সম্প্ৰীতিৰ পীঠস্থান কেৰালাত মুছলমানে মেৰামতি কৰিলে মন্দিৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
কেৰালাত হিন্দু-মুছলমান একত্ৰিত হৈ নিৰ্মাণ কৰা দুৰ্গা মন্দিৰটো
কেৰালাত হিন্দু-মুছলমান একত্ৰিত হৈ নিৰ্মাণ কৰা দুৰ্গা মন্দিৰটো
 
মনজিৎ কলিতা
 
প্ৰাচীন মন্দিৰত অধিষ্ঠিত হৈ স্বৰ্ণখচিত দুৰ্গা মূৰ্তিয়ে হাঁহিছে৷ স্মিতহাস্য বদনেৰে মন্দিৰৰ পাটত বহি আছে স্থায়ী প্ৰতিমা৷ কিন্তু কেৰালাৰ মন্দিৰটোৰ উচ্চ আসনত অধিষ্ঠিত দেৱীমূৰ্তিৰ আছে অনন্য বিশেষত্ব৷ পৱিত্ৰ মন্দিৰৰ ইচা এচপৰা যদি হিন্দুৱে গাঁথিছে, স্তম্ভ সাজিছ মুছলমান যুৱকে৷ এইসকলক কিন্তু পেছাদাৰী মিস্ত্ৰীও নহয়৷ দেৱীভক্তিত গদগদ হৈ মন্দিৰ নিৰ্মাণ কৰাসকল হৈছে ঈশ্বৰৰ প্ৰকৃত সেৱক৷
 
ভগৱানৰ নিজৰ দেশ কেৰালাৰ এদল মানুহে সাজি উলিয়াইছে এইটো অনন্য মন্দিৰ৷ শতিকাপ্ৰাচীন মন্দিৰটো আছে কেৰালাৰ কণ্ড’ট্টিৰ মুথুৱাল্লুৰ গাঁৱত৷ দুৰ্গা মন্দিৰটো আনুমানিক ৪০০ বছৰ পূৰ্বেই নিৰ্মাণ কৰা বুলি ইতিহাসবিদে ব্যাখ্যা কৰিছে৷ মুছলমান অধ্যুষিত এলেকাত অৱস্থিত মন্দিৰটো শেহতীয়াকৈ জহি-খহি গৈছিল৷ মুথুৱাল্লুৰ শ্ৰীদুৰ্গা ভাগৱতী মন্দিৰ নামৰ এই পীঠস্থানত কিন্তু তথাপি অব্যাহত আছিল পূজা-অৰ্চনা৷ দূৰ-দূৰণিৰ ভক্তই একত্ৰিত হৈ মন্দিৰটোত নৈবেদ্য আগবঢ়াই আহিছিল৷
 
কিন্তু মন্দিৰটোৰ দুৰৱস্থা চকুত পৰিল স্থানীয় নাগৰিকৰ৷ মুছলমান জনবসতিয়ে চৌদিশৰ পৰা ঘেৰি থকা পীঠস্থানত গতিকে আৰম্ভ হ’ল মেৰামতিৰ পৰ্ব৷ স্থানীয় হিন্দু ভক্তক লগত লৈ তেওঁলোকে অভিযান আৰম্ভ কৰি দিলে৷ শতিকাপ্ৰাচীন মন্দিৰটোৰ মেৰামতিৰ নেতৃত্ব বহন কৰিলে স্থানীয় মুছলমান সমাজে৷ ধৰ্মীয় উপাসনাৰ পদ্ধতি পৃথক হ’লেও সাংস্কৃতিক সমন্বয়ৰ নিদৰ্শন দাঙি ধৰি ইছলাম ধৰ্মাৱলম্বী ৰাইজে সংগ্ৰহ কৰিলে ৩৮ লাখ টকা৷ ভিন্ন উৎসৰ পৰা তেওঁলোকে ধন গোটালে৷ সেই ধনেৰে প্ৰাচীন মন্দিৰটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ আৰম্ভ হ’ল৷
 
মুথুৱাল্লুৰ শ্ৰীদুৰ্গা ভাগৱতী মন্দিৰৰ নিৰ্মাণৰ পিছৰ ছবি
 
হিন্দু উপাসকক সংগী হিচাপে লৈ তেওঁলোকে শতিকাপ্ৰাচীন মন্দিৰটো আকৌ সাজিবলৈ আৰম্ভ কৰিলে৷ এদল মুষ্টিমেয় লোকৰ প্ৰচেষ্টাই কিন্তু বৰণ ধৰিলে৷ লাহে লাহে সকলোৱে হাত উজান দিলে মন্দিৰৰ নিৰ্মাণত৷ বিগত ৰমজান মাহতে মুছলমান লোকসকলে আৰম্ভ কৰা নিৰ্মাণ শৰতৰ আগমনিৰ সময়ত সম্পূৰ্ণ হৈ উঠিছে৷ হিন্দু-মুছলমানৰ সমূহীয়া প্ৰচেষ্টাত প্ৰাচীন স্থাপত্য কিন্তু নতুন পদ্ধতিৰে গঢ় লৈ উঠা দুৰ্গা মন্দিৰটোৰ সম্প্ৰতি মেৰামতি প্ৰায় সম্পন্ন হৈছে৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত ভক্তৰ বাবে খুলি দিয়া হৈছে মন্দিৰটোৰ দ্বাৰ৷
 
মুথুৱাল্লুৰ শ্ৰীদুৰ্গা ভাগৱতী মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ গুৰি ধৰিছিল ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ তৎপৰতাত৷ তেওঁলোকক সহযোগ কৰিছিল মালাবাৰ দেৱস্বম ব’ৰ্ডে৷ দুয়ো সংগঠনে পিছলৈ একত্ৰিতভাৱে মেৰামতিৰ বাবে ধন সংগ্ৰহ কৰিছিল৷ ধৰ্মনিৰপেক্ষ ৰাইজৰ পৰা গোটোৱা ধনৰ জৰিয়তে তেওঁলোকে কাম সম্পন্ন কৰিছে৷ ইতিমধ্যে মুছলমান ৰাইজে দান দিয়া ধনেৰে দুৰ্গা মন্দিৰৰ চূড়াত সংস্থাপন কৰা হৈছে মূল্যৱান ধাতু৷ মন্দিৰৰ শীৰ্ষত সংস্থাপন কৰা ধাতৱীয় প্ৰলেপে বৰ্ধন কৰিছে সৌন্দৰ্য৷
 
ইতিমধ্যে প্ৰতিমা স্থাপন কৰা মন্দিৰটো দীৰ্ঘদিনে পৰিচালনা কৰি আহিছে পদ্মনাভন উন্নি নাম্বুদিৰিপাদ নামৰ পুৰোহিতগৰাকীয়ে৷ মেৰামতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পিছত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে তেওঁকে প্ৰদান কৰা হৈছে দায়িত্ব৷ অৱশ্যে ঈশ্বৰৰ নিজৰ দেশ কেৰালাত এইবাৰেই প্ৰথম এনে ঘটনা হোৱা নাই৷ পূৰ্বেও ৰাজ্যখনত মুছলমানৰ ধনেৰে সাজি উলিওৱা হৈছে মন্দিৰ৷ সম্প্ৰীতিৰ পীঠস্থানসদৃশ কেৰালাত কিছুদিন পূৰ্বেও এটা মন্দিৰ ইছলামধৰ্মী জনতাই গাঁথিৰ ধনেৰে নিৰ্মাণ কৰিছিল৷ ২০১৫ চনতো কেবাটাও পৱিত্ৰ হিন্দু ধৰ্মীয় তীৰ্থস্থান মুছলমান জনতাই নিৰ্মাণ কৰিছিল৷
 
স্থানীয় লোকে সৰ্বধৰ্মীয় প্ৰচেষ্টাৰে সাজিলে মন্দিৰ
 
এই নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কিন্তু কোনোদিনে কেৰালাৰ চৰকাৰৰ ওচৰত মুছলমান জনতাই হাত পতা নাই৷ ৰাজহুৱা পুঁজি অবিহনে তেওঁলোকে সহায় কৰিছে ৰাজ্যখনৰ হিন্দুসকলক৷ এইধৰণৰ ঘটনাৱলীয়ে যেন প্ৰবাহিত কৰিছে এজাক প্ৰশান্তিৰ পছোৱা৷ কেৰালাৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰচাৰিত হোৱা খবৰ দেশৰ বাবে হৈ পৰিছে আশাপ্ৰদ৷ আসুৰিক শক্তিক যে ভাৰতীয়ত্বৰ চিৰাচৰিত ধাৰণাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে সেয়াও এনে ঘটনাই প্ৰতিফলিত কৰিছে৷ সাম্প্ৰদায়িকতাৰ বিষবাস্পক প্ৰতিহত কৰিবলৈ সাজু জনতাই বাৰম্বাৰ প্ৰতিপন্ন কৰিছে একতাৰ কথা৷
 
আনহাতে মেৰামতি প্ৰায় সম্পূৰ্ণ কৰা দুৰ্গা মন্দিৰত সম্প্ৰতি ধূম-ধামেৰে চলিছে শাৰদ উৎসকৰ প্ৰস্তুতি৷ মুছলামে আগবঢ়োৱা অৰিহণাৰে চালে চকু ৰোৱা হৈ পৰা ধৰ্মীয় স্থানত প্ৰতিদিনে চলি আছে আৰতি৷ শংখধ্বনিয়ে মুখৰিত কৰি তুলিছে মুছলমানবহুল এলেকাটো৷ বিশেষ গাঁৱখন সুগন্ধিময় কৰি তুলিছে ধূপ-ধুনাৰ গোন্ধে৷ দুৰ্গা মন্দিৰৰ বাহিৰতো ভক্তই জ্বলাইছে দীপ৷ দাক্ষিণাত্যৰ প্ৰদেশখনত ভিন্ন সময়ত পৰিস্ফূট হোৱা এনে উৎসাহজনক ঘটনাই বিশ্বব্যাপী প্ৰচাৰো লাভ কৰিছে৷ বৰ্তমান মুছলমানে সজা মন্দিৰ চাবলৈ হেতা-ওপৰা কৰিছে হিন্দু ভক্তই৷ দুৰ্গা মন্দিৰ দৰ্শনৰ অৰ্থে ভিন্ন প্ৰান্তৰ পৰা কেৰালাৰ মুথুৱাল্লুৰ গাঁৱত সমৱেত হৈছে ভক্ত৷ বিদেশৰ পৰাও আহিছে দুৰ্গা দেৱীৰ উপাসক৷
 
সেই এলেকালৈ হিন্দু ভক্তক আদৰণি জনাইছে স্থানীয় মুছলমানে৷ ৰমজানত নিৰ্মাণ আম্ভ কৰা মন্দিৰটো বৰ্তমান হৈ পৰিছে জাকত জিলিকা৷ ৪০০ বছৰীয়া এই প্ৰাচীন মন্দিৰৰ ঐশ্বৰিক গুণ আছে বুলিও ভক্তই বিশ্বাস কৰে৷ দুৰ্গা দেৱীৰ উপাসকৰ মতে প্ৰাচীন ধৰ্মীয় স্থানত নৈবেদ্য আগবঢ়ালে মনৰ অভিলাষ পূৰণ হয়৷ কিন্তু ঐশ্বৰিক বিধানৰ উপৰি পৃথিৱীৰ সৌন্দৰ্যই যেন বঢ়াই তুলিলে স্থানীয় জনতাৰ একতাই৷ কোনো অপশক্তিয়ে যে ধৰ্মীয় সম্প্ৰীতিক বিভাজিত কৰিব নোৱাৰে সেয়াও বৰ্তমান আকৌ এবাৰ প্ৰমাণিত হ’ল৷ সম্প্ৰীতি-সংহতিৰ পীঠস্থান কেৰালাত ৰাইজে প্ৰতিপন্ন কৰিলে ভাৰতীয়ত্বৰ শক্তি৷
 
(লেখক এজন ব্ল’গাৰ)