অসমীয়াকে ধৰি আৰু ৫টা ভাষা এতিয়া ধ্ৰুপদী ভাষা হ'ল

Story by  atv | Posted by   Imtiaz Ahmed • 2 d ago
অশ্বিনী বৈষ্ণৱ
অশ্বিনী বৈষ্ণৱ
নতুন দিল্লী

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে অসমীয়া আৰু বাংলাকে ধৰি আৰু পাঁচটা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ টেগ প্ৰদান কৰে।

ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা পাঁচটা ভাষা হ’ল মাৰাঠী, বাংলা, পালি, প্ৰাকৃত আৰু অসমীয়া, বৃহস্পতিবাৰে সংবাদ মাধ্যমত এই সিদ্ধান্ত ঘোষণা কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম আৰু উড়িয়াই ইতিমধ্যে এই টেগ থকাৰ বাবে ধ্ৰুপদী ভাৰতীয় ভাষাৰ সংখ্যা এতিয়া ১১ টা হ'লগৈ। ২০০৪ চনত তামিল ভাষাক এই মৰ্যাদা দিয়া হৈছিল আৰু ইয়াক লাভ কৰা শেষ ভাষাটো আছিল উড়িয়া, ২০১৪ চনত।

কেন্দ্ৰৰ এই ঘোষণাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

"অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটোক ক্ক নান্দনিক অলংকাৰ দিলে," শৰ্মাই X ত পোষ্ট কৰিছে।

তেওঁ লগতে কয় যে "আজিৰ এই ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে আমি আমাৰ প্ৰিয় মাতৃভাষাক বিশ্বৰ মাজলৈ লৈ যাব পাৰিম, আৰু আমি সকলোৱে ভাষাটো সংৰক্ষণৰ দিশত অধিক দায়বদ্ধ হ’ম।"
পাঁচটা নতুন ধ্ৰুপদী ভাষাৰ ভিতৰত অসমীয়া, বাংলা আৰু মাৰাঠী ভাষা বহুলভাৱে প্ৰচলিত হ’লেও ভাৰতৰ লগতে লাওছ, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনামৰ কিছুমান অঞ্চলত পালি ভাষা কোৱা হয়। ই বুদ্ধৰ ধৰ্মধ্বনিৰ ভাষা আৰু এলাহাবাদ আৰু পাটনাকে ধৰি কিছুমান বিশ্ববিদ্যালয়তো ইয়াৰ পাঠদান কৰা হয়।

এনে কিছুমান ভাষাক এই মৰ্যাদা দিয়াৰ দাবী কিছুমান ক্ষেত্ৰত এদশক আগতেই কৰা হৈছিল। ইয়াৰ ভিতৰত মাৰাঠী অন্তৰ্ভুক্ত আৰু তেতিয়াৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চভনে ২০১৪ চনত এই উদ্দেশ্যে ভাষা বিশেষজ্ঞৰ এখন সমিতি গঠন কৰি দিছিল। সমিতিখনে কৈছিল যে মাৰাঠীক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ সকলো মাপকাঠী পূৰণ কৰা হৈছিল আৰু এই প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল।