পুলিন ডেকা
প্ৰকৃতি আৰু মানৱৰ মাজত থকা নিবিড়তাৰ ফলত সৃষ্ট সংস্কৃতিয়ে প্ৰতিটো সভ্যতাকে দিছে প্ৰাণ প্রাচুর্যতা। ভাৰতীয় সভ্যতাৰ বৰ্ণময় স্বৰূপ সংস্কৃতিৰ মাজেৰে মূৰ্ত্ত হৈ উঠিছে। অসমীয়া সংস্কৃতিৰ মননশীল বিকাশত বিহুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। জাতীয় জীৱনৰ উচ্ছাহ, আশা-আকাংক্ষা, ৰং-আনন্দ, আৱেগ অনুভূতিৰ লগত বিহু ওতঃপ্রোতভাৱে জড়িত। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-কৃষ্টিৰ মাজত বিহুৰ এক অনন্য বৈশিষ্ট্য আছে। সেইবাবেই আমাৰ লোকপৰম্পৰা, লোকবিশ্বাস আৰু সাংস্কৃতিক মনৰ সমুজ্জ্বল ৰূপ বিহুৰ মাজেৰে উজ্জীৱিত হৈ পৰিছে।
ব'হাগ বিহুৰ সংগীত, নৃত্য, আচাৰ অনুষ্ঠানে অসমীয়া মানুহৰ গতিশীল জীৱনশৈলী আৰু দৰ্শন স্বৰূপাৰ্থত বহন কৰিছে। সেইবাবে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাই বিহুৰ মাজেৰে অকল যে আমাৰ সাংস্কৃতিক জীৱনবোধে নহয়, অসমীয়া মানুহক উদীপ্তভাৱে আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে, সেই কথা তেওঁ সংগীতৰ মাজেৰে প্ৰকাশ কৰিছে।
অসমীয়াৰ হিয়াৰ উৎসৱ ৰঙালী বিহুৰ গছতলৰ বিহু, স্থান ধকুৱাখনা (ছবি: চামচুল হুদা পাটগীৰি)
বিহু অসমীয়া জাতিৰ আত্মশক্তি, জাতিটোৰ সৃজনীমনৰ প্ৰকাশ, তেনে এক দৃষ্টিভংগীৰে সংগীত ৰচনা কৰি সকলোকে নৱ চিন্তাৰে আগুৱাই যোৱাৰ পথ দেখুৱাই গৈছে। ভূপেন হাজৰিকাৰ জীৱন তৃষ্ণা আছিল সৃষ্টিৰ। সেইবাবে বিহুৰ মাজেৰে নিগৰিত অগ্নিমন্ত্ৰক জনসমাজলৈ নিয়াৰ বাবে প্ৰয়াস কৰিছিল। বিহুক তেওঁ জীৱন দৃষ্টিৰে চাইছিল। জাতীয় জীৱনক অনুপ্ৰাণিত কৰিব পৰা বিহুৰ যি শক্তি সেয়া তেওঁ জনমানসলৈ নিব বিচাৰিছিল।
ভূপেন হাজৰিকাই গাইছিল-
বিহুটি বছৰি আহিবা
অসমী আইক জগাবা।
বিপদৰ কালতো মাহ হালধিৰে
জাতিটোৰ দেহ-মন ধুৱাবা।
সংস্কৃতিৰ মাজত এটা জাতিক জাগৰিত কৰাৰ শক্তি যে নিহিত থাকে, সেই কথা হাজৰিকাদেৱে গভীৰভাৱে উপলব্ধি কৰিব পাৰিছিল। সংস্কৃতি এক বাহ্যিক আভৰণ নহয়, অন্তৰাত্মাৰ আহ্বান তেনে গভীৰ দৰ্শনমূলক দৃষ্টিভংগীৰে বিহুৰ তাৎপৰ্য জনসমাদৃত কৰিব বিচাৰিছিল। কৃষি ভিত্তিক উৎসৱ বিহুৰ মাজেৰে কৰ্ম সংস্কৃতিৰ নিদৰ্শন বিচাৰি পোৱা যায়। অসমীয়া কৃষিজীৱী লোকৰ মনৰ অনুৰণন প্রকাশ কৰিবলৈ সেইবাবে গাইছিল—
বিহুটি ঐ কাবৌ কৰিছো, হাতযোৰ কৰিছো
জাতিটোক শাক-ভাত খুৱাবা
অসমীয়া জাতিটোক শাক-ভাত খুৱাবা।
দেউৰী সকলৰ বুকা বিহুৰ এক দৃশ্য (ছবি: চামচুল হুদা পাটগীৰি)
ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমলৰ মাজেৰে বিহুৱে নিটোল ৰূপ ধাৰণ কৰিছে। ফলত বিহু জাতীয় ঐক্যৰ সেতুলৈ ৰূপান্তৰিত হৈছে। সংস্কৃতিয়ে সদায়ে সুন্দৰৰ সন্ধান কৰিবলৈ শিকায়। প্ৰকৃততে সংস্কৃতি হৈছে সুন্দৰৰ মন্ত্ৰ। মানুহৰ মনন জগতক কৰ্ষণ কৰি আলোকময় পথ প্ৰদৰ্শন কৰে। ভূপেন হাজৰিকাই অনুধাৱন কৰিছিল বিহুৰ মাজত প্ৰৱাহিত চেতনাই জাতিটোৰ মাজত ঐক্যৰ এনাজৰী অধিক নিকপকপীয়া কৰিব পাৰে। বিহুৰ মাজেৰে নিগৰিত সেই চেতনাক তেওঁ প্ৰকাশ কৰিছিল এনেদৰে —
মৰমৰ দীঘ দি হেঁপাহৰ আঁচুৰে
একতাৰ গামোচা বোৱাবা।
যুৱ প্ৰজন্মৰ প্ৰতি সুধাকণ্ঠৰ আছিল গভীৰ অনুৰাগ। উঠি অহা চামক মূল্যবোধৰ আধাৰত আগুৱাই নিয়া, গভীৰ আত্মপ্রত্যয় দিব পৰা ক্ষমতা বিহুৰ মাজত প্ৰতিফলিত হয় অতি স্বাচ্ছন্দ্যতাৰে। হাজাৰ হাজাৰ বছৰ ধৰি সংমিশ্ৰণ আৰু ৰূপান্তৰৰ মাজেৰে বিহুৱে প্ৰতি বছৰে চিৰ তৰুণ ৰূপেৰে আত্মপ্রকাশ কৰে। সূৰুজৰ দৰে আলোকময় কৰি তোলে বিশ্ব মানৱক। সেইবাবে হাজৰিকাদেৱে কৈছিল—
এই ব'হাগ জলন্ত অৰুণ
এই ব'হাগ দূৰন্ত তৰুণ
ৰঙালী বিহুৰ সময়ত বড়োসকলৰ খেৰাই নৃত্য কোকৰাঝাৰত (ছবি: চামচুল হুদা পাটগীৰি)
বসন্তৰ প্ৰতিশ্ৰুতি ভৰা সময়ৰ মাজেৰে ব'হাগ আহে। ন ৰূপৰে ধৰিত্ৰীয়ে মানুহক দিয়ে প্রত্যাশা। পুৰণি দিন ইতিহাসৰ অংগ হৈ পৰে। প্ৰতিটো ব’হাগে কিছু এৰি যায় প্ৰেৰণাৰ এক দলিল হিচাপে, দিয়ে সম্ভাৱনাৰ নতুন দুৱাৰ। আজিৰ ব'হাগে মানুহৰ হৃদয়বৃত্তক জোকাৰি যাব পৰা নাই নেকি, তেনে চিন্তাও হাজৰিকাদেৱৰ মনত আহিছিল। সেয়া যেন তেওঁৰ সংগীততে প্রকাশ—
পুৰণি ব'হাগ ক্লান্ত আছিল
পুৰণি চিন্তা অশান্ত নাছিল
আজিৰ ব'হাগ যেন বলিয়া বসন্ত
থিয় হৈছে হৈ এক তৰুণ দূৰন্ত।
ৰঙালী বিহুৰ সময়ত বৈচাশী বা বিচু উদযাপনৰ দিনা বড়ো সম্প্ৰদায়ৰ সমূহীয়া বাগৰুম্বা নৃত্যৰ এক মনোমোহা দৃশ্য কোকৰাঝাৰত (ছবি: চামচুল হুদা পাটগীৰি)
ৰঙালী বিহুৰ সৈতে বৰদৈচিলাৰ সম্পৰ্ক অতি নিগূঢ়। হাজৰিকাদেৱে বৰদৈচিলাক দূৰন্ত শক্তি হিচাপে দেখুৱাইছে। মানুহক সংস্কাৰ কৰিব পৰা ক্ষমতা বৰদৈচিলাৰ আছে। প্রতীকি অৰ্থত হাজৰিকাদেৱে বৰদৈচিলাক ব্যৱহাৰ কৰিছে। অসমীয়া মানুহক আত্মবিশ্লেষণ কৰাৰ আহ্বান দেখা যায়। ব'হাগতে জাতিয়ে চিন্তা কৰিব লাগিব, কিদৰে শক্তিশালী হ'ব পৰা যায়। সেইবাবে তেওঁ গীতত এই আহ্বান জনাইছে—
বৰদৈচিলা নে সৰুদৈচিলা নে
অসমৰ আকাশত বৰ বৰ চিলা.....
সৌবোৰ ঠোট যেন তেজহে সনা
শেন যেন লাগিছে চকুৰে নমনা
অসমীয়াই এইবাৰ ভাবি চাৱৰ
ব'হাগেই বছৰ কিজানি
বিশিষ্ট সাহিত্যিক, সাংবাদিক কনকসেন ডেকাই সেইবাবেই কৈছে যে অকল সিয়েই নহয়, আগতে বৰদৈচিলাজনী আহিছিল আৰু অসমীয়া মানুহক সাহস যোগাইছিল। এতিয়া তাই বছৰেকৰ মূৰত আহে আৰু যায়, অসমীয়াৰ মনটোত থিতাপি নলয় । ব'হাগত নতুন সমাজ গঢ়াৰ বাবে আগতে যিদৰে অসমীয়াসকল প্রতিশ্রুতিবদ্ধ হৈছিল, সেই পৰম্পৰা যেন হেৰাই গৈছে।
ধেমাজিত মিচিংসকলৰ পৰম্পৰাগত বিহু নৃত্যৰ এক অনন্য মাত্ৰা (ছবি: চামচুল হুদা পাটগীৰি)
হাজৰিকাদেৱে বিহুৰ মাজত প্ৰতিফলিত প্ৰেমৰ স্বৰূপ অনন্য ৰূপত প্ৰকাশ কৰিছে। তেওঁৰ সৃষ্টি আৰু চেতনাৰ মাজত বিহু এক আশা, ৰূপান্তৰমুখী শক্তি, জাতিটোক প্ৰাণ-প্ৰাচুৰ্যৰে পূৰ্ণ কৰিব পৰা চেতনাৰ স্ফুলিঙ্গ। অসমীয়া মানুহৰ জীৱনশৈলীক প্ৰভাৱিত কৰি অহা বিহু জাতিটোৰ প্ৰেৰণাৰ উৎস হৈ থকাটো বিচাৰিছিল হাজৰিকাদেৱে।