চাকিব চেলিম
আজিৰ পৰা ৪৫ দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত (পূৰ্বৰ এলাহাবাদ) আৰম্ভ হয় মহাকুম্ভ। মহাকুম্ভ হৈছে পৃথিৱীৰ সৰ্ববৃহ মানুহৰ সমাগমস্থলী। যি ১২ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হয়। মহাকুম্ভত গঙ্গা, যমুনা, সৰস্বতীৰ সঙ্গমত গা ধোৱাৰ উপৰিও তীৰ্থযাত্ৰীসকলে ৰামায়ণ যুগৰ আগতেই থকা বুলি বিশ্বাস কৰা এজোপা পবিত্ৰ বট গছ এলাহাবাদ কিল্লাৰ 'অক্ষয়ৱত'ক প্ৰাৰ্থনা কৰে।
'অক্ষয়ৱত' জোপা মোগল সম্ৰাট আকবৰে গঙ্গা আৰু যমুনাৰ সঙ্গমস্থলত নিৰ্মাণ কৰা এটা দুৰ্গৰ ভিতৰত অৱস্থিত। সঙ্গমটো হিন্দু ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰস্থান বুলি গণ্য কৰা হয় আৰু 'অক্ষয়ৱত' জোপাক এক অমৰ গছ বুলি বিশ্বাস কৰা হয়। য'ত হিন্দু ধৰ্মালম্বী লোকসকলে মুক্তি লাভৰ উদ্দেশ্যে নিজকে মৃত্যুৰ বাবে অৰ্পণ কৰিছিল। এজন মুছলমান ৰজাই কিয় এই পৱিত্ৰ গছজোপাৰ চাৰিওফালে এক আকৰ্ষণীয় দুৰ্গ নিৰ্মাণ কৰিছিল সেয়া সম্প্ৰতিও এক ৰহস্য হৈয়ে আছে। এজন মুছলমানে এই গছজোপাক ধ্বংস কৰাৰ সলনি ইয়াৰ চাৰিওফালে এটা দুৰ্গৰ নিৰ্মান কৰি ইয়াক সুৰক্ষিত কৰি ৰাখিছিল।
প্ৰয়াগৰাজৰ ৪০টা স্তম্ভৰ হলৰ এখন ছবি
মন কৰিবলগীয়া যে, কেইবাজনো স্থানীয়লোকে বিশ্বাস কৰা অনুসৰি, বৰ্তমানৰ পূজাৰ বাবে অনুমোদিত 'অক্ষয়ৱত' জোপা প্ৰকৃত 'অক্ষয়ৱত' নহয়। মূল 'অক্ষয়ৱত' জোপা তলত থকা আন এটা মন্দিৰতহে অৱস্থিত। আকবৰৰ এই কাৰ্য্যই পিছৰ কেইবাজনো শাসক আৰু ইতিহাসবিদক বিমোৰত পেলাইছিল। আকবৰে ১৫৬৩ চনত প্ৰয়াগৰাজত তীৰ্থযাত্ৰীসকলৰ বাবে তীৰ্থযাত্ৰী কৰ (জাজিয়া) নাইকীয়া কৰি ১৫৮৪ চনত এটা আকৰ্ষণীয় দুৰ্গ নিৰ্মাণ কৰি দিছিল।
এই বিষয় সন্দৰ্ভত হিন্দুধৰ্মালম্বী লোকসকলৰ মাজত এক আমোদজনক ব্যাখ্যা আছে। ১৮৬৯ চনত প্ৰকাশিত বাবু ভোলানাথ চন্দ্ৰই তেওঁৰ 'গ্ৰন্থ দ্য ট্ৰেভেলছ অৱ এ হিন্দু'ত লিখিছিল যে, হিন্দু লোকসকলে এনে এক গোপন কথা উল্লেখ কৰিব নিবিচাৰে, যিয়ে এই সকলোবোৰ কাৰ্যক্ৰমত আকবাৰক প্ৰভাৱিত কৰিছিল। তেওঁলোকে তেওঁক পূৰ্বৰ জন্মত হিন্দু বুলি ধৰি লৈছিল - যে তেওঁ নিজৰ শৰীৰত এজন ভক্তিময় ব্ৰাহ্মণৰ আত্মা আছিল, যিজনে অতীত যুগত মুকুণ্ড (মুকুণ্ড) নাম বহন কৰিছিল আৰু যিয়ে পৰৱৰ্তী সময়ত ভাৰতৰ সম্ৰাট হোৱাৰ আকৰ্ষণীয় তাৎপৰ্য বহন কৰিছিল। পুৰণি ব্ৰাহ্মণৰ বাবে এইয়া একেবাৰেই অৰ্থহীন ইচ্ছা নাছিল।
তেওঁৰ উচ্চাকাংক্ষাৰ মহান উদ্দেশ্যত উপনীত হ’বলৈ মুকুণ্ডাই দেৱতাসকলৰ মধ্যস্থতা বিচাৰিছিল। দেৱতাসকলে তেওঁৰ ওচৰত ঘোষণা কৰিছিল, যে যেতিয়ালৈকে তেওঁ প্ৰথমে মৃত্যুবৰণ নকৰে আৰু পিছত পুনৰ জন্ম গ্ৰহণ নকৰে তেতিয়ালৈ তেওঁৰ বাবে সম্ৰাট পদ লাভ কৰাটো ব্যৱহাৰিক হ’ব নোৱাৰে। একোৱেই ভয় খোৱাব নোৱাৰা উচ্চাভিলাষী ব্ৰাহ্মণজনে পুনৰ জন্মৰ বাবে তপস্যা কৰিবলৈ সন্মত হৈছিল। কিন্তু তেওঁ দেৱতাসকলৰ আগত পৰৱৰ্তী জন্মত তেওঁ নিজৰ পূৰ্বসূৰী কথাবোৰ মনত ৰখাৰ চৰ্তত ৰাখিছিল। যিটো ইমানেই অতিৰিক্ত অনুৰোধ আছিল যে, দেৱতাসকলৰ ক্ষমতাৰো বাহিৰত আছিল।
এলাহাবাদ দুৰ্গৰ ভিতৰৰ এক দৃশ্য
সেয়েহে তেওঁক বিশেষভাৱে মনত ৰাখিব বিচৰা ঘটনাবোৰ এখন পিতলৰ কাঁহীত খোদিত কৰিবলৈ আৰু তাৰ পিছত কাঁহীখন এনে এঠাইত পুতি থবলৈ নিৰ্দেশ দিয়া হৈছিল, যি তেওঁ ভৱিষ্যতে উলিয়াব পাৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। মুকুন্দাই প্ৰয়াগৰ ওচৰলৈ গৈ কাঁহীখন পুতি থৈছিল আৰু তাৰ পিছত নিজকে অগ্নিত সমৰ্পণ কৰিছিল। তেওঁ পুনৰ জন্মৰ কঠোৰ পৰীক্ষা সম্পন্ন কৰাত দেৱতাসকল সন্তুষ্ট হৈছিল। তেওঁৰ মৃত্যুৰ ন' মাহ পিছত তেওঁক চুলতানা হামিদা বানুৰ গৰ্ভত স্থিতি লবলৈ আৰু আকবাৰ চৰিত্ৰত আমৰকোটত জন্ম ল'বলৈ অনুমতি দিয়া হৈছিল।
সেই সম্ৰাটজনে বহু বছৰ ধৰি তেওঁৰ সিংহাসনত ৰাজত্ব কৰি থকা নাছিল। ইয়াৰ আগতে তেওঁ এলাহাবাদলৈ গৈছিল আৰু সহজেই সেই ঠাইখন বিচাৰি উলিয়াইছিল ৰু তেওঁৰ পূৰ্ব জন্মৰ অস্তিত্বৰ চিন হিচাপে পিতলৰ কাঁহীখনৰ লগতে হৰিণৰ চামৰা এখনো খান্দি উলিয়াইছিল।
হিন্দুসকলে আকবৰক নিজৰ ধৰ্মৰ ৰাজকুমাৰ বুলি দাবী কৰাৰ স্পষ্ট ভিত্তি আছিল তেওঁৰ হিন্দু ধৰ্মৰ পত্নী ৰাজকুমাৰী জোধ বাই। তেওঁৰ পুত্ৰ জেহাংগীৰৰ মাৰৱাৰী পত্নী যি এগৰাকী হিন্দু ধৰ্মৰ আছিল। তেওঁৰ এজন হিন্দু ধৰ্মৰ সেনাপতি আছিল- ৰাজ মাউন সিং। তেওঁৰ হিন্দু ধৰ্মৰ এজন বিত্তীয় ব্যক্তি আছিল- ৰাজা টোডাৰ মল। হিন্দু ধৰ্মৰ লোকৰ ভিতৰত তেওঁৰ প্ৰিয় আছিল- ৰজা বীৰবল। তেখেতৰ এজন হিন্দু ধৰ্মৰ গীতিকাৰ আছিল- টানচেন। যিহেতু তেওঁৰ সৈতে বহু হিন্দু ধৰ্মৰ বিষয়া আৰু হিন্দু ধৰ্মৰ পণ্ডিত আছিল, তেওঁৰ দৰবাৰতো বহু হিন্দুলোকে আগভাগ লৈছিল আৰু তেওঁ হিন্দ লোকসকলৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰাৰ বাবে নিজকে উৎসাহিত কৰি তুলিছিল।
এলাহাবাদ দুৰ্গৰ ভিতৰত থকা 'অক্ষয়ৱত' জোপা
জেমছ ফৰ্বছে ১৮১৩ চনত প্ৰকাশিত তেওঁৰ প্ৰাচ্য স্মৃতিগ্ৰন্থত হিন্দুসকলৰ মাজত বিখ্যাত এই কিংবদন্তি জনৰ কথা পুনৰ প্ৰকাশ কৰিছিল। কামা মেক্লেনে তেওঁৰ গ্ৰন্থ 'Pilgrimage and Power: The Kumbh Mela in Allahabad 1765-1954' নামৰ কিতাপখনত আকবৰৰ এই চহৰখনৰ প্ৰতি কিয় ইমান প্ৰেম আছিল আৰু তাত কিয় এটা দুৰ্গ নিৰ্মাণ কৰিছিল, সেই সন্দৰ্ভত উল্লেখ কৰিছিল। তেওঁ লিখিছে, পূৰ্বৰ জীৱনত আকবৰ আছিল সঙ্গমত বাস কৰা হিন্দু তপস্বী মুকুন্দ ব্ৰহ্মচাৰী ঋষি। এদিন তেওঁ অজানিতে গৰুৰ গাখীৰ খাওঁতে এডাল গৰুৰ নোমও গিলি পেলালে। তেওঁ ইমানেই ভয় খাইছিল যে, তেওঁ পবিত্ৰ জন্তুটোৰ এটা অংশ খাই পেলাইছিল যে, যাৰ বাবে তেওঁ তৎক্ষণাত আত্মহত্যা কৰিছিল। এই পাপৰ বাবে তেওঁৰ পুনৰ্জন্মত এজন অ-হিন্দু হিচাপে হৈছিল। য'ত তেওঁ আছিল সম্ৰাট আকবৰ, যিগৰাকীয়ে এসময়ত সঙ্গমৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু তাত এটা দুৰ্গ নিৰ্মাণ কৰিছিল।
১৮৩৪ চনত সম্পূৰ্ণ হোৱা বাহাদুৰ সিংহই তেওঁৰ পাৰ্চী গ্ৰন্থ 'য়াদগাৰ-ই-বাহাদুৰী'ত এই কথাও উল্লেখ কৰা বুলি কোৱা হয়, 'Be it not concealed', যে সম্ৰাট আকবেৰ তেওঁৰ পূৰ্বৰ জীৱনত সন্যাসী বৰ্গৰ এজন হিন্দু সন্ত আছিল। মনকৰিবলগীয়া যে, কেনেকৈ ভাৰতৰ সংমিশ্ৰিত সংস্কৃতিৰ প্ৰতীক হিচাপে সঙ্গমত দূৰ্গটো থিয় হৈ আছে আৰু এতিয়াও আছে।