতাৰ পৰিচয় নথকা, ৰচনাৰ সাৰল্য সুৰ আৰু প্ৰকাশভংগীৰ বিচিত্ৰ সমাহাৰৰ লগতে ৰচয়িতাৰ স্বতঃস্ফূর্ত আন্তৰিক বৰ্ণনাই গোৱালপাৰীয়া লোকগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। অসমীয়া লোকসংগীতৰ পথাৰখনত গোৱালপাৰীয়া লোকগীতৰ সংযোজনে অসমীয়া লোকসংগীতক বহুত চহকী কৰি তুলিছে।
 
এক অনুষ্ঠানত গোৱালপাৰীয়া গীত পৰিবেশন কৰিছে শিল্পী মিনি ভট্টাচাৰ্য্যই
 
প্ৰশ্ন: ধাৰাটোৰ নাম কোনে কেতিয়া আৰু কিয় "গোৱালপাৰীয়া লোকগীত" ৰাখিলে?
 
উত্তৰঃ গোৱালপাৰীয়া লোকগীতসমূহ আগতে অবিভক্ত গোৱালপাৰা জিলা আৰু উত্তৰ বংগত "দেশী গান" হিচাবে প্ৰচলিত আছিল। কিন্তু পূৰ্ব বংগৰ ফালে এই দেশী গানক "ভাৱাইয়া গান" বুলিয়েই কয়। গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞীৰূপে খ্যাত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ কন্ঠত ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে দেশী গান শুনি মন্ত্ৰমুগ্ধ হয় ডঃ ভূপেন হাজৰিকা দেৱ। তেখেতে প্ৰতিমা বৰুৱাৰ কন্ঠত গীত বাণীবদ্ধ কৰিবৰ বাবে তেওঁক গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰলৈ লৈ যায়। কিন্তু, প্ৰতিমা বৰুৱাৰ কন্ঠৰ দেশী গান শুনি সেই সময়ৰ আকাশবাণীৰ বিষয়ৱবীয়াসকলে তেওঁক গানবোৰ অসমীয়ালৈ অনুবাদ কৰি গাবলৈ কোৱাৰ বাবে গীত বাণীবদ্ধ কৰিব পৰা নগ'ল। কিছুদিনৰ পাছত ডঃ ভূপেন হাজৰিকাদেৱে প্ৰতিমা বৰুৱাক কলকাতা আকাশবাণীলৈ লৈ যায়। তাতো গানবোৰ বাংলা গান নহয় বুলি তেওঁক প্ৰত্যাখ্যান কৰে। তেতিয়া ডঃ ভূপেন হাজৰিকাদেৱৰ আহ্বানক্ৰমে পুৰুষোত্তম দাস আদি বিখ্যাত সংগীতজ্ঞসকলে মিলি দিহা পৰামৰ্শ কৰি বৃহত্তৰ গোৱালপাৰা অঞ্চলত প্ৰচলিত এই গীতসমূহক (কামৰূপৰ প্ৰচলিত গীত সমূহ যিহেতু কামৰূপী লোকগীত হিচাপে প্ৰচলিত আছিল) 'গোৱালপাৰীয়া লোকগীত' বুলি নামাকৰণ কৰে। ১৯৫৬ চনত পোন প্ৰথমবাৰৰ বাবে "এৰাবাটৰ সুৰ" বোলছবিখনত 'গোৱালপাৰীয়া লোকগীত' সন্নিৱিষ্ট কৰিলে।
 
প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতসমূহ কি কি উপভাষাত গোৱা  হয়?
 
উত্তৰঃ গোৱালপাৰীয়া লোকগীতসমূহ কোচ ৰাজবংশী সম্প্ৰদায়ৰ গীত। কোচ ৰাজবংশী উপভাষাতেই এই গীতসমূহ প্ৰচলিত হৈ আহিছে।
 
প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতৰ ভাষা আৰু বাংলা ভাষাৰ মাজত কিবা সংযোগ আছে নেকি?

উত্তৰঃ যিহেতু কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকল পূৰ্ব বংগ, উত্তৰ বংগ আৰু অসমৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ আছে, সেয়েহে এই গীতসমূহৰ মাজত বিভিন্ন ঠাইৰ বিভিন্ন পৰিবেশৰ প্ৰভাৱ পৰিলক্ষিত হোৱা দেখা যায়। গোৱালপাৰীয়া লোকগীত বা দেশী গানসমূহত অসমীয়া আৰু বাংলা ভাষাৰ পাৰ্থক্য চুলি ডালৰ সমানহে। ব্যাকৰণৰ দিশৰ পৰা চাবলৈ গ'লে অৱশ্যে অসমীয়া ভাষাৰ লগতহে বহুখিনি সাদৃশ্য বিচাৰি পোৱা যায়। উদাহৰণস্বৰূপে, গোৱালপাৰীয়া লোকগীত বা দেশী গানত বা কোচ ৰাজবংশী উপভাষাত নয়াৰ্থক শব্দবোৰ শব্দৰ আগৰ ফালে উচ্চাৰিত হয়, যেনে, 'নাযাং', 'নাখাং', 'নাকান্দিস', 'নাযাইস' আদি। আনহাতে, বাংলা ভাষাত নয়াৰ্থক শব্দবোৰ শব্দটোৰ পাছৰ ফালে উচ্চাৰিত হয়, যেনে, 'খাব'না', 'যাব'না', 'কান্দিস না', 'যাবি না' ইত্যাদি।
 
প্ৰশ্ন: গোৱালপাৰাৰ কথিত উপভাষা বুজাবৰ বাবে আন কি শব্দ ব্যৱহাৰ কৰা হয়? 
 
উত্তৰঃ দেশী ভাষা বা ৰাজবংশী ভাষা।
 
প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতৰ সাধাৰণ বিষয়বস্তু সমূহ কি কি?
 
উত্তৰঃ গোৱালপাৰীয়া লোকগীতৰ বিশাল পথাৰ খন বৈচিত্ৰতাৰে ভৰপূৰ। এই লোকগীতবোৰৰ সাধাৰণ বিষয়বস্তু সমূহ হৈছে -- হাতী- মাহুত- ফান্দিৰ জীৱন, মইশালৰ জীৱন, সাধাৰণ জীৱনদৰ্শন, দেহতত্ব, প্ৰকৃতি, খেতি পথাৰ, নিচুকনিৰ গীত,  বিভিন্ন খেল-ধেমালিৰ গীত, বিয়াৰ গান, ভক্তিৰসৰ গান, পূজা-পাতলৰ গীত, নদী-নাও-নাৱৰীয়াৰ গীত, ফুল-ফল-মাছ-চৰাই- চিৰিকতিৰ গীত, আদি ৰসাত্মক গীত, পৰকীয়া প্ৰেমৰ গীত, কুশান গীত, গোৱালীনি নৃত্যৰ গীত, জীৱন নিৰ্বাহৰ ক্ষেত্ৰত জড়িত বিভিন্ন পেচাৰ গীত আদি বিভিন্ন বিষয়ৰ গীত দেখিবলৈ পোৱা যায়।  
 
প্ৰশ্ন: গোৱালপাৰীয়া লোকগীত পৰিবেশনৰ সময়ত সাধাৰণতে কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়?
 
উত্তৰঃ দোতাৰা, সাৰিন্দা, ঢোল, খন্জৰী বা খুটিতাল, কালিয়া বা কালি, জুনুকা, বাঁহী আদি বাদ্যযন্ত্ৰ গোৱালপাৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা হয়।
 
প্ৰশ্ন: মাহুত-ফান্দিৰ গীতৰ মূল বিষয়বস্তু কি? 
 
উত্তৰঃ মাহুত-ফান্দিৰ গীত সমূহ মূলত: হাতী-কেন্দ্ৰীক হয়। বনৰীয়া হাতী চিকাৰ কৰি, হাতীক বশ কৰি পোহ মনাই কিদৰে ঘৰচীয়া কৰা হয়, মাহুত-ফান্দিসকলে নিজৰ নিজৰ ঘৰৰ পৰা আঁতৰি ঘন অৰণ্যৰ মাজত বিপদসংকুলতাৰ মাজেৰে হাতী চিকাৰত ব্যস্ত থাকোতে তেওঁলোকৰ মনোবেদনা আৰু কষ্ট, লগতে তেওঁলোকৰ নিজ গৃহত এৰি থৈ অহা পত্নী বা প্ৰেয়সী গৰাকীৰ মনৰ বেদনা গীতবোৰৰ মাজেদি প্ৰকাশ পায়। হাতী চিকাৰলৈ যোৱাৰ পাছত জংঘলত কিছুমান নিয়ম মানি চলিব লাগে। বিশেষকৈ, প্ৰতিমা বৰুৱাৰ পিতৃ 'লালজি', অৰ্থাৎ প্ৰকৃতিশ বৰুৱাদেৱৰ কিছুমান কঢ়া নিৰ্দেশ আছিল। জংঘলত ৰজা প্ৰজাৰ বিচাৰ কৰা নহয়। বনৰীয়া হাতীয়ে যাতে চিকাৰলৈ যোৱা মানুহৰ গোন্ধ নাপায় তাৰবাবে কোনেও তেলসনা, গা-ধোৱা আদি কৰিব নোৱাৰিছিল। বৰঞ্চ, সকলোৱেই গাত মাটি সানি ল'ব লাগিছিল। চিকাৰলৈ যোৱাৰ আগতে পুৰোহিত মাতি আনি দিন বাৰ চোৱাই যাত্ৰা আৰম্ভ কৰিছিল। 
 
প্ৰথমেই,  মা মহামায়াৰ পূজা- অৰ্চনা, হোম- যজ্ঞেৰে মংগল প্ৰাৰ্থনা কৰি হিন্দু মুছলমান মাহুত-ফান্দি সকলোৱেই আশীৰ্বাদ লৈছিল। জংঘললৈ গৈ এটা সূচল ঠাইত চাকি বন্তি জ্বলাই মেইন কেম্প বা "ঘাই ধূৰা" পাতি হাতীৰ খা-খবৰ কৰি গতিবিধি নিৰিক্ষণ কৰা হয়। তাৰপাছত, হাতীৰ খবৰ পালে ঘন অৰণ্যত প্ৰৱেশ কৰি দিনৰ পাছত দিন হাতীৰ অপেক্ষা কৰে। অৱশেষত হাতী চিকাৰ কৰি ধৰাৰ পিছত হাতীৰ গতিগোত্ৰ চাই লক্ষণ বিচাৰ কৰি হাতী ধৰাৰ অপৰাধ ন'লৈ হাতীক ভালে ৰাখিবলৈ বিভিন্ন দেৱ-দেৱীৰ পূজা কৰা হয়।
 
তাৰোপৰি মাহুত পীৰৰ পূজা কৰা হয়। এই মাহুত পীৰৰ পূজাত কোনো মুছলমান ধৰ্মী লোকৰ হতুৱাই কুকুৰা চৰাই জবাই কৰি নৈবেদ্য আগবঢ়াই পশ্চিম দিশে মুখ কৰি হিন্দু মুছলমান সকলোৱেই ভক্তিভাৱে আল্লাহ ৰচুলৰ ওচৰত প্ৰাৰ্থনা কৰে - "হে আল্লাহ ৰচুল, তোমাৰ বনৰ হাতী ধৰিলো, সকলো অপৰাধ নিজগুণে মৰিষণ কৰিবা"। মা কালীৰ পূজাত দুজনী ক'লা পাৰ চৰাই আৰু এটা ক'লা পঠা ছাগলী আৰু গনেশৰ পূজাত পাৰ চৰাই,  নৈবেদ্য, ৰঙা-ক'লা আৰু বগা নিচান আগবঢ়োৱা হয়। এই সকলো দেৱ দেৱীৰ, পীৰৰ পূজাৰ পাছত আৰম্ভ হয় সাত চিকাৰীৰ পূজা আৰু আচল বনদেৱীৰ পূজা। আনকি, নদী পাৰ হ'বৰ সময়ত প্ৰতিটো হাতীৰ বাবদ এটাকৈ সিকি ('পাৰাণিৰ কড়ি' বুলি কোৱা হয়) নদীত পেলাই নদী মাতৃৰ পূজাও কৰে। এই সকলো পূজা পাতল কৰোতে জাতি, ধর্ম, বর্ণ, পদ, পদমৰ্যাদা, মালিক, কৰ্মচাৰীৰ নির্বিশেষে সকলোৱেই একেলগে অন্তৰৰ ভাৱস্তিৰে অংশ গ্ৰহণ কৰিছিল।  
 
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সৈতে গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞীৰূপে খ্যাত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে
 
প্ৰশ্ন: হাতী মাহুতৰ গান ৰ লগত 'জয়মালা' আৰু  'জয়নাথ'ৰ কাহিনী কিয় জড়িত হৈ আছে ?
 
উত্তৰঃ প্ৰাচীনকালত এখন গাঁৱত এক ব্ৰাহ্মণ দম্পতীয়ে সুখেৰে জীৱন যাপন কৰিছিল। প্ৰাচুৰ্য্যৰে ভৰা জীৱন নহ'লেও পুৰোহিতালি কৰি 'জয়নাথ' নামৰ ব্ৰাহ্মণজনে তেওঁৰ পত্নী 'জয়মালা'ৰে সৈতে সুন্দৰভাৱে সংসাৰ কৰি আছিল। জয়নাথে বিভিন্ন গাঁৱলৈ গৈ পূজা পাতল কৰিছিল। এবাৰ এঘৰ চহকী যজমানৰ ঘৰত পূজা কৰিবলৈ যাওঁতে গৃহস্থই নিজৰ বিবাহযোগ্যা কন্যাৰে সৈতে জয়নাথৰ বিয়া পাতি প্ৰচুৰ অৰ্থ, সা-সম্পত্তি দি পঠালে। যিহেতু সেই সময়ত একাধিক বিবাহ প্ৰচলিত আছিল, জয়নাথেও সা-সম্পত্তিৰ মোহত আপত্তি নকৰি নৱ বিবাহিতা পত্নীক ঘৰলৈ লৈ আহিল। জয়নাথে নৱ বিবাহিতা পত্নীক লৈ নতুন ঘৰ দুৱাৰ বনাই প্ৰাচুৰ্য্যৰে ভৰা জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। নৱ বিবাহিতা পত্নী গৰাকীয়ে জয়মালাৰ ওপৰত শাৰীৰিক, মানসিক অত্যাচাৰ যাতনা দি জয়মালাৰ হতুৱাই ঘৰৰ সকলো কাম কাজ কৰোৱাই তেওঁৰ জীৱন নৰক সদৃশ কৰি তুলিছিল। উপায়ান্তৰ হৈ জয়মালাই নদীৰ পৰা পানী আনিবলৈ যাওঁতে নদীৰ ঘাটত বহি সদায় ক্ৰন্দন কৰিছিল। তেওঁৰ চকুৰ পানীৰে নদীৰ পানী একাকাৰ হৈ যায়। এদিন হাতীৰ ৰজাই নদীত পানী খাবলৈ আহি লূণীয়া স্বাদ পোৱাৰ বাবে নিমখৰ উৎসৰ সন্ধান বিচাৰি উজাই আহিল। নদীৰ পাৰত ক্ৰন্দনৰত, ৰূপহী জয়মালাক  দেখি কাৰণ সোধাত জয়মালাই সকলো বিবৰি ক'লে। জয়মালাৰ কষ্ট আৰু বিৰহৰ কাৰণ গম পাই হস্তীৰাজে জয়মালাক তেওঁৰ ৰাণী কৰি হস্তী ৰাজ্যলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিয়ে। জয়মালাই সন্মতি প্ৰদান কৰাত হস্তীৰাজে তেওঁক পিঠিত উঠাই নিজ ৰাজ্যলৈ লৈ যায় আৰু ৰাজ অভিষেক কৰি তেওঁক হাতীলৈ ৰূপান্তৰ কৰি নিজৰ ৰাণী কৰি লয়। জনশ্ৰুতি অনুসৰি কালক্ৰমত জয়মালাৰ মুৰত থকা তামৰ কলসীটোৱেই হাতীৰ মুৰত কলসীৰ আকাৰ লয়। 
 
অবিভক্ত গোৱালপাৰা অঞ্চলত হাতী চিকাৰত হাতীৰ প্ৰধান ভূমিকা আছিল। সেই হাতী চিকাৰ কৰোতে হাতী ধৰাৰ পিছত বনৰীয়া হাতীক নিচুকাই সেয়ে মাহুত ফান্দিসকলে গায় ----
 
"হস্তীৰ কন্যা হস্তীৰ কন্যা, বামনেৰ নাৰী,
মাথায় নিয়া তাম কলসী অ',
সখী হাতে সোণাৰ ঝাৰি সখী অ',
অ' মোৰ হায় হস্তীৰ কন্যাৰে,
খানিকো দয়া নাই মাহুতক লাগিয়া ৰে"। 
 
প্ৰশ্ন: হাতী মাহুতৰ বা তেওঁলোকৰ প্ৰিয়জনৰ জীৱনৰ চিত্ৰ গোৱালপাৰীয়া লোকগীতত কেনেদৰে চিত্ৰিত  হৈছে?
 
উত্তৰঃ হাতী চিকাৰৰ বাবে মাহুত-ফান্দিসকলে নিজ ঘৰ বা পৰিয়ালৰ পৰা বা প্ৰিয়জনৰ পৰা দিনৰ পাছত দিন, মাহৰ পাছত মাহ আঁতৰি থাকিব লাগে। যোৱাৰ ইচ্ছা নাথাকিলেও চাকৰি আৰু জীৱিকাৰ খাতিৰত মায়া মোহ ত্যাগ কৰি জংঘললৈ যাব লাগে। মাহুত-ফান্দিৰ লগতে ঘৰত এৰি থৈ যোৱা প্ৰেয়সী বা পত্নীৰ অন্তৰৰ বেদনা, ঘূৰি আহিব নোৱাৰাৰ শংকা অতি সুন্দৰভাৱে গীতসমূহত দেখিবলৈ পোৱা যায় ---- 
 
"তোমৰা গেইলে কি আসিবেন,
মোৰ মাহুত বন্ধুৰে"
 
কোনো কোনো ক্ষেত্ৰত প্ৰেয়সীয়ে হতাশাৰে ভৰা মন লৈ গীতৰ মাধ্যমেৰে প্ৰশ্ন কৰে--
 
"অ'ৰে সত্য কৰিয়া কনৰে মাহুত,
ঘৰে কয়জন নাৰী ৰে"?
কিজানি অন্যৰ প্ৰেমত বন্দী হৈ মাহুতে তেওঁক পাহৰিয়েই যায়।
 
আকৌ কেতিয়াবা গায় -- 
 
"আৰ কত'দিনে আসিবেন,  অ' মোৰ মাহুত বন্ধুৰে?
তোৰ মাহুতেৰ দান্তাল হাতী
মাহুত ৰে, মুইয়ো তেমন ভৰ যুৱতীৰে, অ' কি মাহুত ৰে
নাদেখিলে মন মোৰ উৰাং 
বাইৰাং কৰেৰে"
মাহুত ফান্দিয়ে দুখত গায় --
" অ' মোৰ হায় হস্তীৰ কন্যা ৰে
খানিকো দয়া নাই
 মাহুতক লাগিয়াৰে।
বালু তিলতিল পংখী কান্দে
বালুতে পৰিয়া, 
গৌৰীপুৰীয়া মাহুত কান্দে অ'
সখী, ঘৰবাৰী ছাৰিয়া সখী অ'"
নাৰীগৰাকীয়ে গায় --
"অ' মোৰ দান্তাল হাতীৰ মাহুতৰে,
যেদিন মাহুত চিকাৰ যায়
নাৰীৰ মন মোৰ ঝুৰিয়া ৰয়ৰে"।
 
আকৌ কেতিয়াবা গায় -- "আজি আউলাইলেন বান্ধা ময়ালৰে" বুলিও। অৰ্থাৎ, হাতীৰ চিকাৰত গৈ 'মোৰ সজোৱা সংসাৰখনত আউল লগাই খেলিমেলি কৰি দিলা'। হাতীৰ চিকাৰলৈ যোৱা মাহুত ফান্দিৰ জীৱনটো দুখ কষ্টেৰে ভৰা, সেয়ে, হাতী মাহুতৰ গানত মাহুত ফান্দিৰ বা তেওঁলোকৰ প্ৰিয়জনৰ বিৰহ আৰু দুখৰ বৰ্ণনাই বেছিকৈ দেখিবলৈ পোৱা যায়। 
 
প্ৰশ্ন: হাতী মাহুতৰ গানত 'আল্লাহ ৰচুলৰ ' উল্লেখ কিয় দেখিবলৈ পোৱা যায়?
 
উত্তৰঃ অবিভক্ত গোৱালপাৰা অঞ্চলৰ জমিদাৰৰ হাতীৰ মহলবিলাকত কাম কৰা সৰহ সংখ্যক মাহুত ফান্দিয়েই খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ আছিল। বনৰীয়া হাতী চিকাৰ কৰি বশ কৰিবৰ বাবে কেম্প বা 'ঘাই ধূৰা' লৈ আনি হাতীৰ উন্মত্ত ভাৱ নোহোৱা কৰিবলৈ মাহুত ফান্দিকে আদি কৰি সকলোৱেই মিলি দেশী গানৰ মজলিচ পাতে। শিকলিৰে বান্ধি থোৱা বনৰীয়া হাতীক সংগীতৰ মায়াজালত বন্দী কৰিবৰ বাবে হাতীৰ গা মূৰ পিহি পিহি বিভিন্ন হাতী মাহুতৰ গান গায়। অনাখৰী চহা লোকসকলে স্বতঃস্ফুতভাৱে গাই যোৱা গীতসমূহত "আল্লাহ ৰচুলৰ" কথা উল্লেখ কৰি বনৰীয়া উদণ্ড, উন্মত্ত হাতীৰ কাণত শান্তিৰ বাণী দিবলৈ চেষ্টা কৰে। আচৰিত যেন লাগিলেও এইটো সত্য যে। সেই গীত শুনি বনৰীয়া হাতীৰ দুচকুৱেদি সৰসৰাই পানী বাগৰি পৰিছিল। উল্লেখযোগ্যভাৱে সেই গীতসমূহত জাতি, ধৰ্ম, বৰ্ণ নির্বিশেষে হিন্দু মুছলমান সকলোৱেই কন্ঠ নিগৰাইছিল। তেনে এটি বিখ্যাত হাতী চিকাৰৰ গীত হৈছে --- 
 
"আল্লা আল্লা বলোৰে ভাই হায় আল্লাহ ৰচুল,
কোন মহলেৰ হাতীৰে ভাই
হায় আল্লাহ ৰচুল, 
কোন ফান্দাইতেৰ ধৰাৰে ভাই
হায় আল্লাহ ৰচুল,
বৰ' ফান্দাইতেৰ ধৰাৰে ভাই
হায় আল্লাহ ৰচুল,
কোন মহলে যাবিৰে ভাই 
হায় আল্লাহ ৰচুল,
গৌৰীপুৰে যাবিৰে ভাই 
হায় আল্লাহ ৰচুল,"
 
( এই ক্ষেত্ৰত মতা হাতী ধৰিলে 'ভাই' বুলি আৰু মাইকী হাতী ধৰিলে 'মাই' বুলি উল্লেখ কৰি গায়)।
 
শিল্পী মিনি ভট্টাচাৰ্য্যই মঞ্চত গোৱালপাৰীয়া লোকগীত পৰিবেশন কৰাৰ এক দৃশ্য
 
প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতৰ পথাৰ খনলৈ ডঃ ভূপেন হাজৰিকাৰ অৱদান কেনেধৰণৰ?
 
উত্তৰঃ ড০ ভূপেন হাজৰিকাই ১৯৫৫ চনত প্ৰমথেশ বৰুৱাৰ পুত্ৰ অলকেশ বৰুৱাৰ নিমন্ত্ৰণক্ৰমে প্ৰথমবাৰৰ বাবে গৌৰীপুৰলৈ গৈছিল। তেতিয়া প্ৰতিমা বৰুৱাৰ পিতৃ প্ৰকৃতিশ বৰুৱাদেৱে ডঃ হাজৰিকাক ৰাজবাৰীলৈ নিমন্ত্ৰণ জনাই গধূলি এক গানৰ মজলিচ পাতিছিল। সেই মজলিচতে প্ৰথমবাৰৰ বাবে প্ৰতিমা বৰুৱাৰ কন্ঠত দেশী গান শুনি মন্ত্ৰমুগ্ধ হৈ পৰিছিল ভূপেন হাজৰিকাদেৱ। প্ৰতিমা বৰুৱাই আপোন পাহৰা হৈ গাই গৈছিল এটাৰ পাছত এটাকৈ তিনিটা দেশী গান --
 
'হস্তীৰ কন্যা হস্তীৰ কন্যা বামনেৰ নাৰী',
'আৰে অ' মোৰে ভাৱেৰ দেওৰা' আৰু 'সোণাৰ বৰণ পাখীৰে তোৰ'।
 
প্ৰতিমা বৰুৱাৰ সোণালী কন্ঠই মুগ্ধ কৰিলে ডঃ ভূপেন হাজৰিকাক। তেখেতে কৈছিল "নহয় বঙালী, নহয় অসমীয়া, দুয়ো ভাষাৰ মাজত গানৰ কথা আৰু সুৰ, শুনিবলৈ বৰ মধুৰ" (তেনেদৰে ১৯৫৭ চনত "মাহুত বন্ধুৰে" বোলছবিখনৰ দৃশ্য গ্ৰহণৰ বাবে যাওঁতে বিষ্ণুপ্ৰসাদ ৰাভা আৰু মঘাই ওজা দেৱেও প্ৰতিমা বৰুৱাক যথেষ্ট উৎসাহিত কৰিছিল)। ১৯৫৬ চনত ডঃ ভূপেন হাজৰিকাই "এৰাবাটৰ সুৰ" বোলছবিখনত দুটা দেশীগান অন্তৰ্ভুক্ত কৰে।
 
ক)" ডাং দড়ি ডাং দড়ি দিয়া বান্ধ, মাৰ এক ডাং,
গুণ গুণ চড়কাৰ গান 
শুনি নাই ৰে" ( এইটো গান সম্পূৰ্ণ ৰূপে)
 
খ) অ' বৃক্ষ শিমিলাৰে
গগনে মেলেয়া ডাল
নাৰী হৈয়া ৰসেৰ যৈৱন 
ৰাখব কত' কাল বৃক্ষ শিমিলাৰে। ( এইটোত এই টুকুৰা পয়াৰৰ নিচিনাকৈ গাইছিল)।
 
ড০ হাজৰিকাই প্ৰতিমাৰ সোণোৱালী কন্ঠ বাণীবদ্ধ কৰিবলৈ গুৱাহাটী আৰু কলকাতাৰ আকাশবাণী কেন্দ্ৰলৈ লৈ যায়। দুয়ো ঠাইতে অসমীয়া আৰু বাংলা ভাষাৰ গান নহয় বুলি বিমুখ কৰে প্ৰতিমাক। H.M.V. ত ডঃ ভূপেন হাজৰিকাক গীত গাবলৈ মাতোতে তেখেতে লগত লৈ গৈ প্ৰতিমা বৰুৱাৰ সৈতে দ্বৈত কন্ঠত আৰু প্ৰতিমা বৰুৱাৰ একক কণ্ঠটো গীত বাণীবদ্ধ কৰি ৰাজবংশী লোকগীত বা দেশী গান সমূহক এক উচ্চ দৰবাৰলৈ আগবঢ়াই দিবৰ বাবে বহুজনৰ লগত পৰামৰ্শ কৰি এই গান সমূহক "গোৱালপাৰীয়া লোকগীত" বুলি নামাকৰণ কৰে। এই সংক্ৰান্তত প্ৰতিমা বৰুৱা পাণ্ডেই কৃতজ্ঞতা স্বীকাৰ কৰি এনেদৰে কৈছিল-- "মোৰ জানা হিচাবে গোৱালপাৰীয়া লোকগীত বুলিয়া কোনো গীত ছিলেক না, সৰ্বসাধাৰণ চাষা- ভূষা মানুসেৰ মুখেমুখে আখ্যানমূলক বা নানা ধৰণেৰ একটা প্ৰভাৱ ছিলেক।এই গীত গুলা "গোৱালপাৰীয়া লোকগীত" বুলিয়া নামকৰণ কৰাৰ ক্ষেত্ৰত ভূপেনদাক (ডঃ ভূপেন হাজৰিকা) অস্বীকাৰ কৰা যাবাৰ নাহয়"।
 
১৯৫৭ চনত "মাহুত বন্ধুৰে" বোলছবিখনত ছটা দেশী গান  অন্তৰ্ভুক্ত কৰি ডঃ হাজৰিকাই গোৱালপাৰীয়া লোকগীতক বিশ্ব দৰবাৰলৈ আগবঢ়াই দি জনপ্ৰিয় কৰি তুলিছিল। ১৯৭৫ চনত প্ৰতিমা বৰুৱাই কলকাতা দূৰদৰ্শনত গীত পৰিবেশনৰ সুবিধা পায়। তাতে ডঃ হাজৰিকাই বাংলা ভাষাত প্ৰতিমা বৰুৱাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু অনুষ্ঠানৰ শেষৰফালে দুয়ো দ্বৈত কন্ঠত এটি গোৱালপাৰীয়া লোকগীতো পৰিবেশন কৰে।

প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতৰ পথাৰ খনলৈ নীহাৰবালা বৰুৱাৰ কেনেধৰণৰ অৱদান আছিল?
 
উত্তৰঃ ১৯১১ চনত "ৰাজা" উপাধি লাভ কৰা ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱা আৰু ৰাণী সৰোজবালা বৰুৱাৰ দ্বিতীয় সন্তান আছিল নীহাৰবালা বৰুৱা। জমিদাৰৰ ঘৰৰ সা সুবিধাৰ উপৰিও স্বামী মুকুন্দ নাৰায়ণ বৰুৱা অনাৰেৰী মেজিষ্ট্ৰেট হোৱাৰ সুবাদত তেওঁ এক বিলাসী জীৱন যাপন কৰিব পাৰিলেহেতেন।  কিন্তু সাধাৰণ 'চাষা ভূষা' মানুহৰ গানবোৰৰ নিচাত ডুব গৈ দেশীগানৰ নৃত্য আৰু গীত সমানে চৰ্চা কৰি প্ৰচাৰ আৰু প্ৰসাৰৰ কামত ব্ৰতী হৈ পৰিছিল। প্ৰতিমা বৰুৱাকে আদি কৰি পৰিয়ালৰ ছোৱালী বিলাকেও তেওঁৰ পৰা নৃত্য আৰু গীত আয়ত্ব কৰিছিল। স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ লগত একাত্ম হৈ আছিল। তেওঁলোকৰ ছোৱালীবোৰৰ বিয়াবোৰত প্ৰচলিত নৃত্য আৰু গীতসমূহো তেওঁ সংগ্ৰহ কৰি শিকিছিল। পৰৱৰ্তীকালত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ বিবাহত নাচ গান বন্ধ হৈ গৈছিল যদিও নীহাৰবালা বৰুৱাৰ সংগ্ৰহে এই পৰম্পৰাৰ অস্তিত্বক জীয়াই ৰখাত সহায় কৰিছে।
 
প্ৰশ্ন: প্ৰতিমা বৰুৱাই গোৱালপাৰীয়া লোকগীত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল?

উত্তৰঃ গুৱাহাটী আকাশবাণী আৰু কলকাতা আকাশবাণী কেন্দ্ৰৰ দ্বাৰা প্ৰত্যাখিত হোৱাৰ উপৰিও গুৱাহাটীৰ জজ খেলপথাৰত আয়োজিত হোৱা অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ আহোতে 'এইবোৰ বঙালী গান নচলিব' বুলি মঞ্চৰ পৰা নমাই দিছিল। পাছলৈ ডঃ ভূপেন হাজৰিকাই এই গানবোৰক "গোৱালপাৰীয়া লোকগীত" বুলি নামাকৰণ কৰাৰ পাছত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰাৰ সুযোগ পায়।

প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতৰ বিৱৰ্তনত পৰম্পৰাগত বাদ্য যন্ত্ৰৰ কিবা ভূমিকা আছে নেকি?
 
উত্তৰঃ পৰম্পৰাগত বাদ্যযন্ত্ৰ সমূহে এই সুন্দৰ লোকগীত সমূহক আধুনিকতাৰ ধামখুমীয়াত নপৰাকৈ আৰু পৰম্পৰাগত বৈশিষ্ট্য সমূহ বিকৃত বা ধ্বংস নোহোৱাকৈ গোৱালপাৰীয়া লোকগীতৰ স্বকীয়তা বজাই ৰখাত যথেষ্ট সহায় কৰি আহিছে। এই পৰম্পৰাগত বাদ্য যন্ত্ৰসমূহ নোলোৱাকৈ গীত পৰিবেশন কৰাৰ বাবে বহু ক্ষেত্ৰত এই লোকগীতৰ স্বকীয় বৈশিষ্ট্য বিনষ্ট হোৱা দেখা গৈছে।
 
গুৱাহাটী মগানগৰীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি
 
প্ৰশ্ন: সময়ৰ লগেলগে গোৱালপাৰীয়া লোকগীতৰ বিষয়বস্তু কেনেকৈ সলনি হৈছে?

উত্তৰঃ সকলো বস্তুৰে সময়ৰ লগে লগেই কিছু সালসলনি হোৱা দেখা যায়। যেনেদৰে আমাৰ দৈনন্দিন জীৱনযাত্ৰাত সামাজিক আৰু ব্যক্তিগত জীৱন শৈলীৰ পৰিৱৰ্তন হয়, তেনেদৰেই গীতসমূহতো তাৰ চিত্ৰ পৰিস্ফুট হৈ উঠে। লোকগীত হৈছে এখন সমাজৰ আয়না। উদাহৰণস্বৰূপে ক'ব পাৰি প্ৰাচীনকালত জীৱিকা-নিৰ্বাহৰ বাবে কোনোবাই হাতীৰ মাহুত, কোনোবাই মইশাল, কোনোবাই গাড়ীয়াল, আন কোনোৱে বৈদ্য বা তেনেধৰণৰ জীৱিকাৰে জীৱন নিৰ্বাহ কৰিছিল। সময়ৰ লগে লগে হাতীৰ মহল বা বাথান আদি নোহোৱা হৈ আহিল। মানুহৰ জীৱিকা অৰ্জনৰ বাট সলনি হ'ল। সেয়েহে, চিপাহী, ড্ৰাইভাৰ, চাপ্ৰাচী, পিয়ন আদি বিভিন্ন জীৱিকাৰ লগত জড়িত শব্দ গোৱালপাৰীয়া লোকগীতত সোমাই পৰিছে।
 
প্ৰশ্ন: গোৱালপাৰীয়া লোকগীতে অসমীয়া সংস্কৃতিৰ অংগ হিচাবে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল আৰু এই ক্ষেত্ৰত ডঃ ভূপেন হাজৰিকাক কিয় অনুঘটক হিচাবে গণ্য কৰা হয়?
 
উত্তৰঃ অবিভক্ত গোৱালপাৰা অঞ্চলত প্ৰচলিত "দেশীগান" সমূহে অসমীয়া সংস্কৃতিত বিলীন হোৱাৰ আগতে যথেষ্টখিনি অসুবিধা বা প্ৰত্যাহ্বানৰ সন্মূখীন হ'ব লগাত পৰিছিল। অসমৰ পশ্চিম অঞ্চলত প্ৰচলিত এই গীতসমূহৰ লগত মূল অসমীয়া ধাৰাৰ প্ৰধানত: ভাষাগত পাৰ্থক্যৰ সমস্যাৰ বাবে অসমীয়া আকাশবাণী কেন্দ্ৰকে আদি কৰি অসমৰ দৰ্শক শ্ৰোতাই এই সাংগীতিক ধাৰাটো প্ৰথমে আদৰি ল'ব পৰা নাছিল। বৃহত্তৰ গোৱালপাৰা অঞ্চলৰ প্ৰচলিত কোচ ৰাজবংশী সকলৰ উপভাষাৰে চহকী এই লোকগীতসমূহে অসমীয়া দৰ্শক শ্ৰোতাৰ মন জয় কৰিবলৈ বহু সময় লাগিছিল।
 
যিহেতু ডঃ ভূপেন হাজৰিকাদেৱে এই গানসমূহৰ মাধুৰ্য্য আৰু বৈচিত্ৰ অনুধাৱন কৰি প্ৰতিমা বৰুৱাৰ কণ্ঠেৰে এই লোকগীতসমূহ HMV আৰু আকাশবাণীত বাণীবদ্ধ কৰি অসমৰ ৰাইজক এই লোকগীত সমূহৰ সুধা পান কৰিবলৈ আৰু এই 'দেশীগান' সমূহক "গোৱালপাৰীয়া লোকগীত" হিচাবে নামাংকিত কৰি অসমৰ সংগীতপ্ৰেমী ৰাইজলৈ আগবঢ়াই দিয়ে, সেয়ে, তেখেতক এইক্ষেত্ৰত অনুঘটক হিচাবে গণ্য কৰা হয়।
 
প্ৰশ্ন: ১৯৪৭ চনৰ ভাৰত বিভাজনৰ বা ১৯৭১ চনৰ বাংলাদেশ গঠনৰ চিত্ৰ অংকন কৰা গোৱালপাৰীয়া লোকগীত আছে নেকি?
 
উত্তৰঃ ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত আৰু ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমৰ অবিভক্ত গোৱালপাৰা অঞ্চলৰ পৰাও বহু যুৱকে চিপাহী হিচাপে দেশৰ সীমান্ত ৰক্ষাৰ বাবে আগবাঢ়ি গৈছিল। তেওঁলোকে এৰি থৈ গৈছিল মৰমৰ প্ৰেয়সীক। প্ৰিয়জন আতৰি যোৱাৰ বিৰহ যন্ত্ৰণাত চটফটাই থকা প্ৰেয়সীক পিতৃ বা পিতৃস্হানীয় ব্যক্তিয়ে ইচ্ছাৰ বিৰুদ্ধেও বিয়া দি দিছিল। অনিচ্ছাকৃতভাৱে হোৱা সেই বিবাহত দৰাজন কেতিয়াবা ককাল ভঙা বৃদ্ধও ওলাইছে। গোৱালপাৰা অঞ্চলত কন্যা পক্ষই দৰাপক্ষৰ পৰা পণ হিচাপে টকা বা পণ্যাদি লোৱাৰ প্ৰথাও প্ৰচলিত আছিল। গীতৰ মাজেদিয়েই সেই বিচ্ছেদ আৰু বিৰহৰ ছৱি এনেদৰে প্ৰতিফলিত হৈছে -----
 
" আজি কত'দিনে বাউৰিবেন 
অ' মোৰ চিপাই বন্ধুৰে?
আজি তোমৰাও যাইবেন দূৰ
দেশেৰে চিপাই বন্ধু
আমৰাও ৰম'ৰে বাড়ী,
আজি হিন্দুস্থান আৰু পাকিস্তানৰে চিপাই বন্ধু
ভাঙিলেন এই পিৰীতিৰে।

আজি নলেৰ আগুন তলে
তলেৰে চিপাই বন্ধু
খাগৰাৰ আগুন ৰে জ্বলে,
মোৰ অভাগীৰ মনেৰ 
আগুন ৰে চিপাই বন্ধু 
জ্বলিয়া জ্বলিয়া উঠেৰে।

আজি বাপে খাইছে একশো 
টাকাৰে চিপাই বন্ধু
বন্ধু একশো খাইছেৰে খূড়া
আজি টাকাৰ লোভে বেচেয়া 
খাইছেৰে চিপাই বন্ধু
কমৰ ভাঙা বুঢ়াৰে।"

প্ৰশ্ন: বহুত্ববাদী সমাজৰ চিত্ৰখন গোৱালপাৰীয়া লোকগীতে কেনেদৰে প্ৰতিফলিত কৰিছে?
 
উত্তৰঃ গোৱালপাৰীয়া লোকগীত সমূহ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে চৰ্চা কৰি অহা হৈছিল, সেয়েহে, লোকগীতসমূহত নানা ধৰ্মৰ ( মূলত হিন্দু- মুছলমান) বাৰেৰহণীয়া সাংষ্কৃতিক সমাজৰ সনাপোটোকা, অনৈক্যৰ মাজত ঐক্যৰ জীৱন্ত ছবি এখন পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। লোকগীতসমূহ তদানীন্তন সমাজৰ ইতিহাসৰ চহা সংস্কৰণ বুলিও ক'ব পৰা যায়। কেইটামান গীতৰ মাজেৰে এখন ছবি এনেদৰে দেখুৱাব পাৰি ----- 
 
ক) অ' জীৱনৰে, জীৱন ছাড়িয়া নাযাইস মোকে
তুই জীৱন ছাড়িয়া গেইলে
আদৰ কৰিবে কায় জীৱনৰে।
দোনোজনে যুক্তি কৰিয়াৰে
অ' জীৱন 
আসিলুং ভৱেৰ মাজে
তুই জীৱন ছাড়িয়া যাইস মোক নিধুৱা পাথাৰে ৰে।
হিন্দুৰ মৰা মৰিলে কালেৰে 
অ' জীৱন 
নিয়া যায় গাঙেৰ ভাটি
মোছলমানেৰ মৰা মৰিলে
আশেপাশে মাটি জীৱনৰে।
 
খ) নদীতে ফোটে নদীয়া হোলা, হায় আল্লাহ 
ফোটিয়া ৰৈল মোৰ ডালতে
মদনচোৰা (ইয়াত মদন মানে কৃষ্ণ আৰু চোৰা মানে চোৰ। কৃষ্ণক মাখন চুৰ কৰাৰ কাৰণে চোৰ বুলি অজান গীতিকাৰে বুজাব খুজিছে)
 
একেটা বাক্যতে 'আল্লাহ' তালাহ আৰু 'মদনচোৰা'ৰ উল্লেখে সেই সময়ৰ গোৱালপাৰীয়া সমাজৰ সম্প্ৰীতিৰ বাতাবৰণ পৰিস্কাৰভাৱে চিত্ৰিত কৰিছে।
 
গ) গোলাপীৰে কাণেৰ সোণা
গোলাপীকে দেমু না
গাও হেলানী দিয়া 
নাচৰে গোলাপী।
গোলাপীৰে সিথেৰ সেন্দুৰ 
গোলাপীকে দেমু না
কমৰ হেলানী দিয়া
নাচৰে গোলাপী।
গোলাপীৰে হাতেৰ শাংখা 
গোলাপীকে দেমু না
গোৰ হেলানী দিয়া
নাচৰে গোলাপী।
 
ঘ) বাইজ আইনছেন ধেৰেত ধেৰেত, সানাইৰ সৰুৱালী  গালা অ'।
সেন্দুৰ না আইনছেন বৰু
সেইয়ো আকাৰ মাটি অ'।
অ' মুই গুৰিয়া আইসেন 
ফেলেয়া দেং
নেদেয়া আইসেন ফেলেয়া দেং
দয়াৰ বাবাৰ আগে অ'।
 
অ' সেৱাদাসী অ' সেৱাদাসী 
সেন্দুৰ পইৰাংগে ডাকে বৈৰাতি 
অ' মা মুই নাযাং 
দয়াৰ মা মুই নাযাং
সেন্দুৰ দেখিয়া আই মোক 
ভয় লাগে।
 
শিল্পী মিনি ভট্টাচাৰ্য্যৰ সংগীতৰ এক অনুষ্ঠানত গোৱালপাৰীয়া নৃত্য পৰিবেশন
 
শেষৰ দুয়োটা গানেই মুছলমান বিয়াৰ গান। কিন্তু, দুয়োটা গানতে শাংখা, সেন্দুৰ আদিৰ উল্লেখ আছে। সেই সময়ৰ অবিভক্ত গোৱালপাৰা অঞ্চলত বসবাস কৰা সৰহ সংখ্যক মুছলমান লোকেই হিন্দুৰ পৰা ধৰ্মান্তৰিত হোৱা লোক আছিল। ধৰ্মান্তৰিত হোৱাৰ পাছতো পুৰণা ৰীতি-নীতি বা সংস্কাৰসমূহ এৰিব পৰা নাছিল। যদিও বিবাহ নিকাহ পদ্ধতিৰে হৈছিল, নিকাহ পঢ়াৰ আগতে এটা কোঠাৰ ভিতৰত দুৱাৰ বন্ধ কৰি হিন্দু নিয়মেৰে শাংখা সেন্দুৰ পিন্ধাইছিল। আৰু নিকাহৰ সময়ত সেইয়া খুলি মুছলমান নিয়মেৰে বিবাহপাশত আৱদ্ধ হৈছিল। এইয়া আছিল এটা ধৰ্মৰ লোকৰ আন এটা ধৰ্মৰ প্ৰতি থকা সন্মান প্ৰদৰ্শন। কিন্তু বৰ্তমান কিছু মৌলবাদী শক্তিৰ লোকৰ হকাবধাত এই আচাৰ আচৰণবোৰ বিলুপ্ত হৈ পৰিল। এই লোকাচাৰ প্ৰত্যক্ষ কৰা ব্যক্তি আজিও জীৱিত আছে। এইয়া আছিল গোৱালপাৰীয়া  সমাজৰ সমন্বয়ৰ সংস্কৃতি।
 
গোৱালপাৰীয়া লোকগীতৰ আন আৰু এটি উল্লেখযোগ্য দিশত চৰ্চাৰ স্থল আছে। সেইটো হৈছে, গোৱালপাৰীয়া লোকগীতে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত থকা প্ৰায় সকলো ধৰণৰ জীৱিকা বা পেচাৰ কথা গীতসমূহত সামৰি লৈছে। উদাহৰণস্বৰূপে, 
 
ক) মাহুত: "আৰ কত'দিনে আসিবেন, অ' মোৰ মাহুত বন্ধুৰে"।
 
খ) মইশাল: "আজি ছাড়িয়া নাযান, ছেঙেৰা মইশালৰে"।
 
গ) ৰজা, মণ্ডল: "ৰাজাৰ বাড়ীৰ মাহুত ৰে তুই, মণ্ডল ঘৰেৰ বেতি মুই"।
 
ঘ) গাড়ীয়াল: " অ' কি গাড়ীয়াল ভাই, হাকাও গাড়ী তুই, চিলমাৰীৰ বন্দৰে ৰে"।
 
ঙ) ঘটক: " বাপক খাউক মোৰ বনেৰ বাঘে অ', অ' দাৰুণ বিধি মাৱক খাউক মোৰ সৰ্পে। ঘটক মৰা পৰিয়া মৰুক, নিধুৱা পাথাৰে , মন মোৰ কান্দে"।
 
চ) বলদীয়া, চোৰ, চাপ্ৰাচী (বলদ গাড়ী চলোৱা লোকক বলদীয়া বুলি কোৱা হয়): "বলদীয়াৰ আসিবাৰ কাৰণে, ভাতো ৰান্ধিয়া থুইছং ৰে, চোৰ আসি মাৰি গেইল মোৰ বলদীয়া ৰে, চাপৰাশি মাৰি গেইল মোৰ বলদীয়া ৰে"।
 
ছ) গোৱাল, তাতিয়া (তাত বোৱা লোক), বানিয়া (বনীয়া), শাখাৰী( শাখা-পলা বনোৱা লোক) : "গদাধৰেৰ বগলে বগলে ৰে, অ' কালা গোৱালেৰ বসতি, দৈ- দুগ্ধ খাইবাৰ আশায় কৰিলাম পিৰীতি কালাৰে।"
"শাৰীৰ আতুচ কইৰ'নাৰে বালি, তাতিয়া পালিয়া গেইছে"।
"চক বাজাৰেৰ বগলে বগলে ৰে, অ' কালা বানিয়াৰ বসতি, কাণেৰ সোণা পাইবাৰ আশায়, বাঢ়াইলাম পিৰীতি কালাৰে।"
"শাংখাৰ আতুচ কইৰ'নাৰে বালি, শাখাৰী পালিয়া গেইছে।"
 
জ) বাইচা: "বৈঠা মাৰো বৈঠা মাৰো ৰে, অ' বাইচাৰ ভাইয়া ৰে, ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে।"
 
ঝ) ৰান্ধনি: " কমলা সুন্দৰীৰ নাচন দেখিয়া ৰান্ধনি ৰান্ধন ছাড়ে ৰে।"
 
ট) বৈদ'( বৈদ্য): "নদী না যাইঅ' ৰে, অ'ৰে বৈদ', নদীৰ ঘোলাৰে ঘোলা পানী।"
 
ঠ) চিপাহী: "আজি কত'দিনে বাউৰিবেন অ' মোৰ চিপাই বন্ধুৰে।"
 
ড) হালোৱা: "কমলা সুন্দৰীৰ নাচন দেখিয়া হালোৱাই হাল ছাড়েৰে।"
 
ঢ) সুতাৰ: " কাতালবাৰীয়াৰ সুতাৰ খানি ৰে, অ' মোক গড়েয়া দিলেন হাতা, সেদিন থাকি চড়কা আমাৰ নাকয় যে আৰ কথাৰে।"
 
ণ) সদাগৰ: " কি কি আইনছেন, আইনছেন ৰে সদাগৰ বাস্ক'( বাকচ) খুলেন টো দেখি।"
 
ত) নাৱৰীয়া/ মাঝি: "অ' কি নাইয়াৰে,চাপাও নাও তুই, 
কমলা সুন্দৰীৰ ঘাটে।"
 
"দেহতৰীৰ মাঝি ষোলজন, ছয়জন তাৰ বৈঠা মাৰে, গুণ টানে নয়জন।"
 
থ) গাড়োৱান: " আস্তে বোলান গাড়ীৰে গাড়োৱান, ধীৰে বোলান গাড়ী, আৰু একবাৰ দেখিয়া নেং মুই দয়াৰ বাপেৰ বাড়ী।"
 
দ) মাছুৱা, ডকাইত: " নদীৰ নাম কেঁচুৱা, মাছ মাৰে মাছুৱা,  মুই নাৰী দিছং ছেকা পাৰা, ডাকাইতে ভাঙিলে ৰসেৰ গালা।"
 
ধ)কাইঁয়া: "গৌৰীপুৰেৰ দীঘল গলি, কাইঁয়া বইসচে শাৰী শাৰী, অ' কি কাইঁয়াভাই, কাপোৰ দিয়া মাৰিলেন বুকে ঢেলাৰে। "
 
ন) ফান্দি: " আজি মুই ফান্দিৰ চাকিৰী কৰুং অ', 
 
অ' হস্তী, গৌৰীপুৰেৰ আ-ৰে মাজে, মোক ফান্দিক লৈয়া আইছে তোমাৰ কাৰণে।"
 
"ফান্দ বসাইছে ফান্দিৰে ভাইয়া,  পুঠি মাছ দিয়া, মাছেৰ লোভে আমাৰ বগা উড়িয়া পৰিল যায়া ৰে।"
 
প) পাইক: " বান্দিলেন বান্দিলেন ৰাজাৰ পাইক, হাতে নাদেন দড়ি, মোৰ কোলাৰ ছাওৱাক বেচেয়া তোকে দিম কড়ি ৰে।"
 
ফ) দেৱান: "দাদা, অ' মোৰ দাদা, বেচেয়া নাখান মোক দেৱানীৰ ঘৰে, দেৱানী কৰি আসিলে ঘৰে, চকু ৰাঙা কৰি দেখাইবেন মোৰে।"
 
ব) হলাই: "গৌৰীপুৰেৰ দীঘল গলি, হলাই বইসচে শাৰী শাৰী, অ' কি হলাই ভাই, মিঠাই দিয়া মাৰিলেন বুকে ঢেলাৰে।"
 
ভ) পিয়ন: "শোনেন শোনেন ডাক পিয়ন ৰে, শোনেন একটা কথা, কেমন আছে মোৰ সোণাৰে বন্ধু, কেমন আছে মোৰ প্ৰাণেৰ বন্ধু, অনেক দিনেৰ দেখা পিয়ন ৰে।"
 
ম) দৰ্জী: "গৌৰীপুৰেৰ দীঘল গলি, দৰ্জী বইসচে শাৰী শাৰী, অ' কি দৰ্জীভাই জামা দিয়া মাৰিলেন বুকে ঢেলাৰে।"
 
য) চকীদাৰ: "অ'ৰে চকীদাৰেৰ মাইয়াই কয়, কোন গুলামক কৰুং ভয়, মোৰ ভাটাৰটা নয়া চকীদাৰ "।
 
ৰ) ড্ৰাইভাৰ: "ছাড়িয়া নাযান ৰে ড্ৰাইভাৰ ৰে, পীৰিতি কৰিয়াৰে, দিবা নিশি কান্দে পৰাণটা তোমাক লাগিয়াৰে।"
 
ইয়াৰ উপৰিও পুৰোহিত,  জমিদাৰ, ঘাটিয়াৰ আদি বিভিন্ন জীৱিকা উল্লেখ থকা গোৱালপাৰীয়া লোকগীতত দেখিবলৈ পোৱা যায়।
 
(এই সাক্ষাৎকাৰটি গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ ২২ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা হৈছে)